বৈদ্যুতিক অভিযান্ত্ৰিকী

(Electrical engineeringৰ পৰা পুনঃনিৰ্দেশিত)

বৈদ্যুতৰ উপকাৰী তাৰ আৰু অপকাৰিতা অভিযান্ত্ৰিকী ইংৰাজী: Electrical engineering হৈছে অভিযান্ত্ৰিক বিদ্যাসমূহৰ ভিতৰৰ এক পুৰণি তথা গুৰুত্বপূৰ্ণ বিভাগ য'ত বিদ্যুৎ, অণুবিদ্যুৎ, আৰু বিদ্যুৎ-চুম্বকত্বৰ কাৰিকৰী অধ্যয়ন-প্ৰশিক্ষণ আৰু ক্ষেত্ৰ-প্ৰয়োগৰ ব্যৱস্থা কৰা হয়। ঊনবিংশ শতিকাৰ শেষৰ ফালে যেতিয়া বেতাঁৰ-বাৰ্তা, দূৰভাষ, বিদ্যুত-শক্তি বিতৰণ ব্যৱস্থাৰ ব্যৱসায়িকৰণ আৰম্ভ হয়, তেতিয়াৰ পৰাই এই বৃত্তিটোৱে গা কৰি উঠে।

বৈদ্যুতিক অভিযন্তা সকলে এনে জটিল উচ্চ-শক্তিতন্ত্ৰৰ কল্পচিত্ৰলেখন কৰে
অণুবিদ্যুত বৰ্তনী।

বৈদ্যুতিক অভিযান্ত্ৰিকীৰ বিভিন্ন উপ-বিভাগ সমূহৰ ভিতৰত অণুবিদ্যুৎ, আংকিক-গন্ত্ৰ, উচ্চ-শক্তি অভিযান্ত্ৰিকী, দুৰ-সংযোগ, বৈদ্যুতিক-নিয়ন্ত্ৰণ তন্ত্ৰ, অনাতাঁৰ-তৰংগ অভিযান্ত্ৰিকী, সংকেত-পৰিশোধন, বৈদ্যুতিক জোখমাখ আৰু সম্পৰ্কীয় আহিলাপাতি আৰু অতি সূক্ষ্ম-বিদ্যুৎ বিদ্যাও অন্তৰ্ভুক্ত হৈ আছে।

বৈদ্যুতিক অভিযন্তা সকলে সাধাৰণতে শিক্ষান্তত স্নাতক উপাধি লাভ কৰি স্বীকৃত হয়। কৰ্মত-জড়িত অভিযন্তা সকল পেশাদাৰী প্ৰমাণপত্ৰিত অথবা পেশাদাৰী গোটৰ সদস্য হ'ব পাৰে। তেনে দুই প্ৰতিষ্ঠিত গোট হৈছে Institute of Electrical and Electronic Engineers (IEEE) আৰু Institution of Engineering and Technology (IET)।

বৈদ্যুতিক অভিযন্তা সকলে বিভিন্ন ধৰণৰ কাৰখানাত বিভিন্ন স্থানত কাম কৰে আৰু যাৰ বাবে তেওঁলোকৰ পৰা ভিন্ন ক্ষেত্ৰবিশেষ দক্ষতা আৰু পাৰদৰ্শিতা আশা কৰা হয়। এনে ক্ষেত্ৰসমূহ সাধাৰণ বৈদ্যুতিক-বৰ্তনী তত্ত্ব জ্ঞানৰ পৰা আৰম্ভ কৰি প্ৰবন্ধন দক্ষতা পৰ্য্যন্ত লৈকে হ'ব পাৰে। সেইদৰে তেওঁলোকে ব্যৱহাৰ কৰা আহিলা পাতি সমূহ এটি সাধাৰণ বিভৱ-পাৰ্থক্য মাপনযন্ত্ৰ ভল্টামিটাৰৰ পৰা আৰম্ভ কৰি উন্নত প্ৰদ্যোগিৰ তৰংগবিশ্লেষক অথবা অত্যাধুনিক কল্পসৃষ্টি আৰু প্ৰস্তুতিকৰণৰ বাবে লাগতিয়াল গন্ত্ৰপ্ৰান পৰ্য্যন্ত হ'পাৰে।

