ভবেন্দ্ৰ নাথ শইকীয়া

অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক
(ভবেন্দ্ৰনাথ শইকীয়াৰ পৰা পুনঃনিৰ্দেশিত)

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Dr. Bhabendra Nath Saikia, ১৯৩২ – ২০০৩) অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

ভবেন্দ্ৰ নাথ শইকীয়া
জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৩২
নগাঁও, অসম
মৃত্যু ১৩ আগষ্ট, ২০০৩ (৭১ বছৰ)
গুৱাহাটী, অসম
ছদ্মনাম প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি
পেচা ঔপন্যাসিক, গল্পকাৰ, সম্পাদক, নাট্যকাৰ, চিত্ৰ-নিৰ্মাতা, ৰিডাৰ
উল্লেখনীয় কৰ্মৰাজি 'অগ্নিস্নান', 'সন্ধ্যাৰাগ' নামৰ কথাছবি,
'অন্তৰীপ' নামৰ উপন্যাস
'প্ৰান্তিক' নামৰ পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক,
ভ্ৰাম্যমাণৰ বাবে লিখা স্বৰ্ণজয়ন্তী, শতাব্দী আদি নাটক
উল্লেখযোগ্য বঁটা অসম প্ৰকাশন পৰিষদ বঁটা,
সাহিত্য অকাডেমি বঁটা,
অসম উপত্যকা সাহিত্য বঁটা,
শ্ৰীমন্ত শংকৰদেৱ বঁটা
দাম্পত্যসংগী প্ৰীতি শ‍ইকীয়া
সন্তান সংগীতা আৰু ৰশ্মি (জীয়েক)

ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।[1] তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল।[2]

ইয়াৰ উপৰি তেখেতে ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেখেতে আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেখেতে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। তেখেতৰ ঘৰুৱা নাম আছিল পুতুল।[3] তেওঁৰ ককোয়কৰ নাম আছিল ডাঃ নগেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ মুঠ ককাই- ভাইৰ সংখ্যা চাৰিজন।[4] নুৰুদ্দিন মোক্তাবৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি উত্তীৰ্ণ হয়।[5] ১৯৪৮ চনত তেখেতে তিনিটা বিষয়ত লেটাৰ মাৰ্ক ৰ্ষ্টাৰ-সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, ১৯৫০ চনত কটনৰ পৰা ইণ্টাৰমিডিয়েট আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত তেখেতে এম.এচ.চি ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।

কৰ্মজীৱনসম্পাদনা কৰক

ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰে শিৱসাগৰ মহাবিদ্যালয়ত (তাণ্টিয়া বিজ্ঞান মন্দিৰত), পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে। তাৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়পদাৰ্থ বিজ্ঞান বিভাগত কিছুদিনৰ বাবে ডেমনষ্ট্ৰেটৰ হিচাপে যোগদান কৰে। তাৰ পিছত তেখেতে গৱেষণাৰ বাবে লণ্ডনলৈ যায় আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰি উভতি আহি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ৰীডাৰ পদলৈ পদোন্নতি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰি তেখেতে কেইবছৰমানৰ বাবে ভাৰতীয় ৰেলৱেৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক হিচাপেও সেৱা আগবঢ়ায়। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গুৱাহাটী মঞ্চৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয় ১৯৫৭-৫৮ চনত। [6] বসন্ত কুমাৰ শইকীয়াৰ চোৰ নাটকত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অভিনয় কৰিছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

অন্যান্য ক্ষেত্ৰসম্পাদনা কৰক

ড° ভবেন্দ্ৰ নাথ শইকীয়া বহুকেইটা সংগঠন আৰু পৰিষদৰ সদস্য আছিল। তেওঁ সংগীত নাটক একাডেমীৰ সদস্য আৰু সাহিত্য একাডেমীৰ কাৰ্যবাহী আৰু সাধাৰণ পৰিষদৰ সদস্য আছিল। ইউনেস্কোৰ সৈতে সহযোগিতাৰ বাবে ভাৰতীয় জাতীয় পৰিষদৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক পৰিষদৰ সদস্যও আছিল। ইয়াৰ লগতে তেওঁ জ্যোতি চিত্ৰবন (চলচ্চিত্ৰ ষ্টুডিঅ’) ছ’চাইটিৰ সভাপতি আৰু গুৱাহাটীৰ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য আছিল। ড° শইকীয়া অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰো অধ্যক্ষ আছিল।[2]

