মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
20 নং শাৰী:
}}
'''মোহনদাস কৰমচান্দ গান্ধী''' ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}; {{lang-hi|मोहनदास करमचंद गांधी}}, {{lang-en|Mohandas Karamchand Gandhi}}), উচ্চাৰণ: {{IPA-hns|moːˈɦənd̪aːs kəˈrəmtʃənd̪ ˈɡaːnd̪ʱi||Hi-Mohandas Karamchand Gandhi pronunciation 1.oga}}. ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) [[বৃটিছ ভাৰত]]ৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত ''[[সত্যাগ্ৰহ]]ৰ'' পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়<ref>Gandhi, "The Momentous Issue", ''Young India'', 10 November 1921, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL025.PDF vol. 25], pp. 76–8; and letter to P. Kodanda Rao, 10 September 1935, in ''Collected Works of Mahatma Gandhi'', electronic edition,[http://www.gandhiserve.org/cwmg/VOL067.PDF vol. 67], p. 400, where he stated: "... I found that even civil disobedience failed to convey the full meaning of the struggle. I therefore adopted the phrase civil resistance."</ref>। তেখেতক সাধাৰণতে '''মহাত্মা''' ([[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰে]] প্ৰদান কৰা সন্মানসূচক {{lang-sa|महात्मा}}, {{lang-en|mahātmā}}, ({{IPA-hns|məˈɦaːt̪maː|}} বা "মহান আত্মা"),<ref>an honorific first applied to him by[[Rabindranath Tagore]]). {{Cite document|title=The Mahatma and the Poet|last=Bhattacharya|first=Sabyasachi|publisher=National Book Trust, India|place=New Delhi|year=1997|page=1|ref=harv}}</ref> নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক ''জাতিৰ পিতা''ৰ মৰ্য্যদা দিয়ে আৰু সেয়ে ''বাপু'' বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত ''[[গান্ধী জয়ন্তী]]'' আৰু বিশ্বজুৰি ''[[আন্তৰ্জাতিক অহিংসা দিবস]] হিচাবে পালন কৰা হয়।
গান্ধীয়ে [[দক্ষিণ আফ্ৰিকা]]ত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘুৰিঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ ''[[স্বৰাজ]]'' অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া ''নিমখ কৰ''ৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত [[নিমখ সত্যাগ্ৰহ|দাণ্ডিযাত্ৰা]] নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে '''[[ভাৰত ত্যাগ আন্দোন]]''' আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু [[দক্ষিণ আফ্ৰিকা]]তো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।
 
গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যৱহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদ্গণি দিছিল। [[সবৰমতী আশ্ৰম]]ত অত্যন্ত সাধাৰণ ভাবে থকা গান্ধীয়ে হাতেকটা সূতাৰে তৈয়াৰী আঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ ঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যৱহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামিষাহাৰী গান্ধীয়ে প্ৰায়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে অনশন কৰিছিল।
 
== জীৱনৰ প্ৰথমচোৱা ==
34 নং শাৰী:
|url = http://www.ivu.org/history/gandhi/road.html}}</ref>
[[চিত্ৰ:Gandhi and Kasturbhai 1902.jpg|left|thumb|240px|গান্ধী আৰু তেওঁৰ স্ত্ৰী [[কস্তুৰবা গান্ধী|কস্তুৰবা]] (১৯০২)]]
[[১৮৮৩]] চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি [[কস্তুৰবা গান্ধী|কস্তুৰবা মাখাঞ্জীৰ]] (কস্তুৰবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়। তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান ক্ৰমে: [[হৰিলাল গান্ধী]] (জন্ম ১৮৮৮), [[মণিলাল গান্ধী]] (জন্ম ১৮৯২), [[ৰামদাস গান্ধী]] (জন্ম ১৮৯৭) আৰু [[দেৱদাস গান্ধী]] (জন্ম ১৯০০)। মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল। ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল। গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কলেজত অধ্যয়ন কালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক।
 
১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী [[লণ্ডন]]ৰ ইউনিভাৰ্ছিটি কলেজলৈ যায়। লণ্ডনত পঢ়াৰ সময়ছোৱাত গান্ধীৰ জীৱন যাপন আছিল ছাত্ৰকালতে মাকক দিয়া শপত বাক্যৰ দ্বাৰা প্ৰভাৱিত। এগৰাকী জৈন সন্ন্যাসী বেচাৰ্জীৰ সম্মুখত তেওঁ মাকৰ আগত শপত লৈছিল যে তেওঁ মাংস, মদ আৰু উচ্ছৃঙ্খলতা ত্যাগ কৰাৰ লগতে হিন্দু নৈতিক উপদেশ পালন কৰি জীৱন যাপন কৰিব। অৱশ্যে তেওঁ ইংৰাজৰ কিছুমান আদৱ-কায়দা পৰীক্ষামূলক ভাৱে গ্ৰহণ কৰিছিল, যেনে নাচৰ শিক্ষা। কিন্তু তেওঁৰ ভাৰাঘৰৰ মালিকনীয়ে দিয়া ভেড়াৰ মাংস আৰু বন্ধাকবি তেওঁ খোৱা নাছিল। লণ্ডনত অৱস্থিত অতি কম সংখ্যক নিৰামিষ ভোজনালয়তে তেওঁ দৈনিক আহাৰ গ্ৰহণ কৰিছিল। মাকক দিয়া শপত বাক্যৰ উপৰিও নিৰামিষ ভোজনৰ উপকাৰিতা সম্বন্ধে তেওঁ পঢ়া-শুনাও কৰে আৰু একান্ত আগ্ৰহী হৈয়েই নিৰামিষাহাৰী হয়। তেখেতে ''নিৰামিষভোজী সংঘ''ত যোগ দিয়ে আৰু কাৰ্যকৰী কমিটিৰ সদস্যও নিৰ্বাচিত হয়, লগতে এই সংস্থাৰ এটা স্থানীয় শাখাও প্ৰচলন কৰে। তেখেতৰ এই অভিজ্ঞতা পৰৱৰ্তী জীৱনৰ সাংগঠনিক কাম-কাজৰ সহায়ক হয়। নিৰামিষভোজী বহুতো সদস্য ''থিওছ'ফিকেল ছ'ছাইটি'' (Theosophical Society)-ৰো সদস্য আছিল। এই ছ'ছাইটি গঠিত হৈছিল ১৮৭৫ চনত; সাৰ্বজনীনসৰ্বজনীন ভ্ৰাতৃত্বৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াত ধৰ্ম শিক্ষা হিচাপে বৌদ্ধ আৰু হিন্দু ব্ৰাহ্মণ্য দসাহিত্য পঢ়ুওৱা হৈছিল। ইয়াতেই গান্ধীয়ে [[ভাগৱত গীতা]] অধ্যয়ন কৰিবলৈ অনুপ্ৰেৰণা পাইছিল। ইয়াৰ আগলৈকে ধৰ্মৰ কাৰণে গান্ধীয়ে বিশেষ উৎসাহ অনুভৱ কৰা নাছিল যদিও এই সময়তে তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰে।
 
১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ওকালতি কৰাৰ অনুমতি পায় আৰু ভাৰতলৈ উভতি আহে। স্বগৃহলৈ উভতি আহি তেখেতে জানিব পাৰে যে ইতিমধ্যে মাকৰ মৃত্যু হৈছে আৰু বিদেশত থকা কালত তেখেতক এই কথা জানিবলৈ দিয়া হোৱা নাছিল।<ref name="Brown1991">Brown, (1991).</ref> [[মুম্বাই|বোম্বাই]]ত তেখেতে ওকালতি আৰম্ভ কৰে। কিন্তু তেখেতৰ ওকালতি পেছা ভালকৈ আগবঢ়া নাছিল, কাৰণ আদালতত কথা ক'বলৈ তেখেতে অসুবিধা পাইছিল। সেয়ে তেওঁ ৰাজকোটলৈ উভতি আহে আৰু 'আৰ্জি লেখক' হিচাপে কাম কৰিবলৈ লয়। কিন্তু এক ইংৰাজ বিষয়াৰ লগত হোৱা মতানৈক্যৰ ফলস্বৰূপে এই কামো তেখেতে বন্ধ কৰিবলগীয়াত পৰে।<ref name="Tendulkar1951">Tendulkar (1951).</ref><ref name="Brown1991"/> ১৮৯৩ চনত তেখেতে 'দাদা আব্দুল্লা এণ্ড কো.' নামৰ ছাউথ আফ্ৰিকাৰ ব্ৰিটিছ উপনিবেশ নাটালত অৱস্থিত এক ভাৰতীয় কোম্পানীৰ লগত এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু আৰু দক্ষিণ আফ্ৰিকালৈ যায়।<ref name="Tendulkar1951"/>
54 নং শাৰী:
== দক্ষিণ আফ্ৰিকাৰ গণঅধিকাৰ আন্দোলন (১৮৯৩-১৯১৪) ==
[[চিত্ৰ:Gandhi South-Africa.jpg|right|thumb|200px|১৮৯৫ চনত [[দক্ষিণ আফ্ৰিকা|দক্ষিণ আফ্ৰিকা]]ত গান্ধী]]
দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ইয়াতেই তেওঁ ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাবে প্ৰচলিত বৈষম্যৰ চিকাৰ হয়। এদিনাখন [[ডাৰবান]]ৰ আদালতৰ মেজিষ্ট্ৰেটে তেখেতক পাগুৰি খুলিবলৈ আদেশ দিয়ে। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা বাহিৰ হৈ আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণ কালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও তেখেতক ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃতীয় শ্ৰেণীলৈ স্থানান্তৰ কৰা হয়। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰে, কাৰণ তেখেতে এজন ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল। যাত্ৰাপথত কেবাবাৰো এনে বৈষম্যৰ মুখামুখি হোৱাৰ উপৰিও কেইবাখনো হোটেলতো গান্ধীক থাকিবলৈ দিয়া হোৱা নাছিল। এই ঘটনাৱলীয়ে গান্ধীৰ পাছৰ পৰ্যায়ৰ সামাজিক কাৰ্যকলাপৰ দিশ নিৰ্ণয় কৰে। ভাৰতীয়সকলে সততে সন্মুখীন হোৱা বৰ্ণভেদ, কুসংস্কাৰ আৰু অবিচাৰ দেখি গান্ধীয়ে জনগণৰ মৰ্য্যদা আৰু সামাজিক অৱস্থান সম্পৰ্কে সচেতন হয়।
 
দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ ভোটাধিকাৰ নাছিল। এই অধিকাৰ আদায়ৰ বিল উত্থাপনৰ বাবে জনজাগৰণ সংগঠিত কৰি তেওঁ আৰু কিছুদিন দক্ষিণ আফ্ৰিকাতে থাকে। বিলখনৰ উদ্দেশ্য সিদ্ধি নহ'লেও এই আন্দোলনে সেই দেশৰ ভাৰতীয়সকলক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কৰি তুলিছিল। [[১৮৯৪]] চনত গান্ধীয়ে [[নাটাল ইণ্ডিয়ান কংগ্ৰেছ]] প্ৰতিষ্ঠা কৰে। এই সংগঠনে সেই স্থানৰ ভাৰতীয়সকলক ৰাজনৈতিকভাবে সংঘবদ্ধ কৰে। [[১৮৯৭]] চনৰ জানুৱাৰী মাহত এক সংক্ষিপ্ত ভ্ৰমণ সম্পন্ন কৰি ভাৰতলৈ উভতি অহাৰ পথত শ্বেতাঙ্গসকলৰ এটা গোটে গান্ধীক প্ৰাণে মৰাৰ চেষ্টা কৰে। গান্ধীয়ে এই গোটৰ বিৰুদ্ধে কোনো অভিযোগ দিয়া নাছিল। কাৰণ, এজনৰ ব্যক্তিগত ভুলৰ বাবে সমগ্ৰ দলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটোক তেওঁ সমৰ্থন নকৰিছিল।
 
[[১৯০৬]] চনত ট্ৰান্সভাল চৰকাৰে উপনিবেশখনৰ ভাৰতীয়সকলক প্ৰবন্ধনত বাধ্য কৰাবৰ বাবে এখন আইন পাছ কৰে। [[১১ ছেপ্টেম্বৰ]] [[জোহান্সবাৰ্গ]]ত সংঘটিত এক গণ প্ৰতিৰোধত গান্ধীয়ে সকলোকে এই আইন বৰ্জন কৰাৰ বাবে আহ্বান কৰে। তেওঁ কৈছিল, আইন নমনাৰ কাৰণে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ হ'ব সেইখিনি সহ্য কৰা যাব, কিন্তু আইন মানি চলা নহ'ব। এই পৰিকল্পনাই সাফল্য লাভ কৰে আৰু ৭ বছৰ বিয়পা আন্দোলনৰ সূত্ৰপাত হয়। এই সময়ত আইন অম্যান্য কৰা, প্ৰবন্ধন কাৰ্ড পুৰি পেলোৱা আদি বিভিন্ন 'দোষ'ত বহুতো ভাৰতীয়ক বন্দী কৰা হয়। কেবাসংখ্যক লোক আহত বা নিহত হয়। চৰকাৰ সফলতাৰ দিশত আগুৱাই যাবলৈ আৰম্ভ কৰে। কিন্তু শান্তিকামী এই প্ৰতিবাদৰ প্ৰতি গ্ৰহনগ্ৰহণ কৰা দমনমূলক নীতিৰ বিৰোধিতা কৰি দক্ষিণ আফ্ৰিকাৰ সাধাৰণ মানুহৰ মাজৰপৰাই প্ৰতিবাদ আৰম্ভ হয়। অগত্যা, দক্ষিণ আফ্ৰিকাৰ জেনেৰেল ইয়ান ক্ৰিশ্চিয়ান স্মুট-এ গান্ধীৰ সৈতে আপোচ কৰিবলৈ বাধ্য হয়। ইয়াৰ মাজেৰেই গান্ধীৰ আদৰ্শই প্ৰতিষ্ঠা পায়, সত্যাগ্ৰহ আন্দোলনে নিজৰ স্বৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে।
 
===গান্ধী আৰু আফ্ৰিকাবাসী===
[[File:Gandhi Boer War 1899.jpg|upright|thumb|[[দ্বিতীয় বোয়েৰ যুদ্ধ]]-ত ([[:en:Second Boer War|Second Boer War]]) (১৮৯৯) এম্বুলেন্স সেৱা বিভাগত কৰ্মৰত গান্ধী]]
 
দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত গান্ধীৰ কৰ্মক্ষেত্ৰ ঘাইকৈ ভাৰতীয়সকলৰ লগতে সীমাবদ্ধ আছিল, আৰু থলুৱা আফ্ৰিকানসকলৰ লগত একে শাৰীতে ভাৰতীয়সকলকো ৰখাৰ তেওঁ বিৰোধিতা কৰিছিল।<ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 150</ref><ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, p. 74</ref><ref>The Collected Works of Mahatma Gandhi, Government of India (CWMG), Vol I, pp. 244–245</ref> শ্বেতাংগসকলৰ শাসনকালত বিভিন্ন জাতিৰ মাজত বৈষম্যমূলক নীতি আৰোপ কৰি তেওঁলোকৰ মাজত মতানৈক্য সৃষ্টি কৰা হৈছিল। ইতিহাসবিদ ভানা (Bhana) আৰু ৱাহেদ (Vahed)-ৰ মতে প্ৰথমে গান্ধীয়েও এই বৈষম্য ৰখাটো সমৰ্থন কৰিছিল যদিও কাৰাবাসত থকা সময়ছোৱাত তেখেত কৃষ্ণবৰ্ণৰ লোকসকলৰ প্ৰতি কৰা অবিচাৰৰ প্ৰতি সজাগ হয়।
 
১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নাটালৰ [[জুলু]] সম্প্ৰদায়ৰ ৰাজ্যৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত গান্ধীয়ে ভাৰতীয়সকলক যোগদান দিয়াটৌ সমৰ্থন কৰিছিল। {{citation needed|date=August 2012}} তেখেতে বিচাৰিছিল এই যুদ্ধত ভাৰতীয়সকলৰ যোগদানে তেওঁলোকৰ পূৰ্ণ নাগৰিকত্বৰ দাবীৰ প্ৰতি আস্থা আনিব পাৰিব। {{citation needed|date=August 2012}} ইংৰাজ চৰকাৰে গান্ধীৰ মনোবাঞ্ছা মানি লৈ ২০ গৰাকী ভাৰতীয় স্বেচ্ছাসেৱকৰ দ্বাৰা গঠিত এম্বুলেন্স সেৱাৰ সহযোগী গোট গঠন কৰে। গান্ধীয়ে এই গোটৰ নেতৃত্ব দিছিল আৰু প্ৰায় দুমাহ এই গোটত কৰ্মৰত আছিল।<ref name="Herman2010">Herman, (2010). p. 137.</ref> এই সময়ত লাভ কৰা অভিজ্ঞতাৰপৰা তেওঁ বুজিছিল যে সুগঠিত ইংৰাজ সেনাৰ লগত যুদ্ধত নিয়োজিত হৈ বিজয়লাভ অসম্ভৱ, ইংৰাজক সেও মনাবলৈ বিশুদ্ধ অন্ত:কৰণেৰে অহিংস আন্দোলন আঁকোৱালি লোৱাৰ গত্যন্তৰ নাই।<ref name="Gandhi2006b">Gandhi, Rajmohan (2006), [http://books.google.co.in/books?id=FauJL7LKXmkC&pg=PA108&redir_esc=y#v=onepage&q&f=false pp. 108–109].</ref>
 
দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত, মহাত্মা গান্ধীক জাতীয় বীৰ হিচাপে স্বীকৃতি দিয়া হয়।<ref name="Mbeki2006">Smith, (2006).</ref>
77 নং শাৰী:
{{See also|World War I#The role of India|label 1=The role of India in World War I}}
প্ৰথম বিশ্বযুদ্ধৰ দ্বিতীয় ভাগত ভাৰতৰ ভাইচৰয় ফ্ৰেডেৰিক থেছীগাৰে দিল্লীত অনুষ্ঠিত যুদ্ধৰ এক বৈঠকলৈ গান্ধীক নিমন্ত্ৰণ কৰে<ref>
[[s:Chronology of Mahatma Gandhi's life/India 1918|Chronology of Mahatma Gandhi's Life:India 1918]] in WikiSource based on the [[s:The Collected Works of Mahatma Gandhi|Collected Works of Mahatma Gandhi]]. Based on public domain volumes.</ref> যুদ্ধৰ প্ৰতি গান্ধীৰ সমৰ্থন আদায় আৰু ভাৰতৰ স্বাধীনতা সম্বন্ধে আলোচনা কৰিবলৈ।<ref name="Recruiting">Gandhi,(1940). [http://wikilivres.ca/wiki/The_Story_of_My_Experiments_with_Truth/Part_V/Recruiting_Campaign Chapter "Recruiting Campaign"].</ref> এই যুদ্ধত গান্ধীয়ে ভাৰতীয় সকলক নিয়োজন কৰাত সন্মতি আগবঢ়ায়। গান্ধীয়ে ১৯০৬ চনত জুলু সকলৰ লগত যুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে (১৯১৪) যুদ্ধত সৈনিকৰ পৰিৱৰ্তে সেৱা বিভাগত যোগ দিয়াৰহে পোষকতা কৰিছিল। ১৯১৮ চনৰ আলোচনাত গান্ধীয়ে সৈনিক হিচাপে ভাৰতীয় লোকক যোগ দিয়াৰ কথাটোত মান্তি হৈছিল।<ref name="wikilivres.ca">Desai, (1930).</ref> ১৯১৮ চনৰ জুন মাহত প্ৰকাশিত 'যুদ্ধত যোগদানৰ বাবে আবেদন' শীৰ্ষক এক প্ৰচাৰপুস্তিকাত গান্ধীয়ে লিখিছিল, "এনে এটা অৱস্থা পাবলৈ আমি নিজকে প্ৰতিৰক্ষা দিয়াৰ ক্ষমতা লাভ কৰিব লাগিব। এই ক্ষমতাৰ বাবে অস্ত্ৰ তুলি লোৱাৰ আৰু ব্যৱহাৰ কৰাৰ সামৰ্থ প্ৰয়োজনীয়... অস্ত্ৰ ব্যৱহাৰৰ পূৰ্ণ সামৰ্থ্য পাবলৈ সৈনিক হিচাপে যোগদান কৰাৰ গত্যন্তৰ নাই। " ("To bring about such a state of things we should have the ability to defend ourselves, that is, the ability to bear arms and to use them...If we want to learn the use of arms with the greatest possible despatch, it is our duty to enlist ourselves in the army.")<ref name="CollectedWorks17b">Gandhi, (1965) Collected Works, [http://www.gandhiserve.org/cwmg/VOL017.PDF Vol 17.] Chapter "67. Appeal for enlistment", Nadiad, 22 June 1918</ref> অৱশ্যে ভাইচৰয়ৰ ব্যক্তিগত সচিবলৈ লিখা এক পত্ৰত অৱশ্যে গান্ধীয়ে নিশ্চিত কৰি দিছিল যে "ব্যক্তিগত পৰ্যায়ত তেওঁ বন্ধু বা শত্ৰু কাকোৱেই হত্যা বা আঘাত কৰিব নোৱাৰে। " ("personally will not kill or injure anybody, friend or foe.")<ref name="CollectedWorks17c">Gandhi, (1965) Collected Works, [http://www.gandhiserve.org/cwmg/VOL017.PDF Vol 17.] "Chapter 8. Letter to J. L. Maffey", Nadiad, 30 April 1918.</ref>
 
যুদ্ধত যোগদানৰ বাবে গান্ধীয়ে জনোৱা সঁহাৰি দেখি তেখেতৰ অহিংস নীতিৰ প্ৰতি কিছু প্ৰশ্ন উঠিছিল। গান্ধীৰ বন্ধু 'চাৰ্লছ এণ্ড্ৰুজ'-এ লিখিছে, "ব্যক্তিগত ভাৱে গান্ধীৰ এই সিদ্ধান্ত আৰু সাধাৰণভাৱে তেখেতৰ নীতিৰ মাজৰ বিৰোধিতা মই কেতিয়াও মানি ল'ব নোৱাৰিলোঁ। এই একেটা কথাকে মই তেখেতৰ লগত মান্তি হ'ব পৰা নাই। " ("Personally I have never been able to reconcile this with his own conduct in other respects, and it is one of the points where I have found myself in painful disagreement.")<ref name="Andrews2008">Andrews (1930).</ref> মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব [[মহাদেৱ দেশাই|মহাদেৱ দেশায়ে]] লিখিছে, 'গান্ধীজীৰ অহিংস নীতি আৰু যুদ্ধৰ যোগদানৰ আহবান এই দুটাৰ মাজত থকা পাৰ্থক্যৰ প্ৰশ্ন অকল সমসাময়িক সময়তে নহয়, আজিও আলোচিত হৈ আছে। ' ("The question of the consistency between his creed of 'Ahimsa' (non-violence) and his recruiting campaign was raised not only then but has been discussed ever since.")<ref name="wikilivres.ca"/>
 
===চম্পাৰন আৰু খেড়া===
96 নং শাৰী:
{{Main|অসহযোগ আন্দোলন}}
[[File:Gandhi spinning.jpg|left|thumb|যঁতৰত সূতা কাটি থকা মহাত্মা গান্ধী, ১৯২০ৰ শেষ ভাগত]]
১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে 'ব্ৰিটিছ ৰাজ'ৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেখেতে 'অস্ত্ৰ' হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। তেখেতে আনকি অতি সাম্প্ৰদায়িক মুছলমান সকলকো তেখেতৰ শান্তিপূৰ্ণ অসহযোগত যোগ দিবলৈ উদ্বুদ্ধ কৰিব পাৰিছিল।<ref>Roberts, "A Review of the Gandhi Movement in India," ''Political Science Quarterly,'' (1923) p. 229</ref> এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাৱৰ '[[জালিয়ানৱালা বাগৰ গণহত্যা|জালিয়ানৱালা বাগত হোৱা গণহত্যা]]ৰ' দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক [[চিপাহী বিদ্ৰোহ|১৮৫৭]]-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছ সকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালা বাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেখেতৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়। {{sfn|Gandhi|1990|p=82}}
 
জালিয়ানৱালা বাগ আৰু ইয়াৰ প্ৰতিক্ৰিয়াত হোৱা সংঘৰ্যলৈ চাই গান্ধীয়ে গান্ধীয়ে পূৰ্ণ স্বায়ত্ত্ব-শাসন আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ পূৰ্ন নিয়ন্ত্ৰণৰ প্ৰতি মনোনিবেশ কৰে। কালক্ৰমত ইয়েই 'স্বৰাজ'ৰ দাবীত পৰিণত হয়। স্বৰাজৰ দ্বাৰা গান্ধীয়ে 'সম্পূৰ্ণ ব্যক্তিগত, আধ্যত্মিক আৰু ৰাজনৈতিক স্বাধীনতা'ৰ (complete individual, spiritual, political independence) দাবী তুলিছিল।<ref name="Chakrabarty2008">{{cite book|last=Chakrabarty|first=Bidyut|title=Indian politics and society since independence: events, processes and ideology|url=http://books.google.com/books?id=QzQHZ178C24C&pg=PA154|accessdate=4 April 2012|year=2008|publisher=Routledge|isbn=978-0-415-40868-4|page=154}}</ref> এই সময়তে গান্ধীয়ে নিজকে 'গোঁড়া পন্থী হিন্দু' বুলি উল্লেখ কৰিছিল আৰু ১৯২১ চনত বৰতালৰ স্বামীনাৰায়ণ মন্দিৰত দিয়া এক ভাষণত কৈছিল হিন্দু ধৰ্মত অসহযোগিতা এক প্ৰাসংগিক ধাৰণা বুলি উল্লেখ কৰিছিল। তেখেতে কৈছিল:
<blockquote>এই পৱিত্ৰ স্থানত মই কওঁ যে যদি আপুনি 'হিন্দু ধৰ্ম'ক ৰক্ষা কৰিব বিচাৰিছে, তেন্তে অসহযোগেই হৈছে আপুনি আয়ত্বআয়ত্ত কৰিবলগীয়া প্ৰথম আৰু অন্তিম পন্থা। ' ("At this holy place, I declare, if you want to protect your 'Hindu Dharma', non-cooperation is first as well as the last lesson you must learn up.".<ref name=dh03>Hardiman, (2003). [http://books.google.co.in/books?id=UWYV5qYZ3-oC&lpg=PP1&pg=PA163#v=onepage&q&f=false p. 163]</ref></blockquote>
[[File:Gandhi home.jpg|thumb|[[সবৰমতী আশ্ৰম]], [[গুজৰাট]]ত গান্ধীৰ বাসস্থান]]
 
১৯২১ চনত মোহনদাস গান্ধী [[ভাৰতীয় কংগ্ৰেছ দল]]ৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয় আৰু তেখেতৰ নেতৃত্বত কংগ্ৰেছৰ সংবিধান সলনি কৰি 'স্বৰাজ' দলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এক প্ৰতিকী মূল্যৰ বিনিময়ত দলৰ সদস্যপদ সকলোৰে বাবে মুক্ত কৰা হয়। লগতে দলৰ শৃঙ্খলা বজাই ৰখাৰ বাবে নতুন শাখা প্ৰৱৰ্তন কৰাৰ উপৰিও এই দলক এই বিশেষ শ্ৰেণীৰ লোকৰ সলনি সৰ্বসাধাৰণৰ দল হিচাপে গঠিত কৰাৰ প্ৰয়াস কৰা হয়। [[স্বদেশী আন্দোলন]]ৰ বাবে গান্ধীয়ে অহিংস নীতিৰ পোষকতা কৰে আৰু বিদেশত নিৰ্মিত বস্তু বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। বিদেশী বস্তু বৰ্জন কৰাৰ লগতে গান্ধীয়ে ব্ৰিটেইনত নিৰ্মিত কাপোৰৰ সলনি ঘৰুৱা ভাৱে নৰ্মিত '[[খাদী]]'ৰ প্ৰচলনৰ বাবে ওকালতি কৰে। ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে দিনটোৰ কিছু সময় যঁতৰত সূতা কাটি 'খাদী' কাপোৰ তৈয়াৰ কৰি স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ গান্ধীয়ে আহ্বান কৰিছিল। {{sfn|Gandhi|1990|p=89}}
 
