বাৰ ভূঞা ( মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল।[1]

বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল। শান্তিৰ সময়ত সকলোৱে নিজা নিজা সাৰ্বভৌমত্ব বজাই ৰাখিছিল। তাৰ মাজতে শক্তিশালী ৰজাৰ আৱিৰ্ভৱ হ'লে তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছিল।[2] তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল আৰু তেওঁলোকৰ সকলোতকৈ প্ৰতাপীজনে নিজকে ৰজা বুলিছিল।[3]

সিবিলাকৰ বাৰজন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক "বাৰভূঞা" বোলা যায়। বাৰঘৰ কায়স্থ ভূঞাত বাজেও দুঘৰ বামুণ ভূঞা আছিল।[4] আন বুৰঞ্জীবিদৰ মতে শাসনকৰ্তাৰ সংখ্যা বাৰজনতকৈ বেছি আহিল আৰু বাৰ শব্দই "বহুতো" বুজাইছিল।[5] গতিকে ভূঞা-ৰাজ বুলিলে নিজা নিজা শাসন বুজাইছিল, আৰু বাৰ ভূঞা বুলিলে তেওঁলোকৰ বিশেষ গোটক বুজাইছিল।[6] বংগত তেওঁলোকে ভাটিৰ অঞ্চলক বাৰটা প্ৰাশাসনিক গোট বা দ্বাদশ বাংলাত ভগাইছিল।[7] বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু বাংলাদেশৰো সৰহভাগেৰে গঠিত কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাতে বাৰ ভূঞাৰ উৎপত্তি হৈছিল। শালস্তম্ভ বংশৰ নৱম শতিকাৰ ৰজা বলবৰ্মন (তৃতীয়)ৰ ৰাজত্বকালতে মাটি ভগাই লোৱাৰ কাৰ্য খুব দেখিবলৈ পোৱা হৈছিল।[8] মধ্য কামৰূপৰ পতন হোৱাৰ পাছত সৰু সৰু দলপতিৰ প্ৰথা অব্যাহত থাকে।

অসমত বাৰভূঞাসকলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে কছাৰী ৰাজ্যৰ পশ্চিমফালে আৰু উত্তৰপাৰে চুতীয়া ৰাজ্যৰ পশ্চিমৰ অঞ্চল অধিকাৰ কৰিছিল। ইয়াত নগাঁও, দৰং আৰু শোণিতপুৰ অন্তৰ্ভুক্ত আছিল। বংগৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ ধৰিছিল আৰু ১৪৯৮ চনৰ পাছত আলাউদ্দিন হুছেইন শ্বাহৰ প্ৰশাসনৰ বাকী ৰোৱা অংশক পৰাস্ত কৰিছিল। তেওঁলোকে কোচ ৰাজ্যৰ উত্থানতো বাধা দিছিল যদিও ব্যৰ্থ হয়। তাৰ পাছত দ‌‌‌ক্ষিণপাৰে তেওঁলোকৰ অঞ্চল কচাৰী ৰাজ্য আৰু কমতা ৰজ্যৰ মাজৰ সংকুচিত হৈ পৰে। উত্তৰ পাৰতো আহোম ৰাজ্যৰ প্ৰভাৱ বাঢ়ি আহিবলৈ ধৰে। বংগত বৰিসালৰ চন্দ্ৰদ্বীপ ৰাজ্য বসু ৰাজ পৰিয়ালে শাসন কৰিছিল। ইয়াৰ শেষৰজন ৰজা ৰবীন্দ্ৰ নাৰায়ণ বসুৱে বংগৰ বিভাজনৰ সময়ত কলকাতালৈ পলাই যায়। তেওঁলোকৰ স্থান ইতিমধ্যেই জমিদাৰলৈ অৱনমিত হৈছিল।

ইতিহাস

অসমৰ বাৰ-ভূঞা

অসমৰ বাৰ-ভূঞা সকলক দুটা ভাগত বিভক্ত কৰিব পৰা যায়। প্ৰথমটো ভাগ হৈছে আদি বা পুৰণি ভূঞা আৰু আনটো হৈছে ১৪ শতিকাত অহা বাৰ-ভূঞা। শংকৰদেৱৰ আদি পুৰুষ এই দ্বিতীয় ভাগৰ আছিল।

