বিশাল বটবৃক্ষ

এজোপা বিশালাকাৰ বট গছ

বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (ইংৰাজী: The Great Banyan) ভাৰতপশ্চিম বংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ[1] যদিও উদ্ভিদ উদ্যান খনত পাঁচখন মহাদেশৰ পৰা অনা বিভিন্ন উদ্ভিদৰ প্ৰজাতি, বাঁহৰ বাগিচা আৰু খেজুৰ বাগিচা আছে, এই বট গছটোৱে দৰ্শকৰ অধিক মনোযোগ আকৰ্ষণ কৰে। ১৮৬৪ আৰু ১৮৬৭ চনৰ তীব্ৰ ঘূৰ্ণীবতাহৰ ফলত বট গছজোপাৰ কিছুমান ডাল ভাঙিছিল আৰু ইয়াৰ মুখ্য কাণ্ডত ভেঁকুৰে আক্ৰমণ কৰিছিল। ১৯২৫ চনত ইয়াৰ মূল কাণ্ডটো ভেঁকুৰে ধ্বংস কৰাৰ বাবে কটা হৈছিল। মূল কাণ্ডটো কটাৰ পিছতো গছজোপা বৰ্তমানলৈকে সতেজ ভাৱে জীয়াই আছে।[2]

বিশাল বটবৃক্ষ
দা গ্ৰেট বেন্যান

২০১১ চনত বিশাল বটবৃক্ষ
প্ৰজাতি বট গছ (Ficus benghalensis)
অৱস্থান আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যান, শিৱপুৰ, পশ্চিম বংগ, ভাৰত
স্থানাংক 22°33′39″N 88°17′12″E / 22.5607628°N 88.2867531°E / 22.5607628; 88.2867531স্থানাংক: 22°33′39″N 88°17′12″E / 22.5607628°N 88.2867531°E / 22.5607628; 88.2867531
উচ্চতা 24 মিটাৰ (79 ফুট)
ৰোপণৰ সময় ১৭৭২ খ্ৰীষ্টাব্দৰ পূৰ্বে
সংৰক্ষক ভাৰতীয় উদ্ভিদ সৰ্বেক্ষণ

এই বিশালাকাৰ গছজোপাৰ পৰিধিৰ কাষত ৩৩০০ মিটাৰ (1080 ফুট) দীঘলকৈ পথ নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান গছজোপা এই পথৰ বাহিৰলৈ বিয়পি পৰিছে। গছজোপা দ্ৰুত গতিত বিস্তাৰ লাভ কৰাৰ বাবে ভাৰতীয় উদ্ভিদ সৰ্বেক্ষণে ইয়াক চলন্ত গছ বুলি অভিহিত কৰিছে।[3] গছৰ বিশাল কেনপি বা ছাউনিৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত গ্ৰেট বেন্যান ট্ৰি অন্তৰ্ভুক্ত হৈছে।[4][5] কলকাতাৰ এই উদ্যানখনত ভ্ৰমণ কৰোঁতে বিভিন্ন প্ৰকাৰৰ পৰাশ্ৰয়ী গছ-গছনিৰে আবৃত এই বিশাল বটগছৰ প্ৰতি ব্ৰিটিছ লেখিকা মাৰিয়া গ্ৰাহাম আকৰ্ষিত হৈছিল।[6]

