বাতু গুহা
বাতু গুহা হৈছে মালয়ছিয়াৰ ছেলাংগৰৰ গোম্বাকত অৱস্থিত শিলস্তম্ভ আৰু চুণশিলৰ গুহাৰ এক পৰিসৰ। এই স্থান ৰাজধানী কুৱালালামপুৰৰ উত্তৰে প্ৰায় ১৩ কিলোমিটাৰ (৮.১ মাইল) দূৰত্বত অৱস্থিত। গুহা পৰিসৰত বহুখিনি হিন্দু মন্দিৰ আছে, য’ত হিন্দু দেৱতা মুৰুগনৰ সন্মানত উৎসৰ্গিত মন্দিৰটোৱেই আটাইতকৈ জনপ্ৰিয়। মালয়ছিয়াত উদযাপিত তামিল উৎসৱ থাইপুচমৰ কেন্দ্ৰবিন্দু এই পৰিসৰ। ইয়াত ৪৩ মিটাৰ (১৪১ ফুট) উচ্চ মুৰুগন দেৱতাৰ মূৰ্তি আছে, যি বিশ্বৰ আটাইতকৈ ডাঙৰ মূৰ্তিসমূহৰ ভিতৰত এটা।
বাতু গুহা | |
---|---|
গুহাৰ পৰিসৰলৈ প্ৰৱেশ পথ,সমুখত মুৰুগানৰ মূৰ্তি | |
স্থান | |
দেশ | মালয়ছিয়া |
ৰাজ্য | ছেলাংগৰ |
জিলা | গোম্বাক |
স্থানাংক | 3°14′14.64″N 101°41′2.06″E / 3.2374°N 101.6839056°Eস্থানাংক: 3°14′14.64″N 101°41′2.06″E / 3.2374°N 101.6839056°E |
স্থাপত্য আৰু সংস্কৃতি | |
স্থাপত্য শৈলী | দ্ৰাবিড়ীয় |
নামকৰণ
সম্পাদনা কৰকএই গুহা পৰিসৰৰ নামটো ওচৰেদি বৈ অহা বাতু পাহত নদীৰ পৰা অহা।[1] "বাতু" শব্দৰ অৰ্থ মালয়ছিয়াৰ মালয় ভাষাত "শিল।" [2] মলয় লোকগাথা মালিন কুন্দাং অনুসৰি এই পৰ্বতক "কাপাল টাংগা" (ছি টাংগাংৰ জাহাজ) বুলি জনা যায়।[3] তামিল ভাষাত মন্দিৰ পৰিসৰটোক "পথু মলাই" (பத்து மலை) বুলি কোৱা হয়।[4]
ইতিহাস
সম্পাদনা কৰকগুহাবিলাক প্ৰথমে অ'ৰাং এছলি জনজাতিৰ তেমুৱান গোষ্ঠীৰ আশ্ৰয়স্থল আছিল।[5] ১৮৬০ চনত চীন দেশৰ ঔপনিবেশিক বসতি স্থাপনকাৰীসকলে এই গুহাবোৰৰ পৰা গুৱান’ ( সাগৰীয় চৰাই আৰু বাদুলিৰ বিষ্ঠা) সংগ্ৰহ কৰি সাৰ হিচাপে ব্যৱহাৰ কৰিছিল।[6] ১৮৭৮ চনত আমেৰিকান প্ৰাকৃতিক বিজ্ঞানী উইলিয়াম হৰ্নাদয়ে গুহাবোৰৰ সন্ধান কৰিছিল।[7] কে. থম্বুচামি নামৰ এজন ভাৰতীয় তামিল ব্যৱসায়ীয়ে গুহাপৰিসৰক হিন্দু ধৰ্মীয় উপাসনাৰ স্থান হিচাপে প্ৰচাৰ কৰিছিল।[5] দেৱতা মুৰুগনৰ সন্মানত এক হিন্দু মন্দিৰ ১৮৯১ চনত সম্পূৰ্ণ হৈছিল আৰু বাৰ্ষিক থাইপুচম উৎসৱ ১৮৯২ চনত আৰম্ভ হয়।[1] এই অঞ্চলত পিছৰ সময়ছোৱাত ধৰ্মীয় স্থানৰ উন্নয়ন অব্যাহত আছিল। ২০ শতিকাৰ শেষভাগত অঞ্চলটোৰ আশে-পাশে গৃহ নিৰ্মাণ আৰম্ভ হৈছিল, যাৰ বিৰুদ্ধে বহুতো স্বেচ্ছাসেৱী সংগঠনে অপৰিকল্পিত উন্নয়নৰ আশঙ্কা প্ৰকাশ কৰিছিল।[8]
ভূতত্ত্ব
