বিপ্লৱ দাসগুপ্ত
বিপ্লৱ দাসগুপ্ত ( ২ জানুৱাৰী ১৯৩৮ – ১৭ জুলাই ২০০৫) এজন মাৰ্ক্সবাদী অৰ্থনীতিবিদ, ৰাজ্যসভা, লোকসভা আৰু চিপিআই(এম) ৰ পশ্চিমবঙ্গৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য আছিল। ভাৰতৰ কৃষি অৰ্থনীতি বিষয়ক কেইবাখনো গ্ৰন্থৰ তেওঁ লেখক।
ৰাইট অনাৰেবল বিপ্লৱ দাসগুপ্ত | |
---|---|
ৰাজ্যসভাৰ সদস্য, (ৰাজ্যসভা) | |
কাৰ্যকাল ১৯৯৪ – ২০০৫ | |
সমষ্টি | পশ্চিমবংগ |
সাংসদ ভাৰতৰ সংসদ দক্ষিণ লোকসভা সংসদীয় সমষ্টিৰ পৰা | |
কাৰ্যকাল ১৯৮৯ – ১৯৯১ | |
পূৰ্বসূৰী | ভোলানাথ সেন |
উত্তৰসূৰী | মমতা বেনাৰ্জী |
ব্যক্তিগত তথ্য | |
জন্ম | ০২ জানুৱাৰী, ১৯৩৮ Beleghata, West Bengal |
মৃত্যু | ১৭ জুলাই, ২০০৫ (৬৬ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | Communist Party of India (Marxist) |
দাম্পত্যসঙ্গী | আৰতি দাসগুপ্তা |
সন্তান | এটি পুত্ৰ |
বাসস্থান | South Calcutta |
শিক্ষানুষ্ঠান | University of Calcutta (M.A.) London School of Economics (Ph.D) |
জীৱিকা | Politician, Economist, Author, Editor |
জীৱনী
সম্পাদনা কৰকড° বিপ্লৱ দাসগুপ্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। ১৯৬৭ চনত এডিথ পেনৰোজৰ তত্ত্বাৱধানত "তেলৰ মূল্য আৰু ভাৰতীয় বজাৰ, ১৮৮৬-১৯৬৪" বিষয়ক গৱেষণা-কৰ্মৰ বাবে SOAS ৰ সদস্য হিচাপে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে। তাৰ উপৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত এম এছ চি ডিগ্ৰীও লাভ কৰিছিল।
১৯৫০ দশকত দাসগুপ্ত এজন জনপ্ৰিয় ছাত্ৰ নেতা হিচাপে পৰিগণিত হৈছিল আৰু ১৯৫৫ চনত চি পি আই দলৰ সদস্য হৈছিল। ১৯৬৪ চনত তেওঁ চিপিআই(এম)ত যোগদান কৰে।
১৯৮০ চনত তেওঁ ৰাজ্যিক সমিতিৰ সদস্য নিৰ্বাচিত হয়। ১৯৮৫ চনত চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। লণ্ডন আৰু ছাচেক্স বিশ্ববিদ্যালয়ৰ প্ৰবক্তা দাসগুপ্তই ১৯৭২ চনৰ পৰা ১৯৭৮ চনৰ ভিতৰত FAO, ILO, UNESCO, UNRISD আৰু UNEPকে ধৰি ৰাষ্ট্ৰসংঘৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। চি পি আই (এম) ৰ মাহেকীয়া নন্দন আলোচনীৰ সম্পাদকও আছিল। ১৯৮৯ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয়।
মৃত্যু
সম্পাদনা কৰকপাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ ৬৬ বছৰ বয়সত বিপ্লৱ দাসগুপ্তাৰ মৃত্যু হয়।
উল্লেখযোগ্য কাম
সম্পাদনা কৰককিতাপ
সম্পাদনা কৰক- ভাৰতে তেল শিল্প : কিছু অৰ্থনৈতিক দিক (১৯৭১)
- নকশাল আন্দোলন (১৯৭৫)
- ভাৰতীয় ৰাজনীতিতে নিদৰ্শন এবং প্ৰৱণতা (১৯৭৬)
- গ্ৰামীণ এলাকা থেকে অভিবাসন (১৯৭৭)
- গ্ৰাম সমাজ এবং শ্ৰম ব্যৱহাৰ (১৯৭৭)
- ভাৰতে কৃষি পৰিৱৰ্তন এবং নতুন প্ৰযুক্তি (১৯৭৭)
- তৃতীয় বিশ্বে গ্ৰাম অধ্যয়ন (১৯৭৭)
- নতুন কৃষি প্ৰযুক্তি এবং ভাৰত (১৯৮০)
- নকশালবাদী আন্দোলন (হিন্দি ভাষাত) (১৯৮০)
- নগৰায়ন অভিবাসন এবং গ্ৰামীণ পৰিৱৰ্তন (১৯৮৪)
- কলকাতাৰ আৰবান ফিউচাৰ: অ্যাগনিজ ফ্ৰম দ্য পাষ্ট অ্যাণ্ড প্ৰসপেক্টস ফৰ দ্য ফিউচাৰ (১৯৯২)
- ভাৰতে নগৰায়ন : মৌলিক পৰিষেৱা এবং জনগণেৰ অংশগ্ৰহণ (১৯৯৩)
- ষ্ট্ৰাকচাৰাল অ্যাডজাষ্টমেণ্ট, গ্লোবাল ট্ৰেড অ্যাণ্ড দ্য নিউ পলিটিক্যাল ইকোনমি অফ ডেভেলপমেণ্ট (১৯৯৮)
- ইউৰোপীয় বাণিজ্য এবং ঔপনিৱেশিক বিজয় (সংগীত দক্ষিণ এশিয়ান ষ্টাডিজ) (২০০৫)
- বিশ্বায়ন: ভাৰতেৰ সমন্বয় অভিজ্ঞতা (২০০৫)
ইয়াৰ বাহিৰেও CADC-ৰ প্ৰশাসক হিচাপে লাভ কৰা অভিজ্ঞতাৰ দৰে বিভিন্ন বিষয়ত বাংলা ভাষাত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ শেষৰখন গ্ৰন্থ আছিল বাঙালীৰ উন্নয়ন, তাদেৰ ইতিহাস, সমাজ, অৰ্থনীতি, সংস্কৃতি ও ভাষাৰ প্ৰবন্ধ॥
ইয়াৰ উপৰিও তেওঁ প্ৰচুৰ ভ্ৰমণ কৰিছিল আৰু নিয়মিতভাৱে প্ৰতিক্ষণ, নন্দন আদি বিভিন্ন বাংলা সাময়িকীত নিয়মিতভাৱে চল্লিশখন দেশ আৰু ভাৰতৰ অভ্যন্তৰত হোৱা তেওঁৰ অভিজ্ঞতাৰ বিষয়ে লিপিৱ্দ্ধ কৰি থৈ গৈছে। আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত হোৱা তেওঁৰ অভিজ্ঞতাক 'আফ্ৰিকা অমনিবাস' (বাংলা ভাষাত) নামেৰে লিপিৱ্দ্ধ কৰি থৈ গৈছে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ইণ্ডিয়া টাইমস-এ শ্মশান
- শ্মশানসাঁচ:অকাৰ্যকৰ সংযোগ</link>এক্সপ্ৰেস ইণ্ডিয়াতে