আদি ভূঞা

  • আদি-চৰিতৰ তথ্য :

আদি ভূঞা বা পুৰণি ভূঞা সকলৰ উৎপত্তিৰ কথা বিশেষভাৱে জনা নাযায়। একমাত্ৰ ১৭ শতিকাৰ শেষ ভাগত[9] লিখা বিতৰ্কিত গ্ৰন্থ "আদি-চৰিত"ত হে এই সকলৰ উৎপত্তিৰ এটা আখ্যান দিয়া হৈছে। কিন্ত এইখন গ্ৰন্থ প্ৰায় বোৰ ইতিহাসবিদে গ্ৰহণ নকৰে আৰু জালি বুলি গণ্য কৰে।[10]

এই গ্ৰন্থখনত উল্লেখ কৰা মতে আদি-ভুঞা সকলৰ উৎপত্তি কমতাপুৰৰ ৰজা আৰিমত্তৰ ৰাজসভাৰ সমুদ্ৰ নামৰ মন্ত্ৰী এজনৰ পৰা হৈছিল। প্ৰতাপপুৰা (কামৰূপৰ বুৰঞ্জী মতে প্ৰতাপসিংহ/ৰামচন্দ্ৰ) নামৰ এজন ৰজাই ৰত্নপীঠৰ (যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিম অংশ) ৰত্নপুৰত ৰাজত্ব কৰিছিল। তেওঁৰ পুত্ৰ মায়ামত্তয়ে নিজৰ ৰাজ্যখন দুয়ো পুত্ৰ নাগমত্ত আৰু আৰিমত্তৰ মাজত ভাগ কৰি দিছিল। আৰিমত্তয়ে ৰাজ্যৰ পুব ভাগ শাসন কৰিছিল, যʼত তেওঁৰ মন্ত্ৰী সমুদ্ৰয়ে তেওঁৰ বাবে এখন নতুন ৰাজধানী নিৰ্মাণ কৰি দিছিল। নাগমত্তেয়ে ৰত্নপীঠৰ ৰত্নপুৰৰ পৰা পশ্চিম ভাগ ৰাজত্ব কৰিছিল। কিছু বছৰৰ পাছত নাগমত্তৰ মৃত্যু হয় আৰু আৰিমত্তয়ে নিজৰ পিতৃক হত্যা কৰি সমগ্ৰ ৰাজ্য নিজৰ অধীনলৈ লয়। "কামৰূপৰ বুৰঞ্জী" নামৰ গ্ৰন্থখনৰ পৰা জনা যায় যে আৰিমত্তয়ে কমতাপুৰৰ ৰজা দুৰ্ল্লভেন্দক পৰাস্ত কৰি কমতাপুৰৰ ৰজা হৈছিল আৰু পুনৰ কামৰূপলৈ আহি পিতৃক সত্যা কৰি বৈদ্যৰগড় নামে এখন পাট নিৰ্মাণ কৰিছিল। তাৰ পাছত তেওঁ বিশ্বনাথৰ প্ৰতাপ গড়ৰৰ লৈকে ৰাজ্য বিস্তাৰ কৰি কামৰূপ লৈ ঘূৰি আহি ৰাজপাট খাইছিল।[11]