মোহনদাস গান্ধীয়ে কঢ়িয়াই লৈ ফুৰিব পৰা এটা সৰু যঁতৰ উদ্ভাৱন কৰিছিল।<ref name="PopularScience1931">{{cite journal|author=Unattributed|title=Gandhi Invents Spinning Wheel|journal=Popular Science|url=http://books.google.com/books?id=ESgDAAAAMBAJ&pg=PA60|accessdate=14 January 2012|date=December 1931|publisher=Bonnier Corporation|page=60}}</ref> সকলোৰে মাজত শৃঙ্খলাবোধ জগাই তোলা, অতি উচ্চাকাংখাক নিয়ন্ত্ৰণ কৰা আৰু মহিলাসকলকো এই আন্দোলনৰ প্ৰতি উদ্বুদ্ধ কৰা ইয়াৰ ইয়াৰ মূল উদ্দেশ্য আছিল। বিদেশী ব্সতু বৰজন কৰাৰ উপৰিও গান্ধীয়ে ইংৰাজ শিক্ষানুষ্ঠান, আদালত বৰ্জন কৰাৰ বাবেও আহ্বান কৰিছিল। চৰকাৰী চাকৰী ত্যাগ কৰাৰ লগতে ব্ৰিটিছে দিয়া সন্মান আদিও ঘূৰাই দিবলৈ গান্ধীয়ে কৈছিল।<ref name="Shashi1996">Shashi, (19960. p. 9.</ref>
 
'অসহযোগ আন্দোলনে' জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ '[[চৌৰি চৌৰা]]'ত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব। {{sfn|Gandhi|1990|p=105}} এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল।<ref name="GreatSoulReview">Roberts, (2011).</ref> এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত 'এপেণ্ডিচাইটিছ' অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়।<ref name="Datta2006">{{cite book|last=Datta|first=Amaresh|title=The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti)|url=http://books.google.com/books?id=zB4n3MVozbUC&pg=PA1345|accessdate=4 April 2012|date=1 January 2006|publisher=Sahitya Akademi|isbn=978-81-260-1194-0|page=1345}}</ref>
 
মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। [[চিত্তৰঞ্জন দাস]] আৰু [[মতিলাল নেহৰু]]ৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে [[চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী]] আৰু [[চৰ্দাৰ বল্লভভাই পেটেল]]ৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল। {{sfn|Gandhi|1990|p=131}} ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল।<ref name="Gandhi, the forgotten Mahatma Belgaum Congress">{{cite book|last=Jain|first=Jagdishchandra|title=Gandhi, the forgotten Mahatma|year=1987|publisher=Mittal Publications|location=Delhi|isbn=81-7099-037-8|page=17|url=http://books.google.co.in/books?id=NurqxSttqjoC&pg=PA17}}</ref>
 
===লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) (Salt March)===
{{Main|লোণ সত্যাগ্ৰহ}}
[[File:Salt March.ogv|thumb|লোণ সত্যাগ্ৰহৰ বাবে গান্ধী আৰু অনুগামীসকলে কৰা দাণ্ডী যাত্ৰা মূল ভিডিঅ']]
১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মূখসন্মুখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে [[ছাৰ জন ছাইমন]]ৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। এই কাৰণতে ভাৰতৰ ৰাজনৈতিক দলসমূহে এই সমিতিক অস্বীকাৰ কৰিছিল। ১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক [[অংগৰাজ্য]]ৰ ([[:en:dominion|) মৰ্যদামৰ্যাদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে। {{sfn|Gandhi|1990|p=172}}
 
ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে [[লাহোৰ]]ত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে [[ভাৰতৰ স্বাধীনতা দিৱস]] পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্‌যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ [[দাণ্ডী যাত্ৰা]] কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. ({{convert|388|km|mi}}) ভ্ৰমণ কৰি [[আহমেদাবাদ]]ৰপৰা [[দাণ্ডী]]ৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।<ref name="Hatt2002">Hatt, (2002). [http://books.google.com/books?id=f6vvy-J7vhcC&pg=PA33 p. 33].</ref>
 
====নাৰীৰ অংশগ্ৰহনঅংশগ্ৰহণ====
ঘৰুৱা ব্যৱহাৰত নিমখৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে স্ত্ৰীসকলো এই সত্যাগ্ৰহৰ প্ৰতি আকৰ্ষিত হৈছিল। গান্ধীয়ে নাৰীসকলৰ অংশগ্ৰহনঅংশগ্ৰহণ পোষকতা কৰিছিল; তেখেতে কৈছিল: "মহিলাসকলে মোকো তেওঁলোকৰ মাজৰে এজন বুলি ভাবিব পাৰিছে। "("the women have come to look upon me as one of themselves.") গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ [[পৰ্দা প্ৰথা]], [[বাল্য বিবাহ]], অস্পৃশ্যতা আৰু [[সতীদাহ]]ৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল।<ref name="Norvell1997">Norvell, 1997.</ref> মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।<ref name="Sarma1994">Sarma, (1994).</ref>
 
====লোক গাঁথাৰ বীৰ গান্ধী====
১৯২০ৰ দশকত কংগ্ৰেছে গান্ধীয়ে এগৰাকী ত্ৰাণকৰ্তা অৱতাৰৰৰ (messiah) ৰূপত তুলি ধৰিছিল। এই নীতিয়ে সাধাৰণ ভাৰতীয় কৃষকসকলক অহিংসা আন্দোলৰ প্ৰতি আগ্ৰহান্বিত কৰাত সহায় কৰিছিল। ভাৰতৰ বহুতো গাঁৱত প্ৰদৰ্শিত নাট-ভাওনাত গান্ধীক অতীজৰ ভাৰতীয় বীৰসকলৰ নৱজন্মৰ ৰূপ হিচাপে প্ৰদৰ্শন কৰাৰ লগতে কেতিয়াবা দেৱতাৰ ৰূপতো তুলি ধৰিছিল। ভাৰতৰ অশিক্ষিত সকলৰ মাজত এনে নাটবোৰে ব্যাপক প্ৰভাৱ পেলাইছিল। এনে নাটৰ বাহিৰেও ৰচিত গীত-মাত, কংগ্ৰেছে অনুস্থিতঅনুষ্ঠিত কৰা ধৰ্মীয় সভা আদিত মোহনদাস গান্ধীক এনে অৱতাৰী ৰূপত আলোচনা কৰা হৈছিল। ইয়াৰ আধৰতে গান্ধী সাধাৰণ লোকৰ মানত এক লোকবীৰত পৰিণত হৈছিল, লগতে কংগ্ৰেছ দল গান্ধীৰ পৱিত্ৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল।<ref name="Murali1985">Murali, (1985).</ref>
 
====আলোচনা====
[[File:Mahadev Desai and Gandhi 2 1939.jpg|thumb|ভাইচৰয়ে দিয়া চিঠি [[মহাদেৱ দেশায়|মহাদেৱ দেশায়ে]] গান্ধীক পঢ়ি শুনাইছে। বিৰলা হাউছ, বোম্বে, ৭ এপ্ৰিল ১৯৩৯]]
অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে [[লৰ্ড এডৱাৰ্ড আৰউইন]] আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত [[গান্ধী-আৰউইন চুক্তি]] সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুস্থিতঅনুষ্ঠিত [[ঘূৰণীয়া মেজমেল]]লৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘূসকলৰসংখ্যালঘুসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। [[লৰ্ড ৱেলিংটন|লৰ্ড ৱেলিংটনে]] ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহনগ্ৰহণ কৰ। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল।<ref name="Herman2008">Herman (20080. [http://books.google.com/books?id=tquxD6dk914C&pg=PA375 pp. 375–377].</ref>
 
===অস্পৃশ্যতাৰ বিৰুদ্ধে===
দলিত সম্প্ৰদায়ৰ নেতা [[বি. আৰ. আম্বেদকাৰ]]ৰ প্ৰচাৰাভিযানৰ ফলশ্ৰুতিত ১৯৩২ চনত চৰকাৰে 'অস্পৃশ্য' সকলৰ বাবে পৃথক নিৰ্বাচন মণ্ডলী গঠন কৰি দিয়ে। মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদত ছেপ্টেম্বৰ মাহত ছয় দিনীয়া অনশন পালন কৰে। পৰিণতিত গঠিত হোৱা জনমতলৈ লক্ষ্য ৰাখি চৰকাৰে আপোচলৈ আহিবলৈ বাধ্য হয়। [[পালৱাওকাৰ বালু]]য়ে এই আপোচ আলোচনাত মুখ্য ভূমিকা লৈছিল। এই কাৰ্যৰে গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিত সম্প্ৰদায়সমূহৰ লোকৰ জীৱন যাপনৰ মান উন্নত কৰিবলৈ এক অভিযানৰ আৰম্ভণি কৰে। গান্ধীয়ে সমাজৰ অস্পৃশ্য বুলি পৰিচিতসকলক '[[হৰিজন]]' (হৰিৰ পুত্ৰ) বুলি আখ্যা দিছিল।<ref name="Coward2003">Coward, (2003). [http://books.google.com/books?id=GGGudMuE4PIC&pg=PA53 pp. 52–53].</ref>
 
