বাৰ্তা:ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান

"ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান" ৰ জেগাত "বিশ্ব ঐতিহ্যবাহক স্থান", "বিশ্ব ঐতিহ্যবান স্থান", "বিশ্ব ঐতিহ্যমান স্থান" আদি ভাবিব পাৰি নেকি? কথাটো বিবেচনা কৰি চাবচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 16:16, 19 আগষ্ট 2012 (UTC)


মই ভাবোঁ এই প্ৰৱন্ধটোৰ উপযুক্ত শিৰোনাম হ'ব: ভাৰতবৰ্ষৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ তালিকা। Debanjan ray (talk) 17:26, 19 আগষ্ট 2012 (UTC)


ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানসমূহ বা ভাৰতৰ বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ বা ভাৰতৰ বিশ্ব ঐতিহ্যবাহক স্থানসমূহ ইয়াৰ ভিতৰত যিকোনো এটা শিৰোনাম দিব পাৰি ৷ প্রভাকৰ শৰ্মা নেওগ ডাঙৰীয়া, ইয়াত কেৱল ভাৰতৰ বিশ্ব ঐতিহ্য বহনকাৰী স্থানসমূহৰ কথা উল্লেখ কৰা হৈছে , গতিকে বিশ্ব ঐতিহ্যবাহক স্থান শিৰোনামটো খাপ নাখাব ৷ ভাৰতৰ বিশ্ব ঐতিহ্যবাহক স্থানসমূহ বা ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানসমূহ -ইয়াৰ যিকোনো এটা উপযুক্ত হ'ব নিশ্চয় ৷
Debanjan ray ডাঙৰীয়া, ইয়াত প্রতিটো স্থানৰে এটা চমু আভাস দিয়া হৈছে, গতিকে তালিকা বুলি নিলিখিলেও অশুদ্ধ নহ'ব যেন লাগিছে! মৌচুমী (talk) 12:52, 20 আগষ্ট 2012 (UTC)
@মৌচুমী, প্রবন্ধটো যিহেতু আপুনিয়েই আৰম্ভ কৰিছিল, নামটো আপুনিয়েই ৰাখক। মই মাত্র সম্ভাৱনাখিনি আঙুলিয়াই দিছিলোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 13:32, 20 আগষ্ট 2012 (UTC)

যিহেতু, ইয়াৰ সংলগ্ন ইংৰাজীপ্ৰৱন্ধটোৰ নাম World Heritage Sites of India সেয়ে অসমীয়াত ঐতিহ্য ক্ষেত্ৰ হিচাপে লিখিলেই হ'ব যেন লাগে। ঐতিহ্যবাহী নিলিখিলেও হ'ব যেন বোধ হয়। Debanjan ray (talk) 16:36, 20 আগষ্ট 2012 (UTC)


মোৰ বোধে "বিশ্ব ঐতিহ্যবাহী স্থান" নামটোত আপত্তি কৰিব লগা একো নাই| ওপৰত লিখাৰ দৰে "বিশ্ব ঐতিহ্যবাহক স্থান", "বিশ্ব ঐতিহ্যবান স্থান", "বিশ্ব ঐতিহ্যমান স্থান" আদি নিশ্চয় লিখিব পাৰি কিন্তু তাৰ লগে লগে, ৱিকিত এটা পৃষ্ঠাৰ লগত জড়িত আন বহুকেইটা পৃষ্ঠা, পুণঃনিৰ্দেশ, শ্ৰেণী, চিত্ৰ আদি আছে| সলালে গোটেইবোৰ সলাব লগিব| কোনোবাই যদি স্থানান্তৰ কৰে, তেন্তে অনুগ্ৰহ কৰি এই বিষয়সমূহৰো সমাধান কৰিব, নহলে লিংকবোৰ হেৰাই যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:20, 4 অক্টোবৰ 2012 (UTC)

"ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান" পৃষ্ঠালৈ উভতি যাওক।