আৰিমত্তয়ে সমুদ্ৰক ৰাজ্যৰ এটা অংশ ৰাজত্ব কৰিবলৈ দিছিল আৰু সমুদ্ৰৰ পুত্ৰ মনোহৰক আন অংশ। সমুদ্ৰ আৰু মনোহৰৰ মৃত্যুৰ পাছত সমগ্ৰ অঞ্চলটো মনোহৰৰ পুত্ৰী লক্ষ্মীৰ হাতলৈ গৈছিল। লক্ষ্মীৰ দুই পুত্ৰ আছিল, সান্তনো আৰু সুমন্ত [12]। সান্তনো আৰু সুমন্ত দুয়োৰে বাৰজন পুত্ৰ আছিল। এই সকলকে বৰ বাৰ-ভূঞা (লস্কৰ, কাব্যশী, পদ্ম, ৰাই, সলাল, চুকা/সকা, টেটন, ধ্বজ/ধয়া, উজীৰ, সৰল, ৰমাই আৰু তমাই) আৰু সৰু বাৰ-ভূঞা (কন্বজ্বৰা/কনৌজ্বৰা, ৰঘূ, মুকুন্দ,কদম্ব, সুৰথ, সুন্দৰা,সুশামা, গৌড়বাজ, ৰত্ন, মহাৰথ, লেপ আৰু কেপ) কোৱা হৈছিল। সৰু বাৰ-ভূঞা সকল ৰামপুৰলৈ(বৰ্তমানৰ নগাঁৱত অৱস্থিত) স্থানান্তৰিত হৈছিল। বৰ বাৰ-ভূঞা সকল পূৰ্বৰ ঠাইতে থাকি সেই ঠাইক নিজৰ মাতৃৰ নামত লক্ষ্মিপুৰ/লক্ষিমপুৰ( বৰ্তমানৰ দৰঙত অৱস্থিত) দিয়ে। পুৰ্বতে এই ঠাইক ৰঙ্গ-গ্ৰাম কোৱা হৈছিল[13]

গ্ৰন্থখনত উল্লেখ থকাৰ মতে আদি ভূঞা সকলে চুতীয়া আৰু কছাৰী দুয়ো ৰাজ্যৰ লগত যুদ্ধ কৰি নিজৰ ভূমি ৰক্ষা কৰিছিল। গ্ৰন্থখনত দিয়াৰ মতে এবাৰ বৰ বাৰ-ভূঞায়ে আহোম ৰাজ্য আক্ৰমণ কৰিছিল, কিন্তু যুদ্ধত পৰাস্ত হৈ বাৰজন বৰ-ভূঞাক বন্দী কৰি শদিয়াৰ শ্যামা কালিৰ মন্দিৰলৈ(তাম্ৰেশ্বৰী মন্দিৰ) বলি দিবলৈ পঠিওৱা হৈছিল। কিন্তু, কাহিনীটোৰ মতে, গোসানীয়ে ভূঞা সকলৰ বলি ল'বলৈ অস্বীকাৰ কৰিলে আৰু সেই বাবে আহোম ৰজাই সকলোকে সপত কোৱাই এৰি দিলে। গ্ৰন্থখনৰ মতে ইয়াৰ পাছত বাৰ ভূঞাৰ সহযোগত আহোম ৰজায়ে কছাৰী ৰজা আৰু চুতীয়া ৰজা, ধীৰনাৰায়ণক পৰাস্ত কৰি হত্যা কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে এই ঘটনাটো সত্য প্ৰমাণিত নহয় বুলি ভবা হয় কাৰণ চুতীয়া ৰজাক ১৫২৪ চনত পৰাস্ত কৰাৰ পাছত হে শদিয়াখন বা শদিয়াৰ কালি মন্দিৰটো আহোম ৰজাৰ অধীনলৈ আহিছিল। হয়টো এই ঘটনা পৰৱৰ্তী কালৰ চুতীয়া বিদ্ৰোহ (১৫২৭-১৫২৯ চনৰ) বা কছাৰী দমন(১৫৩৬ চনৰ) হয়। সম্ভৱতঃ এই বৰ বাৰ-ভূঞাসকলৰ বিদ্ৰোহক দমন কৰি আহোম ৰজাই চুতীয়া বিদ্ৰোহ দমন কৰিবলৈ বা কছাৰী ৰজাক পৰাস্ত কৰিবলৈ এইসকলৰ সহায় লৈছিল। আদি-চৰিতত উল্লেখ থকাৰ মতে এই কাৰ্যত প্ৰসন্ন হৈ আহোম ৰজাই বাৰ-ভূঞাসকলক উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল। ইয়াৰে লস্কৰ পৰিয়ালৰ জয় ভূঞা আৰু উজীৰ পৰিয়ালৰ মাহি ভূঞা এসময়ত শক্তিশালী হৈ উঠিছিল আৰু আহোম ৰজা জয়ধ্বজ সিংহই এই সকলৰ সকল চুক্তি কৰিব লগীয়া হৈছিল। গ্ৰন্থখনত লিখা হৈছে যে সৰু বাৰ-ভূঞাসকলে বৰ বাৰ-ভূঞাসকলৰ লগত কল্পতৰু-শাস্ত্ৰ নামৰ এখন গ্ৰন্থৰ বাবে দ্বন্দ্ব কৰি ৰামপুৰৰ দক্ষিণলৈ আঁতৰি আহিছিল।

