বট গছ বা বৰ গছ বা বড় গছ (ইংৰাজী: Indian banyan; বৈজ্ঞানিক নাম : Ficus benghalensis) ভাৰতৰ জাতীয় গছ। এই গছ Ficus গোত্ৰৰ অন্তৰ্ভুক্ত। বট এবিধ বৃহৎ আকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে। এই শাখা-প্ৰশাখাবোৰ কিছুমান জৰী বা শিপাৰ দ্বাৰা ভৰ বহন কৰি থাকে। গা-গছৰ পৰা ওলমি থকা এই শিপাসমূহক স্তম্ভমূল বোলে। কম বয়সীয়া বট গছৰ স্তম্ভমূলসমূহ বতাহত ওলমি থাকে আৰু বয়স বঢ়াৰ লগে লগে ই মাটিত লাগি ধৰে। পিছলৈ এই মূলসমূহ গা-গছলৈ ৰূপান্তৰিত হৈ গছ জোপাক হালি নপৰাকৈ ৰাখে। ওলমি থকা শিপাৰ কাৰণে ইয়াক জৰী গছ বুলিও কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

বট গছ
ফ্লৰিডাৰ এডিচন সংগ্ৰাহালয়ৰ সন্মুখৰ বট গছ।
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Moraceae
গণ: Ficus
প্ৰজাতি: F. benghalensis
বৈজ্ঞানিক নাম
Ficus benghalensis
L.
সমাৰ্থক

Ficus indicaL.

বটৰ পাত একান্তৰ, ডিম্বাকৃতি, মসৃণ আৰু উজ্জ্বল সেউজীয়া ৰঙৰ। স্থান-কাল-পাত্ৰভেদে পাতৰ আয়তনৰ বিভিন্নতা দেখা যায়। পৈণত পাত আকাৰত অলপ সৰু হৈ পৰে। বটৰ দুটা স্বল্পায়ু উপপত্ৰ গজাৰ লগে লগে হৰি পৰে। কম বয়সৰ পৰাই বটৰ জৰী নামিবলৈ আৰম্ভ হয়। মাটিৰ সমান্তৰালত থকা ডাল সমূহ কেতিয়াবা মাটিত হালি পৰি নিজে পুনৰাই কাণ্ডলৈ পৰিণত হয়। জৰী সমূহো এসময়ত মাটিত পৰি কাণ্ডলৈ পৰিণত হয়। এনেদৰেই বাঢ়ি বট গছে বিস্তৰ অঞ্চল আগুৰি পৰে। বসন্ত আৰু শৰৎ ঋতুত বট গছত নতুন পাত গজে। এসময়ত কুঁহি পাতৰ ৰং উজ্জ্বল সেউজীয়া। গ্ৰীষ্ম-বৰ্ষা-শীত ঋতুত ইয়াৰ ফল পকে।[1]

বংশ বিস্তাৰ

সম্পাদনা কৰক

বট আৰু বট জাতীয় গাছৰ বংশ বৃদ্ধিৰ পদ্ধতি অলপ বেলেগ ধৰণৰ। ইয়াৰ ফুল সমূহ মঞ্জৰীৰ ভিতৰতে সোমাই থাকে। ফুলসমূহ অতি সৰু আৰু ফলৰ নিচিনাই গোলাকাৰ। একলিংগী এই ফুলসমূহৰ পৰাগযোগৰ বাবে বিশেষ প্ৰজাতিৰ পতংগৰ ওপৰত নিৰ্ভৰশীল। চৰাই বোৰে ইয়াৰ ফল খাই বীজ সমূহ বিষ্ঠাৰ লগত বিভিন্ন অঞ্চলত বিস্তাৰিত কৰে। এই বীজ পুৰণি দালান, পকা বা শিলৰ ফাঁট বা আন কোনো গছৰ ওপৰত সহজে অংকুৰিত হয়। উপযুক্ত পৰিৱেশত বট গছ ৫০০ৰ পৰা ৬০০ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে।[1]

