নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মই, ড০ ৰবীন জামান । মোৰ ঘৰ মেঘালয়পশ্চিম গাৰোপাহাৰ জিলাফুলবাৰীত। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াওঁ।

১৯৭৫ চনৰ ০১ মাৰ্চ তাৰিখে মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীত মোৰ জন্ম হয়। দেউতা লক্ষীপুৰৰ খণ্ড উন্নয়ণ বিষয়া আছিল বাবে গোৱালপাৰা জিলালক্ষীপুৰত মোৰ শৈশৱকাল অতিবাহিত হয় । ব্লক অফিচৰ কোৱাৰ্টাৰৰ গাতে লাগি থকা বিশাল শাল গছৰ বননিয়ে মোক আজিও হাতবাউলি মাতে ।

পৰিয়াল সম্পাদনা কৰক

মা, মই, মোৰ পৰিবাৰ, ছোৱালী নিশাত, আৰু ল'ৰা ৰিশ্বাদৰ সৈতে পাঁচজনীয়া পৰিয়াল আমাৰ। মোৰ দেউতা আলহাজ তৈয়বুজ জামান এজন খণ্ড উন্নয়ন বিষয়া আছিল যদিও কৃষি কৰ্মতো সমানেই পাৰদৰ্শী আছিল । মা ছামছুন নেহাৰ তৈয়ব এগৰাকী গৃহিণী।

শিক্ষা সম্পাদনা কৰক

মই লক্ষীপুৰ নিদানপুৰৰ সবিতা বিদ্যাপীঠত প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰোঁ। তাৰ পিছত ফুলবাৰী এল.পি.স্কুলৰ পৰা পাছ কৰি কিছুদিন ফুলবাৰীৰ জে.এন. হাইস্কুলত পঢ়ি দক্ষিণ শালমাৰাৰ ৰাণী ভবানী প্ৰিয়া হায়াৰ ছেকেণ্ডাৰীৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰোঁ । ইয়াৰ পিছতেই ধুবুৰীভোলানাথ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰী লাভ কৰোঁ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত গোৱালপৰীয়া উপভাষাত Ph.D কৰিলোঁ । কৰ্মজীৱনৰ পাতনি মেলো মেঘালয়ৰ কাজী এণ্ড জামান কলেজত । কিছুদিন চাকৰি কৰাৰ পিছতে মানকাচৰ মহাবিদ্যালয়ত যোগদান কৰোঁ আৰু বৰ্তমানেও কৰ্মৰত মানকাচৰ মহাবিদ্যলয়ত । ইতিমধ্যে দুবাৰকৈ UGC -ৰ Minor Research Project -ৰ অনুদান পাই দুটাকৈ গৱেষণা গ্ৰন্থৰ কাম সম্পন্ন কৰোঁ ।