বীজগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
215 নং শাৰী:
গাণিতত সকলো সংকেতৰ মান পৰিচিত। বীজগণিতত ব্যাপক ৰূপত সংকেত সমূহৰ ব্যৱহাৰ হয়। যাৰ মান প্ৰাথমিকভাৱে অজ্ঞাত হৈ থাকে। সেইহেতু, এই বিজ্ঞানৰ অন্যান্য দুটা প্ৰাচীন নাম হৈছে 'ব্যক্ত গণিত' আৰু 'অব্যক্ত বা অদৃশ্য গাণিত'। ইংৰাজীত বীজগণিতক 'algebra' বুলি কোৱা হয়। এই নাম আৰৱ দেশৰ পৰা অহা। ৮২৫ খ্ৰীষ্টাব্দত আৰৱ গণিতবিদ আল্ খোৱাৰিজমিয়ে 'আল-জব্ৰ-ৱাল-মুকবলা' নামৰ গণিতৰ এখনগ্ৰন্থ ৰচনা কৰিছিলে। আৰবি ভাষাৰ 'আল-জব্ৰ' তথা ফৰাছী ভাষাৰ 'মুকাবলা'ৰ অৰ্থ হৈছে সমীকৰণ। সম্ভৱ লেখকে আৰবি আৰু ফৰাছী ভাষাৰ 'সমীকৰণ'ৰ সমাৰ্থক নামদুটা যুক্ত কৰি 'আল-জব্ৰ-ৱাল-মুকাবলা' নামটো ৰাখিছিল।
[[চিত্ৰ:Image-Al-Kitāb_al-muḫtaṣar_fī_ḥisāb_al-ğabr_wa-l-muqābala.jpg|right|thumb|''[[The Compendious Book on Calculation by Completion and Balancing]]''ৰ এটা পৃষ্ঠা.]]
 
ভাৰতীয় [[অংকশাস্ত্ৰ]]ৰ ইতিহাসত [[ধ্ৰুপদী যুগ]]ক (Classical era, খ্ৰীষ্টাব্দ পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ) এক উল্লেখযোগ্য সময় বোলো কোৱা হয়; প্ৰায়ভাগ বিখ্যাত ভাৰতীয় গণিতজ্ঞৰ ভিতৰত [[আৰ্যভট্ট]](১ম), [[ব্ৰহ্মগুপ্ত]], [[ভাস্কৰ]](১ম), [[মহাবীৰ]], আৰ্যভট্ট(২য়) আৰু [[ভাস্কৰাচাৰ্য]] বা ভাস্কৰ(২য়) আছিল উল্লেখযোগ্য। [[শূণ্য]] ৰ আৱিষ্কাৰেই আছিল এই সময়ছোৱাৰ অংকশাস্ত্ৰৰ প্ৰতি এক অতুলনীয় অৱদান, আৰু ইয়াৰ আৱিষ্কাৰক আছিল আৰ্যভট্ট। তেওঁ এই চিহ্নটোৰ ব্যৱহাৰ কৰা নাছিল যদিও [[ফ্ৰান্স]]ৰ গণিতজ্ঞ [[Georges Ifrah]] ৰ দাবী অনুসৰি আৰ্যভট্টৰ [[স্থানীয়মান]] পদ্ধতি (Place-value system)ত ৰিক্ত সহগ (Null co-efficient)ৰ সৈতে ১০ৰ [[সূচক]]বোৰ (Powers of ten)ৰ স্থান নিৰ্ণায়ক (Place holder) হিচাপে শূণ্যৰ ধাৰণা অন্তৰ্নিহিত আছিল। আৰ্যভট্টৰ আন এক অৱদান হৈছে চাৰি দশমিক স্থানলৈ (৩.১৪১৬) [[π (পাই)]]ৰ মান নিৰ্ধাৰণ। তদুপৰি π যে [[অপৰিমেয় সংখ্যা]]ৰ অন্তৰ্ভুক্ত সেয়াও আৰ্যভট্টই সূচনা কৰি থৈ যায়। ১২৩টা স্তৱকেৰে পৰিপূৰ্ণ ‘আৰ্যভটীয়’ গ্ৰন্থখনৰ গাণিতিক অংশটো [[পাটীগণিত]] (Arithmetic), [[বীজগণিত]] (Algebra), [[সমতলীয় ত্ৰিকোণামিতি]] (Plane trigonometry), [[গোলকাকাৰ ত্ৰিকোণামিতি]] (Spherical trigonometry) ৰে পৰিবেষ্টিত; য’ত অবিচ্ছিন্ন [[ভগ্নাংশ]] (Continued fractions), [[দ্বিঘাত সমীকৰণ]] (Quadratic equations), সূচকীয় শ্ৰেণীৰ যোগফল (Sums of power series) আৰু এখন sineৰ তালিকা (A table of sines) অন্তৰ্ভুক্ত হৈ আছে। তেওঁৰ এই তথ্যসমূহৰ পৰাই প্ৰথমে by=ax+c আৰু by=ax-c (a,b,c [[অখণ্ড সংখ্যা]]) ধৰণৰ [[সমীকৰণ]]ৰ অখণ্ড সমাধান কৰিব পৰা গৈছিল।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/বীজগণিত"ৰ পৰা অনা হৈছে