১৯শ শতিকাৰ পৰাই বিদ্যুৎ বৈজ্ঞানিক সমাজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ভাৰ্শ্বৰিয়াম (এবিধ যন্ত্ৰ যি স্থৈতিকভাৱে আধানিত বস্তুৰ উপস্থিতি ধৰা পেলাই ) উদ্ভাৱন কৰা ৱিলিয়াম জিলবাৰ্টক বিশ্বৰ প্ৰথমজন বৈদ্যুতিক অভিযন্তা হিচাপে গণ্য কৰা হ্য়। চুম্বকত্ব আৰু স্থিৰ-বিদ্যুতৰ মাজত পাৰ্থক্য দাঙি ধৰা তেৱেই হৈছে প্ৰথমজন ব্যক্তি। [1] ১৭৭৫ চনত এলেছেন্দ্ৰ' ভ'ল্টাইলেক্ট্ৰ'ফ'ৰাচ(স্থিৰ আধান উতপাদন কৰা এবিধ যন্ত্ৰ) উদ্ভাৱন কৰে আৰু ১৮০০ চনত ভ'ল্টাই ভ'ল্টায়িক পাইল উদ্ভাৱন কৰে যি বৈদ্যুতিক বেটাৰীৰ উত্তৰসূৰী আছিল। [2]

উনবিংশ শতিকা

সম্পাদনা কৰক
 
মাইকেল ফেৰাডেৰ উদ্ভাৱন সমূহে বৈদ্যুতিক ঘূৰ্ণক প্ৰযুক্তিৰ ভেটি স্থাপন কৰে।

১৯শ শতিকাৰ আগলৈকে এই বিষয়ৰ ওপৰত গৱেষণা বিশেষ আগবঢ়া নাছিল। ১৮২৭ চনত জিয়ৰ্গ অ'মপৰিবাহী তাঁৰবিদ্যুৎ প্ৰবাহ আৰু potential differenceৰ মাজৰ সম্পৰ্ক দাঙি ধৰে ,১৮৩১ চনত মাইকেল ফেৰাডেএ বিদ্যুত-চুম্বকত্ব induction আৱিষ্কাৰ কৰে আৰু ১৮৭৩ চনত জেমচ্ ক্লাৰ্ক মেক্সৱেলএ বিদ্যুত আৰু চুম্বকত্বৰ একক সূত্ৰ নিজৰ কিতাপ "বিদ্যুৎ আৰু চুম্বকত্ব"ত প্ৰকাশ কৰে।

১৮৩০ৰ দশকৰ প্ৰথমাৰ্ধত টেলিগ্ৰাফৰ জ্বৰিয়তে বিদ্যুতৰ ব্যৱহাৰিক প্ৰয়োগৰ চেষ্টা চলোৱা হৈচিল। উনবিংশ শতিকাৰ শেষৰ ফালে লেণ্ড-লাইন, ছাবমেৰিন কেবল আৰু ১৮৯০ৰ পৰা তাঁৰবিহীন টেলিগ্ৰাফীৰ উদ্ভাৱনে গোটেই পৃথিৱীতে আলোড়নৰ সৃষ্টি কৰে।

এই ক্ষেত্ৰত ব্যৱহাৰিক প্ৰয়োগ আৰু বিকাশৰ ফলত এক স্বীকৃত ইউনিতৰ প্ৰয়োজন আহি পৰিল। ১৮৯৩ চনত চিকাগ'ত হোৱা আন্তঃ ৰাষ্ট্ৰীয় সমাৰোহত ভ'ল্ট, এম্পিয়েৰ, কুলম্ব, ফাৰাদ আৰু হেন্ৰীক বিদ্যুতৰ প্ৰাথমিক ইউনিত হিচাপে স্বীকৃত হয়[3]


পূৰ্বতে বিদ্যুৎ শিক্ষাক পদাৰ্থ বিজ্ঞানৰ অংগ হিছাপে গণ্য কৰা হৈছিল। ১৮৮২ চনত ডাৰ্মষ্টাড্ প্ৰদ্যোগী প্ৰতিষ্ঠানত পোন প্ৰথমবাৰৰ বাবে বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ আৰম্ভ কৰা হ্য়। ১৮৮৫ চনৰ পৰাহে উচ্চ-শিক্ষাৰ প্ৰতিষ্ঠান যেনে মাছাচুছেট্ছ ইনষ্টিটিয়ুত অফ্ টেক্ন্'ল্'জী আৰু কৰ্ণেল বিশ্ববিদ্যালয়য়ে বৈদ্যুতিক অভিযান্ত্ৰিকীৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰে।

