নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, "আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?" তেতিয়া শংকৰদেৱে উত্তৰ দিলে, "মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌। " গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক ''হেজাৰী ঘোষা'' বোলা হয়।মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
<poem>"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
{{gap}}ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
{{gap}}ভজো হেন দেৱ যদুপতি।।"
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
{{gap}}পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
{{gap}}উপাসা কৰোহো হৃদয়ত।। "</poem>
 
=='''বৈশিষ্ট'''==
 
শংকৰদেৱৰ আজ্ঞা মানি মাধৱদেৱে ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষাফাঁকি লিখি দিলে। তাৰ পিছতে মাধৱদেৱে লিখি গৈ মুঠ এহেজাৰ এক ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয়ফাঁকিৰ পৰা মাধৱদেৱে লিখা বাবে নাম ঘোষাক ''হেজাৰী ঘোষা'' বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম ''বঢ়াৰ পো'' ।
 
নামঘোষাখন চাৰিটা ছন্দত[[ছন্দ]]ত লিখা।
 
# ছবি
24 নং শাৰী:
# পদ
 
=='''অন্যান্য'''==
=='''লেখকৰ পৰিচয়'''==
 
নামঘোষা [[মাধৱদেৱ|মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে]] ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।
 
=='''তথ্য উৎস'''==
 
<ref> *কীৰ্তনঘোষা আৰু নাম-ঘোষা, শ্ৰীশ্ৰীশঙ্কৰদেৱ, আৰু শ্ৰীশ্ৰীমাধৱদেৱ <ref/>বিৰচিত
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে