কমতা ৰাজ্য
কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হয়।[1] কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ যাক গৌড়ৰ শাসক আল্লাউদ্দিন হুছেইন শ্বাহে ক্ষমতাচ্যুত কৰে। প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰিলেও হুছেইন শ্বাহে এই অঞ্চল নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আৰু কোচ ৰাজবংশই ইয়াত অসাসন কৰিবলৈ লয়।
কোচসকলে নিজকে কমতেশ্বৰ (কমতাৰ শাসক) বুলি কৈছিল, কিন্তু তেওঁলোকৰ প্ৰভাৱ আৰু বিস্তৃতি ইমানেই বাঢ়িছিল যে তেওঁলোকৰ ৰাজ্যক কোচ ৰাজ্যও বোলা হয়। পাছলৈ ৰাজ্যখন দুভাগ হৈ পৰে: কোচ বিহাৰ আৰু কোচ হাজো। পূবৰ ৰাজ্য কোচ হাজো ১৭শ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হয়। পশ্চিমৰ অংশ কোচ বিহাৰ কোচ ৰাজবংশৰ হাততে থাকে আৰু ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[2]
খেন ৰাজবংশ
সম্পাদনা কৰকখেন ৰাজবংশই তেওঁলোকৰ ৰাজধানী কমতাপুৰ বা গোসানীমাৰীৰ (বৰ্তমান কোচ বিহাৰ জিলাত) পৰা শাসন কৰিছিল। শেষ ৰজা নীলাম্বৰে (১৪৮০-১৪৯৮) ৰাজ্য বহলাই বৰ্তমানৰ পশ্চিম বংগৰ কোচ বিহাৰ জিলা, অসমৰ অবিভক্ত কামৰূপ আৰু দৰং জিলা, আৰু বাংলাদেশৰ উত্তৰ মৈমনছিং আৰু দিনজাপুৰ জিলাৰ পূব অংশ অন্তৰ্ভুক্ত কৰিছিল।[3]
হুছেইন শ্বাহৰ আক্ৰমণ
সম্পাদনা কৰকগৌড়ৰ আফগান শাসক আল্লাউদ্দিন হুছেইন শ্বাহে (১৪৯৪-১৫১৯) ১৪৯৮ চনত শেষ খেন ৰজাক ক্ষমতাচ্যুত কৰে।[4] পৰম্পৰাগত তথ্য অনুসৰি কমতা ৰাণীৰ লগত কমতাৰ বিষয়া এজনৰ পুত্ৰৰ গোপন সম্পৰ্কৰ পৰাই এই ঘটনাৰ সূত্ৰপাত হয়। হুছেইন শ্বাহে ২৪,০০০ পদাতিক, অশ্বাৰোহী সেনা আৰু যুঁজাৰু নাৱেৰে কমতা আক্ৰমণ কৰিছিল।[5] হুছেইন শ্বাহে নগৰখন ধ্বংস কৰি হাজোলৈকে অঞ্চলটো নিজৰ হাতলৈ আনে আৰু তেওঁৰ পুত্ৰক সিংহাসনত বহুৱায়।
হুছেইন শ্বাহে আগৰ গোষ্ঠীপতিসকলক অব্যাহতি দি অঞ্চলটোত সামৰিক শাসন প্ৰতিষ্ঠা কৰে। তেওঁ "কমৰু, কমতাৰ বিজেতা" বুলি নিজৰ মোহৰ সজাইছিল। তেওঁ আহোম ৰাজ্যৰ পশ্চিম সীমালৈকে ৰাজ্য বিস্তাৰ কৰে। পাছলৈ বাৰ ভূঞাকে ধৰি স্থানীয় দলপতিসমূহ আৰু আহোম ৰজা চুহুন্মুঙৰ চেষ্টাত হুছেইন শ্বাহে এই অঞ্চলৰ সামৰিক আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ হেৰুৱায়। স্থানীয় নেতাসকলে এই অঞ্চল শাসন কৰিবলৈ লয় আৰু কোচ ৰাজবংশৰ উত্থান হয়।
আফগান শাসনৰ প্ৰভাৱ পাছলৈও থাকি যায়। হুছেইন শ্বাহৰ মোহৰ কোচ বংশৰ শাসনকালত ১৫১৮ চনলৈকে ব্যৱহৃত হৈছিল।
কোচ ৰাজবংশ
সম্পাদনা কৰকষোড়শ শতিকাৰ আগভাগতকোচ ৰাজবংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কমতাত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। সেই শতিকাৰে শেষৰফালে ৰাজ্যখনৰ পূবফালৰ কোচ হাজো শাসন কৰা ৰজাই নিজকে স্বাধীন ঘোষণা কৰে। কোচ হাজো আৰু কোচ বিহাৰ পৃথক হৈ পৰে আৰু সেই দুখন ৰাজ্যৰ সীমা বৰ্তমানৰ প্ৰায় অসম আৰু পশ্চিম বংগৰ সীমা হৈ পৰে।
১৬১৫ চনত মোগলে কোচ হাজো অধিকাৰ কৰে। অঞ্চলটো লৈ আহোম আৰু মোগলৰ সংঘাতৰ সৃষ্টি হয়। শেষত এই অঞ্চল আহোমৰ হাতলৈ যায়। পশ্চিম অংশৰ কোচ বিহাৰে প্ৰথমে মোগলৰ লগত আৰু পাছত ব্ৰিটিছৰ লগত মিত্ৰতা কৰে। ভাৰতত ব্ৰিটিছৰ শাসনৰ শেষলৈকে ইয়াত ৰাজকীয় শাসন চলিছিল।
আৰু চাওক
সম্পাদনা কৰকটোকা
সম্পাদনা কৰক- ↑ Kamarupa was reorganized as a new state. 'Kamata' by name with Kamatapur as capital. The exact time when the change was made is uncertain. But possibly it had been made by Sandhya (c1250-1270) as a safeguard against mounting dangers from the east and the west. Its control on the eastern regions beyond the Manah (Manas river) was lax." (Sarkar 1992, পৃষ্ঠা 40–41)
- ↑ http://coochbehar.nic.in/htmfiles/royal_history2.html
- ↑ (Sarkar 1992:44)
- ↑ আক্ৰমণৰ সঠিক তাৰিখ জনা নাযায়। (Sarkar 1992:46–47) চাওক।
- ↑ (Sarkar 1992:46)
তথ্যসূত্ৰ
সম্পাদনা কৰক- Sarkar, J. N. (1992), "Chapter II The Turko-Afghan Invasions", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 35–48