ভবেন্দ্ৰ নাথ শইকীয়া ডিমাপুৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ শাসকীয় সংস্থাৰ সদস্যও আছিল। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদালতৰ লগতে পুনেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছ’চাইটিৰ সদস্যও আছিল। তদুপৰি তেওঁ নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য আছিল।[2]

ছদ্মনামসম্পাদনা কৰক

হাস্য-ব্যংগাত্মক সাহিত্যতসম্পাদনা কৰক

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেখেত্ৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ হৈছিল।

সেইসমূহৰ নাম এনেধৰণৰঃ-

  • জয়জয়-ময়ময়,
  • কনফাৰেন্সৰ দোকান,
  • নিতান্ত ঘৰুৱা,
  • শেষ প্ৰস্তাৱ,
  • আধুনিক তাঁতবাতি শিল্প,
  • জীৱাশ্ম বা ফছিল,
  • আৱিষ্কাৰৰ জননী,
  • সোৱণশিৰিৰ চকুলো! ,
  • লাই-লফা লটং-পটং,
  • প্ৰিয়জনৰ গান শুনা যন্ত্ৰ
  • বৃদ্ধৰ বাণী,
  • ঘূৰি-ঘূৰি আকৌ,
  • বুৰ্জোৱা,
  • বলনাস্কিৰ চাকৰি কিয় গ’ল,
  • জাতীয় জীৱনৰ ঘাই সুঁতি,
  • শীতলা,
  • ইনছাল্ট,
  • সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল,
  • যোৱা তিনি বছৰৰ দৰে...,
  • বেয়া নহয়, ভালেই।

সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ‌ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২) বিগ ক্ল’জ আপ, (৩) বেলি ডুবাৰ সময়, (৪) পৰম প্ৰিয় বন্ধুবৰ, (৫) বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ'ল-

  1. এদিন বাদে এদিন- ৰজনী দত্ত,
  2. দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা,
  3. নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত,
  4. কেণ্ডিডেট-দিবাকৰ নেওগ,
  5. খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী,
  6. শৃংখল-বিচিত্ৰা দত্ত,
  7. বাটৰ আমনি-অৰবিন্দ দত্ত,
  8. আনন্দ-সুকুমাৰ দত্ত,
  9. ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস,
  10. সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব.,
  11. মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু,
  12. ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি,
  13. ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা।

উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য।[7]

অন্যান্য ৰচনাতসম্পাদনা কৰক

বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্জয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেখেতে কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। "[8] ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেখেতে 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেখেতেপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেখেতে চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন[8]

ব্যক্তিগত জীৱনসম্পাদনা কৰক

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কণ্যা সন্তান--- ড॰ সংগীতা আৰু ৰশ্মি।[উদ্ধৃতিৰ প্ৰয়োজন]}

অন্যান্য সামাজিক কৰ্মসম্পাদনা কৰক

  • ১৯৯০ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰাপ্ত ধনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰোহণ নামৰ এটি সংস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আৰোহণত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু-কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হয়। আৰোহণ গুৱাহাটীৰ বশিষ্ঠপুৰত অৱস্থিত। আৰোহণৰ এটুকুৰা অংশত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৈনন্দিন জীৱনৰ লাগতিয়াল কেতবোৰ সামগ্ৰী যেনে: তেখেতৰ চশমা, ৰেডিঅ', তেখেতৰ প্ৰিয় কাপোৰ আদি পত্নী প্ৰীতি শইকীয়াই সংৰক্ষণৰ ব্যৱস্থা কৰিছে। [9]
  • গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্মৰ আঁৰত ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত হৈ আছিল। কলাক্ষেত্ৰত থকা পুথিভঁৰালটো তেখেতৰ নামেৰে নামাংকিত কৰা হৈছে। [9]