সাংস্কৃতিক তাৎপৰ্য

সম্পাদনা কৰক

বট ভাৰতৰ পূব অঞ্চলৰ আদিমতম বৃক্ষ। উষ্ণ জলবায়ুত বিশাল আয়তনৰ এই গছ ছাঁ প্ৰদান কৰে। প্ৰাচীনকালৰ পৰা বট গছৰ ছাঁত হাট-বজাৰ বহে, মেলা হয়, লোকসংগীতৰ অনুষ্ঠান আৰু জনসভা হয়।[1] গাওঁৰ মাজত বট গছৰ তলত গাওঁ সভা অনুষ্ঠিত হোৱা দেখা যায়।

ভাৰতকে আদি কৰি বিভিন্ন দেশত এই গছক পৱিত্ৰ বুলি গণ্য কৰা হয় [2] আৰু ইয়াৰ তলত প্ৰায়ে মন্দিৰ বনোৱা দেখা যায়। ভাৰতৰ বিভিন্ন অঞ্চলসহ দক্ষিণ এছিয়াৰ কেইবাখনো দেশত ধৰ্মীয় কাৰণত এই গছ কটা নিষিদ্ধ। হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মাৱলম্বী লোকৰ বাবে বট পৱিত্ৰ গছ। বিভিন্ন পূজা পাৰ্বনত বট পাত ব্যৱহাৰ কৰা হয়। বহুতে ধৰ্মীয় সূত্ৰৰে ইয়াৰ গা-গছ বান্ধি প্ৰদক্ষিণ কৰে। শিৱ আৰু বিষ্ণু বট গছৰ লগত প্ৰত্যক্ষ ভাবে জড়িত।[3]

বট ভাৰতৰ জাতীয় গছ। তদুপৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যিক গছ হৈছে বট। আন কিছুমান দেশৰ জাতীয় প্ৰতীকত বট গছক স্থান দিয়া হৈছে।

  • বটৰ আঠা ভৰিৰ গেৰুৱা ফাটিলে ব্যৱহাৰ কৰা হয়।
  • বটৰ ছাল দেহৰ মেদ কমায়।
  • ভৰি বা হাত মোচোকা খালে বটৰ ছাল পিহি গৰম কৰি মালিচ কৰিলে আৰাম পোৱা যায়।[4]

বট গছ শগুণ বা এনে জাতীয় পখীৰ নিৰাপদ আশ্ৰয়স্থল। ইয়াৰ ফল কাউৰী, শালিকা আৰু বাদুলীৰ প্ৰিয় খাদ্য। ছাঁ দিয়াৰ বাবে এই গছ পথৰ দাঁতিত প্ৰায়ে দেখা যায়। ইয়াৰ ৰসৰ পৰা নিম্নমানৰ ৰবৰ তৈয়াৰ কৰা হয়। ইয়াৰ পাত কুষ্ঠৰোগত উপকাৰী।

চিত্ৰ ভঁৰাল

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 প্ৰকৃতি আৰু জীৱন ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত প্ৰকৃতি বিষয়ক আলোচনী: প্ৰকৃতিবাৰ্তা, প্ৰথম বৰ্ষ, তৃতীয় সংখ্যা, জুলাই ২০১৪
  2. Simoons, F.J. (1998). Plants of Life, Plants of Death. University of Wisconsin Press. ISBN 9780299159047. http://books.google.com/books?id=KEUAbrBoeBAC. 
  3. "National Tree". Govt. of India Official website. http://india.gov.in/knowindia/national_tree.php. 
  4. আঃ খালেক মোল্লা সম্পাদিত;লোকমান হেকিমৰ কবিৰাজী চিকিৎসা; অক্টোবৰ ২০০৯; পৃষ্ঠা- ২৩৩-৩৪

বহিঃসংযোগ

সম্পাদনা কৰক