বৈজ্ঞানিক শ্ৰেণীবিভাজন সম্পাদনা কৰক

 
বিশাল বটবৃক্ষৰ শাখা-প্ৰশাখা

উদ্ভিদবিজ্ঞানৰ বিভাজন অনুসৰি মোৰাচিয়া পৰিয়ালৰ এই বিশাল বট গছটোক বৈজ্ঞানিকভাৱে ফাইকাছ বেংগলেনচিছ (Ficus benghalensis) বুলি কোৱা হয়। ই ভাৰতৰ এটা থলুৱা উদ্ভিদৰ প্ৰজাতি। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে। এই শাখা-প্ৰশাখাবোৰ কিছুমান জৰী বা শিপাৰ দ্বাৰা ভৰ বহন কৰি থাকে। গা-গছৰ পৰা ওলমি থকা এই শিপাসমূহক স্তম্ভমূল বোলে। কম বয়সীয়া বট গছৰ স্তম্ভমূলসমূহ বতাহত ওলমি থাকে আৰু বয়স বঢ়াৰ লগে লগে ই মাটিত লাগি ধৰে। পিছলৈ এই মূলসমূহ গা-গছলৈ ৰূপান্তৰিত হৈ গছ জোপাক হালি নপৰাকৈ ৰাখে। ওলমি থকা শিপাৰ কাৰণে ইয়াক জৰী গছ বুলিও কোৱা হয়। বট আৰু বট জাতীয় গাছৰ বংশ বৃদ্ধিৰ পদ্ধতি অলপ বেলেগ ধৰণৰ। ইয়াৰ ফুল সমূহ মঞ্জৰীৰ ভিতৰতে সোমাই থাকে। ফুলসমূহ অতি সৰু আৰু ফলৰ নিচিনাই গোলাকাৰ। একলিংগী এই ফুলসমূহৰ পৰাগযোগৰ বাবে বিশেষ প্ৰজাতিৰ পতংগৰ ওপৰত নিৰ্ভৰশীল। চৰাই বোৰে ইয়াৰ ফল খাই বীজ সমূহ বিষ্ঠাৰ লগত বিভিন্ন অঞ্চলত বিস্তাৰিত কৰে। এই বীজ পুৰণি দালান, পকা বা শিলৰ ফাঁট বা আন কোনো গছৰ ওপৰত সহজে অংকুৰিত হয়। উপযুক্ত পৰিৱেশত বট গছ ৫০০ৰ পৰা ৬০০ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে।[7]

ইতিহাস সম্পাদনা কৰক

 
ফ্ৰান্সিছ ফ্ৰিথে তোলা বিশাল বট গছৰ আলোকচিত্ৰ, আনুমানিক ১৮৫০-৭০

অতি কমেও ২৭০ বছৰ পুৰণি এই গছজোপাৰ বিষয়ে ঊনবিংশ শতিকাৰ বিভিন্ন ভ্ৰমণকাহিনীত উল্লেখ পোৱা যায়। প্ৰাৰম্ভিক ভ্ৰমণকাহিনীৰ লেখকসকলে ইয়াৰ বিশাল আকাৰ আৰু অস্বাভাৱিক সংখ্যক বট বাস্কেট হিচাপে ইয়াক উল্লেখ কৰিছিল। ১৭৮৭ চনত কলিকতা ৰয়েল বটানিকেল গাৰ্ডেন (বৰ্তমান আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যান) স্থাপন হোৱাৰ আগৰে পৰা গছজোপা তাত আছিল। ১৮৫০ চনত প্ৰাপ্ত জে. ডি. হুকাৰৰ মতে এই গছজোপা ১৭৮২ চনৰ আশে পাশে খেজুৰ গছত গজিছিল।[8] ১৯৪৬ চনত এ.পি. বেন্থালেও একেটা তথ্য লিপিবদ্ধ কৰিছিল।[9] ১৮৬৪ আৰু ১৮৬৭ চনৰ দুটা তীব্ৰ ঘূৰ্ণীবতাহৰ ফলত গছজোপা ক্ষতিগ্ৰস্ত হৈছিল। উদ্ভিদবিজ্ঞানীসকলে প্ৰভাৱিত এলেকাত দ্ৰুতগতিত বিয়পি পৰা ভেঁকুৰৰ সংক্ৰমণ ৰক্ষা কৰিবলৈ ৫৮ বছৰ ধৰি যুঁজ দিছিল।[10] অৱশ্যে ১৯২৫ চনত ইয়াৰ মূল কাণ্ডটো কাটি পেলোৱা হৈছিল। গছৰ বহুসংখ্যক স্তম্ভ বা জৰী উলম্বভাৱে মাটিলৈ গৈছে। ফলস্বৰূপে গছজোপাক এজোপা স্বতন্ত্ৰ গছতকৈ অৰণ্য যেন লাগে।[11]

