অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
 
==ইতিহাস==
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই। ইয়াৰ প্ৰতিষ্ঠাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান।<ref name="৩">Kalita, A(2017)Education through Museum: A Historical Study of the Assam State Museum, Guwahati,International Journal of Humanities & Social Science Studies,. 347-353</ref> কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত শিচৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ স্বেস্বাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিলে শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী। তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন।<ref name="৩"/> সংগ্ৰহালয়টোৰ প্ৰথমে নাম আছিলে অসম প্ৰাদেশিক সংগ্ৰহালয় আৰু মুকলি কৰিছিলে অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নেইল ৰেইডে ১৯৪০ চনৰ ২১এপ্ৰিলত।<ref name="৩"/> পিছত ১৯৫৩ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে সংগ্ৰহালয়টোৰ দ্বায়িত্ত্বদায়িত্ব লয়। যদিও সংগ্ৰহালয়টোক এক সাংস্কৃতিক সংগ্ৰহালয় হিচাপে গঠন কৰাৰ ইচ্ছা কৰা হৈছিল যদিও ই এটা মূলতঃ এটা পুৰাতাত্বিক সংগ্ৰহালয় আছিল।<ref name="৩"/> পি ডি চৌধুৰীৰ দিনত বিভিন্ন বিভাগৰ গেলেৰী যোগ কৰি সংগ্ৰহালয়টোক বহুমুখী সংগ্ৰহালয় কৰা হয়।<ref name="৩" />
 
কামৰূপ অনুসন্ধান সমিতিৰ সংগ্ৰহসমূহে সংগ্ৰহালয়টোলৈ যথেষ্ট বৰঙনি যোগাইছিল। কামৰূপ অনুসন্ধান সমিতিৰ পৰা সংগ্ৰহালয়টোৱে লাভ কৰা বিভিন্ন সম্পদসমূহৰ পৰিমাণ আছিল এনেধৰণৰ:<ref name="১১">Choudhury, R. D., (1966) Handbook Of Assam State Museum, Guwahati, Directorate of Museum</ref>