এই দশক কেইটাত বৈদ্যুতিক অভিযান্ত্ৰিকীৰ গুৰুত্ব লক্ষণীয়ভাৱে বৃদ্ধি পায়। ১৮৮২ চনত থমাচ এডিচনএ বিশ্বৰ প্ৰথমটো ডাঙৰ পৰীসৰৰ বিদ্যুৎ শক্তি নেটৱৰ্ক মুকলি কৰে যি নিউ য়ৰ্ক চহৰৰ মেনহাট্টান দ্বীপৰ ৫৯ জন উপভুক্তাক ১১০ ভ'ল্টৰ পোনপটীয়া বিদ্যুৎ (ডাইৰেক্ট কাৰেণ্ট) যোগান ধৰে। ১৮৮৪ চনত চাৰ্লচ পাৰ্ছনচএ ভাপ টাৰ্বাইন উদ্ভাৱন কৰি অধিক মিতব্যয়ী বিদ্যুত উৎপাদনৰ পথ প্ৰশস্থ কৰে। পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) প্ৰবাহে দীৰ্ঘ দূৰত্বৰ বিদ্যুৎ পৰিবহণ কম খৰচতে সম্ভৱ কৰি তুলিলে। এই ক্ষত্ৰত কেৰ'লী জিপাৰন'স্কী, অট' ব্লেঠী আৰু মিক্সা দেৰিৰ ট্ৰেন্সফৰ্মাৰৰ নমুনা (পাছলৈ জেড॰দি. ভি. ট্ৰান্সফৰ্মাৰ ৰূপে জনাজাত) আৰু তাৰ লগতে লুচিয়েন গৌলাৰ্ড, জন ডিক্সন গিব্বছ আৰু ৱিলিয়াম ষ্টেনলী জুনিয়ৰৰ ট্ৰেন্সফৰ্মাৰৰ নমুনাৰ অৰিহণা লেখত ল'বলগীয়া। ব্যৱহাৰিক ইণ্ডাক্সন ঘূৰ্ণকে আদি কৰি পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) ঘূৰ্ণক (মটৰ)ৰ ডিজাইন গেলিলিঅ' ফেৰাৰিচ আৰু নিক'লা টেছলা দুয়োৱে স্বতন্ত্ৰভাৱে উদ্ভাৱন কৰিছিল। সেই ডিজাইনৰ ভিত্তিতে মিখেইল ড'লিভ'-ড'ব্ৰ'ভলস্কী আৰু চাৰ্লচ ইউজিন লেন্সল্'ট ব্ৰউনএ ব্যৱহাৰিক ৩-ফে'জ ৰূপলৈ বিকশিত কৰে। [4] চাৰ্লচ ষ্টেইনমেটজ আৰু অ'লিভাৰ হেভিছাইদএ অল্টাৰ্নেটং বিদ্যুৎ প্ৰবাহ অভিযান্ত্ৰিকীৰ আনুমানিক (থিয়'ৰিটিকেল) দিশলৈ অনবদ্য অৱদান আছে।[5][6] পৰৱৰ্ত্তী পৰ্য্যায়্ত সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এ.চি. বিদ্যুতৰ ব্যৱহাৰ বিয়পি পৰে যাৰ ফলশ্ৰুতিত জৰ্জ ৱেষ্টিংহাউচৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) প্ৰণালী আৰু থমাচ এডিচনৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা পোনপটীয়া বিদ্যুৎ (ডি.চি) প্ৰণালীৰ ব্যৱহাৰক লৈ সংঘাত সৃষ্টি হয় যাক কাৰেণ্টৰ যুঁজ ("ৱাৰ অফ কাৰেণ্টচ") নামে জনা যায়; য'ত পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) প্ৰণালীৰ হে বিজয় হৈছিল বুলি ক'ব পাৰি। [7]

আধুনিক বিকাশ

সম্পাদনা কৰক
 
গুগলিয়েলমো মাৰ্কনি দীৰ্ঘ দূৰত্বৰ ৰেডিঅ' (অনাতাৰ) প্ৰেৰণ প্ৰণালী বিকাশৰ বাবে বিখ্যাত

