বাৰ্তা:অসমত দেখা চৰাইবোৰ

Latest comment: 4 মাহ পূৰ্বে by 2409:4065:D89:E70B:0:0:7149:E0F in topic অসমত বৰ্তমান থকা চৰাই

প্ৰতিবিধ চৰাইকে বেলেগ বেলেগ প্ৰবন্ধ হিচাপে ৰখা ভাল নেকি? ছুটি প্ৰবন্ধ হ'ব, কিন্তু বিচাৰিবলৈ সহজ হ'ব। এই নামৰ শ্ৰেণী এটা কৰি সেইটোত সুমুৱাই ৰাখিলে একেলগে পোৱা যাব।উদ্দীপতালুকদাৰ (talk) 13:55, 15 মে' 2012 (UTC)

হয়, প্ৰতিবিধ চৰাইকে বেলেগ বেলেগ প্ৰবন্ধ হিচাপে ৰাখিলে বিচাৰিবলৈ সহজ হ'ব। ছুটি প্ৰবন্ধ হোৱা বাবেহে একেলগে ৰখা হৈছিল । পাছত সময় সুবিধা মতে আৰু অলপ তথ্য যোগ কৰি বেলেগ বেলেগ কৰাৰ কথা আছিল- মৌচুমী (talk)

ময়ো চাইছিলো| কিন্তু বৰ্তমান দেখা প্ৰবন্ধটো তথ্যবোৰ বৰ কম| আৰু অলপ অলপ লিখিলে বেলেগ কৰিলে ভাল হ’ব| নাইবা পাছত পৰিচৰ্যা পক্ৰিয়াটো বৰ আমনিদায়ক| বিষ্ণু বাৰ্তা
হয়। যদিও প্রাসংগিকতা বজাই ৰাখিবলৈ মই সামান্য যোগ কৰিলোঁ, কিন্তু ময়ো উপৰোক্ত কথাখিনি সমৰ্থন কৰিলোঁ। যদিও বহুত চৰাইৰ বিষয়ে আমাৰ ওচৰত তথ্য নাই (বিষ্ণুৱে কোৱাৰ দৰে), কিছুমানৰ বিষয়ে আছে, যেনে ইং ৱিকিত অসমৰ জাতীয় চৰাই White-winged_Duck অৰ বিষয়ে এটা বিস্তৃত প্রবন্ধ আছে। তেনেকৈ ধনেশ (Hornbill) অৰ বিষয়েও আছে। বৰটোকোলা (Stork) আদিও আছে। বিচাৰিলে চাগৈ আৰু ওলাব। তদুপৰি আনুসংগিক অন্যান্য প্রবন্ধ যেনে Biodiversity of Assam আদি প্রবন্ধও আছে। কোনোবাই "অসমৰ চৰাই" ৱিকিপ্রকল্প এটা খুলিব নেকি? প্রভাকৰ শৰ্মা নেওগ (talk) 12:36, 4 আগষ্ট 2012 (UTC)
বৈজ্ঞানিক নামসমূহ জানিলে ইণ্টাৰনেটত বহুতো তথ্য পোৱা যায় ৷ আগ্রহীসকলে প্রতিবিধ চৰাইৰ বিষয়ে সুকীয়াকৈ লিখিব পাৰে ৷ কেৱল ইংৰাজী ৱিকিৰ ওপৰতে নিৰ্ভৰ কৰিব নালাগে ৷ মৌচুমী (talk)
কামচৰাই

ফট ভাল হব লাগে ৷

চৰাইৰ অসমীয়া নাম সম্পাদনা কৰক

সদ্যহতে অসমত পোৱা প্ৰায়বোৰ চৰাইৰ ইংৰাজী নামৰ সৈতে তালিকাত যোগ দি থৈছোঁ৷ মোৰ হাতত যিবিলাকৰ অসমীয়া নাম নাই, সেইবোৰ চৰাই তেনেকৈয়ে উল্লেখ কৰি ৰাখিছোঁ৷ সম্পূৰ্ণ তালিকা এখন একেঠাইতে সহজতে পোৱাকৈ থাকিলে অসমীয়া নামকে ধৰি ইটো-সিটো তথ্য যোগ দিবলৈ সুবিধা হয়৷ উল্লেখ নথকা অসমীয়া নাম জানিলে যোগ দিব পাৰে ৷ কেৱল অসমীয়া নাম যোগ দিওঁতে দুটামান কথা মন কৰা দৰকাৰ-

  • একে পৰিয়ালৰ বহুতো চৰাইৰ প্ৰজাতিৰ বেলেগ বেলেগ অসমীয়া নাম নাথাকি কেৱল এটা নামেৰেই পৰিয়ালটোক সূচাব পাৰে৷ কিয়নো একেধৰণৰ চৰাইৰ বিশেষ বৈশিষ্ট্য কিছুমানৰ ওপৰত ভিত্তি কৰি শেহতীয়াকৈ বিজ্ঞানীসকলে ভিন্ন প্ৰজাতি বুলি স্বীকৃতি দিব পাৰে, কিন্তু এইবোৰ সহজতে চকুত নপৰে বাবে একে চৰাই বুলি ভবাৰ থল থাকে৷
  • একেবিধ চৰাইৰ ঠাই-বিশেষে বেলেগ বেলেগ নাম থাকিব পাৰে৷
  • অনুগ্ৰহ কৰি প্ৰচলিত থলুৱা নামটোহে যোগ দিব৷ ইংৰাজী নামৰ পৰা পোনপটীয়াকৈ অনুবাদ কৰি অসমীয়া নাম এটা নিজে সৃষ্টি নকৰিব (যিটো কৰা অতি সহজ আৰু ইতিমধ্যে বহুক্ষেত্ৰত তেনে কৰাৰ বাবে নামক লৈ বহু খেলিমেলিৰ উদ্ভৱ হৈছে)৷
  • চৰাইৰ ইংৰাজী নামৰো সঘনাই সলনি হৈ থাকে৷ সেয়ে ইয়াত ইংৰাজী নামবোৰ আটাইতকৈ শেহতীয়া সংস্কৰণৰ ফিল্ড গাইডবুকৰ পৰা সংগ্ৰহ কৰা হৈছে৷ লগতে বৈজ্ঞানিক নামবোৰো উল্লেখ কৰা হৈছে৷ - জলি বৰা (talk) 17:40, 26 August 2015 (UTC)

অসমত বৰ্তমান থকা চৰাই সম্পাদনা কৰক

অসমত বৰ্তমান নথকা চৰাই নাম 2409:4065:D89:E70B:0:0:7149:E0F 12:25, 24 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অসমত দেখা চৰাইবোৰ" পৃষ্ঠালৈ উভতি যাওক।