বাৰ্মিজ তাৰকা কাছ (ইংৰাজী: Burmese star tortoise; বৈ‍জ্ঞানিক নামঃ Geochelone platynota) হৈছে এক সংকটাপন্ন কাছ প্ৰজাতি৷ ই ম্যানমাৰ (বাৰ্মা)ৰ শুকান, পৰ্ণপাতী অৰণ্যৰ স্থানীয় প্ৰজাতি‍৷

Geochelone platynota
জাপানৰ ছানশ্বাইন ইণ্টাৰনেশ্যনেল একুৰিয়ামত
সংৰক্ষণ স্থিতি
CITES Appendix I (CITES)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Reptile
পৰিয়াল: Tortoise
উপবৰ্গ: Cryptodira
পৰিয়াল: Tortoise
গণ: Geochelone
প্ৰজাতি: G. platynota
দ্বৈৰাশিক নামকৰণ
Geochelone platynota
(Blyth, 1863)
সমাৰ্থক[2]
  • Testudo platynota Blyth, 1863
  • Peltastes platynotus Gray, 1870
  • Testudo platinota Bourret, 1941 (ex errore)
  • Testudo platynotus Bourret, 1941
  • Geochelone platynota Loveridge & Williams, 1957
  • Geochelone elegans platynota Obst, 1985
  • Geochelone platynotata Paull, 1997 (ex errore)

বাৰ্মিজ তাৰকা কাছৰ শক্তিশালী গম্বুজযুক্ত চলঙত বিকিৰিত তৰা আকৃতিৰ আৰ্হি থাকে। ইয়াৰ চলঙত ওখোৰা-মোখোৰা তৰাৰ দৰে দেখা আৰ্হি আছে।এই কাছবিধক অতি সহজে‍ সাধাৰণ ভাৰতীয় তাৰকা কাছৰ সৈতে‍ তলিভাগ বা তলপেটৰ অংশ তুলনা কৰি পৃথক কৰিব পাৰি আৰু ই দুয়োটা প্ৰজাতিৰ মাজৰ ভিন্নতাক বুজাত সহায় কৰে‍।[3]

বন্দী অৱস্থাত প্ৰজনন

সম্পাদনা কৰক

বাৰ্মিজ তাৰকা কাছৰ প্ৰজনন কঠিন৷ বন্দী অৱস্থাত ইয়াৰ প্ৰথম সফল প্ৰজনন টাইৱানৰ তাইপেই চিৰিয়াখানাত হৈছিল, ২০০৩ চনত সেই প্ৰজননৰ যোগেদি‍ কেইটামান বাৰ্মিচ তাৰকা কাছ পোৱা গৈছিল।[4]

ইয়াদানাবন জুলজিকেল গাৰ্ডেনেও বৰ্তমান এই কাছৰ সংখ্যা বৃদ্ধিৰ প্ৰয়াসেৰে‍ বন্দী-প্ৰজনন কাৰ্যসূচীত মনোনিৱেশ কৰিছে‍৷

২০০৪ চনত ২০০টা কাছৰ পৰা প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰি ২০১৭ চনৰ অক্টোবৰ মাহলৈকে ইয়াৰ সংখ্যা ১৪,০০০টা হৈছিল আৰু ইয়াৰে‍ ১০০০টাক পুনৰ বনাঞ্চলত এৰি দিয়া হৈছিল। ২০২১ চনৰ ৩১ জুলাইত ৰিচাৰ্ড ব্ৰেনছনে ঘোষণা কৰিছিল যে এই প্ৰজাতিৰ সংৰক্ষণৰ বাবে তেওঁ কৰি থকা কামৰ অংশ হিচাপে তেওঁৰ ব্যক্তিগত নেকাৰ দ্বীপত দুটা বাৰ্মিজ তাৰকা কাছৰ জন্ম হৈছে। [5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Praschag, P.; Platt, K.; Horne, B.D (2020). Geochelone platynota. p. e.T9013A123815185. doi:10.2305/IUCN.UK.2020-2.RLTS.T9013A123815185.en. 
  2. Fritz Uwe; Peter Havaš (2007). "Checklist of Chelonians of the World". Vertebrate Zoology খণ্ড 57 (2): 279. doi:10.3897/vz.57.e30895. ISSN 1864-5755. 
  3. "Burmese starred tortoise videos, photos and facts - Geochelone platynota | ARKive". Archived from the original on 2014-03-04. https://web.archive.org/web/20140304062349/http://www.arkive.org/burmese-starred-tortoise/geochelone-platynota/। আহৰণ কৰা হৈছে: 2014-04-22. 
  4. "送緬甸星龜回緬甸-2003臺北動物園全球首度成功繁殖" (zh-tw ভাষাত). Taipei Zoo. 2009-09-16. https://www.zoo.gov.taipei/News_Content.aspx?n=AECDB4443E299BD8&sms=72544237BBE4C5F6&s=2A594009D5172D4A। আহৰণ কৰা হৈছে: 2018-09-27. 
  5. Yin, Steph (4 October 2017). "Slow and Steady, a Tortoise Is Winning Its Race With Extinction (Published 2017)". The New York Times. Archived from the original on 2021-10-30. https://web.archive.org/web/20211030050519/https://www.nytimes.com/2017/10/04/science/burmese-star-tortoise-myanmar.html?rref=collection/column/trilobites.