মমতা বন্দ্যোপাধ্যায়

(মমতা বেনাৰ্জীৰ পৰা পুনঃনিৰ্দেশিত)

মমতা বন্দ্যোপাধ্যায় (ইংৰাজী: Mamata Banerjee) পশ্চিমবংগৰ একাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী।[1][2] ১৯৯৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাতি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবংগত তেখেত দিদি (বাইদেউ) নামে পৰিচিত।

মমতা বন্দ্যোপাধ্যায়়
Mamata banerjee.jpg
মমতা বন্দ্যোপাধ্যায়়
পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী পশ্চিমবংগ চৰকাৰ
কাৰ্যকাল
২০ মে, ২০১১ – বৰ্তমান
পূৰ্বসূৰী বুদ্ধদেব ভট্টাচাৰ্য
ৰেলমন্ত্ৰী (ভাৰত)
কাৰ্যকাল
২২ মে, ২০০৯ – ১৯ মে, ২০১১
পূৰ্বসূৰী লালু প্ৰসাদ যাদৱ
উত্তৰসূৰী মনমোহন সিংহ (প্ৰোটেম)
সমষ্টি দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ
(১৯৯১, ১৯৯৬, ১৯৯৮, ২০০৪,২০০৯)
ৰেলমন্ত্ৰী (ভাৰত)
কাৰ্যকাল
২২ মে, ১৯৯৮ – ২০০১
উত্তৰসূৰী ৰামবিলাস পাচোয়ান
সমষ্টি দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ
ব্যক্তিগত তথ্য
জন্ম ৫ জানুৱাৰী, ১৯৫৫ (৬৮ বছৰ)
কলকাতা, পশ্চিমবংগ, ভাৰত
ৰাজনৈতিক দল সৰ্বভাৰতীয়় তৃণমূল কংগ্ৰেছ
উচ্চতা সাঁচ:Infobox person/height
দাম্পত্যসঙ্গী অবিবাহিত
সন্তান নাই
শিক্ষানুষ্ঠান যোগমায়া দেবী কলেজ(বি.এ.)
কলিকাতা বিশ্ববিদ্যালয়(এম.এ.)
শ্ৰী শিক্ষায়তন কলেজ(বি.এড.)
যোগেশচন্দ্ৰ চৌধুৰী ল কলেজ(এল.এল.বি.)
পেচা ৰাজনীতি
স্বাক্ষৰ মমতা বন্দ্যোপাধ্যায়ৰ স্বাক্ষৰ
ৱেবছাইট মমতা বন্দ্যোপাধ্যায়়

প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

মমতা বন্দ্যোপাধ্যায়ে ১৯৫৫ চনৰ ৫ জানুৱাৰীত, ভাৰতীয় ৰাজ্য পশ্চিমবংগৰ কলিকতাৰ হাজৰা অঞ্চলৰ এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন স্বাধীনতা সংগ্ৰামী আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী। কলকাতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰি লোৱাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰি আৰু কলিকতাৰ যোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা এল.এল.বি. ডিগ্ৰি অৰ্জন কৰে। মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।

জাতীয় কংগ্ৰেছত ৰাজনৈতিক জীৱনসম্পাদনা কৰক

১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জৰিয়তে মমতা বেনাৰ্জীয়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ নৰসীমা ৰাও মন্ত্ৰীসভাই মমতা বেনাৰ্জীক মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশৰ ৰাষ্ট্ৰ মন্ত্ৰী হিচাপে মনোনীত কৰে। ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয়।

২০১৪ চনৰ লোকসভা নিৰ্বাচনসম্পাদনা কৰক

২০১৪ চনৰ ভাৰতৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে এককভাৱে পশ্চিমবংগত ৩৪ খন লোকসভা আসন লাভ কৰিছিল।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনসম্পাদনা কৰক

২০১৬ চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অকলেই ২১১ খন আসন (মুঠ ২৯৪ খন আসনৰ ভিতৰত) দখল কৰি চৰকাৰ গঠন কৰিছিল। তৃণমূল কংগ্ৰেছ প্ৰধান মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰে । [3]

জনপ্ৰিয় সংস্কৃতিতসম্পাদনা কৰক

মমতা বেনাৰ্জীৰ জীৱনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে বাঘিনী শীৰ্ষক এখন ছবি। ছবিখনে মুক্তি লাভ কৰিছিল ২০১৯ চনৰ ৩ মে'ত।[4]

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক

আনুষ্ঠানিক
অন্যান্য