বিন্দু অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী আছিল। ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ড° ভূপেন হাজৰিকাই আলোচনীখনৰ আঠটা খণ্ড সম্পাদনা কৰিছিল। বিন্দু আলোচনীখনৰ মূল্য আছিল ত্ৰিশ পইছা।[1]

লিখকসকল সম্পাদনা কৰক

অসমৰ কেইবাজনো উল্লেখযোগ্য সাহিত্যিকে 'বিন্দু আলোচনীখনলৈ লিখা পঠিয়াইছিল। সেইসকল আছিল ক্ৰমেঃ লক্ষ্মীনাথ বেজবৰুৱা, ড° ভবেন্দ্ৰনাথ শইকীয়া, অন্নদাশংকৰ ৰায়, নিত্যা দত্ত, লক্ষহীৰা দাস, উপেন কাকতি, পবিত্ৰ কুমাৰ ডেকা, ডঃ ভেৰিয়াৰ এলুইন, নিৰোদ চৌধুৰী, ৰবীন্দ্ৰ সৰকাৰ আৰু সন্তোষ চৰকাৰ।[2]


তথ্যসূত্ৰ সম্পাদনা কৰক