অপাৰেচন বজৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
আলফাই সেইসময়ত ধনদাবী, হত্যা, অপহৰণ আদি বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই গৈছিল। আলফাই ডুমডুমাত সাতখন চাহবাগিছা থকা ইউনিলিভাৰ কোম্পানী আৰু [[গুৱাহাটী চাহ নিলাম কেন্দ্ৰ]]ৰ পৰা বছৰি বিক্ৰী হোৱা মুঠ চাহৰ ৬০% চাহ ক্ৰয় কৰা ব্ৰুকলেণ্ড আৰু লিপ্টন কোম্পানীক চাৰে তিনি কোটি টকা দিবলৈ আদেশ দিয়ে। ইউনিলিভাৰ কোম্পানীৰ ভাৰতৰ শাখা হিন্দুস্তান ইউনিলিভাৰে তেওঁলোকৰ লণ্ডনৰ কাৰ্য্যালয়ক এই বিষয়ে অৱগত কৰে। লণ্ডনৰ কাৰ্য্যালয়ৰ ভাৰতৰ সেইসময়ৰ উচ্চায়ুক্ত কুলদীপ নায়াৰৰ সৈতে সুসম্পৰ্ক আছিল। গতিকে এই বিষয়টো কুলদীপ নায়াৰক জনোৱাত তেওঁ [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰক]] আলফাৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়।সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে অসমত অপাৰেচন বজৰঙ চলাবলৈ সিদ্ধান্ত কৰে।<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>
 
তদুপৰি আলফাই ১৯৮৯-৯০ৰ ভিতৰত বহুকেইটা হত্যাকাণ্ড সংঘটিত কৰিছিল। তাৰ ভিতৰত আছিল উদ্যোগপতউদ্যোগপতি স্বৰাজ পালৰ ভায়েক সুৰেন্দ্ৰ পাল, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী, অইল ইণ্ডিয়াৰ প্ৰৱন্ধক পি কে ডি ৰামামূৰ্তী, কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ জি এল হৰলালকা আৰু হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্প’ৰেচনৰ প্ৰৱন্ধক ডি চলিহা৷ তদুপৰি আলফাই গুৱাহাটী শোধনাগাৰৰ সাধাৰণ প্ৰৱন্ধক এইচ কে এল দাসক অপহৰণ কৰিছিল যদিও পিছত এৰি দিয়ে।<ref name="hindustan">{{cite news | url=https://www.hindustantimes.com/books/book-excerpt-the-ulfa-tea-estate-extortion-that-led-to-operation-bajrang-in-1990/story-BcG3Co17v7aI006WpN1npO.html | title=Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990 | date=Aug 30, 2017 | agency=Hindustan Times | accessdate=16 February 2019}}</ref>
 
==পৰিকল্পনা==