ছুৱেজ খাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: ছুৱেজ খাল (Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছু...
(কোনো পাৰ্থক্য নাই)

19:03, 18 December 2013ৰ সংস্কৰণ

ছুৱেজ খাল (Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল । এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল । এই অসুবিধা দূৰ কৰিবলৈ ফ্ৰান্সৰ এজন কূটনীতিবিদ আৰু অভিযন্তা ফার্ডিনাণ্ড ডি লেছেপছে (Ferdinand da Lesseps) ইজিপ্টৰ শাসনকর্তা ছৈয়দ পাছাক এই খাল খন্দাৰ প্ৰস্তাৱ দিয়ে । অনুমতি পোৱাৰ পাচত, এটা কোম্পানী খুলি লেছেপছে ১৮৫৯ চনৰ ২৫ এপ্ৰিলত কাম আৰম্ভ কৰিলে । ১৬৪ কিলোমিটাৰ (১০২ মাইল) দৈর্ঘ্য, ৮ মিটাৰ (২৬ ফুট) দ খাল খন্দাৰ কাম সমাপ্ত হোৱাৰ পাচত ১৮৬৯ চনৰ ১৭ নৱেম্বৰত এই নতুন জলপথেদি জাহাজৰ যাতায়াত আৰম্ভ হ'ল । তাৰ পাচতো মাজে মাজে এই খালটোৰ উন্নয়নৰ কাম কৰা হৈছে । বর্তমান এই খালটোৰ দৈর্ঘ্য ১৯৩.৩০ কিলোমিটাৰ (১২০.১১ মিটাৰ), গভীৰতা ২৪ মিটাৰ (৭৯ ফুট) আৰু বহল প্ৰায় ২০৫ মিটাৰ (৬৭৩ ফুট) । ১৯৫৬ চনৰ ২৬ জুনত ইজিপ্টৰ ৰাষ্ট্ৰপতি আব্দুল নাছেৰে 'ছুৱেজ খাল কোম্পানী'টোক জাতীয়কৰণ কৰে আৰু তাৰ পাচৰ পৰা ছুৱেজ খালৰ দায়িত্ব সম্পূর্ণভাৱে ইজিপ্টৰ চৰকাৰৰ হাতলৈ যায় ।