বিনোদিনী নীলকণ্ঠ
বিনোদিনী ৰমনভাই নীলকণ্ঠ (ইংৰাজী: Vinodini Ramanbhai Nilkanth, ৯ ফেব্ৰুৱাৰী ১৯০৭ – ২৯ ছেপ্টেম্বৰ ১৯৮৭) আছিল এগৰাকী গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা। তেখেতে উপন্যাস, প্ৰবন্ধ-নিবন্ধ, চুটি গল্প, সাংবাদিক স্তম্ভ, আৰু শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে।[1]
বিনোদিনী নীলকণ্ঠ | |
---|---|
জন্ম | ৯ ফেব্ৰুৱাৰী, ১৯০৭ আহমেদাবাদ, গুজৰাট |
মৃত্যু | ২৯ ছেপ্টেম্বৰ, ১৯৮৭ (৮০ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অধ্যাপিকা, লেখিকা, অনুবাদিকা |
আত্মীয়-স্বজন | সৰোজনী মেহতা (ভগ্নী) |
পৰিয়াল, শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকবিনোদিনী নীলকণ্ঠৰ জন্ম হৈছিল গুজৰাটৰ ৰাজধানী আহমেদাবাদত। তেখেতৰ পিতৃ আছিল ৰমনভাই নীলকণ্ঠ। ৰমনভাই নীলকণ্ঠ আছিল এগৰাকী গুজৰাটী ঔপন্যাসিক আৰু ৰাজনীতিবিদ। ৰমনভাইৰ লিখনিশৈলীত হাস্যৰসৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। তেখেতে আহমেদাবাদৰ মেয়ৰ হিচাপেও কিছুদিন কৰ্মনিৰ্বাহ কৰিছিল। আনহাতে মাতৃ বিদ্যাগৌৰী নীলকণ্ঠ আছিল এগৰাকী সমাজ-সংস্কাৰক আৰু শিক্ষাবিদ। বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা গুজৰাটৰ প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত বিদ্যাগৌৰী অন্তৰ্ভুক্ত। আনগৰাকী আছিল সাৰদা মেহতা। বিনোদিনী নীলকণ্ঠৰ ককাদেউতাক মহিপটৰাম ৰূপৰাম নীলকণ্ঠ আছিল এগৰাকী সমাজ সংস্কাৰক আৰু লেখক। তেখেতৰ আইতাকো আছিল এগৰাকী সমাজ সংস্কাৰক, যিয়ে নিজৰ স্বামীৰ সংস্কাৰমূলক কৰ্মবোৰত সহযোগিতা আগবঢ়াইছিল। উল্লেখনীয় যে, বিদ্যাগৌৰী ৰমনভাইৰ দ্বিতীয়া পত্নী আছিল। পিতৃ-মাতৃৰ উপৰি বিনোদিনীৰ ভগ্নী সৰোজিনী মেহতায়ো কেইখনমান গ্ৰন্থ ৰচনা কৰি লেখিকাৰ মৰ্যাদা লাভ কৰিছিল।[2]
মহালক্ষ্মী ট্ৰেইনিং কলেজস্থিত প্ৰাথমিক বিদ্যালয়ৰ পৰা বিনোদিনীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে চৰকাৰী উচ্চ বিদ্যালয়ত পঢ়িবলৈ যায়। ১৯২৮ চনত তেখেতে ইংৰাজী বিষয়ত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতেৰ মুখ্য বিষয় আছিল ইংৰাজী আৰু গৌণ বিষয় আছিল গুজৰাটী। ১৯৩০ চনত বিনোদিনীয়ে উচ্চতৰ শিক্ষাৰ বাবে মিছিগান বিশ্ববিদ্যালয়লৈ গমন কৰে। সেইখন বিশ্ববিদ্যালয়ত তেখেতে সমাজ বিজ্ঞান আৰু শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]
কৰ্মজীৱন
সম্পাদনা কৰকআহমেদাবাদত থকা বনিতা বিশ্ৰাম নামৰ প্ৰতিষ্ঠানখনৰ বিনোদিনী নীলকণ্ঠ আছিল প্ৰধান। আহমেদাবাদৰে পৌৰ বালিকা উচ্চ বিদ্যালয়ত তেখেতে প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত তেখেত এছ.এন.ডি.টি. মহিলা পাঠশালা (এছ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয়)ৰ অধ্যাপক হিচাপে জড়িত হয়। ইয়াৰ উপৰি তেখেতে বাতৰিকাকততো প্ৰবন্ধাদি লিখে।[3] গুজৰাট বিদ্যা সভাৰ কাৰ্যকৰী সমিতিত বিনোদিনী নীলকণ্ঠই এগৰাকী সদস্যা হিচাপে দায়িত্ব পালন কৰে।[4]
