বাহাৰুল ইছলাম (ন্যায়াধীশ)

ন্যায়াধীশ বাহাৰুল ইছলাম (Baharul Islam) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল।[1][2] উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া৷ ১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ নলবাৰী জিলাত তেওঁৰ জন্ম হৈছিল।

ন্যায়াধীশ

বাহাৰুল ইছলাম

গুৱাহাটী উচ্চ ন্যায়ালয়ত ভাষণ দি থকা অৱস্থাত ন্যায়াধীশ বাহাৰুল ইছলাম
মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়
কাৰ্যকাল
৭ জুলাই ১৯৭৯ – ১ মাৰ্চ ১৯৮০
ন্যায়াধীশ, উচ্চতম ন্যায়ালয়
কাৰ্যকাল
৪ ডিচেম্বৰ ১৯৮০ – ১২ জানুৱাৰী ১৯৮৩
ব্যক্তিগত তথ্য
জন্ম ০১ মাৰ্চ, ১৯১৮ (১০৬ বছৰ)
নলবাৰী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়

শিক্ষা সম্পাদনা কৰক

তেওঁ নলবাৰীৰ গুৰ্দন হাই স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া নলবাৰী কামৰূপ জিলাৰ অন্তৰ্গত আছিল। তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰে। পিছলৈ তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

ইছলামে প্ৰথমে ১৯৫১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত (পূৰ্বে অসম উচ্চ ন্যায়ালয়) অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ ১৯৫৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে।

২০ জানুৱাৰী ১৯৭২ চনত তেওঁ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ত (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়) ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে। ১১ মাৰ্চ ১৯৭৯ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰে। পিছলৈ ৭ জুলাই ১৯৭৯ৰ পৰা ১ মাৰ্চ ১৯৮০লৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল সম্পন্ন কৰি অৱসৰ গ্ৰহণ কৰে। শেষলৈ ৪ ডিচেম্বৰ ১৯৮০ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১২ জানুৱাৰী ১৯৮৩ চনত তেওঁ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]

১৯৬২ আৰু ১৯৬৮ চনত তেওঁ দুবাৰকৈ ৰাজ্য সভালৈ নিৰ্বাচিত হয়।

তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সদস্য আছিল যদিও সভাপতিৰ পদত সেৱা আগবঢ়োৱা নাছিল।[3]

কমিটি সম্পাদনা কৰক

বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ অধিকাৰ, সমান সা-সুবিধা আৰু প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে আইন প্ৰণয়ন কৰিবলৈ ১৯৮৭ চনত বাহাৰুল ইছলাম কমিটি গঠন কৰা হৈছিল।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Former Judges: Baharul Islam". Supreme Court of India. Archived from the original on 17 October 2014. http://supremecourtofindia.nic.in/judges/bio/48_bislam.htm. 
  2. Kalbag, Chaitanya (31 January 1983). "Ends of Justice". India Today. Archived from the original on 22 September 2015. http://indiatoday.intoday.in/story/justice-baharul-islam-tenders-his-resignation-from-sc-bench-to-president-zail-singh/1/371332.html. 
  3. "About Us: Past Presidents of the Association". Gauhati High Court Bar Association. http://ghconline.gov.in/Bar/aboutus.html. 
  4. Bhambhani, Meenu (2005). "Disability Policy: India". In Albrecht, Gary L. Encyclopedia of Disability, volume 1. Thousand Oaks, California: Sage Publications. pp. 465–467, page 467. ISBN 978-1-4522-6520-9.