ৰেডিঅ' উদ্ভাৱনৰ সময়ত বহু বিজ্ঞানী তথা উদ্ভাৱকে ৰেডিঅ' প্ৰযুক্তি আৰু সূক্ষ্ম-বিদ্যুতৰ বিকাশত অৰিহণা আগবঢ়াই। জেমচ ক্লাৰ্ক মেক্সৱেল এ ১৮৫০ৰ দশকত বিভিন্ন প্ৰকাৰৰ বৈদ্যুতি-চুম্বকীয় ৰশ্মিৰ মাজৰ সম্পৰ্ক গাণিতিক ভাৱে দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে অদৃশ্য বায়ুযুক্ত তৰংগৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল (যি পাছলৈ ৰেডিঅ' তৰংগ হিচাপে জনাজাত হ'ল। ১৮৮৮ চনত নিজৰ প্ৰতিষ্ঠিত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষণত এইনৰিচ হাৰ্টজ্এ "স্পাৰ্ক-গেপ ট্ৰেন্সমিটাৰ"ৰ সহায়ত ৰেডিঅ' তৰংগ উৎপাদন কৰি তাক সাধাৰণ বৈদ্যুতিক যন্ত্ৰৰে মাপ কৰি মেক্সৱেলৰ ৰেডিঅ' তৰংগৰ সূত্ৰৰ প্ৰমাণ দাঙি ধৰে। ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত অন্যান্য পদাৰ্থ বিজ্ঞানী সকলে ৰেডিঅ' তৰংগৰ প্ৰেৰণ আৰু অনুসন্ধানৰ প্ৰযুক্তিৰ বিকাশ ঘটাই। ১৮৯৫ চনত গুগলিয়েলমো মাৰ্কনিয়ে এই সমূহ "হাৰ্টিজিয়ান তৰংগ" ৰ প্ৰেৰণ আৰু অনুসন্ধানৰ জনাজাত প্ৰক্ৰিয়াৰ সহায়ত বাণিজ্যিক ব্যৱহাৰৰ উপযোগী এক অঁনাতাৰ টেলিগ্ৰাফী প্ৰণালী গঢ়াৰ কাম আৰম্ভ কৰে। প্ৰথমে তেওঁ ডেৰ মাইল দূৰত্বলৈ অনাতাঁৰ সংকেত পঠিয়াবলৈ অক্ষম হৈছিল। ১৯০১ চনৰ ডিচেম্বৰ মাহত তেওঁ এনে তৰংগ প্ৰেৰণ কৰিবলৈ সক্ষম হয় যি পৃথিৱীৰ গোলাকাই আকৃতিৰ দ্বাৰা অপ্ৰভাৱিত। পাছৰ ফাললে তেওঁ কৰ্ণৱালৰ পল্ধো আৰু নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জ'নচৰ মাজত আটলাণ্টিক মহাসাগৰৰ মাজেৰে ২১০০ মাইল দূৰত্বত অনাতাঁৰ সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম হয়।[8]

১৮৯৭ চনত কাৰ্ল ফাৰ্ডিনেণ্ড ব্ৰউনে অ'চ্চিল'স্ক'পৰ অংশ হিচাপে কেঠড ৰশ্মি টিউবৰ আত্মপ্ৰকাশ ঘটাই, যি পৰৱৰ্তী সময়ত টেলিভিজন বা টি. ভি.ৰ এক নিৰ্ণনায়ক প্ৰযুক্তি হৈ পৰে। [9] ১৯০৪ চনত জন ফ্লেমিঙে প্ৰথম ৰেডিঅ' টিউব আৰু ডায়ড আৱিষ্কাৰ কৰে। দুবছৰৰ পিছত ৰবাৰ্ট ভন লিবেন আৰু লি ডি ফৰেষ্টে স্বৰন্ত্ৰ ভাৱে এমপ্লিফায়াৰ টিউব (ট্ৰায়ড) বিকাশ কৰি উলিয়াই। [10]