১৯৩৩ চনৰ ৮ মে তাৰিখে গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে ২১ দিনীয়া অনশন কৰে, আৰু এবছৰ জোৰা হৰিজন আন্দোলনৰ আৰম্ভণি কৰে। {{sfn|Gandhi|1990|pp=230–232}} অৱশ্য [[দলিত]] সমাজৰ সকলোৱে এই আন্দোলন সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীয়ে আখ্যা দিয়া 'হৰিজন' শব্দৰ বিৰোধিতা কৰিছিল আৰু কৈছিল যে দলিতসকল সামাজিক ভাৱে পৈণত হোৱা নাই আৰু উন্নত জাতিৰ লোকসকলে দলিত সকলৰ ওপৰত 'সদাশয় স্বৈৰাচাৰ'ৰ (paternalistic) ভূমিকা লৈ আহিছে। আম্বদেকাৰ আৰু তেখেতৰ সমৰ্থকসকলে বিশ্বাস কৰিছিল যে গান্ধীয়ে দলিতসকলৰ ৰাজনৈতিক অধিকাৰক অৱজ্ঞা কৰি আহিছে। ১৯২৪-২৫ চনত দলিতসকলে মন্দিৰত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰি কৰা আন্দোলনত গান্ধীয়ে সমৰ্থন কৰা নাছিল। আম্বেদকাৰে গান্ধীক 'শঠ আৰু বিশ্বাসৰ অযোগ্য' (devious and untrustworthy) বুলি অভিহিত কৰিছিল।<ref name="GreatSoulReview"/> জন্মসূত্ৰে গান্ধী বৈশ্য সম্প্ৰদায়ৰ আছিল যদিও তেওঁ নিজকে দলিতসকলৰ প্ৰতিনিধি হিচাপে যোগ্য বুলি বিবেচনা কৰিছিল।<ref>[http://books.google.com/books?id=WcLJ3aK-ZSkC&pg=PT354 100 Most Influential People of All Times]. p. 354.</ref> গান্ধী আৰু আম্বেদকাৰৰ মাজত মতবিৰোধ প্ৰায়েই হৈ থাকিছিল, কাৰণ আম্বেদকাৰে দলিতসকলক হিন্দু সম্প্ৰদায়ৰ বাহিৰলৈ নিব বিচাৰিছিল। আনহাৰে গান্ধীয়ে অস্পৃশ্যতাকে দূৰ কৰি হিন্দুত্বক শক্তিশালী কৰিবলৈ বিচাৰিছিল। আম্বেদকাৰে গান্ধীৰ আন্দোলন অত্যন্ত ধীৰ গতিৰ বুলি অভিযোগ কৰিছিল, আনহাতে হিন্দু ৰক্ষণশীল সকলে গান্ধীয়ে শাস্ত্ৰৰ বাণী অৱজ্ঞা কৰি হিন্দু ধৰ্মৰ বিপথে যোৱা বুলি অভিযোগ কৰিছিল। ৰামচন্দ্ৰ গুহই ২০১ চনত মন্তব্য দিয়ে যে "আদৰ্শবাদীসকলে এই পুৰণি শত্ৰুতাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছে আৰু ইয়াৰ বাবেই বৰ্তমানৰ আম্বেদকাৰৰ অনুগামী ৰাজনৈতিক নেতাসকলে গান্ধীক খলনায়কলৈ ৰূপান্তৰ কৰিছে। " ("Ideologues have carried these old rivalries into the present, with the demonization of Gandhi now common among politicians who presume to speak in Ambedkar’s name."<ref>Ramachandra Guha, "The Other Liberal Light" [http://www.tnr.com/article/books-and-arts/magazine/104203/the-other-liberal-light ''The New Republic'' June 22, 2012]</ref> ৰামচন্দ্ৰ গুহৰ মতে গান্ধী আৰু আম্বেদকাৰৰ কৰ্মই পৰিপূৰকৰ কাম কৰিছিল। গান্ধীয়ে প্ৰায়েই আম্বেদকাৰৰ প্ৰশংসা কৰিছিল।
 
১৯৩৪ চনৰ গ্ৰীষ্ম কালত গান্ধীৰ জীৱনৰ ওপৰত তিনিটাকৈ আক্ৰমণ হৈছিল।<ref name="Pyarelal1956">Pyarelal, (1956).</ref><ref name="JonesRyan2007">Jones & Ryan (2007). [http://books.google.com/books?id=hZET2sSUVsgC&pg=PA160 p. 160].</ref>
 
===কংগ্ৰেছ ৰাজনীতি===
১৯৩৪ চনত গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ইস্তাফা দিয়ে। মোহনদাস গান্ধী কংগ্ৰেছৰ দলীয় নীতিৰ বিৰোধী হৈ এই ইস্তাফা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে তেখেতে অৱসৰ ল'লে কংগ্ৰেছৰ সদস্যৰ সংখ্যা বাঢ়িব, কাৰণ তেখেতৰ নীতিয়ে বহুতকে কংগ্ৰেছৰপৰা আঁতৰত ৰাখিছিল। এইসকলৰ ভিতৰত কমিউনিষ্ট, সমাজবাদী (socialist), ট্ৰেড-ইউনিয়ন, ধৰ্মীয় গোড়া সংস্থান, আৰু ব্যৱসায়ীসকল আছিল। তেখেতে এইসকল আহি নিজৰ বক্তব্য কংগ্ৰেছৰ মঞ্চতে দাঙি ধৰাটো বিচাৰিছিল। 'ৰাজ' ব্যৱস্থাত অংশ লোৱাৰ বাবে সাময়িক অনুমোদন জনোৱা কংগ্ৰেছ দলে 'ৰাজ'ৰ অনুমোদনৰ বাবে তেখেতকো হেঁচা দিয়াটো গান্ধীয়ে বিচৰা নাছিল। {{sfn|Gandhi|1990|p=246}}
 
জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯৩৬ চনত লক্ষ্নৌতলক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত গান্ধীয়ে আকৌ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহনগ্ৰহণ কৰে। ভাৰতৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে গুণা-গঁথা কৰি থকাৰ সলনি গান্ধীয়ে পূৰ্ণ স্বাধীনতাৰ বাবে কাৰ্য্যসূচী লোৱাৰ পোষকতা কৰিছিল, কিন্তু তেখেতে কংগ্ৰেছে সমাজবাদক নিজৰ লক্ষ্য হিচাপে গ্ৰহনগ্ৰহণ কৰাত আপত্তি কৰা নাছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সভাপতিৰ পদত অধিস্থিতঅধিষ্ঠিত হোৱা [[সুভাষ চন্দ্ৰ বসু]ৰ লগত গান্ধীৰ মতানৈক্য ঘটিছিল। সুভাষ বসুৱে অহিংস প্ৰতিবাদৰ নীতিত বিশ্বাস ৰখা নাছিল।<ref>Ghose, Sankar (1992). ''Jawaharlal Nehru, A Biography'', [http://books.google.com/books?id=MUeyUhVGIDMC&pg=PA137&dq&hl=en#v=onepage&q=&f=false p. 137]. Allied Publishers Limited.</ref> মহাত্মা গান্ধীয়ে সমৰ্থন নকৰিলেও সুভাষ চন্দ্ৰ বসু দ্বিতীয় বাৰৰ বাবেও কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। মহাত্মা গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী [[ডা. পট্টভি সীতাৰামায়া]] সুভাষ বসুৰ হাতত পৰাজিত হয়। কিন্তু গান্ধীৰ নীতি অমান্য কৰাৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলে সুভাষ বসুৰ বিৰোধিতা কৰি সদস্য পদৰপৰা ইস্তাফা দিয়ে। এই প্ৰতিবাদৰ ফলস্বৰূপে সুভাষ চন্দ্ৰ বসুৱে পদত্যাগ কৰে। {{sfn|Gandhi|1990|pp=277–281}}<ref name="Sarkar2006">Sarkar, (2006).</ref> পট্টভি সীতাৰামায়াৰ পৰাজয় গান্ধীয়ে নিজৰ পৰাজয় বুলি উল্লেখ কৰে।<ref>{{cite web|last=Dash|first=Siddhartha|title=Orissa Review|url=http://orissa.gov.in/e-magazine/Orissareview/jan2005/englishPdf/Gandhi_subhas.pdf|accessdate=12 April 2012}}</ref>
 