মৃত্যুসম্পাদনা কৰক

কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ড॰ শইকীয়াক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ বাবে ২০০৩ চনৰ ২৭ জুলাইত গুৱাহাটী নিউৰ’লজিকেল ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে আৰু ২৯ জুলাইৰ পৰা তেওঁক ডায়েলাইছিছ আৰু ভেণ্টিলেটৰী চাপৰ্টত ৰখা হয়।[10] সেই বছৰৰে ১৩ আগষ্টত শইকীয়াই নশ্বৰ দেহ ত্যাগ কৰে।[11]

সাহিত্যকৰ্মসম্পাদনা কৰক

ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ছপাহৈ প্ৰকাশ পায় 'পথ নিৰূপণ'গল্পটো। উদয় আলোচনীত প্ৰকাশ হৈছিল।[12]

ভ্ৰাম্যমাণ নাটকসম্পাদনা কৰক

  • ৰম্যভূমি
  • নীলকণ্ঠ
  • মহাৰণ্য
  • দীনবন্ধু
  • পাণ্ডুলিপি
  • আম্ৰপালি
  • অৰণ্যত গধূলি
  • মণিকূট
  • গহ্বৰ
  • অমৃত
  • বৰ্ণমালা
  • বন্দীশাল
  • পৰমানন্দ
  • শুভ-সংবাদ
  • বিষকুম্ভ
  • অন্ধকূপ
  • দিগম্বৰ
  • স্বৰ্ণজয়ন্তী
  • স্বৰ্গৰ দুৱাৰ
  • ৰামধেনু (১৯৮১-৮২ চন, ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ভ্ৰাম্যমাণ নাটক)
  • শতাব্দী
  • সমুদ্ৰ-মন্থন
  • জোনাক ৰাতি (অসম্পূৰ্ণ)
  • বৃন্দাবন
  • জন্মভূমি
  • প্ৰতিবিম্ব

একাংকিকা নাটকসম্পাদনা কৰক

  • এজাক জোনাকীৰ জিলমিল
  • পুতলা নাচ
  • অলংকাৰ
  • তীৰ্থ
  • অৱৰোধ
  • বাওনা
  • তৃতীয় বন্ধু

অনাতাঁৰ নাটকসম্পাদনা কৰক

  • জোনাকী
  • জোনাকীৰ বিয়া
  • জোনাকী বোৱাৰী হ’ল
  • দেউতা
  • আগন্তুক
  • অন্ধকূপ
  • জংঘল
  • বাওনা
  • দুৰ্ভিক্ষ
  • আবেলি
  • ডাইনী

উপন্যাসসম্পাদনা কৰক

  • অন্তৰীপ (১৯৮৬)
  • ৰম্যভূমি (১৯৯১)
  • আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভবেন্দ্ৰ নাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)

আত্মজীৱনীসম্পাদনা কৰক

  • জীৱন বৃত্ত
  • জীৱন ৰেখা
  • মোৰ শৈশৱ, মোৰ কৈশোৰ

চুটি গল্পসম্পাদনা কৰক

তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল

  • প্ৰহৰী (১৯৬৩),
  • সেন্দূৰ (১৯৭১),
  • গহ্বৰ (১৯৬৯),
  • শৃংখল (১৯৭৫),
  • উপকণ্ঠ (১৯৯১),
  • এই বন্দৰৰ আবেলি (১৯৮৮),
  • বৃন্দাবন (১৯৬৫),
  • তৰংগ (১৯৭৯),
  • সান্ধ্য ভ্ৰমণ (১৯৯৮),
  • গল্প আৰু শিল্প,
  • আকাশ।

চিন্তামূলক গ্ৰন্থসম্পাদনা কৰক

প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।

শিশুসাহিত্যসম্পাদনা কৰক

  • মৰমৰ দেউতা (১৯৯১)
  • তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম

চলচ্চিত্ৰ পৰিচালক ৰূপেসম্পাদনা কৰক

অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰে হৈছিল। তাৰ পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱাগঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে।

সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়[13]। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেখেতৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেখেতৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেখেতে সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে।[14]

চলচ্চিত্ৰৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰি ড° শইকীয়াই 'ইন দ্য লেণ্ড অৱ মাই হাৰ্ট' নামৰ লেখাটোত কৈছিল[15]-

A story of nature and humanity, rich in beauty and creativity, written on the screen by the camera. That is my definition of film.
(সৌন্দৰ্য আৰু সৃষ্টিশীলতাত চহকী, প্ৰকৃতি আৰু মানৱীয়তাৰ এটা কাহিনী যাক কেমেৰাৰ জৰিয়তে পৰ্দাত তুলি ধৰা হয়; সেইয়াই হৈছে মোৰ বাবে চলচ্চিত্ৰৰ সংজ্ঞা। )
ক্ৰম বৰ্ষ কথাছবি ভাষা তথ্য
১৯৭৭ সন্ধ্যাৰাগ অসমীয়া ৰজত কমল বঁটা (১৯৭৭)
১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত।[16]
১৯৮১ অনিৰ্বাণ অসমীয়া ৰজত কমল বঁটা (১৯৮১)
১৯৮৫ অগ্নিস্নান অসমীয়া ৰজত কমল বঁটা (১৯৮৫)
১৯৮৮ কোলাহল অসমীয়া ৰজত কমল বঁটা (১৯৮৮)
১৯৯১ সাৰথি অসমীয়া ৰজত কমল বঁটা (১৯৯২)
১৯৯৩ আৱৰ্তন অসমীয়া ৰজত কমল বঁটা 1(১৯৯৪)
১৯৯৫ ইতিহাস অসমীয়া ৰজত কমল বঁটা (১৯৯৬)
১৯৯৭ কালসন্ধ্যা হিন্দী International Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত।[16]

নাট্যকাৰ আৰু পৰিচালক ৰূপেসম্পাদনা কৰক

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।[2] ভ্ৰাম্যমাণৰ বাবে তেখেতে সৰ্বমুঠ ২৭খন নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে অধিক নাটক ৰচনা কৰিছিল। ২খন নাটক তেওঁ কহিনুৰ থিয়েটাৰ গোষ্ঠীৰ বাবে ৰচনা কৰিছে। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই গধূলী নাটকখনক বাদ দি অন্যান্য নাটকসমূহ নিজে পৰিচালনা কৰিছিল। শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা নাটকসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] তদুপৰি তেওঁ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ বাবেও কেইবাখনো নাটক ৰচনা কৰিছে। কোলাহল, দুৰ্ভিক্ষ, ইতিহাস আদি নাটককেইখনক অ'ল ইণ্ডিয়া ৰেডিঅ’ই ৰাষ্ট্ৰীয় নাটক হিচাপে গ্ৰহণ কৰিছিল। ‘কোলাহল’ নাটকখন বিদেশী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰৰ বাবে বাছনি কৰা হৈছিল।[2] ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ ওপৰত এখন হিন্দী দূৰদৰ্শন ধাৰাবাহিকৰ এটা খণ্ডও তেওঁ পৰিচালনা কৰিছিল।[2]

বঁটা আৰু সন্মানসম্পাদনা কৰক

ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল:

