বাটৰাজ সাপ (ইংৰাজী: Red-necked keelback, বৈজ্ঞানিক নাম-Rhabdophis subminiatus)'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ ঠাইভেদে ইয়াক বাকৰাজ, বাটচুপা, ৰঙা মূৰীয়া সাপ, ৰঙা ডিঙিৰ গোম, ৰঙামূৰীয়া ফেটী, ৰঙা গোম, নিগনিখোৱা, শালিকাজঁপিয়া আদি নামেৰেও জনা যায়।

বাটৰাজ সাপ
বগৰ, পশ্চিম জাভাত পোৱা এটা বাটৰাজ সাপ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Natricinae
গণ: Rhabdophis
প্ৰজাতি: R. subminiatus
বৈজ্ঞানিক নাম
Rhabdophis subminiatus
(Schlegel, 1837)
সমাৰ্থক

Tropidonotus subminiatus Schlegel, 1837
Amphiesma subminiatum Duméril, Bibron & Duméril, 1854
Natrix subminiata Barbour, 1912
Rhabdophis subminiatus Bourret, 1936

বিৱৰণ সম্পাদনা কৰক

এই সাপবিধৰ দেহৰ বৰণ সেউজীয়া আৰু মূৰৰ অংশত ৰঙা আৰু হালধীয়া দাগ থাকে৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৯০ ছে:মি: হয়৷

বিতৰণ সম্পাদনা কৰক

ইণ্ডোনেছিয়া, ভাৰত, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভূটান, বাংলাদেশ, নেপাল, চীন, মালয়েছিয়া আদিদেশত এই সাপবিধ বিস্তৃত হৈ আছে৷

বাসস্থান সম্পাদনা কৰক

এই সাপবিধ সাধাৰণতে পুখুৰীত থাকে৷[2]

আচৰণ সম্পাদনা কৰক

বাটৰাজ সাপক পূৰ্বতে বিষহীণ গণ্য কৰা হৈছিল, পিচে, সম্প্ৰতি কিছুমান ঘটনাৰ পৰা দেখা গৈছে এইবিধ সাপে সাধাৰণতে দংশনৰ সময়ত বিষ এৰি নিদিয়াকৈও থাকিব পাৰে। মুখৰ পাছফালে বিষদাঁত থকা (Rear Fanged) বাবে এই সাপে একেৰাহে বহুসময় ধৰি কামোৰ মাৰি ধৰি থকাৰ পাচতহে পৰ্যাপ্ত পৰিমাণৰ বিষ নিৰ্গত কৰিব পাৰে।

খাদ্য সম্পাদনা কৰক

বাটৰাজ সাপে পানীৰ ভেকুলী আৰু মাছ আদি খাই জীয়াই থাকে৷[3]

চিত্ৰ সম্ভাৰ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Wogan, G.; Chan-Ard, T. (2012). Rhabdophis subminiatus. 2012. p. e.T192116A2042128. doi:10.2305/IUCN.UK.2012-1.RLTS.T192116A2042128.en. https://www.iucnredlist.org/species/192116/2042128। আহৰণ কৰা হৈছে: ১২ অক্টোবৰ ২০২৩. 
  2. "Preliminary studies on the venom of the colubrid snake Rhabdophis subminatus (red-necked keelback)" (en ভাষাত). Toxicon খণ্ড 21 (4): 570–574. 1983. doi:10.1016/0041-0101(83)90137-x. PMID 6623495. 
  3. http://www.thailandsnakes.com/tag/rhabdophis-subminiatus/
  • Boulenger, G.A. 1893 Catalogue of the snakes in the British Museum (Nat. Hist.) I. London (Taylor & Francis), 448 pp.
  • Bulian,J. 1999 Über die Schlangenfauna eines Gartens in Südthailand. Elaphe 7 (4): 61-67
  • Schlegel, H. 1837 Essai sur la physionomie des serpens. Partie Généralxxviii +251 S. + Partie Descriptiv606 S. + xvi. La Haye (J. Kips, J. HZ. et W. P. van Stockum)

বাহ্যিক সংযোগ সম্পাদনা কৰক