নাট্য শাস্ত্ৰ (হিন্দী: नाट्य शास्त्र) পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি।[1][2] ভৰত মুনিক এই পুথিৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। পুথিখনৰ প্ৰথমটো সম্পূৰ্ণ সংকলন আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০-ৰ পৰা ২০০ চনৰ ভিতৰত কৰা হৈছিল। [3][4] অৱশ্যে কিছুসংখ্যক পণ্ডিতৰ মতে ইয়াৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৫০০-ৰ পৰা ৫০০ চনৰ ভিতৰত।[5]

নাট্য শাস্ত্ৰ
Shiva as the Lord of Dance LACMA edit.jpg
নৃত্যৰ দেৱতা ৰূপে শিৱ
তথ্য
ধৰ্ম হিন্দুধৰ্ম
ৰচয়িতা ভৰত মুনি
ভাষা সংস্কৃত

এই গ্ৰন্থখনত মুঠ পৰিৱেশ্য কলাৰ বিষয়ে ৬,০০০টা কাব্যিক শ্লোকৰ লগতে সৰ্বমুঠ ৩৬টা অধ্যায় আছে। গ্ৰন্থখনে নাটকীয় ৰচনা, নাটকৰ সজ্জা, নাটকৰ আয়োজনৰ বাবে মঞ্চৰ নিৰ্মাণ, অভিনয়ৰ ভাগ, অংগ সঞ্চালন, ৰূপ-সজ্জা আৰু বেশ-ভূষা, কলা নিৰ্দেশকৰ ভূমিকা আৰু দায়িত্ব, সাংগীতিক মাত্ৰা, বাদ্যযন্ত্ৰ আৰু কলা প্ৰদৰ্শনৰ সৈতে সংগীতৰ ঐকতানৰ বিষয়ক সামৰি লৈছে।[6][7]

Natya Shastra.png

নাট্য শাস্ত্ৰ মূলতঃ এক পৌৰাণিক বিশ্বকোষীয় নিৱন্ধমালা হিচাপে উল্লেখনীয়।[2][8] এই গ্ৰন্থখনে ভাৰতৰ নৃত্য, সংগীত আৰু সাহিত্যৰ পৰম্পৰাক প্ৰভাৱিত কৰিছে। [9] সৌন্দৰ্যবোধ বিষয়ক ৰাসৰ ধাৰণাৰ বাবেও নাট্য শাস্ত্ৰ উল্লেখনীয়। এই ধাৰণাৰ মতে বিনোদন কলা প্ৰদৰ্শনৰ এক অন্যতম উদ্দেশ্য যদিও ই প্ৰধান উদ্দেশ্য নহয়। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে দৰ্শকক আধ্যাত্মিক আৰু নৈতিক প্ৰশ্নৰে ভৰা আত্মোপলব্ধিৰ এক সমান্তৰাল বিশ্বলৈ লৈ যোৱাটোহে।[8][10] এই গ্ৰন্থৰ দ্বাৰা পৰৱৰ্তী সময়ত দশম শতিকাত অভিনৱগুপ্তই ৰচনা কৰা অভিনৱভাৰতী আদি গ্ৰন্থ অনুপ্ৰাণিত হয়।[11]

ব্যুৎপত্তিসম্পাদনা কৰক

এই পুথিৰ শিৰোনাম "নাট্য" আৰু "শাস্ত্ৰ" এই দুই শব্দৰ সন্ধিত গঠিত হৈছে। নাট্য শব্দৰ সংস্কৃত মূল নটৰ অৰ্থ হৈছে অভিনয় বা উপস্থাপন।[12] শাস্ত্ৰৰ অৰ্থ হৈছে নীতি-নিয়ম বা নিৰ্দেশনা আৰু ভাৰতীয় সাহিত্যসমূহত ই পশ্চাদ অংশৰূপে যোগ হয়।[13]

ৰচনাকাল আৰু ৰচয়িতাসম্পাদনা কৰক

নাট্যশাস্ত্ৰৰ ৰচনাৰ তাৰিখ অজ্ঞাত যদিও আনুমানিক ৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত বুলি ধৰা হয়।[5][3] এই গ্ৰন্থখন হয়তো খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দত আৰম্ভ কৰা হৈছিল।[4] সময়ৰ লগে লগে ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল আৰু বেছিভাগ পণ্ডিতে অন্যান্য ভাৰতীয় সাহিত্যত এই গ্ৰন্থখনৰ উল্লেখৰ ভিত্তিত মত প্ৰকাশ কৰিছে যে গ্ৰন্থখনৰ প্ৰথম সম্পূৰ্ণ সংস্কৰণ সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ২০০ চনৰ পৰা ২০০ চনৰ ভিতৰত শেষ হোৱাৰ সম্ভাৱনা আছে।[3][6] পৰম্পৰাগতভাৱে নাট্যশাস্ত্ৰক আদিভাৰত নামৰ ৩৬,০০০টা পদ সম্বলিত এক বৈদিক ৰচনাৰ সৈতে জড়িত বুলি কোনো কোনোৱে কয় যদিও এনে গ্ৰন্থ কেতিয়াও থকাৰ কোনো প্ৰমাণ পোৱা নাই।[14]