১৯২৫ চনত মূল গছৰ ক্ষতিগ্ৰস্ত কাণ্ডটো কটাৰ পিছত ইয়াৰ চিহ্ন হিচাপে গছজোপাৰ কেন্দ্ৰত এটা স্মাৰক স্থাপন কৰা হৈছে। ইয়াৰ মূল কাণ্ডটোৰ প্ৰায় ১.৭ মিটাৰ উচ্চতা আৰু পৰিধি ১৫.৭ মিটাৰ বা প্ৰায় ৫১ ফুট আছিল।

বৰ্ণনা সম্পাদনা কৰক

বিভিন্ন সময়ত নথিভুক্ত তথ্য অনুসৰি গছজোপাৰ বৃদ্ধিৰ পৰিমাপ[9]

বছৰ স্তম্ভমূলৰ সংখ্যা বিস্তৃতিৰ পৰিধি
(মিটাৰ)
অগ্ৰভাগৰ উচ্চতা
(মিটাৰ)
মন্তব্য
১৮৫০ ৮৯ ২৪০ ২০.৫
১৯০০ ৪৬৪ ৩৭৭ ২০.৫ প্ৰধান কাণ্ডৰ গুৰি
অংশৰ পৰিধি ১৫ মি.
১৯৩৮ ৬৬৬ ৩৩৮ ২০.৫
১৯৪৬ ১০৪৪ ৪২৬ ২৭
১৯৬২ ১০০০ ৪০৮ ৩০
১৯৬৫ ১০৪৪ ৪২০ ৩০
১৯৬৮ ১০৫০ ৪২০ ৩০.৫ ১৯৬৯ আৰু ১৯৭৮ চনৰ ঘূৰ্ণিবতাহৰ
প্ৰভাৱত বৃদ্ধি হ্ৰ্যাস পাইছে
১৯৭৩ ১১২৫ তথ্য নাই ৩০.৫
১৯৮০ ১৩৮০ ৩০.৫
১৯৮১ ১৫৭৩ ৪০২ ২৬.৪
১৯৮৪ ১৭৭৫ ৪১২ ২৪.০
১৯৮৬ ১৮২৫ ৪২০ ২৪.৫ আয়তন ১৪০০০
বৰ্গমিটাৰ (৩৪৬ একৰ)

বৰ্তমান অৱস্থা সম্পাদনা কৰক

গছজোপা বৰ্তমান প্ৰায় ১৮,৯১৮ বৰ্গ মিটাৰ (প্ৰায় ১.৮৯ হেক্টৰ বা ৪.৬৭ একৰ) ঠাই আগুৰি আছে। গছৰ ওপৰৰ কেনপিৰ পৰিধি ৪৮৬ মিটাৰ আৰু আটাইতকৈ ডাঙৰ শাখাটো ২৪.৫ মিটাৰ ওখ।[4] এতিয়া গছজোপাৰ প্ৰায় ৪০৩৩টা স্তম্ভমূল উলম্বভাৱে মাটি নামি আহিছে। সমীক্ষাৰ দ্বাৰা বিশাল গছজোপাৰ ৬৭টা অংশ দুৰ্বল বুলি চিনাক্ত কৰা হৈছে আৰু ১৫-২০ ফুট বাঁহ আৰু ইউকেলিপ্টাছ গছৰ সহায়ত ইয়াক সুৰক্ষিত কৰা হৈছে।[10]

২০২০ চনৰ ২০ মে'ত পশ্চিম বংগত ঘূৰ্ণীবতাহ আম্ফানৰ প্ৰভাৱত বহুতো এই গছজোপা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।[12]

