অড্ৰী হেপ্‌বাৰ্ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
'''অড্ৰী হেপ্‌বাৰ্ন (Audrey Hepburn)''' (জন্মতে '''Audrey Kathleen Ruston'''; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল। [[চলচ্চিত্ৰ]] আৰু ফেশ্বন জগতৰ প্ৰতীক বুলি গণ্য কৰা হেপ্‌বাৰ্ন [[হলিউড]]ৰ সোণালী যুগৰ সক্ৰিয় অভিনেত্ৰী আছিল। আমেৰিকান ফিল্ম ইন্‌ষ্টিটিউটে তেওঁক আমেৰিকান বোলছবিৰ ইতিহাসৰ মহানতম অভিনেত্ৰীৰ তালিকাত তৃতীয় স্থান দিছিল আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় সুন্দৰ পোছাকধাৰী লোকৰ হল্‌ অৱ ফে'মতো স্থান পাইছিল। তেওঁক বহুতে সৰ্বকালৰ সকলোতকৈ ধুনীয়া মহিলা আখ্যা দিয়ে।<ref>[http://news.bbc.co.uk/2/hi/uk_news/3763887.stm "Audrey Hepburn tops Beauty poll"]. BBC.</ref><ref>[http://www.dailymail.co.uk/femail/article-2302866/Audrey-Hepburn-She-thought-big-nose-feet-skinny-breast.html "'She thought she had a big nose and feet, was too skinny and not enough breast': Audrey Hepburn's son reveals how the movie star never believed she was beautiful"]. Daily Mail.</ref><ref>{{cite web|last=Corliss |first=Richard |url=http://content.time.com/time/arts/article/0,8599,1580936,00.html |title=Audrey Hepburn: Still the Fairest Lady - TIME |publisher=Content.time.com |date=2007-01-20 |accessdate=2014-04-19}}</ref><ref>{{cite news| url=http://www.smh.com.au/articles/2004/05/31/1085855500521.html | work=The Sydney Morning Herald | title=Audrey Hepburn 'most beautiful woman of all time' | date=1 June 2004}}</ref>
 
ব্ৰুছেলৰ এখন জিলা ইক্‌ছেলত জন্মলাভ কৰি হেপ্‌বাৰ্নে তেওঁৰ শৈশৱকাল বেলজিয়াম, ইংলেণ্ড আৰু নেডাৰলেণ্ড্‌ছৰ লগতে [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত জাৰ্মান অধিকৃত আৰ্নহেমতো অতিবাহিত কৰিছিল। তেওঁ আম্‌ষ্টাৰডামত ছ'নিয়া গেস্কেলৰ অধীনত [[বেলে নৃত্য]] শিকিছিল আৰু ১৯৪৮ চনত লণ্ডনলৈ যোৱাৰ পিছত মেৰী ৰেম্বাৰ্টৰ ওচৰত এই প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। লণ্ডনত তেওঁ ৱে'ষ্ট এ'ণ্ড মিউজিকেল থিয়েটাৰ প্ৰডাক্‌চনত ক'ৰাছ গোৱা দলতো কাম কৰিছিল। হেপ্‌বাৰ্নে [[ইংৰাজী ভাষা|ইংৰাজী]]ৰ লগতে ফ্ৰেঞ্চ, ডাচ্চ, ইটালীয়ান, স্পেনিশ্ব আৰু জাৰ্মান ভাষা ক'ব পাৰিছিল।<ref name="bp">{{cite web|title=Was Audrey Hepburn, the Queen of Polyglotism?|url=http://news.biharprabha.com/2014/05/was-audrey-hepburn-the-queen-of-polyglotism/|publisher=news.biharprabha.com|accessdate=3 May 2014}}</ref>
 
কেইবাখনো ব্ৰিটিছ বোলছবি আৰু ১৯৫১ চনৰ ব্ৰড্‌ৱে' নাটক Gigi-ত অভিনয় কৰাৰ পিছত'' ''হেপ্‌বাৰ্নে ১৯৫৩ চনত Roman Holiday বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰি [[একাডেমী বঁটা]] লাভ কৰে। তাৰ পিছত তেওঁ কেইবাখনো সফল ছবি যেনে- Sabrina (১৯৫৪), The Nun's Story (১৯৫৯), Breakfast at Tiffany's (১৯৬১), Charade (১৯৬৩), My Fair Lady (১৯৬৪) and Wait Until Dark (১৯৬৭) আদিত অভিনয় কৰে যাৰ বাবে তেওঁ একাডেমী বঁটা, বাফ্‌টা আৰু গ'ল্ডেন গ্ল'বৰ মনোনয়ন লাভ কৰে। ''Roman Holiday ''বোলছবিত অভিনয়েৰে একেটা চৰিত্ৰৰ বাবে ১৯৫৪ চনত অস্কাৰ, গ'ল্ডেন গ্ল'ব আৰু বাফ্‌টা বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনেত্ৰী আছিল। একে বৰ্ষতে ''Ondine-''ত অভিনয়েৰে তেওঁ নাটকৰ শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ [[টনী বঁটা]] লাভ কৰে।'' ''একাডেমী, এমী, গ্ৰেমী আৰু টনী বঁটা লাভ কৰা মাত্ৰ কেইগৰাকীমান ব্যক্তিৰ ভিতৰত হেপ্‌বাৰ্নো এগৰাকী। তেওঁ মুখ্য ভূমিকাত শ্ৰেষ্ঠ ব্ৰিটিছ অভিনেত্ৰীৰ বাফ্‌টা বঁটা অভিলেখসংখ্যক তিনিবাৰ লাভ কৰিছিল।