লিংগভিত্তিক অধ্যয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
34 নং শাৰী:
 
==নাৰীত্ব আৰু পুৰুষত্ব==
নাৰী আৰু পুৰুষৰ মাজৰ পাৰ্থক্যৰ সূচক হৈছে নাৰীত্ব আৰু পুৰুষত্ব। লিঙ্গ আৰু যৌনতাৰ মাজত থকা মৌলিক পার্থক্যই মহিলা আৰু পুৰুষৰ অস্তিত্বৰ বাবে নাৰীত্ব আৰু পুৰুষত্ব বুলি দুটা পৃথক ধাৰণাৰ সৃষ্টি কৰে। লিঙ্গ পৰিচয়ৰ পৰিপ্ৰেক্ষিতত মহিলাসকল নাৰীত্ব আৰু পুৰুষসকল পুৰুষত্ব অস্তিত্ব ধাৰণাৰ লগত জড়িত। এই নাৰীত্ব আৰু পুৰুষত্বই এক বিশেষ মাত্রাক সূচনা কৰে যাৰ প্ৰতি ব্যক্তিয়ে পুৰুষ আৰু মহিলা হিচাপে নিজকে চিনাক্তকৰণ কৰে। সামাজিক দৃষ্টিভঙ্গীৰ পৰা নাৰীত্ব আৰু পুৰুষত্বই সমাজত ব্যক্তিক মহিলা আৰু পুৰুষ হিচাপে প্রতিষ্ঠা কৰাৰ দিশটোক বুজাই। ব্যক্তি এজনৰ লিঙ্গ, সামাজিকীকৰণৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ সত্বাৰ প্রতি প্ৰদান কৰা সামাজিক অৰ্থক লিঙ্গ চিনাক্তকৰণে অন্তর্ভুক্ত কৰে। 'নাৰীত্ব’ বা ‘পুৰুষত্ব’ জন্মগত বা অন্তনিহিত নহয়। ব্যক্তিৰ এই প্রকাৰৰ অস্তিত্ব সামাজিক আৰু সাংস্কৃতিক চর্তৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে 'নাৰীত্ব’ বা ‘পুৰুষত্ব’ হিচাপে ব্যক্তি এজনৰ লিঙ্গ পৰিচয় নিৰ্ভৰ কৰে, সমাজত নাৰী বা পুৰুষৰ ভূমিকাৰ অন্তঃস্থকৰণৰ অৰ্থৰ ওপৰত। লিঙ্গ পৰিচয় হৈছে নাৰী বা পুৰুষৰ ভূমিকাৰ লগত সম্পৰ্ক ৰাখি ব্যক্তিয়ে নাৰী বা পুৰুষ হিচাপে আহৰণ কৰা আত্ম ধাৰণা। 'নাৰীত্ব’ আৰু 'পুৰুষত্ব’ ধাৰণাৰ লগত লিঙ্গ ভূমিকাৰ ধাৰণাটো সম্পর্কযুক্ত।
 
==লিংগ দৃঢ়বদ্ধতা==
'দৃঢ়তা’ বা ‘নির্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনাে এক দল বা উপদলত শ্রেণীভুক্ত কৰাক সূচায়। কোনাে নির্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্রেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা’ শব্দৰ ব্যৱহাৰ কৰা হয়। ব্যক্তিৰ ‘প্রকৃতি' সম্পর্কে স্পষ্ট ধাৰণা আহৰণ কৰিবলৈ বা সেই ব্যক্তিৰ পৰিচয়ৰ বাবে, সমাজে ব্যক্তিক কিছুমান বিশেষ শ্রেণীকৰণৰ অন্তর্ভূক্ত কৰে। এই বিশেষ শ্রেণীৰ অন্তৰ্গত ব্যক্তি বা সদস্যসকল কিছুমান বিশেষ সংলক্ষণ বিশিষ্ট। সেই অনুপাতে লিঙ্গ দৃঢ়বদ্ধতাই নাৰী আৰু পুৰুষক মহিলাসুলভ আৰু পুৰুষসুলভ ব্যক্তিৰ শ্ৰেণীত শ্রেণীভক্ত কৰিবলৈ ব্যৱহাৰ কৰা প্রক্রিয়াক সূচায়। লিঙ্গ দৃঢ়তা হৈছে মহিলা আৰু পুৰুষৰদ্বাৰা পালন কৰিবলগীয়া ভূমিকা আচৰণ আৰু সংলক্ষণসমূহৰ সর্বজনীন ধাৰণা। সমাজত মহিলা আৰু পুৰুষৰ সদস্যপদৰ বাবে তেওঁলােকক বিশেষ কিছুমান ভূমিকা, দায়িত্ব অর্পণ কৰাৰ এক প্ৰথাই হৈছে লিঙ্গ দৃঢ়তা। দৰাচলতে লিঙ্গ দৃঢ়তা হৈছে এক বিশ্বাস আৰু এই বিশ্বাসে বিষয়দল বা পুৰুষ-মহিলাৰ বিষয়ে ধাৰণা কৰি লােৱাত সহায় কৰে।