সম্পাদনা কৰকএই গুহা পৰিসৰ মগোট শিলৰ এটি গঠন। ইয়াত প্ৰায় ৪কোটি বছৰৰ পূৰ্বে সৃষ্টি হোৱা চূণশিলৰ গুহাৰ এটা শ্ৰেণী আছে।[9][10] এই পৰিসৰটো ২০টা স্বীকৃত গুহাৰ এক জটিল গুহা-ব্যৱস্থা, য’ত বহু আন্তঃসংযুক্ত কোঠালী থকা চাৰিটা বৃহৎ গুহা-ব্যৱস্থাও অন্তৰ্ভুক্ত।[3]
গুহাৰ উপৰিভাগত পৰা পানী তললৈ জহি গৈ থাকোঁতে চূণশিলৰ সৈতে বিক্ৰিয়া কৰি সিহঁতক দ্ৰৱীভূত কৰি স্পিলিওথেম গঠন কৰিছিল। এই প্ৰক্ৰিয়াই গুহাৰ অভ্যন্তৰত ষ্টেলেকটাইট (চিলিংৰ পৰা নামি অহা শিলৰ আকৃতি) আৰু ষ্টেলেগমাইট (মাটিৰ পৰা ওপৰলৈ উঠি অহা শিলৰ আকৃতি)ৰ সৃষ্টি কৰে। এইবোৰে গুহাৰ পৰ্দা (cave curtains), ফ্লোষ্টোন, গুহাৰ মুক্তা (cave pearls), আৰু স্কেলপসৰ জটিল গঠন সৃষ্টি কৰে। গুহাৰ গঠনৰ সময়ছোৱাত ইয়াৰ ভিতৰভাগ আৰ্দ্ৰ আৰু অতি ভিজা অৱস্থাত আছিল।[11][12]
জীৱবৈচিত্ৰ্য
সম্পাদনা কৰকবাতু গুহাৰ পৰিসৰ আৰু ইয়াৰ গুহাবোৰ জীৱবৈচিত্ৰ্যৰ এক বিশেষ ক্ষেত্ৰ হিচাপে পৰিচিত। উদ্ভিদ আৰু প্ৰাণীৰ বহু প্ৰজাতি ইয়াত বাস কৰে। ইহঁতৰ বহুতো কেৱল এনে চূণজাত পৰিৱেশতহে পোৱা যায়।[13] এই পৰিসৰত প্ৰায় ২৬৯ প্ৰকাৰৰ ভাস্কুলাৰ উদ্ভিদৰ প্ৰজাতি দেখা পোৱা গৈছে, য’ত ৫৬ বিধ প্ৰজাতি (২১%) কেলচিয়াম প্ৰেমী (*calciphiles*) উদ্ভিদ।[14]
গুহা পৰিসৰত বিভিন্ন ধৰণৰ গুহাজ প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত এক বিশেষ স্থানীয় প্ৰজাতি হৈছে ট্ৰাপড'ৰ মকৰা লিফিষ্টিয়াচ বাটুৱেন্সিছ।[15] গুহাৰ ভিতৰত ২১ প্ৰকাৰৰ বাদুলী (বেট) আছে, য’ত ফলভোজী বাদুলীৰ বিভিন্ন প্ৰজাতিও অন্তৰ্ভুক্ত। অন্ধকাৰ গুহা পৰিসৰত বহুত প্ৰকাৰৰ পোক-পতংগ দেখা যায়, যেনে হেপল’টেক্সিড, মকৰা, মাইট, টিক্ছ, বিছা, স্প্ৰিংটেইল, বিটল, মাখি, পোক-পতংগ, মৌমাখি, প্ৰজাপতি, পৰুৱা আৰু অন্যান্য প্ৰাণী যেনে ভেকুলী, জেঠী, সাপ আৰু শামুক।[15] [13][16][17]
এই স্থান দীঘল নেজীয়া মেকাক প্ৰজাতিৰ বাবেও বিখ্যাত। বানৰবোৰ সাধাৰণতে মানুহৰ পৰা পোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ফলত অনাকাংক্ষিত সমস্যা বা বিঘিনি ঘটিব পাৰে।[18] গুহাৰ পৰিৱেশ সংৰক্ষণৰ বাবে ভিতৰৰ গুহা পৰিসৰলৈ প্ৰৱেশ সীমিত কৰা হৈছে, আৰু এই অংশত মালয়েছিয়ান নেচাৰ চ’ছাইটিৰ দ্বাৰা আয়োজিত শিক্ষামূলক ভ্ৰমণৰ দ্বাৰাহে প্ৰৱেশ কৰা যায়। দীৰ্ঘদিনীয়া উন্নয়ন, ঔদ্যোগিক কাৰ্যকলাপ আৰু ধৰ্মীয় স্থান হিচাপে ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোৰ জীৱবৈচিত্ৰ্য সংকটৰ সন্মুখীন হোৱা দেখা গৈছে।[13]