এই গ্ৰন্থখন কেইবাটাও পাণ্ডুলিপি সংস্কৰণত আধুনিক যুগলৈকে বৰ্ত্তি আছে। এই পাণ্ডুলিপিসমূহত অধ্যায়সমূহৰ শিৰোনাম ভিন্ন আৰু কিছুমান ক্ষেত্ৰত কেইটামান অধ্যায়ৰ বিষয়বস্তুও ভিন্ন।[3] কিছুমান পুনৰীক্ষণত লিখনীৰ উল্লেখযোগ্য ফালৰি কাটি যোৱাৰ প্ৰৱণতাৰ লগতে[15] অভ্যন্তৰীণ বৈপৰীত্য বা অমত আৰু হঠাতে শৈলীৰ পৰিৱৰ্তনো দেখা যায়।[16] পি ভি কেনৰ দৰে পণ্ডিতসকলে কৈছে যে খ্ৰীষ্টীয় তৃতীয়ৰ পৰা অষ্টম শতিকাৰ ভিতৰত কিছুমান পাণ্ডুলিপিৰ পৰিৱৰ্তন হোৱাৰ লগতে মূল গ্ৰন্থখনত সংযোজন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কিছুমান ভিন্ন সংস্কৰণৰ সৃষ্টি হৈছিল আৰু নাট্যশাস্ত্ৰৰ কেইটামান বৰ্তমানেও বৰ্তি থকা পাণ্ডুলিপিত ইয়াৰ বাবেই পদ্য আৰু গদ্যৰ মিশ্ৰণ হ’ব পাৰে।[17][18] ৱিচকনচিন বিশ্ববিদ্যালয়ৰ পৰা এই গ্ৰন্থখনৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰমোদ কালেৰ মতে, নাট্য শাস্ত্ৰৰ বিদ্যমান সংস্কৰণটো সম্ভৱতঃ অষ্টম শতিকাৰ ভিতৰৰ আছিল।[17]

হিন্দু পৰম্পৰাত ইয়াক ঋষি ভৰতক নাট্যশাস্ত্ৰ ৰচনাৰ কৃতিত্ব দিয়া হৈছে। ই হয়তো কেইবাজনো লেখকৰ ৰচনা হ'ব পাৰে। কিন্তু পণ্ডিতসকল এই বিষয়ে একমত নহয়।[17][19] ভৰত গুপ্তই কৈছে যে পুথিখনে শৈলীগতভাৱে বৰ্তমানৰ সংস্কৰণত এজন সংকলকৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰিছে। এই বিষয়ত কপিলা বাৎসায়নেও ঐকমত প্ৰকাশ কৰিছে।[20][21] অগ্নি পুৰাণত নাট্যকলা আৰু কবিতাৰ বিষয়ত অধ্যায়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এইসমূহে নাট্যশাস্ত্ৰৰ আৰ্হি অনুসৰণ কৰে যদিও ইয়াত পৰিবেশন কলাৰ অধিক শৈলী আৰু প্ৰকাৰৰ কথা কোৱা হৈছে।[22]

ঐতিহাসিক মূলসম্পাদনা কৰক

নাট্যশাস্ত্ৰ হৈছে পৰিবেশন কলাৰ ওপৰত ভাৰতীয় প্ৰাচীন গ্ৰন্থৰ ভিতৰত আটাইতকৈ পুৰণি বৰ্তমানেও বিদ্যমান গ্ৰন্থ।[8] এই গ্ৰন্থখনৰ মূল নটসূত্ৰসমূহৰ দৰেই অন্ততঃ খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগলৈকে বিস্তৃত।[23]

