বিনন্দ চন্দ্ৰ বৰুৱা
বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।[1]
বিনন্দচন্দ্ৰ বৰুৱা | |
---|---|
জন্ম | ১৯০১ |
মৃত্যু | ২২ ফেব্ৰুৱাৰী ১৯৯৪ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জন্ম
সম্পাদনা কৰকশিক্ষা
সম্পাদনা কৰক১৯২১ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে৷ তাৰ পাছত ১৯২৫ চনত কলিকতাত সমান্তৰালভাৱে স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ যায় যদিও অসমাপ্তভাৱেই পঢ়া শেষ কৰিব লগাত পৰে৷[2]
কৰ্মজীৱন
সম্পাদনা কৰকসৰুৰে পৰা সমাজ আৰু সাহিত্য-সংস্কৃতিৰ লগত জড়িত হৈ থকা বিনন্দ চন্দ্ৰ বৰুৱাই চৰকাৰী চাকিৰ প্ৰত্যাখ্যান কৰি ১৯২৯ চনত জাঁজী উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৭ চনত সেই বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ লয়৷[2] তেওঁ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলন (১৯২৭-২৮) ৰ সম্পাদক আছিল ৷ সেইদৰে বিনন্দ চন্দ্ৰ বৰুৱা ১৯৫৮-৫৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল৷ উপ-সভাপতি হিচাপেও চাৰিটা বছৰ কাৰ্যকাল জড়িত হৈ থকাৰ পাছত ১৯৬৬ চনত তেওঁ লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰে৷[2]
সাহিত্যৰাজি
সম্পাদনা কৰককবিতা পুথি
সম্পাদনা কৰক- শংখধ্বনি
- প্ৰতিধ্বনি
- জয়ধ্বনি
- শিশুধ্বনি
- ফুলকলি
খুহুতীয়া ৰচনা
সম্পাদনা কৰক- টিটি হেই
- বেঙেনাৰ ৰহস্য
নাটক
সম্পাদনা কৰক- পাৰ্থ সাৰথি
- শৰাইঘাট
শিশু উপযোগী গ্ৰন্থ
সম্পাদনা কৰক- ল’ৰাৰ বেজবৰুৱা
- অসম গৌৰৱ
- আমাৰ লক্ষ্মীনাথ
মৃত্যু
সম্পাদনা কৰক১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷[2]