সাংস্কৃতিক মাধ্যমত সম্পাদনা কৰক

বিখ্যাত জাপানী চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোচাৱা এই বট গছ চাবলৈ কলকাতালৈ আহিছিল আৰু এই গছৰ বিস্তৃতি দেখি সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ নিৰ্মাণ দক্ষতাক বট গছজোপাৰ সৈতে তুলনা কৰিছিল।[3][13] ২০০৪ চনত প্ৰতিষ্ঠা হোৱা অনলাইন আৰ্ট গেলেৰী দ্য গ্ৰেট বট আৰ্টে তেওঁলোকৰ কোম্পানীৰ নাম এই বট গছৰ নামেৰে ৰাখিছিল।[14]

চিত্ৰ মালা সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. Sambamurty 2005, পৃষ্ঠা. 206.
  2. "Great Banyan Tree" (en ভাষাত). Atlas Obscura. http://www.atlasobscura.com/places/great-banyan-tree। আহৰণ কৰা হৈছে: 2021-02-09. 
  3. 3.0 3.1 Service, Tribune News. "A Tree or a Monument?" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/schools/a-tree-or-a-monument-108555। আহৰণ কৰা হৈছে: 2021-02-10. 
  4. 4.0 4.1 "BSI Garden". bsi.gov.in. https://bsi.gov.in/garden-page/en?rcu=140,39. 
  5. "Largest canopy on a living tree" (en-GB ভাষাত). Guinness World Records. https://www.guinnessworldrecords.com/world-records/66385-tree-greatest-spread. 
  6. Pandey, Shakunt (জুন ২০১২). "Cover Story: 225 Years of Botanic History" (en-US ভাষাত). SR Vol.49(06) [June 2012]. ISSN 0036-8512. http://nopr.niscair.res.in/handle/123456789/14242. 
  7. প্ৰকৃতি আৰু জীৱন ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত প্ৰকৃতি বিষয়ক আলোচনী: প্ৰকৃতিবাৰ্তা, প্ৰথম বৰ্ষ, তৃতীয় সংখ্যা, জুলাই ২০১৪
  8. "Himalayan Journals (Complete), by J. D. Hooker". www.gutenberg.org. https://www.gutenberg.org/files/6478/6478-h/6478-h.htm#linknoteref-334%20https://www.himalayanclub.org/hj/47/18/himalayan-journals-of-sir-joseph-d-hooker/. 
  9. 9.0 9.1 চক্ৰৱৰ্তী, আৰ. কে.; মুখোপাধ্যায়, ডি. পি. (১৯৮৭) (English ভাষাত). ২৯. প্ৰকাশক কলকাতা: ভাৰতীয় উদ্ভিদ সৰ্বেক্ষণ. পৃষ্ঠা. ৬৬. http://archive.org/details/nelumbo-2455-376x-29-1-4-059-070. 
  10. 10.0 10.1 P, Jhimli Mukherjee. "Botanic’s great banyan tree gets special protection | Kolkata News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/kolkata/botanics-great-banyan-tree-gets-special-protection/articleshow/68769581.cms. 
  11. Singh, Shiv Sahay (2020-05-24). "Howrah’s historic botanical garden turns into a graveyard of nearly 1,000 trees" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/howrahs-historic-botanical-garden-turns-into-a-graveyard-of-nearly-1000-trees/article31665141.ece. 
  12. "Storm strikes 270-year-old Great Banyan Tree". www.telegraphindia.com. https://www.telegraphindia.com/west-bengal/calcutta/cyclone-amphan-storm-strikes-270-year-old-great-banyan-tree/cid/1774880. 
  13. B, Krishnendu; Jul 26, yopadhyay | TNN |. "Mother of all trees - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/environment/flora-fauna/mother-of-all-trees/articleshow/9366748.cms. 
  14. "Great Banyan Art: An online art gallery". www.greatbanyanart.com. https://www.greatbanyanart.com/. 

গ্ৰন্থৰাজি সম্পাদনা কৰক