  • বুৰঞ্জীৰ তথ্য :

আহোম যুগৰ বুৰঞ্জীসমূহৰ অনুসৰি চুতীয়া ৰাজ্যৰ পতনৰ পাছত আহোম ৰজা চুহুংমুঙে সকলো আদি ভূঞাক বস কৰি সিহঁতক অধিকাংশক উজনি অসমৰ উত্তৰ কোললৈ(বৰ্তমানৰ লক্ষিমপুৰ, বিশ্বনাথ জিলা) স্থানান্তৰিত কৰিছিল। হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী" আৰু কাশীনাথ তামুলী ফুকনৰ "আসাম বুৰঞ্জী পুথি"ৰ অনুসৰি চুতীয়াক পৰাস্ত কৰাৰ পাছত বাৰ-ভূঞাক বস কৰি চুহুংমুঙে সিহঁতৰ ল'ৰা কিছুমানক তামুলী আৰু পাচনী পাতি লৈছিল।[14][15] "সাতসৰী বুৰঞ্জী"ৰ মতে চুহুংমুঙ ৰজাই প্ৰথমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰৌটা ভাঙি ভূঞাক দমন কৰি বিস্তৰ মানুহ পাই ভূঞা সকলক নিবন্ধ কৰি মেলি দিছিল। তাৰ পাছত সলাত গড় (বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ বিশ্বনাথ-কুকুৰাকতা অঞ্চল) বান্ধি উত্তৰ-দক্ষিণৰ ৰাজ(ভূঞা) মাৰি লৈছিল। এই কথা টাই ভাষাৰ "আহোম বুৰঞ্জী" গ্ৰন্থখনতো উল্লেখ কৰা হৈছে[16][17][18]। ইয়াৰ পাছত উল্লেখ কৰা হৈছে যে ভূঞা সকলে ৰজাৰ ৰাজচʼৰালৈ অহা যোৱা কৰি আছিল আৰু উত্তৰ-কোল, দিহিং, ইত্যাদি অঞ্চলত থাকি পুখুৰী, দৌল, ইত্যাদি নিৰ্মাণ কৰি থৈ গৈছিল।[19] "পুৰণি অসম বুৰঞ্জী" খনত উল্লেখ থকাৰ মতে দিহিঙীয়া ৰজায়ে ৰটা-টেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিছিল। এই ভূঞা সকলৰ মাজত বাৰ মুখ্য ভূঞা আছিল উতৈ, তমাই, ৰাই, সঁকাই, কৌষিক, উজিৰ, লস্কৰ, চোমদাৰ, সনাতন, কেহো, ৰামভট আৰু ভকতভূঞা। এই সকলৰ তলত চাৰিজন কৈ সৰু মূৰীয়া ভূঞা আছিল।[20] "অসম বুৰঞ্জী (SM)"ৰ অনুসৰি এই সকল ভূঞাৰ উতৈ আৰু তমাই নামৰ দুই ভূঞায়ে বগা হাতীত উঠি নিজকে ৰজা ঘূষণা কৰাত, আহোম ৰজাই দুয়োকে ধৰি দেওঘৰলৈ নি কাটিলে আৰু অন্য ভূঞাৰ (লস্কৰ, লালোয়া, উতাবৰ, কহিক/কৌষিক, চোমদাৰ, উজীৰ, তমাই, চপা, সোণাবৰ, ভেদাই) ভাই-ভতিজাক খাটনীয়াৰৰূপে ভেঁটাই ল'লে[21]