ধৰ্মীয় স্থান
সম্পাদনা কৰকগুহাৰ প্ৰৱেশ পথৰ গঠন ভগৱান মুৰুগানৰ শেলৰ সৈতে মিল থকা বুলি কোৱা হয়। এই অনুপ্ৰেৰণাতে থাম্বুচামীয়ে ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰে। সুব্ৰমণিয়াম মন্দিৰটো এই গুহা শ্ৰেণীৰ আটাইতকৈ ডাঙৰ গুহাটোত অৱস্থিত।[1]
প্ৰথম অৱস্থাত, ভক্তসকলে মন্দিৰত উপনীত হ’বলৈ খোজকাঢ়ি পাহাৰ বগাই আহিবলগীয়া হৈছিল। ১৯২০ চনত ভক্তৰ সুবিধাৰ্থে কাঠৰ চিৰি স্থাপন কৰা হয়। কিন্তু ১৯৩০ চনৰ পৰা এই চিৰিবোৰ পঁচি যাবলৈ ধৰাত গুহা পৰিসৰৰ দক্ষিণ দিশত পকী চিৰি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। ১৯৪০ চনত ২৭২টা কংক্ৰিটৰ চিৰি নিৰ্মাণ কৰা হৈছিল, যিবোৰ আজিও ভাল হৈ আছে।[19][20]
২০১৮ চনৰ আগষ্ট মাহত, এই চিৰিবোৰ ৰঙীন কৰা হয়।[21][22] ২০২৪ চনত, পৰ্বতৰ তলত এটি বহুমুখী সভাগৃহ আৰু মন্দিৰলৈ উঠা এটি বৈদ্যুতিক চিৰি নিৰ্মাণৰ পৰিকল্পনা মুকলি কৰা হয়।[23]
পৰ্বতৰ পাদদেশত আৰ্ট গেলাৰী গুহা আৰু মিউজিয়াম গুহা নামে দুটা গুহা আছে, একেলগে ইহঁতে কেভ ভিলা কমপ্লেক্স গঠন কৰিছে। এই গুহাসমূহত হিন্দু পূৰণত উল্লিখিত বিভিন্ন কাহিনীৰ মূৰ্তি আৰু চিত্ৰ সজোৱা হৈছে, যাৰ অধিকাংশই ভগৱান মুৰুগানৰ জীৱন আৰু কাহিনীৰ সৈতে জড়িত।[1]
চিৰিৰ বাওঁফালে ৰামায়ণ গুহা অৱস্থিত। এই গুহাত হিন্দু মহাকাব্য ৰামায়ণৰ বিভিন্ন চিত্ৰ উপস্থাপন কৰা হৈছে। ইয়াৰ প্ৰৱেশদ্বাৰত ১৫ মিটাৰ (৪৯ ফুট) ওখ হনুমানৰ মূৰ্তি আছে, যাৰ সমীপত হনুমানৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ ২০০১ চনৰ নৱেম্বৰত মুকলি কৰা হয়।[1]
চিৰিৰ সোঁফালে, গুহা পৰিসৰলৈ প্ৰৱেশ পথৰ সমুখত ৪২.৭ মিটাৰ (১৪০ ফুট) ওখ মুৰুগানৰ মূৰ্তি অৱস্থিত। ২০০৬ চনৰ জানুৱাৰীত মুকলি কৰা এই মূৰ্তিত সোণালী ৰঙেৰে ৰং কৰা হৈছে আৰু ই বিশ্বৰ আটাইতকৈ ওখ মুৰুগানৰ মূৰ্তিসমূহৰ অন্যতম। লগতে ই মালয়েছিয়াৰ আটাইতকৈ ওখ মূৰ্তি হিচাপে পৰিচিত।[1][24]
থাইপুছম
সম্পাদনা কৰকবাতু গুহাসমূহে তামিল হিন্দুসকলৰ বাৰ্ষিক উৎসৱ থাইপুছমৰ কেন্দ্ৰবিন্দু ৰূপে কাম কৰে। এই উৎসৱত মন্দিৰলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উৎসৱৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে **কাৱাডি আট্টম**, যি ভক্তসকলৰ আত্মোৎসৰ্গ আৰু অৰ্পণৰ এক আনুষ্ঠানিক আয়োজন।[25]