===দ্বিতীয় বিশ্বযুদ্ধ আৰু "ভাৰত ত্যাগ আন্দোলন"===
{{Main|ভাৰত ত্যাগ আন্দোলন}}
[[File:Gandhi and Nehru in 1946.jpg|thumb|190px|গান্ধী আৰু নেহৰু, ১৯৪২ চনত]]
১৯৩৯ চনত আৰম্ভ হোৱা [[দ্বিতীয় বিশ্বযুদ্ধ]]ত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে "অহিংস নৈতিক সমৰ্থন" আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ অন্যান্য নেতাসকলে ব্ৰিটিছসকলে নিজাববীয়াকৈ ভাৰতকো বিশ্বযুদ্ধৰ অংশীদাৰ কৰাত আপত্তি কৰিছিল। কাৰণ ব্ৰিটিছে ভাৰতৰ প্ৰতিনিধিৰ মতামত অবিহনেই ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰিছিল। ইয়াৰ প্ৰতিবাদত সকলো কংগ্ৰেছ নেতাই বিধায়িনী সদস্য পদৰপৰা ইস্তাফা দিয়ে। {{sfn|Gandhi|1990|pp=283–286}} দিঘলীয়াদীঘলীয়া মন্থনৰ পাছত গান্ধীয়ে ঘোষণা কৰে যে ভাৰত এই যুদ্ধৰ অংশীদাৰ হ'ব নোৱাৰে, কাৰণ জাতীয় স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে হোৱা এই বিশ্বযুদ্ধত লিপ্ত ইংলেণ্ডে ভাৰতৰ স্বাধীনতাৰ দাবী মানি লোৱা নাই। যুদ্ধ আগবঢ়াৰ লগে লগে গান্ধীয়ে স্বাধীনতাৰ দাবীও প্ৰবল কৰি তোলে আৰু ব্ৰিটিছে 'ভাৰত ত্যাগ' কৰিব লাগিব বুলি 'গোৱালিয়া পুখুৰী মৈদান'ত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। '[[ভাৰত ত্যাগ আন্দোলন]]' কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য'ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল। {{sfn|Gandhi|1990|p=309}}
 
কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিক ভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে 'ভাৰত ত্যাগ' আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়। {{sfn|Gandhi|1990|p=318}}
 
১৯৪২ চনত গান্ধীয়ে অহিংস আন্দোলনৰ পোষকতা কৰিও মন্তব্য দিয়ে যে টুকুৰা-টুকুৰ ভাৱে সংঘটিত হিংসাত্মক কাৰ্যকলাপে আন্দোলনটোক স্থবিৰ কৰি নোতোলে, প্ৰকৃত অৰাজকতাতকৈ ব্ৰিটিছ প্ৰশাসনে সৃষ্টি কৰা 'নিয়মাধীন অৰাজকতা' (ordered anarchy) বেছি ভয়াবহ। (''"ordered anarchy"'' of ''"the present system of administration"'' was ''"worse than real anarchy."'')<ref>{{cite book |title=The Mahatma and mother India: essays on Gandhiʼs non-violence and nationalism |last=Brock |first=Peter |year=1983 |publisher=[[Navajivan Publishing House]] |page=34 |url=http://books.google.com/books?id=vRduAAAAMAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEAQ6AEwAw}}</ref><ref>{{cite book |title=Mahatma Gandhi and Jawaharlal Nehru: a historic partnership |last=Limaye |first=Madhu |authorlink1=Madhu Limaye |isbn=8170185475 |publisher=B. R. Publishing Corporation |year=1990 |page=11 |url=http://books.google.com/books?id=WVIwAQAAIAAJ&q=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&dq=%22anarchy+to+the+present+system+of+administration+because+this+ordered+anarchy+is+worse+than+real+anarchy%22&hl=en&sa=X&ei=tZTsT_u2KMLdqgGVoKDqBQ&ved=0CEUQ6AEwBA}}</ref> ইয়াৰ পাছতেই গান্ধীয়ে সকলো কংগ্ৰছকৰ্মী আৰু ভাৰতীয়ক পূৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি 'কৰো য়া মৰোঁ' নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়।<ref>{{cite book|author=Wilhelm von Pochhammer|title=India's Road to Nationhood: A Political History of the Subcontinent|url=http://books.google.com/books?id=mHLB4m75pisC&pg=PA469|year=2005|publisher=Allied Publishers|page=469}}</ref>
[[File:Gandhi Jinnah 1944.jpg|thumb|মহাত্মা গান্ধী আৰু [[মহম্মদ আলি জিন্না]], বোম্বে, ১৯৪৪]]
১৯৪২ চনৰ ৯ আগষ্টত গান্ধী সমন্বিতে কংগ্ৰছৰ কৰ্মী সংস্থাৰ (Congress Working Committee) সকলো সদস্যকে গ্ৰেপ্তাৰ কৰা হয়। [[পুনা]]ৰ [[আগা খান মহল]] গান্ধীক ২ বছৰৰ বাবে বন্দী কৰি ৰখা হয়। এই বন্দী কালতেই গান্ধীৰ ৫০ বছৰৰ সচিব [[মহাদেৱ দেশাই]]ৰ মৃত্যু হয়। বন্দী দশাৰ ১৮ মাহ পাছত ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী [[কস্তুৰ বা]]ৰো মৃত্যু হয়। ইয়াৰ ছমাহ পাছত গান্ধীয়ে মেলেৰিয়া জ্বৰত ভোগে। বিশ্বযুদ্ধ শেষ হোৱাৰ আগেয়েই ১৯৪৪ চনৰ ৬ মেত স্বাস্থ্যজনিত কাৰণত তেখেতক মুক্ত কৰি দিয়া হয়। ব্ৰিটিছ ৰাজে কাৰাবন্দী হৈ থকা কালতে গান্ধীৰ মৃত্যু হোৱাটো বিচৰা নাছিল। জেলৰপৰা ওলাই গান্ধীয়ে ভাৰতৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পায়--কিছু বছৰৰ আগলৈ প্ৰভাৱহীন হৈ থকা [[সদৌ ভাৰত মুছলীম লীগ]] এক শক্তিশালী ৰাজনৈতিক হিচাপে পৰিগণিত হয়<ref name="Lapping1989">Lapping, (1989).</ref>; লগতে মুছলীয় লীগৰ নেতা [[মহম্মদ আলি জিন্না]]ই তোলা '[[পাকিস্তান]]ৰ দাবী' ভাৰতৰ ৰাজনীতিৰ এক কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৪৪ চনত মুম্বাইত গান্ধীয়ে জিন্নাৰ সৈতে আলোচনা কৰে, কিন্তু জিন্নাই গান্ধীয়ে জনোৱা আহ্বান আওকাণ কৰে কাৰণ আলোচনাত স্বাধীন পাকিস্তানৰ দাবী আলোচনা কৰা হোৱা নাছিল। মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশ সমূহে গঠিত হ'বলৈ যোৱা ভাৰতৰ অংশ হোৱাৰ পৰা আঁতৰি থকাৰ অধিকাৰ পোৱাটো জিন্নাই বিচাৰিছিল।<ref>{{cite news|title=Gandhi, Jinnah Meet First Time Since '44; Disagree on Pakistan, but Will Push Peace|url=http://select.nytimes.com/gst/abstract.html?res=F30A1EFA3F58147B93C5A9178ED85F438485F9|accessdate=25 March 2012|newspaper=[[The New York Times]]|date=7 May 1947}}{{subscription needed}}</ref><ref>{{cite news|last=Jalil|first=Azizul|title=When Gandhi met Jinnah|url=http://www.thedailystar.net/magazine/2006/11/04/history.htm|accessdate=25 March 2012|newspaper=[[The Daily Star (Bangladesh){{!}}The Daily Star]]|year=1944|archiveurl=http://archive.is/Wnw51|archivedate=22 February 2013}}</ref>
168 নং শাৰী:
|publisher=Oxford University Press
|url = http://www.nytimes.com/books/first/w/wolpert-gandhi.html
|isbn = 0-19-513060-X}}</ref> ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে 'অস্পৃশ্য'সকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল।
<ref name="Tønnesson">{{cite web
|last = Tønnesson
187 নং শাৰী:
}}</ref>
 
[[ষ্টেন্‌লী ৱলপৰ্ট]]-ৰ ([[:en:Stanley Wolport|Stanley Wolport]]) মতে:<blockquote> "মহাত্মা গান্ধীয়ে কেতিয়াও ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ বিভাজন সমৰ্থন বা গ্ৰহনগ্ৰহণ কৰা নাছিল ... কিন্তু তেওঁ বেছ পলমকৈহে ধৰিব পাৰিছিল যে তেওঁৰ নিকটতম সহকৰ্মী আৰু অনুগামীসকল আদৰ্শতকৈ ক্ষমতাৰ প্ৰতিহে বেছি লালায়িত আছিল, আৰু তেখেতৰ নিজস্ব দৰ্শনো এই ধাৰণাৰ দ্বাৰা ভ্ৰমিত আছিল যে তেখেতে নেতৃত্ব দিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম অহিংস আছিল। " <br />"..plan to carve up British India was never approved of or accepted by Gandhi...who realised too late that his closest comrades and disciples were more interested in power than principle, and that his own vision had long been clouded by the illusion that the struggle he led for India's freedom was a nonviolent one."<ref>Stanley Wolpert, ''Gandhi's Passion'' p. 7</ref></blockquote>
 