"পুৰণি অসম বুৰঞ্জী" খনত উল্লেখ থকাৰ মতে চুহুংমুঙৰ ৰজাৰ ৰাজত্ব কালৰ শেষৰ ফালে তুৰ্বকক পৰাস্ত কৰাৰ পাছত ৰটা-টেমনিত বাকি থকা কিছু ভূঞায়ে(মদনগিৰি, ধৰ্ম্মাই, ৰামচন্দ্ৰগিৰি, দন্দৰ দলৈ, তামূলীদলৈ, বৰচোমদাৰ, দলিদখান) আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু কলং নৈৰ ওচৰত গোট খাই যুদ্ধলৈ সাজু হৈছিল। কিন্তু চুহুংমুঙে এই সকলৰ বিদ্ৰোহ দমন কৰিছিল আৰু সকলোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ লয় অনা হৈছিল। [22][23][24]

টোকা

  1. (Nath 1989, পৃষ্ঠা 21)
  2. (Neog 1980, পৃষ্ঠা 49)
  3. (Neog 1980, পৃষ্ঠা 48)
  4. (Barooah 1937, পৃষ্ঠা 19)
  5. (Neog 1980:49f)
  6. (Guha 1983, পৃষ্ঠা 10)
  7. Akbarnama, Volume III, Page 647
  8. (Lahiri 1984, পৃষ্ঠা 62)
  9. Neog, Maheswar, Early History of the Vaishnavite Faith and Movement in Assam, p. 29, It is supposed to have been written in 1586 saka (1664 AD).
  10. Maheswar Neog states that the Adi-carita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
  11. Bhuyan, Surjya Kumar, Kamrupar Buranji, p.4
  12. Neog, Maheswar, Early History of the Vaishnavite Faith and Movement in Assam, p. 52
  13. As per Asamar Buranji, Rang-gram(Rangagaon) was renamed as Lakshmipur after their mother Lakshmi
  14. Tamuli Phukan, Kasinath, Assam Buranji, p. 20, "পাচে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক পাকৰি গুৰিত পাতিলে। পাচে লাক্নি কাতকেউ ১৪২৭ সঁকত বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এইসকলৰ আদৰ্স ললে; সিহঁতৰ ল'ৰা কিচু সৰ্গদেৱে তামুলী পাঁচনিকৈ লগত ল'লে।"
  15. Barua, Harakanta Sadaramin, Assam Buranji, p. 24.
  16. Bhuyan, S.K., Satsari Buranji,p. 16, "ভূঞা:- আতপাচে ৰৈয়ত ভাঙ্গি আনিলে। বিস্তৰ ৰাজত মানুহ পাই থানে-থানে পাতি ভূঞাহতক নিৱন্ধ দি মেলি পঠায়। সলাত গড় বান্ধি থৈ উত্তৰে-দক্ষিণে যি ৰাজ পায়, তাক মাৰিবৰ মন কৰিছে।"
  17. Bhuyan, S.K., Satsari Buranji, p.135, "দুই বছৰ থাকি উত্তৰ কোলৰ বাৰে-ভূঞাক ধৰিছে। ভূঞাহতক জিনি বচোৱাল টঙালি জমনড়া মমচাট কৌপতীয়া জাপি ল'লে। এক বৎসৰ থাকি সলাত গড় বান্ধিছে। এক বৎসৰ থাকি ৰটা-টেমনি মাৰিছে।"
  18. Barua, G.C.,"Ahom Buranji, p. 62, "In lakni Kaken (i.e. 1529 AD), the king, with his son, the Dangorias and followers proceeded to Shaola(Sala)..The king then ordered Thaomung Katak and Thaomung Mungklang to cross the Bharali river and plunder the wide country on the other side. Both of them acted as desired and returned with some captives who were produced before the king."
