অসমীয়া উপন্যাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎যুদ্ধোত্তৰ যুগ: বানান শুধৰণি
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
20 নং শাৰী:
[[File:Mamoni_raysam.jpg|thumb|right|[[মামণি ৰয়ছম গোস্বামী]] যুদ্ধোত্তৰ যুগৰ এক উল্লেখ্যোগ্য মহিলা ঔপন্যাসিক]]
যুদ্ধোত্তৰ যুগৰ মহিলা ঔপন্যাসিক সকলৰ ভিতৰত হিৰণ্যময়ী দেৱী (জীৱন সংগ্ৰাম) আৰু [[শুচিব্ৰতা ৰায়্চৌধুৰী]] (বা-মাৰলী) প্ৰথম। নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰা [[নিৰুপমা বৰগোহাঞি]]ৰ উপন্যাসসমূহৰ ভিতৰত সেই নদী নীৰৱধি, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, এজন বুঢ়া মানুহ,দিনৰ পাছত দিন, চিনাকি অচিনাকি আদি অন্যতম। সপ্তম দশকৰ আগভাগত উপন্যাস লিখিবলৈ আৰম্ভ কৰা [[মামণি ৰয়ছম গোস্বামী]]য়ে [[মামণি ৰয়ছম গোস্বামীৰ উপন্যাস|চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দঁতালহাতীৰ উয়ে খোৱা হাওদা আদি উপন্যাসেৰে]] অসমীয়া উপন্যাসক এক নতুন পৰিভাষা প্ৰদান কৰে যাৰ বাবে তেওঁ [[জ্ঞানপীঠ বঁটা]] লাভ কৰে। আন আন মহিলা ঔপন্যাসিক ভিতৰত ৰুণু বৰুৱাৰ নিজান ঘাট, প্ৰবীণা শইকীয়াৰ উত্তৰায়ণ, ফুল বৰাৰ চন্দন সুবাস, দীপালী ভট্টাচাৰ্যৰ মাতৃ, [[পূৰবী বৰমুদৈ]]ৰ [[শান্তনুকূলনন্দন]], ৰূপোৱালি নৈ সোণোৱালী ঘাট, [[অৰূপা পটংগীয়া কলিতা]]ৰ ফেলানী আদি উল্লেখনীয়। সময়ৰ পৰিপক্বতাৰ লগে লগে অসমীয়া মহিলা উপন্যাসিকৰ সংখ্যা ক্ৰমে বৃদ্ধি পায়। [[অনুৰাধা শৰ্মা পূজাৰী]]ৰ [[হৃদয় এক বিজ্ঞাপন]], [[নাহৰৰ নিৰিবিলি ছা]], [[চাহেবপুৰাৰ বৰষুণ]], ব’ৰাগী নদীৰ ঘাট, [[মণিকুন্তলা ভট্টাচাৰ্য]]ৰ দস্তখত, সন্ধ্যা, অৰুন্ধতী, [[ৰীতা চৌধুৰী]]ৰ এই সময় সেই সময়, [[দেও লাংখুই]], মাকাম, ৰাজীৱ ঈশ্বৰ, ৰাগ মালকোশ আদি উপন্যাসে অসমীয়া সাহিত্যক অন্য এক মাত্ৰা প্ৰদান কৰে। সাম্প্ৰতিক কালৰ আন আন মহিলা ঔপন্যাসিক সকলৰ ভিতৰত [[গীতালি বৰা]] (বুদ্ধজায়া, অন্তৰতম) [[চন্দনা গোস্বামী]] ([[পাটকাইৰ ইপাৰে মোৰ দেশ]]),মনালিছা শইকীয়া (আন্দোলিত আকাশ),ৰেখা বৰগোহাঁইৰ (আবেলি বেলিৰ বেদনা,বকুল)[[আৰাধনা পটংগীয়া গোস্বামী]] (দুৰ্গী), নন্দিতা দেৱী, তুলিকা শইকীয়া (চাৰিশাল গোঁসানীৰ তেজ), [[লীনা শৰ্মা]] (সাগৰিকা) আদিৰ নাম উল্লেখযোগ্য।
 
প্ৰাকযুদ্ধ যুগত শিশু উপন্যাস ৰচনাৰ নিদৰ্শন পোৱা নাযায় যদিও যুদ্ধোত্তৰ যুগত জ্ঞানদাভিৰাম বৰুৱাৰ দদাইৰ পজাঁ, [[অতুলচন্দ্ৰ হাজৰিকা]]ৰ ৰাণী হিমানী, নীলা চৰাই, [[নিৰুপমা বৰগোহাঞি]]ৰ অকণমাণি কোঁৱৰ আদি অন্যতম। কুমুদেশ্বৰ বৰঠাকুৰে [[গোলাই ছিৰিজ]]ৰ নামত অসমীয়া ডিটেক্টিভ উপন্যাসৰ জন্ম দিলেও আজিও ই বিশেষ উন্নতি লাভ কৰিব পৰা নাই। তাৰ ভিতৰত প্ৰেম নাৰায়ন দত্তৰ পা-ফু ছিৰিজ, শক্তিশেল, নাৰীদস্যু আদি, সত্যৰঞ্জন কলিতাৰ নৃশংস,স্পাই, কিদনেপ আদি উল্লেখযোগ্য। বৰ্তমান কালত [[ৰঞ্জু হাজৰিকা]]ই ভালেমান ৰহস্য উপন্যাস লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।