 
অ'চ্চিল'স্ক'প

বৈদ্যুতিক অভিযন্তা হ'বলৈ হ'লে বৈদ্যুতিক অভিযান্ত্ৰিকী, অণুবিদ্যুৎ অভিযান্ত্ৰিকী বা বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযান্ত্ৰিকীত মেজৰ হিচাপে থকা এটা ডিগ্ৰীৰ প্ৰয়োজন হয়। [11][12] তিনিওটা ডিগ্ৰীতে একেইখিনি বসস্তোকে পঢ়োৱা হয় যদিও ডিগ্ৰী কেইটাৰ নামানুসৰে কিছু ঠাইত বেছি গভিৰকৈ জোৰ দিয়া হয়। এনেধৰণৰ ডিগ্ৰীৰ সময়সীমা চাৰিৰ পৰা পাঁচ বছৰ যাকব বিশ্ববিদ্যালয় বিশেষে "বেচেলৰ অফ ইঞ্জিনিয়াৰিং","বেচেলৰ অফ টেকন'ল'জী" বা "বেচেলৰ অফ চায়েন্স" হিচাপে জনা যায়। উক্ত ডিগ্ৰী কেইটাত বিভিন্ন বৈদ্যুতিক অভিযান্ত্ৰিকীৰ বিষয়ৰ উপৰিও পদাৰ্থ বিজ্ঞান, গণিত, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰকল্প ব্যৱস্থাপনাৰ শিক্ষা প্ৰদান কৰা হয়।[13]

লগতে চাওক

সম্পাদনা কৰক

প্ৰসংগ সমূহ

সম্পাদনা কৰক

অতিৰিক্ত পঢ়ন

সম্পাদনা কৰক
  1. Adhami, Reza; Meenen, Peter M.; Hite, Denis (2007). Fundamental Concepts in Electrical and Computer Engineering with Practical Design Problems. Universal-Publishers. ISBN 978-1-58112-971-7. http://books.google.com/books?id=9nqkVbFPutYC. 
  2. Bober, William; Stevens, Andrew (27 August 2012). Numerical and Analytical Methods with MATLAB for Electrical Engineers. CRC Press. ISBN 978-1-4398-5429-7. http://books.google.com/books?id=yiL6EWiWaUYC. 
  3. Bobrow, Leonard S. (1996). Fundamentals of Electrical Engineering. Oxford University Press. ISBN 978-0-19-510509-4. http://books.google.com/books?id=BEr779Z80LgC. 
  4. Chen, Wai Kai (16 November 2004). The Electrical Engineering Handbook. Academic Press. ISBN 978-0-08-047748-0. http://books.google.com/books?id=qhHsSlazGrQC. 
  5. Ciuprina, G.; Ioan, D. (30 May 2007). Scientific Computing in Electrical Engineering. Springer. ISBN 978-3-540-71980-9. http://books.google.com/books?id=sFVbC-e5_DkC. 
  6. Faria, J. A. Brandao (15 September 2008). Electromagnetic Foundations of Electrical Engineering. John Wiley & Sons. ISBN 978-0-470-69748-1. http://books.google.com/books?id=2Xk4NO1b8CUC. 
  7. Jones, Lincoln D. (July 2004). Electrical Engineering: Problems and Solutions. Dearborn Trade Publishing. ISBN 978-1-4195-2131-7. http://books.google.com/books?id=jLIxyZSCfosC. 
  8. Karalis, Edward (18 September 2003). 350 Solved Electrical Engineering Problems. Dearborn Trade Publishing. ISBN 978-0-7931-8511-5. http://books.google.com/books?id=CP73jv-GBMkC. 
  9. Krawczyk, Andrzej; Wiak, S. (1 January 2002). Electromagnetic Fields in Electrical Engineering. IOS Press. ISBN 978-1-58603-232-6. http://books.google.com/books?id=EwN2--zVLZsC. 
  10. Laplante, Phillip A. (31 December 1999). Comprehensive Dictionary of Electrical Engineering. Springer. ISBN 978-3-540-64835-2. http://books.google.com/books?id=soSsLATmZnkC. 
  11. Leon-Garcia, Alberto (2008). Probability, Statistics, and Random Processes for Electrical Engineering. Prentice Hall. ISBN 978-0-13-147122-1. http://books.google.com/books?id=GUJosCkbBywC. 
  12. Malaric, Roman (2011). Instrumentation and Measurement in Electrical Engineering. Universal-Publishers. ISBN 978-1-61233-500-1. http://books.google.com/books?id=9np_Rr-ahI8C. 
  13. Sahay, Kuldeep; Sahay, Shivendra Pathak, Kuldeep (1 January 2006). Basic Concepts of Electrical Engineering. New Age International. ISBN 978-81-224-1836-1. http://books.google.com/books?id=r3c27IaomA0C. 
  14. Srinivas, Kn (1 January 2007). Basic Electrical Engineering. I. K. International Pvt Ltd. ISBN 978-81-89866-34-1. http://books.google.com/books?id=Sb6a_isNGl8C. 

বাহ্যিক সংযোগ সমূহ

সম্পাদনা কৰক