  19. Bhuyan, S.K., Satsari Buranji,p. 17, "ভুঞাহঁত আহি গান্ধ, স্বওঁৰ, থঙ্গা ৰজাক ভেটিলেহি। ছমাহ থাকি যায়, অহাযোৱাকৈ থাকে। উত্তৰকোলত ৪ মাহ থাকি পুখুৰী খানি আহিল। দিহিঙ্গত দৌল বান্ধিলে, পুখুৰী খানিলে শিলিখাতলত, পানীচকি দি হাট পাতিলে দলৌগুৰিত। হালধিবাৰীত নগৰ কৰিলে। ভূঞাহঁত আহি থাকে, ৰজায়েৰে কথা হই থাকে। ৰজা বামুণহঁতক বাদ কৰাই ৰঙ্গ চাই থাকে। পুৰ্ব্বে বাৰু নাছিল, ছাৰিব নাজানে, ভূঞাৰ পৰাহে হ'ল।"
  20. Goswami, Hemchandra, "Purani Assam Buranji, p. 27-28, "আৰু পূৰ্বে দিহীঙ্গিয়া ৰজা দেৱে ৰটাটেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেনি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বাৰটা মুখ্য ভূঞা। তাৰে চাৰিটাকৈ সৰু মূৰিয়া ভূঞা দুকুড়ি আঠোটা। ৰটা ভাঙি আনি লাচাম কলিতা ভূঞাৰ ঘৰ নি স্বৰ্গদেৱে বাঁহবাড়িত পাতি এক ভায়েকক সোণাৰি নৈত পাতিলে, এক ভায়েকক পৰ্বতত পাতিলে, এক ভায়েকক খঙ্গিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হ'ল।"
  21. Bhuyan, S.K.,"Assam Buranji(SM)", p.11-13, "সেই সয়ম উতৈ তমাই দুই ভূঞায়ে হস্তিত চূণ ঘহি কান্ধত চলি, বোলে, -"সৰ্বকালে আমাৰ ৰাজ্য, চুটিয়াক মাৰি বৰ লাই পালে। শুক্ল হস্তীত যি বহে তাৰে ৰাজ্য, আহোমে ক'ত পালে?" এই গৰ্ব্ব শুনি স্বৰ্গদেৱে বোলে-"মোক নাকুৰি নাখামে দিছে কালে পাইছো।" ভূঞা হঁত কোন মানুহ, শুকুলা হস্তিত উঠি যে আমাক অৱগৰ্ব্ব কৰে?" এই বুলি স্বৰ্গদেৱে বৰসন্দিকৈ ডেকাৰজা, দিহিঙ্গীয়া গলমণি পাত্ৰ, চনবন ভঙ্গীয়া হুহামৰা এই তিনি প্ৰধান কাঁড়ী, বোলে-"আমি ভূঞাহঁতক মাৰি ধৰি আনি দিম; স্বৰ্গদেৱৰ লোণ চাউল খাবৰ কি কাৰণ?" পাচে স্বৰ্গদেৱে বঁটাবাহন দি লোকজন সহিতে পঠাই দিলে। সিবোৰো গৈ কঢ়ামুখৰ দীৰ্ঘ পুখুৰীৰ কোষত ৰʼলগৈ। সেই সময়ত কাৰেকুছীয়া বাসুদেৱ তপসী লস্কৰে বোলে-"আহোমৰ লগত যুদ্ধ কৰিব নোৱাৰি। পোৱালি-খোৱা আহোম, পেটৰ পোৱালিকো চিৰি মাৰে।" এই বুলি ঘোঁৰা ৫টা, ৰূপ ২ চৰু সহিতে মালবৈয়া লস্কৰ পঠাই দিলে, বোলে-"আমি স্বৰ্গদেৱৰ শৰ্ণীয়া হʼলো, আমাক যিৰূপে ক্ৰোদ্ধ এৰিব, তাকে কৰিব।" পাচে ডেকাৰজা প্ৰমুখ্যে গলমণি পাত্ৰে বোলে-"ভাল, আমি মহাৰাজ স্বৰ্গদেৱৰ চৰণত বুজাই সাঞ্চি-পাতি ৰাখিম। তহঁতৰ ভাই-ভতিজা আমাৰ লগত পঠাই দে, খাটনীয়াৰৰূপে স্বৰ্গদেৱৰ চৰণত সেৱা কৰি থাকক গৈ, তেবেসে আমি উলটি যাব পাৰোঁ।" এই কথাত থাকি লালোয়া, উতাবৰ, কহিক, চোমদাৰ, উজীৰ, তমাই, চপা, সোণাবৰ, ভেদাই, এই সকল ভূঞাৰ ভাই-ভতিজাক লগত লৈ সন্দিকৈ প্ৰমুখ্যে ডেকাৰজায়ে খাটনীয়াৰৰূপে ভেঁটাই দিলে। স্বৰ্গদেউ বোলে-"শুকুলা হাতীৰ যে তমাই উঠিছে, সেই হাতী মোলৈ কিয় নানিলিহঁক?" পাচে ভূঞাৰ পুত্ৰ চপা সোণাবৰে বোলে-"হাতীৰ পোৰোগ হৈছিল, সেই কথাতেহে হাতীৰ সকলো গাৱে চূণ ঘহিছিল। শুক্লা হস্তীক স্বৰ্গদেউ নাপায়, আমি বন্দীহঁতে ক'ত পাম?" স্বৰ্গদেউ বোলে-"বন্দীহঁতে টেপাই কৰিব পাই নেকি?" এই বুলি উতৈ তমাই ২ ভূঞাক জুমুধি দেওঘৰৰ কোষত কাটিলে। তাৰ দুই পুতেক খাটনীয়াৰৰ লগতে ৰাখিলে। তাৰেপৰা ভূঞা বোৰ বশ হৈ থাকিল।"