- কাৱাডি শব্দৰ অৰ্থ হৈছে "বোজা" (তামিলত)। ই এটা শাৰীৰিক বোজা, যিটো সাধাৰণত দুটুকুৰা অৰ্ধবৃত্তাকাৰ কাঠ বা ষ্টীল বেঁকা কৰি ক্ৰছৰ আকৃতিৰ এক কাঠামোৰ সৈতে সংলগ্ন কৰা হয়। ভক্তই ইয়াক কান্ধত তুলি লৈ যায় আৰু ইয়াক এজন ঋণী ব্যক্তিৰ বন্ধনত আবদ্ধ হোৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।[26] ভক্তসকলে সাধাৰণতে গৰুৰ গাখীৰ কলহত লৈ অৰ্পণ কৰে। (পাল কুডাম)
সৰ্বাধিক চমকপ্ৰদ আৰু কষ্টসাধ্য ৰীতি হৈছে ৱেল কাৱাডি কঢ়িয়াই নিয়া। ময়ূৰৰ পাখি আৰু ফুলেৰে সজোৱা এক স্থানান্তৰযোগ্য বেদী ভক্তৰ বুকু আৰু পিঠিৰ ছালত বহুতো শূল আৰু ধাতুৰ হুকেৰে সংলগ্ন কৰা হয়।[26][27]
ভক্তসকলে শৰীৰৰ ছাল, জিভা, নাইবা গালত শলাৰে বিন্ধা কৰাৰ জৰিয়তে আত্মশুদ্ধি কামনা কৰে। এই ছিদ্ৰস্থানত ৱিভূতি নামৰ পবিত্ৰ ছাই লেপি দিয়া হয়। ডাঙৰ ডাঙৰ ঢোলৰ বাদন আৰু মন্ত্ৰ উচ্চাৰণৰ মাজত ভক্তসকলে এক ধ্যানমগ্ন অৱস্থালৈ গতি কৰে।[28]
ভক্তসকলে সাধাৰণতে শুচি হৈ থাকি, নিয়মীয়াকৈ প্ৰাৰ্থনা কৰি, নিৰামিষ খাদ্য গ্ৰহণ কৰি, উপবাস কৰি আৰু ৪৮ দিন ধৰি ব্ৰহ্মচৰ্য পালন কৰি এই উৎসৱৰ আয়োজনৰ বাবে প্ৰস্তুত হয়।[29]
- থাইপুছমৰ দিনা এটি শোভাযাত্ৰা কোৱালালাম্পুৰৰ শ্ৰী মহামাৰিয়াম্মান মন্দিৰৰ পৰা আৰম্ভ হয়। ৩৫০ কিলোগ্ৰাম (৭৭০ পাউণ্ড) ওজনৰ এখন ৰূপৰ ৰথত মুৰুগান আৰু তেওঁৰ সংগিনী ভেল্লি আৰু দেৱায়ানীৰ মূৰ্তি স্থাপন কৰি শোভাযাত্ৰা কৰি লৈ যোৱা হয়। ভক্তসকলে কাষৰ ছুংগাই বাতু নদীত পবিত্ৰ স্নান কৰি মন্দিৰলৈ যাত্ৰা কৰে।[27] .[27][30]
তথ্যসূত্ৰ
সম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Batu caves". Britannica. https://www.britannica.com/place/Batu-Caves। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ "Batu meaning". Merriam Webster. https://www.merriam-webster.com/dictionary/batu। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ 3.0 3.1 Teckwyn, Lim; Sujauddin, Yusof; Mohd, Ashraf (2010). "The Caves of Batu Caves: a Toponymic Revision". Malayan Nature Journal খণ্ড 62 (4): 335–348. https://www.researchgate.net/publication/286712460। আহৰণ কৰা হৈছে: 2024-05-22.
