২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox civilian attack | title = ২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ | image = Assa...
(কোনো পাৰ্থক্য নাই)

07:41, 26 October 2019ৰ সংস্কৰণ

২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁও আৰু ঢেকিয়াজুলি অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।

২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ
স্থান অসম, ভাৰত
তাৰিখ ৬ এপ্ৰিল ২০০৯
আক্ৰমণৰ প্ৰকাৰ ২টা বোমা
নিহত [1]
আহত ৬৩

পাৰ্শ্ব ঘটনাৱলী

২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু অসমত ২০০৮ চন আৰু ২০০৯ চনৰ ১ জানুৱাৰীত ঘটা বোমা বিস্ফোৰণে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ অশান্ত কৰি ৰাখিছিল। মুম্বাই আক্ৰমণৰ পাছত নিৰ্বাচনী সময়ত সুৰক্ষা প্ৰক্ৰিয়া এক চিন্তাৰ বিষয় হৈ পৰিছিল। নিৰ্বাচনৰ সময়ছোৱাত সুৰক্ষা ব্যৱস্থা কপকপীয়া কৰাক লৈ নানা তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।

সেইদিনা

৬ এপ্ৰিলৰ আগছোৱাত উগ্ৰবাদী সংগঠন কাৰ্বি লংগ্ৰি নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সন্দেহযুক্ত সদস্য‌ই কাৰ্বি আংলং জিলাৰ মাজমজিয়াৰ বি এছ এফ শিবিৰৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটায়। প্ৰধানমন্ত্ৰী মনমোহন সিঙে জিলা সদৰ ডিফুত এক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছিল, কিন্তু আগদিনা কোনো অজ্ঞাত কাৰণত এয়া বাতিল কৰা হৈছিল।[2]

বোমা আক্ৰমণ

মালিগাঁও অঞ্চলত দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭ জন লোক নিহত আৰু ৫৬ জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০ খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে।

কেইঘণ্টামানৰ পাছত ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫ জন লোক আহত হয়। ৬ জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।

দোষী

মিডিয়াসমূহে প্ৰকাশ কৰা অনুসৰি এই কাম "সন্দেহযুক্ত আলফা উগ্ৰপন্থী"য়ে কৰিছিল। অসমৰ ডিজিপি জে এম শ্ৰীবাস্তৱে কয় যে "আলফাই নিজৰ প্ৰতিষ্ঠা দিৱসৰ আগে আগে এই কাম কৰিছে" আৰু উগ্ৰপন্থীসকলে উচ্চ-প্ৰযুক্তিৰ বোমা ব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰে।[1]

প্ৰতিক্ৰিয়া

অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সুৰক্ষা ব্যৱস্থাত আসোঁৱাহ থকা বুলি প্ৰকাশ কৰে। এই ঘটনা প্ৰতিহত কৰিব পৰা গ'হেঁতেন বুলি তেওঁ কয়।[3]

আৰু চাওক

তথ্যসূত্ৰ