ধ্ৰুপদী সংস্কৃত ব্যাকৰণৰ ৰচয়িতা খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০ চনৰ পাণিনিৰ গ্ৰন্থত নটসূত্ৰৰ উল্লেখ আছে।[24][25] পৰিবেশন কলা সম্পৰ্কীয় এই সূত্ৰ পুথিৰ বিষয়ে অন্যান্য বৈদিক গ্ৰন্থসমূহত উল্লেখ আছে। শিলালিন আৰু কৃষাশ্ব নামৰ দুজন পণ্ডিতক প্ৰাচীন নাটক, গায়নকলা, নৃত্য আৰু সংস্কৃত ৰচনাৰ অধ্যয়নত অগ্ৰণী হিচাপে কৃতিত্ব দিয়া হৈছে।[26] নাট্যশাস্ত্ৰত নাটক পৰিবেশকসকলক শৈলালিন বুলি উল্লেখ কৰা হৈছে। সম্ভৱতঃ গ্ৰন্থখন লিখাৰ সময়ত অতিকৈ পৰিচিত হোৱাৰ বাবেই নটসূত্ৰৰ কৃতিত্ব দিয়া বৈদিক ঋষি শিলালিনৰ পৰা এই নামৰ উদ্ভৱ হৈছে।[27] কোনো কোনো পণ্ডিতৰ মতে নটসূত্ৰসমূহ আনুমানিক খ্ৰীষ্টপূৰ্ব ৬০০ চনৰ আশে-পাশে ৰচনা কৰা হৈছিল।[25]

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশেষজ্ঞ অধ্যাপক লুইচ ৰৱেলৰ মতে আদিকালৰ ভাৰতীয় কলাত্মক চিন্তাত কলাৰ তিনিটা ধাৰা, যথাক্ৰমে বাদ্য, গীত আৰু নৃত্য,[28] আৰু সংগীতৰ দুটা ধাৰা, যথাক্ৰমে গন্ধৰ্ব (আনুষ্ঠানিক, ৰচিত, কোনো লোকাচাৰিক সংগীত) আৰু গান (অনানুষ্ঠানিক, উন্নীত, মনোৰঞ্জনমূলক সংগীত)।[29] গন্ধৰ্ব উপধাৰাটো ঐশ্বৰিক ধাৰণাৰ সৈতেও সম্পৰ্কিত আছিল। আনহাতে গান আছিল মুক্ত ৰূপৰ শিল্প আৰু ইয়াত গায়নো অন্তৰ্ভুক্ত কৰা হৈছিল।[29] খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ শেষৰ ফালে ভাৰতীয় উপমহাদেশত সংস্কৃত সংগীত পৰম্পৰা ব্যাপকভাৱে বিয়পি পৰিছিল আৰু প্ৰাচীন তামিল ধ্ৰুপদী গ্ৰন্থসমূহে ধাৰণা দিয়ে যে দক্ষিণ ভাৰতত যোৱা কেইটামান প্ৰাক-খ্ৰীষ্টান শতিকাৰ পৰাই এটা উৎকৰ্ষশীল সংগীত পৰম্পৰা আছিল।[30]

