অৰ্কুটত হোৱা কথা-বতৰাৰ পৰিণতি হৈছে এই পৃষ্ঠাটো|

ৰেফাৰেন্সৰ প্ৰয়োজন সম্পাদনা কৰক

অসমীয়া ফকৰা যোজনাৰ ওপৰত নিশ্চয় বহুত গৱেষণা হৈছে। গতিকে সেইবোৰৰ পৰা নিশ্চয় যথেষ্ট সমল পোৱা যাব।

Psneog ০৪:২৫, ৩০ জুন ২০০৮ (UTC)

ইণ্টাৰনেটত ফকৰা যোজনাৰ বিষয়ে খুব বেছি সমল নাই, সেয়েহে ৰেফাৰেন্স দিয়া সহজ নহয়| যি কেইটা ৱেব-চাইটত ফকৰা যোজনা আছে, বেছিভাগতে খুব কম সংখ্যক ফকৰা যোজনা আছে| বেচিভাগ ফকৰা যোজনা আৰু জটুৱা ঠাচ সমূহ মুখে মুখে প্ৰচলিত, সেয়েহে যাৰ যিমান মনত আছে সহযোগ কৰিলে ডিজিতেল আৰ্কাইভ এটা কৰিব পৰা যাব|

অৰ্কুটৰ অসম....আমাৰ মাতৃভূমি ("Axom") নামৰ কমিউনিতিটোত কেইবাজনো সদস্যই বহুদিন ধৰি সহযোগিতা কৰি ফকৰা যোজনা আৰু জটুৱা ঠাচৰ সংগ্ৰহ এটা নিৰ্মাণ কৰিছে, সেই সংগ্ৰহ টোকে ঠিক-ঠাক কৰি অসমীয়াত টাইপ কৰি ইয়াত আপলোড কৰা হৈছে| ইয়াত যিমান ফকৰা দিয়া হৈছে, আন কোনো ৱেব-চাইটত সিমান ফকৰা নাই।

Raju ১৬:৩৫, ৩০ জুন ২০০৮ (UTC)

মই জনাত ফকৰা যোজনা আৰু ডাকৰ বচন একে নহয়। ডাকৰ বচন সমূহ ফকৰা যোজনাৰ অন্তৰ্গত, কিন্তু সকলো ফকৰা যোজনা ডাকৰ বচন নহয়। কিছুমান বিশেষ ফকৰা হে ডাক বুলি ব্যক্তি এজনে কোৱা বুলি ধৰা হয়। Raju ১৬:৪৩, ৩০ জুন ২০০৮ (UTC)

ঠিক। কালি মোক আৰু এজনে কথাটো ক'লে। মই প্ৰবন্ধটো শুধৰালোঁ।

Psneog ০৮:১৮, ২ জুলাই ২০০৮ (UTC)

তলত কিছুমান ফকৰা যোজনাৰ শুধৰণীৰ অনুৰোধ জনালোঁ। বিবেচনা কৰি চাব।

আপুনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰিলো। => "আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ" সম্পাদনা কৰক

নিজৰ অনিষ্ট কৰি হলেও শত্ৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়।

সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভণিত বাধা দিবলৈ নিজৰ নাকটো কাটি লৈ তেওঁৰ আগত দেখা দিব পাৰে - যাতে "বিকৃত দৃশ্য দেখিলোঁ" বুলি তেওঁৰ উৎসাহত যতি পৰে।

কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।

Psneog ১৪:১১, ১৩ জুলাই ২০০৮ (UTC)

ধন্যবাদ।

বেছিভাগ যোজনাৰ ভাঙনী আৰু উন্নত কৰাৰ থল আছে, আনকি ফকৰাবোৰৰ বানান আৰু বাক্য গাঠনীতো মাজে মাজে ভুল আছে। সেয়েহে যতে শুধৰণি কৰিব পাৰি বুলি ভাবে বিনা দ্বিধাই শুধৰণি কৰিব।

Raju ১৪:২১, ১৩ জুলাই ২০০৮ (UTC)

অসম্পূৰ্ণতা সম্পাদনা কৰক

অসম্পূৰ্ণ বুলি লিখা শাৰীটো আজি উঠাই দিলোঁ দেই! লেখাটো ভাল হৈছে। ৰাজু আৰু অঞ্জল দত্ত, ধন্যবাদ।

কিন্তু শেষত আমি এই বিষয়ে এখন ৱিকিবুক-ই আৰম্ভ কৰিব লাগিবগৈ নেকি!

Psneog ০৭:১৩, ১ আগষ্ট ২০০৮ (UTC)

অৰ্কুটত মই এতিয়াও দৈনিক ৩-৪টা নতুন ফকৰা পাই আছো, আৰু সেইমতে ইয়াত আপলোড কৰি আছো।

ৱিকিবুকৰ কথা নাজানো, কিন্তু আমি Assamese Wikiquote Project এটা আৰম্ভ কৰিব পাৰো। এই বিষয়ে আপোনালোকৰ মতামত জনাব।

Raju ১৬:৩৩, ১ আগষ্ট ২০০৮ (UTC)

ফকৰা যোজনা সম্পাদনা কৰক

ফটা কঁথাতহে সোণ থাকে. What is the meaning of the above? It is not mentioned in the Wikipedia page. AbhinashDutta (talk) 15:40, 6 September 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰয়োজন সম্পাদনা কৰক

মোৰ মতে এই প্ৰবন্ধটোত "ফকৰা যোজনা" কি, ইতিহাস, উৎস, ব্যৱহাৰ আদিহে সন্নিৱিষ্ট হ'ব লাগে। ৰচনা কিতাপৰ দৰে ফকৰা যোজনাৰ সংগ্ৰহ থাকিব নালাগে। যোজনাবোৰ অইন কোন ঠাইত সংগ্ৰহ কৰি থোৱা হওক। — গীতাৰ্থ বৰদলৈ (talk) 14:11, 17 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিউৎসলৈ নিব পাৰি নেকি? দিব্য দত্ত  (বাৰ্তা) 14:14, 17 June 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

একমত (কিন্তু কেৱল যোজনাসমূহ) ৷ কুলধৰ ৰাভা(আলোচনা) 06:06, 15 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ফকৰা যোজনা" পৃষ্ঠালৈ উভতি যাওক।