"বাৰবাৰিকা" শব্দৰ ব্যুৎপত্তি সম্পাদনা কৰক

"চাৰ্জিকেল ষ্ট্ৰাইক"-অৰ অসমীয়া প্ৰতিশব্দ হিচাবে "বাৰবাৰিকা প্ৰহাৰ" এই প্ৰবন্ধৰ লিখকে প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে যেন লাগিছে। তেখেতে দিয়া উৎসমতে শব্দটো "চাৰ্জিকেল ষ্ট্ৰাইক"ৰ সমাৰ্থক ৰূপক হিচাবে নিশ্চয় ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু ৱিকিপিডিয়াৰ নীতি মতে মৌলিক গৱেষণালব্ধ তথ্য ৱিকিপিডিয়াত ব্যৱহাৰ কৰিব পৰা নাযায়। অৰ্থাৎ শব্দটো কোনো উপযুক্ত মান্য কৰ্তৃপক্ষৰ মতে গ্ৰহণযোগ্য হ'লেহে ৱিকিপিডিয়াত ব্যৱহাৰ কৰিব পৰা যাব।

মই এই কথাটো এনেদৰে বুজোঁ: যে ধৰাহওক মই কম্পিউটাৰ বিজ্ঞানৰ এটা নতুন ধাৰণা আৱিষ্কাৰ কৰি তাৰ নাম হিচাবে আগতে কম্পিউটাৰ বিজ্ঞানত ব্যৱহাৰ নোহোৱা এটা উপযুক্ত শব্দ ৰাখিব খুজিছোঁ। তেন্তে মই মোৰ উক্ত সম্পৰ্কীয় গৱেষণা কম্পিউটাৰ বিজ্ঞানৰ কোনো মান্য জাৰ্ণেলত বা গোষ্ঠীয়ে গ্ৰহণ কৰিলেহে উক্ত শব্দটো ৱিকিপিডিয়াত ব্যৱহাৰ কৰিব পাৰিম।

যিবোৰ শব্দ মূল বিদেশী শব্দৰ আক্ষৰিক অনুবাদ হয় তেনেবোৰ শব্দৰ কথা সুকীয়া, কিন্তু এনে ধৰণৰ ৰূপক ব্যৱহাৰ কৰি অনুবাদ কৰিলে শব্দটো উপযুক্ত কৰ্তৃপক্ষই গ্ৰহণ কৰিলেহে আমি ৱিকিপিডিয়াত ব্যৱহাৰ কৰাটো ভাল বুলি ভাবোঁ। তেতিয়ালৈকে আমি শব্দটো মূল ইংৰাজীত লিখাৰ দৰে "চাৰ্জিকেল ষ্ট্ৰাইক" বা তাৰ অন্য কোনো আক্ষৰিক অনুবাদ ব্যৱহাৰ কৰাটোহে ঠিক হ'ব।

বিষয়টো গুণীজনৰ বিচাৰৰ বাবে ৰাখিলোঁ।

Psneog (talk) 17:29, 2 October 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

অৰ্থৰ ফালৰ পৰা শব্দটো খাপ খাইছে আৰু ভালো হৈছে কিন্তু ৱিকিপিডিয়াত ব্যৱহাৰ কৰাৰ আগতে শব্দটো (বাৰবাৰিকা প্ৰহাৰ) কোনো ভাষাৰ লগত জড়িত অনুষ্ঠান বিশেষকৈ অসম সাহিত্য সভাৰ অনুমোদনৰ আৱশ্যকতা আছে। - দিব্য দত্ত (বাৰ্তা) 17:37, 2 October 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
অৰ্থৰফালৰপৰা শব্দটো খাপ খাইছে নে সন্দেহ আছে। কাৰণ ছাৰ্জিকেল ষ্ট্ৰাইক শব্দটোৱে আচলতে সঠিক স্থানত বুজোৱাতকৈ এক নিৰ্ধাৰিত লক্ষ্যৰে য'ত য'ত প্ৰয়োজন আৰু যিমানখিনি নকৰিলেই নহয়, ঠিক সিমানখিনিয়েই কৰা অৰ্থতহে ব্যৱহাৰ কৰা হৈছে। শল্য চিকিৎসাত যিদৰে অকল বেমাৰী অংশহে কটা হয়, আৰু তাৰ বাহিৰে যাতে আন একো ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা যায়, সেইটোৰপৰাহে ছাৰ্জিকেল ষ্ট্ৰাইক আহিছে। 'শল্য প্ৰহাৰ' জাতীয় শব্দ এটা হ'ব পাৰে। কিন্তু, নতুন পাৰিভাষিক শব্দ ৱিকিপিডিয়াত দিব নোৱাৰে, গতিকে 'বাৰবাৰিকা প্ৰহাৰ' নামটো থাকিব নালাগে। সদ্যহতে 'ছাৰ্জিকেল প্ৰহাৰ' বুলিয়েই ৰাখিব পাৰে। উদ্দীপতালুকদাৰ (talk) 20:46, 2 October 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ছাৰ্জিকেল ষ্ট্ৰাইক" বা "ছাৰ্জিকেল প্ৰহাৰ" নামেই ঠিক হ'ব। বাই দা ৱে', মোৰ মনৰ পৰা মতে অসমীয়াত নামটো "বাৰ্বাৰিক"হে। — গীতাৰ্থ বৰদলৈ (talk) 20:15, 5 October 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"বাৰবাৰিকা প্ৰহাৰ" পৃষ্ঠালৈ উভতি যাওক।