- ↑ "History and Specialties of Batumalai Cave Murugan Temple in Malaysia Built by Tamils". Samayam. 25 June 2019. https://tamil.samayam.com/religion/temples/malaysia-batu-caves-sri-subramaniam-temple-history-and-significance/articleshow/69929673.cms.
- ↑ 5.0 5.1 Ashley Morton (12 August 2016). "Visiting Lord Murugan". Huffington Post. https://www.huffpost.com/entry/visiting-lord-murugan-at_b_11441066.
- ↑ "Multiracial history of Batu caves". 6 February 2023. https://cilisos.my/the-multiracial-history-of-batu-caves-that-your-sejarah-lessons-never-taught-you/। আহৰণ কৰা হৈছে: 1 December 2023.
- ↑ By Kon Yit Chin; Voon Fee Chen (2003). Landmarks of Selangor. Jugra Publications. পৃষ্ঠা. 30. ISBN 978-9-814-06878-9.
- ↑ "Explain land grants within Batu Caves reserve, NGOs tell Selangor". Free Malaysia Today. 10 September 2021. https://www.freemalaysiatoday.com/category/nation/2021/09/10/explain-land-grants-within-batu-caves-reserve-ngos-tell-selangor/.
- ↑ "This 400 million-year-old cave site and temple in Malaysia is planning an escalator upgrade". CNN. 21 January 2024. https://edition.cnn.com/2024/01/20/travel/batu-caves-temple-malaysia-escalator-intl-hnk/index.html.
- ↑ Indian Navy. Maritime Heritage of India. Notion Press. পৃষ্ঠা. IV. ISBN 978-9-352-06917-0.
- ↑ E. Soepadmo; Thian Hua Ho (1971). A Guide to Batu Caves. Malayan Nature Society. পৃষ্ঠা. 10.
- ↑ David Farley (2018). Underground Worlds:A Guide to Spectacular Subterranean Places. Running Press. ISBN 978-0-316-51400-2.
- ↑ 13.0 13.1 13.2 Ong, Dylan Jefri (2020). Kiew, Ruth; Zubaid Akbar Mukhtar Ahmad; Ros Fatihah Haji Muhammad et al.. eds. Batu Caves: Malaysia's Majestic Limestone Icon. প্ৰকাশক Kuala Lumpur: Malaysian Cave and Karst Conservancy. পৃষ্ঠা. 44. ISBN 978-967-17966-0-3. https://www.researchgate.net/publication/355710784। আহৰণ কৰা হৈছে: 2024-05-22.
