শীতল যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''শীতল যুদ্ধ''' ({{lang-en|Cold War}}; {{lang-ru|холо́дная война́, ''kholodnaya voĭna''}}) হৈছে [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ পৰৱৰ্তী সময়ত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]] আৰু ইয়াৰ মিত্ৰসমূহ আৰু [[ছ'ভিয়েট সংঘ]] আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল [[গণতন্ত্ৰ]] আৰু পুঁজিবাদৰ সপক্ষে; আৰু ছ'ভিয়েট সংঘ আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল [[যুক্তৰাজ্য]], [[ফ্ৰান্স]], [[পশ্চিম জাৰ্মানী]], [[জাপান]] আৰু [[কানাডা]]। [[ছ'ভিয়েট সংঘ]]ৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে [[বুলগেৰিয়া]], [[চেকোস্লোভাকিয়া]], [[হাংগেৰী]], [[পোলেণ্ড]], [[পূব জাৰ্মানী]] আৰু [[ৰোমানিয়া]]। শীতল যুদ্ধৰ কিছুকাল [[কিউবা]] আৰু [[চীন]]-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। [[তৃতীয় বিশ্ব]]ৰ নিৰপেক্ষ দেশবোৰ [[জোট-নিৰপেক্ষ আন্দোলন]]ৰ অংশ আছিল। অবশেষত ছ'ভিয়েট সংঘৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।
 
ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে মাৰ্কিনআমেৰিকান সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে।<ref>Orwell, "[http://orwell.ru/library/articles/ABomb/english/e_abomb You and the Atomic Bomb]", ''Tribune'' 19 October 1945</ref> এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে।<ref>{{cite news|first=William|last=Safire|authorlink=William Safire|url=http://www.nytimes.com/2006/10/01/opinion/01iht-edsafire.2988871.html|title=Islamofascism Anyone?|work=The New York Times|date=1 October 2006}}</ref>
 
== তথ্যসূত্ৰ ==