== হত্যাকাণ্ড ==
[[চিত্ৰ:Gandhis ashes.jpg|thumb|left|230px|[[ৰাজঘাট আৰু অন্যান্য স্মাৰক|ৰাজঘাট]]: আগা খান প্ৰসাদত গান্ধীৰ দেহভস্ম (পুনে, ভাৰত)। ]]
১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গান্ধীক গুলিয়াই হত্যা কৰা হয়। সেই সময়ত তেওঁ [[নতুন দিল্লী]]ৰ '''বিৰলা ভৱন'''ৰ সমীপত নৈশকালীন পথসভাত অংশ লৈ আছিল। তেওঁৰ হত্যাকাৰী [[নাথুৰাম গডছে]] এজন হিন্দু মৌলবাদী আছিল আৰু তেওঁৰ চৰমপন্থী হিন্দু মহাসভাৰ সৈতে যোগাযোগ আছিল। পাকিস্তানক অৰ্থ সাহায্য দিয়াৰ প্ৰস্তাৱ দি ভাৰতক দুৰ্বল কৰাৰ কাৰণে হিন্দু মহাসভাই গান্ধীক দোষাৰোপ কৰে।<ref>R. Gandhi, ''Patel: A Life'', p. 472.</ref> গড্‌ছে আৰু তেওঁৰ সহায়কাৰী [[নাৰায়ণ আপ্তে]]ক গান্ধীৰ হত্যাৰ কাৰণে দোষী সাব্যস্ত কৰা হয় আৰু ১৯৪৯ চনত দুয়োকে ফাঁচী দিয়া হয়। বিশ্বাস কৰা হয় যে গান্ধীৰ মুখেৰে উচ্চাৰিত শেষ উক্তিটো আছিল "হে ৰাম", আৰু সেয়ে নতুন দিল্লীৰ [[ৰাজঘাট]]স্থিত গান্ধীৰ স্মৃতিসৌধত এই উক্তিটো খোদিত কৰা আছে।<ref>Vinay Lal. [http://www.sscnet.ucla.edu/southasia/History/Gandhi/HeRam_gandhi.html ‘Hey Ram’: The Politics of Gandhi’s Last Words]. Humanscape 8, no. 1 (January 2001): pp. 34–38.</ref> [[জৱাহৰলাল নেহৰু]]ৱে ৰেডিঅ'যোগে জাতিক উদ্দেশ্যি দিয়া ভাষণত কৈছিল :{{cquote|
"বন্ধু আৰু সহযোদ্ধাসকল, আমাৰ জীৱনৰপৰা পোহৰ হেৰাই গৈছে, আৰু এতিয়া সকলোতে অন্ধকাৰ, আৰু মই প্ৰকৃততে নাজানো আপোনালোকক কি কওঁ আৰু কেনেকৈ কওঁ। আমাৰ মৰমৰ নেতা যাক আমি বাপু বুলি মাতোঁ, আমাৰ জাতিৰ পিতা এতিয়া আৰু নাই। হয়তো মই এনেদৰে কোৱা অনুচিত, কিন্তু আমি তেখেতক আগতে যেনেদৰে দেখিছিলোঁ তেনেদৰে আৰু দেখা নাপাম, কিবা উপদেশ বা সান্ত্বনা বিচাৰি আমি আৰু তেখেতৰ ওচৰলৈ দৌৰি নাযাম, আৰু ই এক মোক্ষম আঘাত, অকল মোৰ কাৰণেই নহয় এই দেশৰ লাখ লাখ মানুহৰ কাৰণে। "<ref>[http://en.wikisource.org/wiki/The_Light_Has_Gone_Out Nehru's address on Gandhi's death]. Retrieved on [[March 15]] [[2007]].</ref> }}
 
গান্ধীৰ ইচ্ছানুসৰি তেওঁৰ দেহভষ্মৰ কিছু অংশ [[নীল নদী]], [[ভল্গা]], [[টেম্‌ছ]] আদি পৃথিৱীৰ বহুকেইখন নদীত বিসৰ্জন দিয়া হয়।
205 নং শাৰী:
 
=== অহিংসা ===
অহিংসাৰ ধাৰণা হিন্দু ধৰ্মীয় চিন্তাধাৰাত পুৰণি কালৰপৰা আছে আৰু বৌদ্ধ, জৈন, ইহুদি আৰু খ্ৰীষ্টিয়ান ধৰ্মীয় চিন্তাধাৰাতো ইয়াৰ নিদৰ্শন পোৱা যায়। গান্ধীয়ে তেওঁৰ জীৱনীত কৈছে: "যেতিয়া মই হতাশ হওঁ, তেতিয়া মই স্মৰণ কৰোঁ যে সমগ্ৰ ইতিহাসত সত্য আৰু ভালৰ জয় হৈ আহিছে। দুঃশাসক আৰু হত্যাকাৰীসকল কোনো সময়ত অপৰাজেয় হ'লেও অৱশেষত তেওঁলোকৰ পতন ঘটে আৰু এই কথা সদায় মনত ৰখা উচিত। "
 
=== নিৰামিষভোজন ===
সৰু কালত গান্ধীয়ে পৰীক্ষামূলকভাৱে মাংস খায়। ইয়াৰ কাৰণ হয়তো তেওঁৰ বংশগত কৌতুহলকৌতূহল বা তেওঁৰ বন্ধু শেখ মেহতা। নিৰামিষভোজনৰ ধাৰণাটো হিন্দু আৰু জৈন ধৰ্মত গভীৰভাৱে বিদ্যমান আৰু সেই সময়ত [[গুজৰাট]]ৰ বেছিভাগ হিন্দু লোকেই আছিল নিৰামিষাহাৰী। গান্ধীৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নাছিল। [[লণ্ডন]]লৈ পঢ়িবলৈ যোৱাৰ আগত গান্ধীয়ে তেওঁৰ মাক '''পুতলি বাই''' আৰু খুড়াক বেচাৰ্জীৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হয় যে, তেওঁ মাংস, মদ আৰু নাৰীসংগৰপৰা আঁতৰত থাকিব। তেওঁ এই প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছিল আৰু খাদ্যাভ্যাসসম্পৰ্কে এক দৰ্শন লাভ কৰিছিল। গান্ধী পিছৰ জীৱনকালত এজন সম্পূৰ্ণ নিৰামিষাহাৰী হৈ উঠে। তেওঁ '''London vegetarian Society'''ৰ সভ্য হয় আৰু ছোছাইটিৰ পত্ৰিকা '''The Vegetarian'''ত নিৰামিষভোজনৰ সম্পৰ্কে বহুকেইটা প্ৰৱন্ধপ্ৰবন্ধ লিখে। ইয়াৰ উপৰিও তেওঁ '''The Moral Basis of Vegetarianism''' নামৰ এখন গ্ৰন্থ লিখি উলিয়ায়।
 
গান্ধীয়ে মাজে মাজে নিৰামিষভোজনৰ পক্ষে আন্দোলনতো যোগদান কৰে। লণ্ডনৰপৰা অহাৰ পাছতো গান্ধীয়ে নিৰামিষ খাবলৈ মানুহক উৎসাহিত কৰে। গান্ধীৰ মতে, নিৰামিষ আহাৰে শৰীৰৰ চাহিদা পূৰণ কৰাৰ লগতে মাছ-মাংস কিনোতে হোৱা খৰচো ৰেহাই হয়। সেই সময়ত বহুতো ভাৰতীয় নিম্নবিত্তীয় হোৱাৰ কাৰণে নিৰামিষভোজনৰ আন্দোলন তেওঁলোকৰ কাৰণে কেৱল আদৰ্শগত আন্দোলনেই নাছিল, ইয়াৰ বাস্তৱ প্ৰয়োজনো আছিল। তেওঁ অধিক ভোজনৰ বিৰোধিতা কৰিছিল আৰু অনশনক ৰাজনৈতিক প্ৰতিবাদৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ দাবী পূৰণৰ কাৰণে বহু সময়ত আমৰণ অনশনৰো পণ কৰিছিল। তেওঁৰ জীৱনীত লিখা আছে যে, নিৰামিষভোজনেই আছিল তেওঁৰ ব্ৰহ্মচৰ্চাত গভীৰ মনোযোগৰ সূচনা। মুখৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে ব্ৰহ্মচৰ্য ব্যৰ্থ হ'ব পাৰে।
 
=== ব্ৰহ্মচৰ্য ===
গান্ধীৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাক ভীষণ অসুস্থ হৈ পৰে, আৰু অসুস্থ হোৱাৰ এই সময়ছোৱা গান্ধীয়ে দেউতাকৰ কাষত কটায়। এনিশা গান্ধীৰ খুড়াকে দেউতাকৰ ওচৰত থাকি গান্ধীক বিশ্ৰামৰ সুযোগ প্ৰদান কৰে। তেওঁ তেওঁৰ শোৱনিকোঠাত গৈ পত্নীৰ সৈতে প্ৰণয়ত লিপ্ত হয়। অলপ পাছতে এজন কৰ্মচাৰীয়ে গান্ধীক তেওঁৰ দেউতাকৰ মৃত্যুৰ সংবাদ জনায়। তেওঁ এই ঘটনাটোত দুগুণ লজ্জা পায় আৰু ইয়ে তেওঁক ১৬ বছৰ বয়সতে বিবাহিত হোৱা সত্বেওসত্ত্বেও ব্ৰহ্মচাৰী হ'বলৈ বাধ্য কৰে।<ref>[http://web.archive.org/web/20000621103733/http://www.time.com/time/time100/poc/magazine/mohandas_gandhi12b.html Time magazine people of the century]</ref>
গান্ধীয়ে ব্ৰহ্মচৰ্যক ঈশ্বৰৰ সান্নিধ্য লাভ আৰু আত্মোপলব্ধিৰ পন্থা হিচাপে গ্ৰহণ কৰিছিল। গান্ধীৰ মতে ব্ৰহ্মচৰ্যৰ অৰ্থ "চিন্তা, বাক্য আৰু কৰ্মৰ নিয়ন্ত্ৰণ"।
 