- ↑ Kiew, Ruth (12 September 2014). "Checklist of vascular plants from Batu Caves, Selangor, Malaysia". Check List খণ্ড 10 (6): 1420–1429. doi:10.15560/10.6.1420. ISSN 1809-127X. https://checklist.pensoft.net/article/19066/। আহৰণ কৰা হৈছে: 22 October 2020.
- ↑ T.W. Lim and S.S. Yussof (2009). "Conservation status of Batu Caves Trapdoor Spider (Liphistius batuensis Abraham (Araneae, Mesothelae)): A preliminary survey. 61: 121–132.". Malayan Nature Journal খণ্ড 62 (1): 121–132. https://www.academia.edu/39055136। আহৰণ কৰা হৈছে: 2020-05-12.
- ↑ Annandale, N.; F.H. Gravely (1914). "The limestone caves of Burma and the Malay Peninsula, Part II: The fauna of the caves". Journal and Proceedings of the Asiatic Society of Bengal খণ্ড 9 (10): 402-423.
- ↑ Elliott McClure (1965). "Microcosms of Batu Caves and a List of Species Collected at Batu Caves". Malayan Nature Journal খণ্ড 19 (1): 68.
- ↑ "Mugged by macaques: the urban monkey gangs of Kuala Lumpur". The Guardian. 28 January 2019. https://www.theguardian.com/cities/2019/jan/28/mugged-by-macaques-the-urban-monkey-gangs-of-kuala-lumpur.
- ↑ "Were the 272 steps going up Batu Caves originally made of wood?". The Star. 3 February 2023. https://www.thestar.com.my/news/true-or-not/2023/02/03/quickcheck-were-the-272-steps-going-up-batu-caves-originally-made-of-wood.
- ↑ Tajuddin, Iskandar (24 January 2016). "It began with prayer to Lord Muruga". New Straits Times. https://www.nst.com.my/news/2016/01/123704/it-began-prayer-lord-muruga.
- ↑ Bavani, M. (30 August 2018). "Batu Caves temple committee steps into trouble". Star. https://www.thestar.com.my/news/nation/2018/08/30/steps-of-trouble-for-temple-committee-painting-job-goes-against-heritage-act/.
- ↑ "Temple gets stunning paint job". BBC. 31 August 2018. https://www.bbc.co.uk/news/world-asia-45373172.
- ↑ "Malaysia's Batu Caves temple to get escalator in 2024". Channel News. 19 January 2024. https://www.channelnewsasia.com/asia/malaysia-batu-caves-hindu-temple-escalator-built-2024-thaipusam-4060836.
- ↑ "World's Tallest Lord Murugan Statue Unveiled in Tamil Nadu". News18. 8 April 2022. https://www.news18.com/news/lifestyle/worlds-tallest-lord-murugan-statue-unveiled-in-tamil-nadu-4955624.html.
- ↑ Kent, Alexandra (2005). Divinity and Diversity: A Hindu Revitalization Movement in Malaysia. University of Hawaii Press. ISBN 978-8-7911-1489-2.
- ↑ 26.0 26.1 Hume, Lynne (2020). Portals: Opening Doorways to Other Realities Through the Senses. Taylor & Francis. ISBN 978-1-0001-8987-2.
- ↑ 27.0 27.1 27.2 "Malaysia's Thaipusam festival". BBC. 26 August 2011. https://www.bbc.com/travel/article/20110823-cave-party-malaysias-thaipusam-festival.
- ↑ Javier, A.G. (2014). They Do What: A Cultural Encyclopedia of Extraordinary and Exotic Customs from Around the World. Bloomsbury Publishing. ISBN 979-8-2161-5549-2.
- ↑ Williams, Victoria (2016). Celebrating Life Customs Around the World: From Baby Showers to Funerals. ABC-CLIO. পৃষ্ঠা. 334. ISBN 978-1-4408-3659-6.
- ↑ Belle, Carl Vadivella (2018). Thaipusam in Malaysia. ISEAS Yusof Ishak Institute. ISBN 978-9-8147-8666-9.