১০ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ...
(কোনো পাৰ্থক্য নাই)

10:31, 17 October 2014ৰ সংস্কৰণ

১/ ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ জন্ম হয় ।

২/ ১৯০৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক ৰমা দাশৰ জন্ম হয় ।

৩/ ১৯৬২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয় ।

৪/ ১৯৯৯ চনৰ আজিৰ দিনটোতে বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে । অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ।

৫/ ১৭৩১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হয় ।

৬/ ১৮৮৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হয় ।

৭/ ১৯৬৪ চনৰ আজিৰ দিনটোতে টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয় ।

৮/ ২০০০ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হয় ।

৯/ ১৯৭০ চনৰ আজিৰ দিনটোতে ফিজিয়ে স্বাধীনতা লাভ কৰে ।