বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ। পূবে বিশ্বনাথ চাৰিআলি, গহপুৰ, লখিমপুৰ পশ্চিমে ৰঙাপৰা, দক্ষিণে তেজপুৰ আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং হৈ বমডিলা, টাৱাং আদি ঠাইলৈ বালিপৰা চাৰিআলিৰ মাজেৰেই যাব লগা হয়। বালিপৰা বিভিন্ন ভাষা-ভাষী, জাতি-সম্প্ৰদায়ৰ লোকৰ বসতিস্থল আৰু সমন্বয় সম্প্ৰীতিৰ অঞ্চল। প্ৰাচীন ঐতিহাসিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত এই অঞ্চলৰ গুৰুত্ব ও অৰিহণা নগন্য নহয়। উল্লেখযোগ্য যে বালিপৰাক ‘চাৰিধামৰ পবিত্ৰ ভূমি’ বুলি জনা যায়। এই চাৰিধাম হ’ল মানশিৰি নৈৰ পূব পাৰত অৱস্থিত ‘কলীয়া গোঁসাই সত্ৰ’, ভকতগাঁৱৰ দক্ষিণ পাট সত্ৰ, এৰাগাঁৱৰ ‘কমলাবাৰী সত্ৰ’ আৰু বালিগাঁৱৰ ‘কেতেকীবাৰী সত্ৰ’।

বালিপৰা
—  অঞ্চল  —
বালিপৰা
বালিপৰাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°49′32″N 92°46′31″E / 26.82556°N 92.77528°E / 26.82556; 92.77528
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ জিলা
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮৪১০১
    ফোন • +(৯১)৩৭১৪
    • যান-বাহনৰ নম্বৰ • এ এচ-১২

বালিপৰা নামৰ উৎপত্তিৰ কিংবদন্তী আৰু ভৌগোলিক সাম্ভাব্য কাৰণ: সম্পাদনা কৰক

বালিপৰা নামটোৰ উৎপত্তিৰ ক্ষেত্ৰত বিভিন্ন কিংবদন্তী আৰু ভৌগোলিক কাৰণ অনুমান কৰা হয়। উল্লেখ পোৱা যায়- “Bana’s grandson Bhaluka made his capital at Bhalukpong, not far from Balipara at the foot of the Akahills. Remains of old fortifications are still visible there. Balipara may have some association with Bali, father of Bana. The Akas still claim Bhaluka as their progenitor.” – History of Assam, by Debabrat Dutta. [1] দৈত্যবংশী হিৰণ্যকশিপুৰ নাতি ৰজা বলিয়ে শোণিতপুৰত ৰাজত্ব কৰিছিল বুলি জনা যায়। বলিৰ পুত্ৰ আছিল বাণ ৰজা। এই বলি ৰজাৰ পৰাই নামান্তৰ হৈ বা কোনো ঘটনা মৰ্মে বালিপৰা নামৰ উৎপত্তি বুলি অনুমান কৰা হয়। আনহাতে বালিপৰা অঞ্চলৰ বৰ্ষীয়ান শিক্ষাবিদ সকলে কব বিচাৰে যে, ১৮৯৭ চনত অসমত হোৱা বৰভূঁইকপৰ সময়ত এই অঞ্চলটোক কাষৰীয়া নদীকেইখনে বালিৰে পুতি পেলাইছিল। তাৰ পিছৰপৰাহে এই অঞ্চলটোৰ নাম বালিপৰা হয়। বৰ্তমান প্ৰবাহিত হৈ থকা জীয়াভৰলী নদীখন বালিপৰাৰ পূবত অৱস্থিত। ভৰলী নদীৰ উপনৈ মানশিৰি, জৰাসৰ আৰু কালনী বালিপৰাৰ মাজেদি প্ৰবাহিত হৈ গৈছে। নদীয়ে পেলাই যোৱা পলস তথা বালিচৰত কালক্ৰমত বসবাসৰ উপযোগী হোৱাত মানুহে বসতি বিস্তাৰ কৰিলে। বালি চাপৰিত বসবাস কৰা বাসিন্দাই হয়তো নামাকৰণ কৰিলে বালিপৰা। নৈৰ লগত সম্পৰ্কযুক্ত বালিপৰাৰ গাঁওসমূহৰ নাম মন কৰিবলগীয়া। বালিগাঁও, বোকাগাঁও, বামগাঁও, পানীপোতা আদি নামবোৰে নদী গঠিত ভূমিভাগৰ অতীতৰ কথাই কয়। [2]

বালিপৰা অঞ্চলৰ গাঁওসমূহ: সম্পাদনা কৰক

শোণিতপুৰ জিলাখনৰ ১৪টা উন্নয়ন খণ্ডৰ ভিতৰত বালিপৰাও এটা। চাৰিদুৱাৰ ৰাজহ চক্তৰ অন্তৰ্গত বালিপৰা অঞ্চলৰ অন্তৰ্ভুক্ত গাঁওসমূহ হ’ল এৰাগাঁও, বালিগাঁও, কমাৰীগাঁও, উদমাৰীগাঁও, বামগাঁও, বোকাগাঁও, মাজুলীগাঁও, সৰুপাটগাঁও, বৰপাটগাঁও, ভকতগাঁও, বুঢ়াগাঁও, ঔহলাগাঁও, ভোবোলাগাঁও, ওপৰঢেকেৰী, নামঢেকেৰী, আমাৰীবাৰী, ভেৰভেৰী, ওপৰ কছাৰী, জংঘলবস্তি, দৰ্জীপট্টি, মহালিবস্তি, খেলমাটি, আদাবাৰী, পাকবিল, কালনীবস্তি, ভঙাবস্তি, দিঘলীবস্তি, মধুপুৰ, বালিজান, পানীপোতা, মোলানগাঁও।

বিধানসভা আৰু লোকসভা সমষ্টি: সম্পাদনা কৰক

বালিপৰা অঞ্চলৰ একাংশ এলেকা চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী একাংশ এলেকা ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত। অঞ্চলটো তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

বালিপৰা অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠানসমূহ: সম্পাদনা কৰক

  1. বালিপৰা মজলীয়া বিদ্যালয়
  2. বৰপাটগাঁও মজলীয়া বিদ্যালয়
  3. চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়
  4. ৰৌমাৰী মধ্য ইংৰাজী বিদ্যালয়
  5. বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়
  6. খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়
  7. আমাৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়
  8. দীঘলী মধ্য ইংৰাজী বিদ্যালয়
  9. বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  10. খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়
  11. শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়
  12. পানীপোতা উচ্চ মাধ্যমিক বিদ্যালয়
  13. কুমুদা সুন্দৰী সেন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়
  14. শংকৰদেৱ শিশু নিকেতন
  15. St. John School
  16. Elite Academy,CBSE School
  17. Assam Valley School
  18. বালিপৰা কণিষ্ঠ মহাবিদ্যালয়

[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Debabrat Dutta, History of Assam
  2. ভদ্ৰ দত্ত, বালিপৰা স্মৰণিকা
  3. শোণিতপুৰ জিলা হাইস্কুল সংস্থা ৰূপালী জয়ন্তী স্মৰণিকা, ১৯৯৪