বাৰ্তা:সাহিত্য অকাডেমি বঁটা

হিন্দী আৰু বাংলাত "অকাদেমি"হে লিখা হয়। গতিকে আমি "অকাডেমী" লিখাতকৈ "অকাডেমি" লিখিলেহে অলপ শুদ্ধ হ'ব নেকি? Gitartha.bordoloi ১৪:৪০, ১৬ চেপ্তেম্বৰ ২০১১ (UTC)

হিন্দীত বাচ > বচ, হাজাৰিকা > হজাৰিকা, আদি অনেক আ কাৰ দি আৰম্ভ শব্দ তেনেকৈয়ে লিখা হয়, বাংলা শব্দটো থুব সম্ভব তাৰে অনুকৰণ। সেয়ে অসমীয়াত ইংৰাজী শব্দ ইংৰাজী উচ্চাৰণ মতে লিখা উচিত। মই পৃষ্ঠাটো সাহিত্য একাডেমী .. লৈ লৈ গ'লোঁ। প্রভাকৰ শৰ্মা নেওগ 02:58, 5 ডিচেম্বৰ 2011 (UTC)
প্রভাকৰ শৰ্মা নেওগ দাদা, এই বিষয়ে অলপ দিনৰ আগতে ম‍ই অলপ অনুসন্ধান কৰিছিলোঁ| তেতিয়া সৰ্বসন্মতিক্ৰমে "অকাডেমি" শব্দটোকেই শুদ্ধ ৰূপ হিচাপে মানি লোৱা হৈছিল| মই বহুতো বাতৰি কাকত, গ্ৰন্থ, আলোচনী আদিত শব্দটো চালো। ”অকাডেমি” বুলিয়ে পালো। গতিকে 'অকাডেমি' শব্দটোৱেই সৰ্বজনগৃহীত হিচাবে বিবেচনা কৰিব পাৰি| হেমকোষৰ মতেও 'অকাডেমি'| আৰু উচ্চাৰণৰ দিশৰ পৰা 'একেডেমি' হ'ব লাগে। কিন্তু যিহেতু এতিয়া ’অকাডেমি’ শব্দটোক সকলোৱে শুদ্ধ বুলি মানি লৈছে, গতিকে ৱিকিপিদিয়াত আমি "একাডেমী" লিখি থাকিলে আগলৈ বিভ্ৰান্তিৰ সৃষ্টেহে হ’ব| শিক্ষানুষ্ঠানবোৰৰ ক্ষেত্ৰত "একাডেমী"টো বেছি খাপ খাই, যেনে, তেজপুৰ একাডেমী... | কেইটামান লিংক :- http://en.wiktionary.org/​wiki/academy , http://sahitya-akademi.gov.in/​sahitya-akademi/ | -- :: (Bishnu Saikia) বিষ্ণু শইকীয়া 13:38, 5 ডিচেম্বৰ 2011 (UTC)
ঠিকেই। বিষ্ণু দাই এই বিষয়ে বহুদিন আগতে গোটত লিখিছিল। বাতৰি কাকত আৰু কিতাপত 'অকাডেমি' বুলিয়েই লিখি অহা হৈছে। দ্বিতীয়তে, প্ৰবন্ধটোত থকা আন আন সাহিত্যিক বঁটাবোৰ 'সাহিত্য অকাডেমি'য়েই প্ৰদান কৰে বাবে একেলগে থোৱা হৈছে। ইংৰাজী প্ৰবন্ধটো তেনেকেই আছে। গতিকে প্ৰবন্ধটো দুভাগ কৰিব নালাগে। Gitartha.bordoloi 19:04, 5 ডিচেম্বৰ 2011 (UTC)
          • মই আজি লৈকে কতো অকাদেমি বুলি পোৱা নাই । একাডেমী বুনি পোৱা হে মনত আছে । Madhabsaikia ````

পৰিস্কাৰ সম্পাদনা কৰক

সাহিত্য অকাডেমি প্ৰবন্ধৰ সৈতে ইয়াৰ বহুখিনি মিল আছে, দুয়োটা প্ৰবন্ধ চালিজাৰি চাই ঠিক কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:23, 22 মাৰ্চ 2012 (UTC)

"সাহিত্য অকাডেমি বঁটা" পৃষ্ঠালৈ উভতি যাওক।