বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
1 নং শাৰী:
{{Original research}}
উপাচাৰবিহীন [[বাঁহ]] বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে। বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত। বাঁহৰ বহি: ত্বকীয় স্তৰত চিলিকা থাকে কিন্তু আন অংশত ইয়াৰ অৱস্থিতি দেখা নাযায়। ৰেজিন, মম অৰু টেটিল বহু কম পৰিমাণে বাঁহত থাকে আৰু প্ৰাকৃতিক স্থায়িত্ব প্ৰদানত কোনো অৰিহণা নিদিয়ে। যথেষ্ট পৰিমাণৰ শ্বেতসাৰৰ উপস্থিতিয়ে বাঁহক দাগ কাৰক ভেঁকুৰ আৰু ঘুন পোকৰ আক্ৰমণৰ প্ৰতি সংবেদনশীল কৰি তোলে। এনেবোৰ কাৰণতেই বাঁহ আৰু বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰিক স্থায়িত্ব বৃদ্ধিৰ বাবে বিশেষ উপাচাৰ গ্ৰহণ কৰা হয়। <ref name=":0">{{cite book |last1=নেগী |first1=অনিল |last2= গুৰুঙ|first2=ধ্ৰুৱ |editor-last1= কুমাৰ বৰা |editor-first1= ৰাজীৱ |editor-last2= শৰ্মা |editor-first2= গৌৰীশংকৰ |editor-last3= গগৈ|editor-first3= ভৱেশ |title= উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ পৰিচালনাৰ হাত পুথি |publisher= সঞ্চালক, বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠান, চতাই, যোৰহাট|date= ২০০৯|pages= ৫৩-৬৮ |chapter= সপ্তম অধ্যায়: বাঁহ চপোৱাৰ পিছত স্থায়ীত্ব বৰ্দ্ধনৰ উপাচাৰ }}</ref>
বাঁহৰ উপাচাৰক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়। কেঁচা বাঁহৰ উপাচাৰ আৰু শুকান বাঁহৰ উপাচাৰ। বাঁহৰ উপাচাৰৰ কিছুমান পৰম্পৰাগত প্ৰণালীও আছে।<ref name=":0" />