বিদেশীয়া বা বহৰা বহাৰ (ইংৰাজী: Bidesiya) ভিখাৰী ঠাকুৰ ৰচিত এখন ভোজপুৰী নাটক।[1][2][3] ভিখাৰী ঠাকুৰে নাৰী সবলীকৰণ, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ ওপৰত লিখা কেইবাখনো নাটকৰ ভিতৰত ই অন্যতম।[4] এই নাটকখন ইমানে জনপ্ৰিয় হৈছিল যে ই ভোজপুৰী অঞ্চলৰ লোকনাট্য শৈলীত পৰিণত হয়। কিছুমান পণ্ডিতেও ইয়াক সেই সময়ত ৰামায়ণৰ দৰেই জনপ্ৰিয় হৈছিল বুলি দাবী কৰিছে।[5]

বিদেশীয়া
লিখক ভিখাৰী ঠাকুৰ
প্ৰথম প্ৰদৰ্শনৰ তাৰিখ ১৯১২
মূল ভাষা ভোজপুৰী
বিষয় প্ৰব্ৰজন, নাৰী সবলীকৰণ, দাৰিদ্ৰ
শৈলী থিয়েটাৰ
চিত্ৰ গ্ৰহনৰ সময় আৰু স্থান বিহাৰৰ এখন গাঁও পূৰ্বাঞ্চল, কলকাতা

নাটকখনত ঊনবিংশ শতিকাৰ ভোজপুৰী সমাজৰ নাৰীৰ অৱস্থা, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ সমস্যা চিত্ৰিত কৰা হৈছে। ১৯১২ চনত এই নাটকখনৰ ৰচনা আৰু মঞ্চস্থ কৰা হয় আৰু ১৯১৭ চনত গ্ৰন্থ হিচাপে প্ৰকাশ পায়।[6]

নামকৰণ সম্পাদনা কৰক

নাটকখন প্ৰথমে কলয়ুগ বহাৰ আৰু পিছত বহৰা বহাৰ নামেৰে প্ৰকাশ পাইছিল। কিন্তু নাটকখনৰ মূল চৰিত্ৰটোৰ নাম বিদেশীয়া হোৱা বাবে নাটকখন বিদেশীয়া নামেৰে বিখ্যাত হয়গৈ।[7]

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

নাটকখনৰ আৰম্ভণিতে বিদেশীয়াই তেওঁৰ পত্নী প্যাৰী সুন্দৰীৰ ওচৰত জীৱিকাৰ বাবে গাঁও এৰি কলিকতালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ঘৈণীয়েকে তেওঁক বাধা দিয়ে। কিন্তু তেওঁ হকাবাধা নশুনি কলকাতালৈ গুচি যায়। কলকাতালৈ যোৱাৰ পিছত তেওঁ বহু বছৰ ঘৰলৈ উভতি নাহে আৰু প্যাৰীয়ে তেওঁৰ বাবে অপেক্ষা কৰি ৰয়।[8]

এদিন এজন যাত্ৰী বাতহিয়াই গাঁৱৰ মাজেৰে গৈ আছিল। প্যাৰী সুন্দৰীয়ে তেওঁক বিদেশীয়ালৈ তেওঁৰ খবৰ কঢ়িয়াই নিবলৈ অনুৰোধ কৰে। বাতহিয়াই কলিকতা গৈ দেখে যে ইতিমধ্যে বিদেশীয়াই চাল’নী নামৰ এগৰাকী মহিলাক বিয়া কৰাইছে। বাতহীয়াই তাক প্যাৰীৰ অৱস্থাটোৰ বিষয়ে কয় যে বছৰ বছৰ ধৰি প্যাৰীয়ে তেওঁৰ বাবে কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছে। বিদেশীয়াই নিজৰ ভুলটো উপলব্ধি কৰি ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। চাল’নীয়ে তেওঁক নাযাবলৈ কয় যদিও তেওঁ ঘৰলৈ উভতি যায়। ঘৰলৈ গৈ দুৱাৰত টোকৰ মাৰে। প্যাৰীয়ে ভয় খাই কোন বুলি সোধে। বিদেশীয়াক দেখি প্যাৰী অচেতন হৈ পৰে। ইফালে চাল’নীও পিছে পিছে আহি বিদেশীয়াৰ গাঁও পায়। অৱশেষত প্যাৰীয়েও চাল’নীক সতিনী বুলি গ্ৰহণ কৰে।[9]

