গ্ৰেণ্ড কেনিয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: পৃথিৱীৰ ভিতৰতে অতি দুর্গম আৰু আকর্ষণীয় গিৰিখাত । আমেৰিকা...
(কোনো পাৰ্থক্য নাই)

18:56, 18 December 2013ৰ সংস্কৰণ

পৃথিৱীৰ ভিতৰতে অতি দুর্গম আৰু আকর্ষণীয় গিৰিখাত । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিমৰ আৰিজোনা প্ৰদেশৰ উত্তৰ-পশ্চিমৰ কলৰাডো মালভূমিত এই গিৰিখাত অৱস্থিত । কলৰাডো নদীৰ গভীৰ ক্ষয়ীকৰণৰ বাবেই এই বিখ্যাত গিৰিখাত সৃষ্টি হৈছে । এই গিৰিখাতৰ দৈর্ঘ্য ৩৫০ কিলোমিটাৰ, প্ৰস্থ ৬-ৰ পৰা ২৯ কিলোমিটাৰ আৰু গভীৰতা প্ৰায় ১,৭০০ মিটাৰ । এই গিৰিখাতত নিৰক্ষীয় অঞ্চলৰ পৰা আৰম্ভ কৰি মেৰুদেশীয় গছ-বিৰিখলৈকে সকলো ধৰণৰ গছ-গছনিৰ বিৰল সমাৱেশ ঘটিছে ।

ভূতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ এক কোটি বছৰৰ আগৰ দলিল । ইয়াত লাখ লাখ বছৰ ধৰি ক্ষয় হোৱা শিলৰ ৰং-বিৰঙৰ স্তৰ দেখিবলৈ পোৱা যায় । এই শিলবিলাকৰ বেছিভাগেই ৰঙা আৰু তাৰ মাজে মাজে আন নানা ৰং মিশ্ৰিত হৈ গিৰিখাতটোৰ সৌন্দর্য দুগুণে চৰাইছে ।

ভূতত্ত্ববিদসকলে ইয়াক পৃথিৱীৰ ইতিহাস গ্ৰন্থালয় বা প্ৰকৃতিৰ যাদুঘৰ আখ্যা দিছে । গ্ৰেণ্ড কেনিয়নৰ ভূ-স্তৰত বিভিন্ন প্ৰাণীৰ জীৱাশ্ম পোৱা গৈছে । এইবোৰৰ পৰা বিজ্ঞানীসকলে জীৱৰ ক্ৰমবিকাশৰ অধ্যয়নৰ বাবে যথেষ্ট সমল লাভ কৰিছে । প্ৰাগ ঐতিহাসিক কালত ইয়াত মানুহৰ বসতিৰ বহু প্ৰমাণ পোৱা গৈছে । বর্তমানে ইয়াত ৰেড ইণ্ডিয়ানসকলৰ কিছু উপজাতিয়ে বসবাস কৰে ।

১৫৪০ চনত গ্ৰেণ্ড কেনিয়ন প্ৰথমে বিশ্ববাসীৰ দৃষ্টিগোচৰ হয় । ১৯১৯ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় । বছৰি ইয়াত ২-৩ লাখ পর্যটকৰ সমাগম হয় । ইয়াত প্ৰায় দুশ বিভিন্ন প্ৰজাতিৰ চৰাই, ষাঠিটামান বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, বিশটামান বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী আৰু সৰীসৃপৰ সন্ধান পোৱা গৈছে ।

উত্সঃ

সংক্ষিপ্ত অসমীয়া বিশ্বকোষ