বানপানী

প্ৰাকৃতিক দূৰ্যোগ

বানপানী হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। এনে পানী বৈ থাকে। এই বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ। নদীৰ পানী বহন কৰা ক্ষমতাতকৈ বেছি পানী বহন কৰিবলগীয়া হ'লেও বানপানী হয়, বিশেষকৈ নদীপথৰ কেঁকুৰী বা চাঁপযুক্ত অঞ্চলত। বানপানী সম্ভাব্য অঞ্চলৰ গৃহ আৰু ব্যৱসায় প্ৰায়েই বানপানীয়ে নষ্ট কৰে। যিহেতু নদীৰ কাষৰীয়া ঠাইসমূহ যাতায়ত, কৃষি আদিৰ বাবে উপযোগী সেইবাবে বানপানী মানৱজাতিৰ বাবে অতি ডাঙৰ সমস্যা।

২০১৫ চনৰ অসমৰ বানপানী
লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ বানপানীত জলমগ্ন এটা চাংঘৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা ৰাজ্যত বানপানীৰ সময়ত নাও ব্যৱহাৰৰ দৃশ্য

ব্যুৎপত্তিসম্পাদনা কৰক

বানপানী শব্দটো সংস্কৃত শব্দ ৱন্যাৰ পৰা আহিছে; যাৰ অৰ্থ হৈছে বানপানী, ডাঙৰ বননি, অৰণ্য, জঙ্গল৷[1] অসমীয়াত বান শব্দই হু হু কৰি বৰ বেগেৰে অহা ধলক বুজায়;[2] অৰ্থাৎ অসমীয়াত বানপানী শব্দৰ অৰ্থ হৈছে বাঢ়নী পানী বা বৰকৈ বাঢ়ি নৈৰ পাৰ বুৰোৱা পানী৷[2]

প্ৰকাৰসম্পাদনা কৰক

আঞ্চলিকসম্পাদনা কৰক

অত্যাধিক বৰষুণৰ ফলত পানী জমা হৈ বা বৰফ গলি যোৱাৰ ফলত পানী ৰৈ গৈ সমতল বা নিম্ন অঞ্চলত বানপানীৰ সৃষ্টি কৰিব। ধাৰাবাহিক ধুমুহাৰ পৰা হোৱা তীব্ৰ বৰষুণৰ ফলত স্থলপৃষ্ঠৰ মাটি সংপৃক্ত হৈ পৰে বা কোনো কোনো ঠাইত পানীৰ স্তৰ অগভীৰ (water table) হোৱাৰ বাবেও এনে হ'ব পাৰে। হিমায়িত মাটি, শিল, কংক্ৰিট, পকীকৰণ বা ছাদৰ মাজেৰেও পানী পাৰ হৈ যাব নোৱাৰি বানপানীৰ সৃষ্টি কৰিব পাৰে।[3]

অসমত বানপানীসম্পাদনা কৰক

প্ৰতিবছৰে অসমব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে নৈ কাষৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি কৰে।

২০১২সম্পাদনা কৰক

ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত হোৱা নেৰানেপেৰা বাৰিষাৰ বৰষুণৰ বাবে ২০১২ চনত ব্ৰহ্মপুত্ৰৰ বানপানীয়ে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ দাঁতিত এক অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বানপানী আৰু ভূমিস্খলনৰ ফলত ১২৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ছয় নিযুত লোক গৃহহীন হৈ পৰে। বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট প্ৰভাৱ পৰে আৰু ১৬টা গঁড়কে ধৰি ৫৪০টা জীৱ-জন্তুৰ মৃত্যু হয়।[4][5][6]

২০১৩সম্পাদনা কৰক

২০১৩ চনত জুন মাহৰ শেষৰ ফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ উফন্দি পৰে আৰু কাষৰীয়া অঞ্চলসমূহত বানপানীত সৃষ্টি কৰে।[7] এই বানপানীয়ে অসম ৰাজ্যৰ ২৭ খন জিলাৰ ভিতৰত ১২ খন জিলাত ১,০০,০০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰে।[8][9]

কুফলসম্পাদনা কৰক

প্ৰাথমিক কুফলসম্পাদনা কৰক

বানপানীয়ে প্ৰাণহানি কৰে, ঘৰ-দুৱাৰ নষ্ট কৰে, দলং, ৰাস্তা আদিও ধংস কৰে, বিদ্যুৎ যোগান ব্যাহত কৰে, খেতি-বাতি নষ্ট কৰে। বানপানী হৈ যোৱাৰ পাছত কলেৰা,টাইফইড আদি ৰোগ হোৱা দেখা যায়, উপযুক্ত ব্যৱস্থা নললে এনে ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিবও পাৰে।

গৌণ কুফলসম্পাদনা কৰক

বানপানীৰ ফলত দেশৰ অৰ্থনীতি,পৰ্য্যটন আদিৰ ওপৰতো প্ৰভাৱ পৰে।

সুফলসম্পাদনা কৰক

বানপানীয়ে অনুৰ্বৰ স্থলভাগ উৰ্বৰ কৰি তোলে। যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. শাস্ত্ৰী, নাৰায়ণ চন্দ্ৰ শৰ্মা (২০১৬). সংস্কৃত অসমীয়া শব্দকোষ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৫১. 
  2. 2.0 2.1 বৰুৱা, হেমচন্দ্ৰ (২০০৭). হেমকোষ. হেমকোষ প্ৰকাশন. পৃষ্ঠা. ৭৬৯. 
  3. Jones, Myrtle (2000). "Ground-water flooding in glacial terrain of southern Puget Sound, Washington". Fact Sheet. doi:10.3133/fs11100. Retrieved 2015-07-23.
  4. Das, D.C. 2000. Agricultural Landuse and Productivity Pattern in Lower Brahmaputra valley (1970-71 and 1994-95). Ph.D. Thesis, Department of Geography, North Eastern Hill University, Shillong.
  5. Mipun, B.S. 1989. Impact of Migrants and Agricultural Changes in the Lower Brahmaputra Valley : A Case Study of Darrang District. Unpublished Ph.D. Thesis, Department of Geography, North Eastern Hill University, Shillong.
  6. Shrivastava, R.J. and Heinen, J.T. 2005. "Migration and Home Gardens in the Brahmaputra Valley, Assam, India". Journal of Ecological Anthropology 9: 20-34.
  7. Bhaumik, Subir (9 July 2013). "BBC News — India floods: Thousands flee homes in Assam". BBC News. Bbc. Retrieved 11 July 2013.
  8. "Assam flood situation worsens, PM speaks to Gogoi". The Times of India. 8 July 2013. http://articles.timesofindia.indiatimes.com/2013-07-08/india/40442707_1_flood-situation-jia-bharali-asdma। আহৰণ কৰা হৈছে: 11 July 2013. 
  9. "Assam floods affect 1.1 lakh people in 11 district". Zee News. 2013-07-10. http://zeenews.india.com/news/assam/assam-floods-affect-1-1-lakh-people-in-11-district_861340.html। আহৰণ কৰা হৈছে: 11 July 2013.