ভবেন্দ্ৰ নাথ শইকীয়া সম্পৰ্কীয় ভিন্ন অভিমতসম্পাদনা কৰক

  • মহেশ্বৰ নেওগৰ মতে- ভবেন্দ্ৰ নাথ শইকীয়াৰ সকলোবোৰ গল্পৰ বৰ্ণনা গোট খুৱালে হয়তো আগলৈ এটা যুগৰ এডোখৰ ঠাইৰ সমাজতাত্ত্বিক এখণ্ড অধ্যয়ন ৰূপে বিবেচিত হ’ব পাৰিব।
  • তোষপ্ৰভা কলিতাৰ মতে- অসমীয়া জাতিৰ কাৰণে ভবেন্দ্ৰ নাথ শইকীয়া নিজেই এটা মহামূল্য উপহাৰ।
  • মহেন্দ্ৰ বৰঠাকুৰৰ মতে- ‘ভবেন্দ্ৰ নাথ শইকীয়া হৈছে অসমত একাংকিকা নাটকৰ ভেটি বান্ধোতাসকলৰ অন্যতম।
  • হীৰেন গোহাঁইৰ মতে-প্ৰান্তিকৰ চিঠি-পত্ৰ লিখা পাঠকসকল এক অৰ্থত ড° শইকীয়াৰ সৃষ্টি- ই কম কৃতিত্ব নহয়। এচাম অসমীয়াক অনুসন্ধিৎসু, উদ্যোগী আৰু আত্মবিশ্বাসী কৰাত তেখেতৰ ভূমিকা অনস্বীকাৰ্য।
  • অনুৰাধা শৰ্মা পূজাৰীৰ মতে- শিশুৰ মনোজগত সম্পৰ্কে আগ্ৰহী, ৰোমাঞ্চকৰ জীৱনী, থ্ৰীলাৰ-ডিটেক্টিভ কাহিনী, সকলো বিষয় লৈ খেলা কৰা ব্যক্তি আছিল সত্যজিত ৰায়ৰ দৰে ভবেন্দ্ৰ নাথ শইকীয়াও।
  • প্ৰদীপ বৰুৱাই কৈছে এনেদৰে- মই জীৱনত বহুত মেধাৱী লেখক লগ পালো, বহুতো নেতা, পণ্ডিত, সাহিত্যিকক লগ পালো কিন্তু তেওঁলোকৰ মাজত মানুহ খুব কমেইহে বিচাৰি পাইছো। আমি বিখ্যাত হ’ব পাৰো, খ্যাতি, মান, যশস্যা সকলো অৰ্জন কৰিব পাৰো। কিন্তু মানুহ হ’বলৈ শিকাতো বহুত কঠিন কাম। মই ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মাজত সেই মানুহজন বিচাৰি পাইছিলো। তেওঁ এজন খ্যাতি, মান, যশস্যাৰে ভাৰাক্ৰান্ত বিখ্যাত ব্যক্তি নহয়- তেওঁ আছিল এজন মাটিৰ ওপৰত থিয় হৈ থকা মানুহ।
  • ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মতে- ড° শইকীয়াৰ কৃতিত্বপূৰ্ণ জীৱনত এক উজ্জ্বলতম মাইলৰ খুঁটা হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিকল্পনা আৰু তাৰ ৰূপায়ণৰ ক্ষেত্ৰত আগবেঢ়াৱা বৌদ্ধিক অৱদান। কলাক্ষেত্ৰৰ প্ৰতিজোপা গছ, প্ৰতিবিধ প্ৰাচীন সামগ্ৰী আৰু কৃষ্টিৰ প্ৰতিবিম্বত প্ৰতিফলিত হৈ আছে ড° শইকীয়াৰ কাৰিকৰী পৰশৰ যাদুকৰী আৰু অবিস্মৰণীয় প্ৰভাৱ।

ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটাসম্পাদনা কৰক

ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা নামেৰে এটি সাংস্কৃতিক বঁটাও মৰণোত্তৰভাৱে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। ২০১০ চনত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা প্ৰথম লাভ কৰিছিল।[2]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Saikia, Bhabendra Nath (1961). "The structure, aggregation and melting of metal and other films condensed from vapour". Imperial College London. http://hdl.handle.net/10044/1/13521। আহৰণ কৰা হৈছে: 2 August 2019. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 2.9 "Bhabendra Nath Saikia". indiaonline.in. https://www.indiaonline.in/about/personalities/writersandpoets/bhabendra-nath-saikia। আহৰণ কৰা হৈছে: 22 June 2022. 
  3. ড° ভবেন্দ্ৰ নাথ শইকীয়া স্ত্ৰষ্ঠা আৰু দ্ৰষ্ঠা, সম্পাদনা, হীৰেন চন্দ্ৰ নাথ, প্ৰাণেশ্বৰ নাথ, প্ৰথম সংস্কৰণ, ফেব্ৰুৱাৰী, ২০০৫ খ্ৰী
  4. ড° ভবেন্দ্ৰ নাথ শইকীয়া স্ৰষ্টা আৰু দ্ৰষ্টা, সম্পাদনা, হীৰেন চন্দ্ৰ নাথ,প্ৰাণেশ্বৰ নাথ, প্ৰথম সংস্কৰণ, ফেব্ৰুৱাৰী, ২০০৫ খ্ৰী.
  5. ড° ভবেন্দ্ৰ নাথ শইকীয়া স্ৰষ্টা আৰু দ্ৰষ্টা, সম্পাদনা, হীৰেন চন্দ্ৰ নাথ, প্ৰাণেশ্বৰ নাথ, প্ৰথম সংস্কৰণ, ফেব্ৰুৱাৰী, ২০০৫
  6. সা ৰে গা মা পা, জনাৰ্দন গোস্বামী, পৃ ১৪
  7. বৰা, ঈশান জ্যোতি (১-১৫এপ্ৰিল, ২০১৯). "ড॰ ভবেন্দ্ৰ নাথ শইকীয়াছাৰৰ ছদ্মনাম". প্ৰান্তিক (গুৱাহাটী: প্ৰদীপ বৰুৱা): ৯. 
  8. 8.0 8.1 দত্ত, উৎপল (২০ ফেব্ৰুৱাৰী, ২০১৭). ড॰ ভবেন্দ্ৰ নাথ শইকীয়া-ছয় দশকৰ গদ্য. জ্যোতি প্ৰকাশন. 
  9. 9.0 9.1 পিছাৰ'টি, সংগীতা বৰুৱা (১৬ আগষ্ট, ২০১২). "The man and his magic". The Hindu. দ্য হিন্দু. https://www.thehindu.com/features/cinema/the-man-and-his-magic/article3779648.ece। আহৰণ কৰা হৈছে: 17 July 2021. 
  10. "Film maker Bhabendranath Saikia dead". timesofindia.indiatimes.com. 13 August 2003. https://timesofindia.indiatimes.com/india/film-maker-bhabendranath-saikia-dead/articleshow/128791.cms। আহৰণ কৰা হৈছে: 22 June 2022. 
  11. "Dr. Bhabendra Nath Saikia – The Legendary Award-Winning Writer and Filmmaker from Assam". beaninspirer.com. February 20, 2019. https://www.beaninspirer.com/dr-bhabendra-nath-saikia-the-legendary-award-winning-writer-and-filmmaker-from-assam/। আহৰণ কৰা হৈছে: 22 June 2022. 
  12. ড° ভবেন্দ্ৰ নাথ শইকীয়া স্ৰষ্টা আৰু দ্ৰষ্টা,সম্পাদনা, হীৰেন চন্দ্ৰ নাথ, প্ৰাণেশ্বৰ নাথ, ফেব্ৰুৱাৰী, ২০০৫
  13. অপূৰ্ব শৰ্মা; চলচ্চিত্ৰ সমালোচনা আৰু সন্ধ্যাৰাগ, মূল কিতাপঃ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ, প্ৰথম প্ৰকাশঃ ২০০১, পৰিবেশকঃ অন্বেষা, পৃঃ৬৬-৬৭
  14. ভিডিঅ': The Reel Life of North East An Interview with Dr. Bhabendra Nath Saikia, উপলব্ধঃ http://www.bhabensaikia.com/Bhaben_Saikia_Interview.htm, তাৰিখঃ ০১-০৩-২০১২
  15. Saikia, Dr, Bhabendra Nath (1997). "In the land of my heart". Indian Panorama. পৃষ্ঠাসমূহ: 36-39. https://www.dff.gov.in/images/Documents/127_IPCatalogue1997.pdf। আহৰণ কৰা হৈছে: 17 July 2021. 
  16. 16.0 16.1 "The man and his magic". The Hindu. August 16, 2012. http://www.thehindu.com/arts/cinema/article3779648.ece. 
  17. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 

বাহ্যিক সংযোগসম্পাদনা কৰক