চৰিত্ৰ সম্পাদনা কৰক

  • বিদেশীয়া- মুখ্য চৰিত্ৰ, যিয়ে জীৱিকাৰ বাবে কলকাতালৈ যায় আৰু তাতেই পুনৰ্বিবাহ কৰায়
  • প্যাৰী সুন্দৰী- বিদেশীৰ পত্নী
  • বাতহিয়া- ভ্ৰমণকাৰী
  • চাল’নি- বিদেশীয়াৰ দ্বিতীয় পত্নী
  • দেৱৰ- বিদেশীয়াৰ ভায়েক
  • দোস্ত- বিদেশীয়াৰ বন্ধু
  • অন্য চৰিত্ৰ- দুটা শিশু, এজন গাওঁলীয়া মানুহ
  • লব্বৰ- তেওঁলোকক ভাৰতীয় শাস্ত্ৰীয় নাটত বিদুষক বুলি কোৱা হয়। দৰ্শকক হুহৱাৱলৈ তেওঁলোক সাধাৰণতে নাটৰ মাজত প্ৰবেশ কৰে।

জনপ্ৰিয়তা আৰু প্ৰভাৱ সম্পাদনা কৰক

নাটকখন উত্তৰ ভাৰতীয় ৰাজ্য, যেনে বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিম বংগত জনপ্ৰিয় হৈছিল।[10] এনে জনপ্ৰিয়তাৰ বাবেই ই ভোজপুৰী লোকনাট্যৰ পৰ্যায়লৈ উত্তৰণ হৈছিল।[11] বিদেশীয়া প্ৰতি বছৰে নন্দিকাৰ ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱত মঞ্চস্থ হয়।[12] হিন্দী নাটকত বিদেশীয়াৰ লোকনাট্য শৈলীৰ অভিযোজন কৰা হৈছে। হৰিকেশ মুলুক আৰু মাটি গাড়ী শীৰ্ষক নাটকে বিদেশীয়াৰ শৈলী ব্যৱহাৰ কৰি প্ৰভূত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।[13] কানাড়া নাটক ৰূপসেনাবিদেশীয়াৰ আধাৰত ৰচিত।[14]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Brandon, James R.; Banham, Martin (1997-01-28) (en ভাষাত). The Cambridge Guide to Asian Theatre. Cambridge University Press. ISBN 978-0-521-58822-5. https://books.google.com/books?id=ttnH5W9qoBAC&dq=Bhikhari+thakur&pg=PA84. 
  2. Brandon, James R.; Banham, Martin (1997-01-28) (en ভাষাত). The Cambridge Guide to Asian Theatre. Cambridge University Press. ISBN 978-0-521-58822-5. https://books.google.com/books?id=ttnH5W9qoBAC&dq=Bhikhari+thakur&pg=PA84. 
  3. (en ভাষাত) Journal of South Asian Literature. Asian Studies Center, Michigan State University.. 1982. https://books.google.com/books?id=xjs3AAAAIAAJ&q=Bhikhari+thakur. 
  4. Singh, Dhananjay (September 2018). "The Image of Women in Folk-Traditions of Migration". Journal of Migration Affairs খণ্ড 1: 55. doi:10.36931/jma.2018.1.1.41-58. https://tiss.edu/uploads/files/4._Dhananjay_Singh.pdf. 
  5. Yang, Anand A (2021). The Limited Raj: Agrarian Relations in Colonial India, Saran District, 1793-1920. Univ of California Press. ISBN 9780520369108. 
  6. Narayan, Badri. Culture and Emotional Economy of Migration. Taylor and Francis. পৃষ্ঠা. 74. 
  7. Bhikhari Thakur: Bhojpuri Ke Bharatendu. প্ৰকাশক Allahabad: Aashu Prakashan. 
  8. Singh, Dhananjay (September 2018). "The Image of Women in Folk-Traditions of Migration". Journal of Migration Affairs খণ্ড 1: 41. doi:10.36931/jma.2018.1.1.41-58. 
  9. Upadhyay, Krishnadev (1972). Bhojpuri Sahitya ka Itihas. প্ৰকাশক Varanasi: Bharatiya lok Sanskriti Shodh Sansthan. পৃষ্ঠা. 343. 
  10. Kumar, Ashutosh (2017). Coolies of the Empire. Cambridge University Press. পৃষ্ঠা. 240. ISBN 978-1107147959. 
  11. Narayan, Badri (3 November 2016). Culture and Emotional Economy of Migration. পৃষ্ঠা. 74–75. ISBN 978-1315448039. 
  12. "Nandikaar". https://nandikar.net/national-theatre-festival-2019/. 
  13. Narayan, Badri. Culture and Emotional Economy of Migration. পৃষ্ঠা. 77. 
  14. The Tradition of Kannada Theatre. IBH Prakashana. 1986.