কৰ্মৰাজি
সম্পাদনা কৰককিশোৰী অৱস্থাতে বিনোদিনীয়ে এখনি ৰচনাৰ সংকলন প্ৰকাশ কৰে।
ব্যক্তিগত ৰচনা
সম্পাদনা কৰক- ৰাসদ্বাৰা (১৯২৮)
- নিজানন্দা[4]
চুটি গল্পৰ সংগ্ৰহ
সম্পাদনা কৰক- আৰষিনী ভিতৰমা (১৯৪২)
- দিল দাৰিৱনা মোতি (১৯৫৮)
- আংগুলিনো স্পৰ্শ (১৯৬৫)
উপন্যাস
সম্পাদনা কৰক- কাদালিভান
শিশু সাহিত্যৰাজি
সম্পাদনা কৰক- শিশুৰঞ্জন (১৯৫০)
- মেন্দিনী মঞ্জৰী (১৯৫৬)
- বালাকোনী দুনিয়ামা দোকিয়ো
- ছফৰাচান্দ (১৯৬৪)
- পাড়চন্দ কথিয়াৰো (১৯৬৪)
অন্যান্য লেখা
সম্পাদনা কৰক- ঘৰণো ৱাহিৱাত (১৯৫৯)
- বাল সুৰক্ষা (১৯৬১)
- মুক্তাজননৌ ভূমি (১৯৬৬).[3]
অনুবাদ
সম্পাদনা কৰক- জেন অষ্টিনৰ "প্ৰাইড এণ্ড প্ৰিজুডিছ"
- বাৰ্ট্ৰেণ্ড ৰাছেলৰ "দ্য কংকুৱেষ্ট অৱ হেপিনেছ"ৰ গুজৰাটী অনুবাদ সুখিনী সিদ্ধি
সাংবাদিক লেখা-মেলা
সম্পাদনা কৰক১৯৪৯ চনৰ পৰা তেখেতে গুজৰাটী সমাচাৰ নামৰ বাতৰিকাকতত ঘৰ ঘৰণি জ্যোতি নামৰ এটা স্তম্ভ লিখিবলৈ লয়।[4] তেখেতৰ এই স্তম্ভলেখা পাছলৈ (১৯৫৫, ১৯৫৮, ১৯৬৪, ১৯৬৯) পাঁচটাকৈ খণ্ডত প্ৰকাশিত হৈছিল। প্ৰথম চাৰিটা খণ্ডৰ নাম আছিল ঘৰ ঘৰনী জ্যোতি। তেখেতৰ দেহাৱসানৰ পিছত অন্তিমটো খণ্ড ঘৰ দ্বিদী নামেৰে ১৯৮৭ চনত প্ৰকাশিত হয়।[3][4]
বঁটা
সম্পাদনা কৰকতেখেতৰ দিল দাৰিৱনা মোতি (১৯৫৮) শীৰ্ষক গল্প-সংকলনটিয়ে 'গুজৰাটী সাহিত্য সভা' বঁটা পাবলৈ সক্ষম হয় আৰু আংগুলিনো স্পৰ্শ (১৯৬৫) নামৰ সংকলনটিয়ে গুজৰাটী চৰকাৰী পুৰস্কাৰেৰে সন্মানীত হয়।[4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Vinodinee Neelkanth: Life and times of a Gujarati writer who dared to be unconventional - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/vinodinee-neelkanth-life-and-times-of-a-gujarati-writer-who-dared-to-be-unconventional/435522/। আহৰণ কৰা হৈছে: 21 July 2018.
- ↑ "Vinodini Nilkanth". Veethi-tha face on india. https://www.veethi.com/india-people/vinodini_nilkanth-profile-13175-25.htm। আহৰণ কৰা হৈছে: 27 September 2021.
- ↑ 3.0 3.1 3.2 3.3 "સવિશેષ પરિચય: વિનોદિની નીલકંઠ, ગુજરાતી સાહિત્ય પરિષદ" (gu ভাষাত). Gujarati Sahitya Parishad. http://gujaratisahityaparishad.com/prakashan/sarjako/savishesh/Savishesh-Vinodini-Nilkanth.html। আহৰণ কৰা হৈছে: 8 September 2018.
- ↑ 4.0 4.1 4.2 4.3 4.4 Amaresh Datta; Mohan Lal (2007). Encyclopaedia of Indian Literature: Navaratri–Sarvasena (4th সম্পাদনা). প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 2950–2951. ISBN ((978-81-260-1003-1)). https://books.google.com/books?id=sOsbAAAAIAAJ.