  22. Bhuyan, S.K.,"Assam Buranji(SM)", p.24, "আৰু ৰটাটেমনি ভাগি বাৰভূঞা যাই কলঙ্গৰ কোষত ৰহিল। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰগিৰি, দন্দৰ দলৈ, তামূলীদলৈ, বৰচোমদাৰ, দলিদখাঁ, এইসব প্ৰমুখ্যে যুদ্ধক মনে আছে।"
  23. Goswami, Hemchandra, "Purani Assam Buranji, p. 154, "পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজা কাচেঙ্গ বড় পাত্ৰগোহাইক সেনাপতি পাতি উপাই কৰি তুৰ্বকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভূঞায়াই কলঙৰ কাখৰত ৰলহি। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চন্দ্ৰ দলৈ, তামুলী দলৈ, বাহুদলৈ, বড় চোমদাৰ, এই সকল প্ৰমুখ্যে যুদ্ধক মনে আছে। ...পাচে দিহিঙ্গীয়া ৰজা বড় সন্দিকৈ সকলো বোৰে ভূঞায় যুদ্ধলৈ সলালৈ, আহিল। পাচে ভূঞাৎ সলা মাৰিলে। প্ৰথমে ৰনভঙ্গ হৈ আমাৰ হুহুকি আহি পৌষ মাস ১৪৬৩ শকত দুদিন পাচে যুদ্ধ কৰি ভূঞাক ভঙ্গাই মূৰ আনি মথাডাঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি, দলিদখাঁ, প্ৰমুখো ভূঞা সকল সলাত লোকজন সহিতে দান্তে ধৰি দিহিঙ্গীয়া ৰজাত সৰণাগত হ'ল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২, ঘোড়া পালে ৩০০, সেনা অনেক পৰিল। বজৰা নাও ৬০ পালে। সেই ভূঞা সকলক পুথাও দিহিঙ্গীয়া স্বৰ্গদেৱৰ আজ্ঞাএ বড় চেতিয়ায়ে উত্তৰ কোনে পাতিলে।"
  24. Barua, G.C.,"Ahom Buranji, p. 79.,"The Bara Bhuiyas paid their homage to the heavenly king(Suklengmung) on the side of the Kapili river.

তথ্যসূত্ৰ

  • Guha, Amalendu (December 1983). "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228–1714)". Social Scientist খণ্ড 11 (12): 3–34. doi:10.2307/3516963. 
  • Lahiri, Nayanjot (June 1984). "The Pre-Ahom Roots of Medieval Assam". Social Scientist খণ্ড 12 (6): 60–69. doi:10.2307/3517004. 
  • Nath, D (1989), History of the Koch Kingdom: 1515–1615, প্ৰকাশক Delhi: Mittal Publications 
  • Gohain Barooah, P (1937), An Illustrated HISTORY OF ASSAM, প্ৰকাশক tezpur: Leela agency 
  • Neog, M (1992), "Origin of the Baro-Bhuyans", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 62–66 
  • Neog, M (1980), Early History of the Vaisnava Faith and Movement in Assam, প্ৰকাশক Delhi: Motilal Banarasidass