লিংগভিত্তিক অধ্যয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
28 নং শাৰী:
 
==যৌনতা==
যৌনতাই [[পুৰুষ]]-[[মহিলা]]ৰ জৈৱিক পার্থক্যক সূচনা কৰে। ই জৈৱিকভাৱে পূর্বনির্ধাৰিত আৰু স্থায়ী। যৌনতাই কোনাে এজন ব্যক্তিৰ জৈৱিক শ্রেণীবিভাজনক সূচনা কৰে। ইয়াৰ দ্বাৰা ব্যক্তিৰ প্ৰাথমিক যৌন বৈশিষ্ট যেনে— [[প্রজনন]] প্রক্রিয়াসমূহৰ লগতে ব্যক্তিৰ গৌণ যৌন বৈশিষ্ট যেনে- উচ্চতা, পুৰুত্ব আদিকো সাঙুৰি লোৱা হয়। যৌনতাই ব্যক্তিৰ জৈৱিক স্থিতিক সূচনা কৰে। ব্যক্তিৰ জৈৱিক যৌনতাৰ প্রধান সূচকসমূহ হৈছে যৌন [[ক্রম’জম]], [[জননগ্রন্থি]], আভ্যন্তৰীণ প্রজনন অংগ আৰু বাহ্যিক জননেন্দ্রিয়। যৌনতা হৈছে এক সূচক বা সংকেত কেন্দ্র যিয়ে ব্যক্তিক মহিলা বা পুৰুষ হিচাপে শ্রেণীভুক্ত কৰে। যৌনতাই ব্যক্তিৰ পুৰুষসুলভ বা মহিলাসুলভ শাৰীৰিক বৈশিষ্টসমূহক প্রতিনিধিত্ব কৰে। ই প্রাকৃতিক আৰু জন্মসূত্রে লাভ কৰা এক বৈশিষ্ট। যৌন পাৰিপাৰ্শ্বিকতা অনুসৰি ব্যক্তিক চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়: [[বিষমলিঙ্গকামিতা]], [[সমকামিতা]], [[উভয়লিংগতা]] আৰু [[নপুংসকতা]]।
 
==পিতৃতন্ত্ৰ==
পিতৃতন্ত্ৰই পুৰুষৰ পৰাক্ৰম, দমন, পুৰুষ শক্তি, সামাজিক বা সাংস্কৃতিকভাৱে আৰ্জিত আচৰণক বুজাই। পিতৃতন্ত্ৰ হৈছে সামাজিক গোটত পুৰুষ প্ৰধানৰ শাসন। ইয়াৰ দ্বাৰা পুৰুষসকলক সহজাতভাৱে উৰ্ধস্থিত বা শ্ৰেয় আৰু মহিলা সকলক দুৰ্বল বুলি দেখুৱা হয়। ইয়াৰ দ্বাৰা সামাজিক প্ৰেক্ষাপটত মহিলা সকলক বিভিন্ন সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত কৰোৱা হয়।