ব্ৰাহ্মণ আৰু কল্পসূত্ৰ আৰু শ্ৰৌতসূত্ৰ উভয়তে উল্লেখ কৰা শিলালিন আৰু কৃষশ্বৰ কলা বিদ্যালয়সমূহ[27] হয়তো বৈদিক ৰীতি-নীতিৰ পৰিৱেশনৰ সৈতে জড়িত আছিল, যি নৈতিক মূল্যবোধ নিহিত হৈ থকা কাহিনী কোৱাৰ সৈতে জড়িত আছিল।[27] পাণিনি সূত্ৰৰ ১.৪.২৯ পদৰ দৰে বেদাংগ গ্ৰন্থত এইসমূহৰ উল্লেখ আছে। এইদৰে নাট্যশাস্ত্ৰৰ মূল সম্ভৱতঃ আধ্যাত্মিক বিষয়বস্তুৰ নাটকীয় উপস্থাপনত আচাৰ-ব্যৱহাৰ, সংলাপ আৰু গীতক একত্ৰিত কৰাৰ অধিক প্ৰাচীন বৈদিক পৰম্পৰাসমূহৰ পৰা উদ্ভৱ হৈছে।[31]}}[32] উদাহৰণস্বৰূপে, শতপথ ব্ৰাহ্মণৰ ১৩.২ অধ্যায়ত (~৮০০–৭০০ খ্ৰীষ্টপূৰ্ব) সংস্কৃত পদসমূহ দুজন অভিনেতাৰ মাজত সাঁথৰ খেলৰ ৰূপত লিখা হৈছে।[33]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Katherine Young; Arvind Sharma (2004). Her Voice, Her Faith: Women Speak on World Religions. Westview Press. পৃষ্ঠা. 20–21. ISBN 978-0-8133-4666-3. https://books.google.com/books?id=xUoEw0IQvPEC. 
  2. 2.0 2.1 Guy L. Beck (2012). Sonic Liturgy: Ritual and Music in Hindu Tradition. University of South Carolina Press. পৃষ্ঠা. 138–139. ISBN 978-1-61117-108-2. https://books.google.com/books?id=UzUMCAAAQBAJ. "Quote: "A summation of the signal importance of the Natyasastra for Hindu religion and culture has been provided by Susan Schwartz, "In short, the Natyasastra is an exhaustive encyclopedic dissertation of the arts, with an emphasis on performing arts as its central feature. It is also full of invocations to deities, acknowledging the divine origins of the arts and the central role of performance arts in achieving divine goals (...)"." 
  3. 3.0 3.1 3.2 3.3 Natalia Lidova 2014.
  4. 4.0 4.1 Tarla Mehta 1995, পৃষ্ঠা. xxiv, 19–20.
  5. 5.0 5.1 Wallace Dace 1963, পৃষ্ঠা. 249.
  6. 6.0 6.1 Sreenath Nair 2015.
  7. Emmie Te Nijenhuis 1974, পৃষ্ঠা. 3–4, 7–25.
  8. 8.0 8.1 8.2 Susan L. Schwartz (2004). Rasa: Performing the Divine in India. Columbia University Press. পৃষ্ঠা. 12–15. ISBN 978-0-231-13144-5. https://archive.org/details/rasa00susa. 
  9. Sunil Kothari & Avinash Pasricha 2001, পৃষ্ঠা. 117, 163.
  10. Daniel Meyer-Dinkgräfe (2005). Approaches to Acting: Past and Present. Bloomsbury Academic. পৃষ্ঠা. 102–104, 155–156. ISBN 978-1-4411-0381-9. https://books.google.com/books?id=-KiJn_o4R5MC. 
  11. Ananda Lal 2004, পৃষ্ঠা. 308.
  12. Chandra Rajan (1999). Loom Of Time, Kalidasa. Penguin Books. পৃষ্ঠা. 29. ISBN 978-0-14-400078-4. https://books.google.com/books?id=sj9hZYZrcFEC. 
  13. James Lochtefeld (2002), "Shastra" in The Illustrated Encyclopedia of Hinduism, Vol. 2: N-Z, Rosen Publishing, আই.এচ.বি.এন. 0-8239-2287-1, page 626; See also for help शास्त्र in Monier William's Sanskrit-English Dictionary, 2nd Edition, Oxford University Press, Archived by Koeln University, Germany
  14. Ghosh 2002, p. 2 note 7–12.
  15. Nina Mirnig, Peter-Daniel Szanto & Michael Williams 2013, পৃষ্ঠা. 350.
  16. Kale Pramod (1974). The Theatric Universe: (a Study of the Natyashastra). Popular Prakashan. পৃষ্ঠা. 10–11. ISBN 978-81-7154-118-8. https://books.google.com/books?id=yRdNBKIHnjkC. 
  17. 17.0 17.1 17.2 Kale Pramod (1974). The Theatric Universe: (a Study of the Natyashastra). Popular Prakashan. পৃষ্ঠা. 8–9. ISBN 978-81-7154-118-8. https://books.google.com/books?id=yRdNBKIHnjkC. 
  18. Pandurang Vaman Kane 1971, পৃষ্ঠা. 11–15.
  19. Maurice Winternitz 2008, পৃষ্ঠা. 9–10.
  20. Kapila Vatsyayan 2001, পৃষ্ঠা. 6.
  21. Manmohan Ghosh, ed (1950). Natyashastra. প্ৰকাশক Calcutta: Asiatic Society.  See introduction p. xxvi for discussion of dates
  22. Maurice Winternitz 2008, পৃষ্ঠা. 11.
  23. Ananda Lal 2004, পৃষ্ঠা. 16; Natalia Lidova 1994, পৃষ্ঠা. 111–113.
  24. Natalia Lidova 1994, পৃষ্ঠা. 111–113.
  25. 25.0 25.1 Farley P. Richmond, Darius L. Swann & Phillip B. Zarrilli 1993, পৃষ্ঠা. 30.
  26. Natalia Lidova 1994, পৃষ্ঠা. 111–113; Tarla Mehta 1995, পৃষ্ঠা. xxiv, xxxi–xxxii, 17.
  27. 27.0 27.1 27.2 Natalia Lidova 1994, পৃষ্ঠা. 112.
  28. Rowell 2015, পৃষ্ঠা. 9.
  29. 29.0 29.1 Rowell 2015, পৃষ্ঠা. 11-12.
  30. Rowell 2015, পৃষ্ঠা. 12-13.
  31. ML Varadpande (1990), History of Indian Theatre, Volume 1, Abhinav, আই.এচ.বি.এন. 978-8170172789, pages 45–47
  32. Maurice Winternitz 2008, পৃষ্ঠা. 181–182.
  33. ML Varadpande (1990), History of Indian Theatre, Volume 1, Abhinav, আই.এচ.বি.এন. 978-8170172789, page 48