=== বিশ্বাস ===
গান্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ গোটেই জীৱন হিন্দু ধৰ্ম পালন কৰে আৰু হিন্দু ধৰ্মৰ অধিকাংশ আদৰ্শই গ্ৰহণ কৰে। এজন সাধাৰণ হিন্দু হিচাপে তেওঁ সকলো ধৰ্মৰে প্ৰতি সমভাৱ ৰাখিছিল আৰু প্ৰায় সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। তেওঁ ব্ৰহ্মত্ব সম্পৰ্কে আগ্ৰহী আছিল। হিন্দুত্ব সম্পৰ্কে তেওঁ কৈছিল:
{{quote|হিন্দুত্বই মোক পূৰ্ণৰূপে তৃপ্তিদান কৰে, মোৰ সত্তাক পৰিপূৰ্ণ কৰে...। যেতিয়া মনত সংশয় জন্মে, যেতিয়া হতাশাই মোক আগুৰি ধৰে, আৰু যেতিয়া মই দিগন্তত এক বিন্দু পোহৰো দেখা নাপাওঁনাপাওঁঁ, তেতিয়াই মই [[শ্ৰীমদ্ভগৱত গীতা|ভাগৱত গীতা]]ৰ ফালে চাওঁ, আৰু নিজকে শান্ত কৰাৰ কাৰণে একোটা পংক্তি বিচাৰোঁ, আৰু মই অনতিপলমে অত্যধিক কষ্টৰ মাজতো সুখ অনুভৱ কৰোঁ। মই ভাগৱত গীতাৰ শিক্ষাৰ ওচৰত কৃতজ্ঞ। }}
[[চিত্ৰ:Gandhi Smriti.jpg|thumb|right|250px|[[নতুন দিল্লী]]ত অৱস্থিত মহাত্মা গান্ধীৰ বাসভৱন '''গান্ধী স্মৃতি'''। )]]
<!--attribution required: see image description page at http://en.wikipedia.org/wiki/image:Gandhi Smriti.jpg-->
গান্ধীয়ে [[গুজৰাটী ভাষা]]ত ভাগৱত গীতাৰ সম্পৰ্কে এটি ধাৰাভাষ্য লিখিছিল। গুজৰাটী পাণ্ডুলিপিটো ইংৰাজী ভাষালৈ অনুবাদ কৰে মহাদেৱ দাসে। দাসে ইয়াতে এটা অতিৰিক্ত পাতনি আৰু ধাৰাভাষ্য যোগ কৰে, আৰু ই গান্ধীৰ এটি ভূমিকাসহ ১৯৪৬ চনত প্ৰকাশ পায়।<ref>Desai, Mahadev. The Gospel of Selfless Action, or, The Gita According To Gandhi. (Navajivan Publishing House: Ahmedabad: First Edition 1946). Other editions: 1948, 1951, 1956.</ref><ref>A shorter edition, omitting the bulk of Desai's additional commentary, has been published as: Anasaktiyoga: The Gospel of Selfless Action. Jim Rankin, editor. The author is listed as M.K. Gandhi; Mahadev Desai, translator. (Dry Bones Press, San Francisco, 1998) ISBN 1-883938-47-3.</ref>
গান্ধীয়ে বিশ্বাস কৰিছিল যে, সকলো ধৰ্মৰে মূলতে আছে সত্য আৰু প্ৰেম (কৰুণা, অহিংসা আৰু সোণালী শাসন)। তেওঁ এজন ক্লান্তিহীন সমাজ সংস্কাৰক আছিল আৰু সকলো ধৰ্মৰে ভণ্ডামি, অপকৰ্ম আৰু অন্ধবিশ্বাসৰ বিপক্ষে মাত মাতিছিল। ধৰ্ম সম্পৰ্কে মন্তব্য কৰি তেওঁ কৈছিল:
{{quote|যদি খ্ৰীষ্টান ধৰ্মক নিখুঁত আৰু সৰ্বশ্ৰেষ্ঠ বুলি মানি ল'ব নোৱাৰি, তেন্তে হিন্দু ধৰ্মকো নিখুঁত আৰু সৰবশ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি। হিন্দু ধৰ্মৰ ত্ৰুটিবিলাক মোৰ দৃষ্টিগোচৰ হৈছে। যদি অস্পৃশ্যতা হিন্দু ধৰ্মৰে অংশ হয়, ই এই ধৰ্মৰ এটি বেয়া অংশ। বেদবাক্যবিলাক ঈশ্বৰৰ অনুপ্ৰাণিত উক্তি বোলাৰ কাৰণ কি? যদি এইবিলাক ঈশ্বৰ অনুপ্ৰাণিত হয়, তেন্তে [[বাইবেল]] বা [[কোৰাণকোৰান]] কিয় নহয়? খ্ৰীষ্টান বন্ধুৱে যেনেদৰে মোক ধৰ্মান্তৰিত কৰাৰ প্ৰবল চেষ্টা কৰিছিল, ঠিক তেনেদৰে মুছলিম বন্ধুৱেও কৰিছিল। আব্দুল্লা শেঠে ইছলাম ধৰ্ম চৰ্চা কৰিবলৈ মোক প্ৰৰোচিত কৰিছিল আৰু সকলো সময়তে এই ধৰ্মৰ সৌন্দৰ্য বৰ্ণনা কৰি থাকে।
 
যেতিয়া আমাৰ নৈতিক ভিত্তি হেৰাই যায়, তেতিয়া ধাৰ্মিক হৈ একো লাভ নাই। উদাহৰণস্বৰূপে মিছলীয়া, নিৰ্দয় আৰু আত্মসংযমহীন লোকে ঈশ্বৰ তেওঁৰ সৈতে আছে বুলি দাবী কৰিব নোৱাৰে। }}
 
পৰৱৰ্তী সময়ত যেতিয়া গান্ধীক তেওঁ হিন্দু হয় নে নহয় বুলি সোধা গৈছিল, তেওঁ কৈছিল:
{{quote|হয়, মই হিন্দু। ইয়াৰ উপৰিও মই এজন খ্ৰীষ্টান, এজন মুছলমান, এজন বৌদ্ধ আৰু এজন ইহুদী। }}
 
=== সৰলতা ===
234 নং শাৰী:
 
== গান্ধীৰ বিভিন্ন ৰচনা ==
গান্ধী আছিল এজন বহুমুখী লেখক আৰু সম্পাদক। বহুবছৰ ধৰি তেওঁ গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত পত্ৰিকা ''হৰিজন'' সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত ''ইণ্ডিয়ান অপিনিয়ন'' আৰু স্বদেশত থকাকালত ''ইয়ং ইণ্ডিয়া'' নামৰ দুখন ইংৰাজী কাকত সম্পাদনা কৰিছিল। গুজৰাটী ভাষাৰ মাহেকীয়া আলোচনী ''নৱজীৱন''ৰো সম্পাদনা তেওঁ কৰিছিল। নৱজীৱন আলোচনীখন পাছলৈ হিন্দী ভাষাতো প্ৰকাশিত হ'বলৈ লয়।<ref>[http://www.lifepositive.com/Spirit/masters/mahatma-gandhi/journalist.asp Peerless Communicator] by V.N. Narayanan. Life Positive Plus, Oct–Dec 2002</ref>গান্ধীয়ে কাকত-আলোচনীলৈ বহুতো চিঠি-পত্ৰ লিখিছিল। প্ৰায় প্ৰতিদিনেই কোনো নহয় কোনো এখন কাকতত তেওঁৰ চিঠি প্ৰকাশ হৈছিল। <br />
গান্ধীৰ বহুকেইখন কিতাপ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত "The Story of My Experiments With Truth" (আত্মজীৱনী), "Satyagraha in South Africa", "Hind Swaraj or Indian Home Rule", আৰু গুজৰাটীলৈ অনুবাদ কৰা জন ৰাস্কিনৰ "Unto This Last" উল্লেখযোগ্য।<ref name="Unto this last">{{cite book |last= Gandhi |first= M. K. |authorlink= |title= Unto this Last: A paraphrase |url=http://www.forget-me.net/en/Gandhi/untothislast.pdf |year= |publisher=Navajivan Publishing House |location= Ahmedabad |language= English; trans. from Gujarati|isbn= 81-7229-076-4}}</ref> ইয়াৰ উপৰিও নিৰামিষভোজন, আহাৰ আৰু স্বাস্থ্য, ধৰ্ম, সমাজ সংস্কাৰ আদিৰ বিষয়ে তেওঁ প্ৰচুৰ লিখা-মেলা কৰিছিল। <br />
১৯৬০ৰ দশকত ভাৰত চৰকাৰে গান্ধীৰ ৰচনাৱলী (The Collected Works of Mahatma Gandhi) প্ৰকাশ কৰে। শতাধিক খণ্ডত প্ৰকাশিত এই গ্ৰন্থখনত ৫০,০০০-তকৈ অধিক পৃষ্ঠা আছে।
 
=== গান্ধীৰ বিষয়ে কিতাপ ===
315 নং শাৰী:
*{{cite web |url=http://www.Bapu.sughosh.in |title=Bapu: Complete Life of Bapu |last=Sughosh|first=India|date=2 October 2010 |work=Life History|publisher=http://www.bapu.sughosh.in |accessdate=15 August 2012}}
 
===গৱেষণাপত্ৰৰ প্ৰৱন্ধপ্ৰবন্ধ===
*{{cite journal |last1=Cribb |first1=R. B. |year=1985|month=August |title=The Early Political Philosophy of M. K. Gandhi, 1869-1893 |journal=Asian Profile |publisher= |volume=13 |issue=4 |pages=353–360}}
*{{cite journal|title=Champaran and Gandhi: Planters, Peasants and Gandhian Politics by Jacques Pouchepadass (Review)|first=David|last=Hardiman|journal=Journal of the Royal Asiatic Society|volume=11|issue=1|date=April 2001|pages=99–101|jstor=25188108}}