হাঁওফাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
[[File:Lungs diagram simple.svg|thumbnail|মানুহৰ হাঁওফাঁও লৈখিক চিত্ৰ। ]]
[[File:heart-and-lungs.jpg|thumb|মানুহৰ হাঁওফাঁও দুটাই বক্ষগহ্বৰত হৃদযন্ত্ৰ আৰু বৃহৎ ৰক্তবাহিকাবোৰক আগুৰি থাকে।<ref name = "GA">[[Gray's Anatomy|Gray's Anatomy of the Human Body]]'', 20th ed. 1918.</ref>]]
[[File:Gray962.png|thumb|কাৰ্টিলেজৰ দ্বাৰা সৃষ্ট পথেদি বায়ু হাঁওফাঁওত ওলোৱা সোমোৱা কৰে—ব্ৰংকি আৰু ব্ৰংকাইল। এই ছবিত, হাঁওফাঁওৰ কলা বিৱচ্ছেদিত কৰি ব্ৰংকাইলবোৰ দেখুওৱা হৈছে।<ref name = "GA"/>]]
 
'''হাঁওফাঁও''' ( ইং: '''lung''') হৈছে অধিকাংশ [[জীৱ]]ৰ অতি প্ৰয়োজনীয় শ্বাস অংগ। অধিকাংশ [[টেট্ৰাপ'ড]], কিছু [[মাছ]] আৰু কিছু [[শামুক]]ৰ হাঁওফাঁও থাকে। [[স্তন্যপায়ী]] আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত [[হৃদযন্ত্ৰ]]ৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে [[বায়ুমণ্ডল]]ৰ পৰা [[অক্সিজেন]] তেজলৈ পৰিবাহিত কৰা আৰু তেজৰ পৰা [[কাৰ্বন ডাই-অক্সাইড]] বায়ুমণ্ডললৈ লিষ্কাষণ কৰা। গেছৰ এই বিনিময় পক্ৰিয়াৰপ্ৰক্ৰিয়াৰ বাবে এক বিশাল ক্ষেত্ৰফলৰ প্ৰযোজন হয় আৰু বিশেষভাৱে বিকশিত [[বায়ুকোষ]]বোৰৰ দ্বাৰা ই সম্ভৱপৰ হৈ উঠে।
 
হাঁওফাঁওৰ কাৰ্যপদ্ধতি বুজিবৰ বাবে, [[নাক]] আৰু [[মুখ]]ৰ পৰা বায়ু বায়ুকোষলৈ যোৱা পথটোৰ অধ্যয়ন কৰা প্ৰয়োজন। মুখ বা নাকৰ পৰা বায়ু, [[ফেৰিংছ]]ৰ নেজ'ফেৰিংছ আৰু অৰ'ফেৰিছ, [[লেৰিংছ]] আৰু [[ট্ৰেকিয়া]]ৰ মাজেৰে আগবাঢ়ে। ট্ৰেকিয়াৰ নিম্নাংশত ই দুডাল প্ৰধান ব্ৰংকিলৈ বিভাজিত হয়; এই শাখাদুটাৰ পৰা ই সোঁ আৰু বাঁও হাঁওফাঁওৰ অসংখ্য ব্ৰংকি আৰু ব্ৰংকাইলৰ শাখা-প্ৰশাখাৰ প্ৰনালীৰপ্ৰণালীৰ মাজেৰে শেষত বায়ুকোষত প্ৰৱেশ কৰে। এই অসংখ্য বায়ুকোষবোৰতেই অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হয়।<ref>Wienberger, Cockrill, Mandel. ''Principles of Pulmonary Medicine''. Elsevier Science.</ref>
 
শ্বাস-প্ৰশ্বাস হৈছে এক [[পেশী|পেশীয়]] ক্ৰিয়া; প্ৰাৰম্ভিক টেট্ৰাপ'ডৰ ক্ষেত্ৰত, বায়ু [[ফেৰিংছ|ফেৰেঞ্জিয়েল]] পেশীৰ দ্বাৰা বাকেল পাম্পিঙৰ মাধ্যমেদি হাঁওফাঁওত প্ৰৱেশ কৰিছিল, যিটো এতিয়াও [[উভচৰ প্ৰাণী|উভচৰ]]ৰ ক্ষেত্ৰত দেখা পোৱা যায়। [[সৰীসৃপ]], [[চৰাই]] আৰু স্তন্যপায়ীৰ শ্বাস কাৰ্যত [[পেশীয়কংকাল তন্ত্ৰ]]ই সহায় কৰে।
 
[[চিকিৎসা বিজ্ঞান]]ত হাঁওফাঁওৰ লগত জড়িত পৰিভাষাত শব্দবোৰ সাধাৰণতে ''পালম'-'', (যেনে- [[adjectival form]]: [[wiktionary:pulmonary|পালমনেৰি]], [[লেটিন]]ৰ ''পালমনেৰিয়াছ'', অৰ্থ "হাঁওফাঁওৰ"ৰ পৰা), বা ''নিউম'-'' ([[Ancient Greek|গ্ৰীক]] πνεύμων "হাঁওফাঁও"ৰ পৰা) পদাংশৰে আৰম্ভ কৰা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/হাঁওফাঁও"ৰ পৰা অনা হৈছে