বলপইণ্ট কলম বা বলপে'ন (ইংৰাজী: Ballpoint Pen) এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপে'ন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে শুকায় আৰু পানী পৰিলে নিবিয়পে৷ আটাইতকৈ সুবিধাজনক কথা হ'ল- এৰোপ্লেনৰ পাইলটসকলে আগতে ফাউণ্টেন পে'ন ব্যৱহাৰ কৰোঁতে বিমানত ওপৰলৈ উৰি যাওঁতে বায়ুৰ চাপ কমাৰ বাবে চিয়াঁহী পে'নৰ মুখেৰে ওলাই কাপোৰ-কানি নষ্ট কৰিছিল৷ বলপে'নৰ চিয়াঁহী ডাঠ হোৱাৰ বাবে চিয়াঁহী ওলাই যোৱাৰ সম্ভাৱনা নাথাকে৷ তদুপৰি বলপে'নবোৰ ইমানেই সস্তা,চিয়াঁহী শেষ হ'লে পেলাই দিব পাৰি৷ অৱশ্যে দামী বলপে'নত চিয়াঁহী শেষ হ'লে পুনৰ নতুন 'ৰিফিল' ব্যৱহাৰ কৰিব পাৰি৷ লিখাৰ উপৰিও চিত্ৰশিল্পীসকলে বলপে'নেৰে ছবিও আকেঁ৷ [1]

বলপইণ্ট কলম

Retractable ballpoint pen assemblage.
আৱিস্কাৰক Credited to László Bíró
আৰম্ভণিৰ চন Various incarnations since 1888
কোম্পানী Multiple brands
উপলব্ধতা Worldwide; mass-production
টোকা Ubiquitous writing instrument

ইতিহাস সম্পাদনা কৰক

 
Tip of a ballpoint pen highly magnified

১৮৮৮ চনৰ ৩০ অক্টোবৰত প্ৰথম বলপে'নৰ পেটেণ্ট জাৰি কৰিছিল আৰু সেই দিনটোকে বলেপে'ন উদ্ভাৱনৰ তাৰিখ বুলি ধৰা হয়৷ আমেৰিকাৰ জ'ন লাউড নামৰ এজন ব্যক্তিয়ে বলেপে'ন পোনতে সাজি উলিয়াইছিল৷ এই পে'নবিধ তেওঁ কাগজত লিখাৰ বাবে তৈয়াৰ কৰা নাছিল৷ চামৰাত লিখিবৰবাবে লাউডে মুখত বল থকা আৰু ডাঠ চিয়াঁহী ব্যৱহাৰ কৰি লিখিব পৰা নতুন এবিধ কলমৰ উদ্ভাৱন কৰে৷ নিবৰ পৰিৱৰ্ত্তে তেওঁ ষ্ট্ৰীলৰ বল ব্যৱহাৰ কৰিছিল৷ কিন্তু তেওঁৰ উদ্ভাৱিত কলমবিধ মিহি কাগজত লিখিবপৰা বিধৰ নাছিল৷ গতিকে কলমবিধৰ বাণিজ্যিক উৎপাদন নহল৷ হাংগেৰীৰ লেঝলো বিৰো আৰু তেওঁৰ ভাতৃ জৰ্জে লগ লাগি এবিধ উন্নতমানৰ বলপে'ন উদ্ভাৱন কৰিলে৷ বলপে'নত নতুন চিয়াঁহী ভৰাই তেওঁলোক সফল হ'ল৷ তেওঁলোকে ১৯৩৮ চনৰ ১৫ জুনত বলপে'ন উদ্ভাৱনৰ ব্ৰিটিছ পেটেণ্ট লাভ কৰিলে৷ ১৯৪৩ চনত তেওঁলোকে আৰ্জেণ্টিনাতো বলপে'নৰ পেটেণ্ট কৰে৷ 'বিৰো' নামেৰে বলপে'ন কেইবাখনো দেশৰ বজাৰত উপলব্ধ হ'ল৷[1]

 
Bic Cristal ballpoint pens shown in four basic ink colours.
 
Example of a ballpoint pen work-in-progress by artist James Mylne.


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 শান্তনু তামুলী (ডিচেম্বৰ ২০১৩). "(উদ্ভাৱনৰ কাহিনী) বলপেন". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ১৭. 

বাহ্যিক সংযোগ সম্পাদনা কৰক