কলমকাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
ভাৰতত কলমকাৰী চিত্ৰশিল্পৰ দুটা শৈলী আছে- শ্ৰীকলাহস্তী শৈলী আৰু মাচলিপট্টম শৈলী। শ্ৰীকলাহস্তী শৈলীত বিষয়বস্তুৰ মুক্তহস্ত চিত্ৰণ আৰু ৰঙেৰে ভৰাবলৈ কলম বা পেন ব্যৱহাৰ কৰা হয়। ইয়াত গোটেই কামখিনি হাতেৰে কৰা হয়। এই কলাকীৰ্ত্তি ঘাইকৈ মন্দিৰসমূহ আৰু ইয়াৰ সংৰক্ষণৰ চাৰিওদিশে বিয়পি থকাৰ বাবে ইয়াৰ এক ধৰ্মীয় পৰিচিতি আছে। সাঁচিপতীয়া ধৰ্ম-পুথি, মন্দিৰৰ ধ্বজা, ৰথৰ বেনাৰ আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ দৰে হিন্দু মহাকাব্যৰপৰা লোৱা দেৱ-দেৱী আৰু অন্যান্য চিত্ৰত ইয়াৰ নিদৰ্শন পোৱা যায়। কমলা দেৱী চট্টোপাধ্যায়ৰ বাবে এই শিল্পকলাই আজিৰ পৰিচিতি লাভ কৰে, যি সৰ্ব ভাৰতীয় হস্তকলা বৰ্ডৰ অধ্যক্ষৰূপে প্ৰথমে এই শিল্পক জনপ্ৰিয় কৰে।
 
== নামৰ ইতিহাস ==
== নাম ==
আদিতে কলমকাৰীক পট্টচিত্ৰ বুলি জনা গৈছিল। উৰিষ্যা আৰু ভাৰতৰ অন্যান্য ঠাইৰ লগতে নেপালত এই শৈলীৰ অনুশীলন কৰা হৈছিল।<ref>Roy Niranjan (1973), The Patas and Patuas of Bengal. Indian Publications Calcutta, Page number 54-55 (Annexure C,V)</ref> 'পট্টচিত্ৰ' (সংস্কৃত:पट्टचित्र) নামটোত পট্ট মানে হৈছে কাপোৰ আৰু চিত্ৰ মানে ছবি।<ref>SenGupta, pp. 12.</ref> অৰ্থাৎ কাপোৰত অংকিত ছবি।
মধ্যকালীন ইছলামিক শাসনকালত, কলমকাৰী শব্দটো পাৰ্ছিয়ান শব্দ قلمکار পৰা উদ্ভৱ হৈছে বুলি কোৱা হৈছে- য'ত কলম মানে পেন আৰু কাৰী মানে ক্ৰাফট্মেনশ্বিপ অৰ্থাৎ হস্তকলা। গোলকুণ্ডা চুলটানিৰ পৃষ্ঠপোষকতাত এই হস্তকলা জনপ্ৰিয় হৈছিল। <ref name="NIOS">{{cite book |title=Indian Culture and Heritage |date=2012 |publisher=National Institute of Open Schooling |location=New Delhi |url=https://nios.ac.in/media/documents/SecICHCour/English/CH.11.pdf |accessdate=18 October 2017 |chapter=Indian Painting}}</ref>
 
== ইতিহাস ==
 
== আন ৰূপ ==
 
== আজিৰ ডিজিটেল যুগত ==
Line 20 ⟶ 16:
ডিজাইনসমূহ অংকন কৰিবলৈ শিল্পীসকলে বাঁহৰ নহ'লে খেজুৰৰ এডাল শলা ব্যৱহাৰ কৰে, ইয়াৰ এটা মূৰ জোঙা কৰি মিহি চুলিৰে সেই অংশ ব্ৰাছৰ দৰে বনোৱা হয়।<ref name="IndianHeritage">{{cite web|title=Paintings: Kalamkari Paintings |website=Indian Heritage |url=http://www.indian-heritage.org/painting/kalamkri.html|accessdate=3 April 2016 |date=April 2006}}</ref> এই ব্ৰাছ বা কলমটো গোৰাই থোৱা গুড় আৰু পানীৰ মিশ্ৰনত তিয়াই এটাৰ পিছত আনটো ব্যৱহাৰ কৰা হয়। পিছত ইয়াত শাক-পাচলিৰে তৈয়াৰী ডাই ব্যৱহৃত হয়। ইৰাণত, কাঠৰ ষ্টাম্পত কটা ডিজাইন ব্যৱহাৰ কৰি ৰং বোলোৱা হয়।<ref>{{cite book |author=Held, Colbert C. |title=Middle East patterns: places, peoples, and politics |publisher=Westview Press |location=Boulder, Colo |year=2006 |pages= |isbn=0-8133-4170-1 |oclc= |doi=}}</ref>
 
== ৰং স্থাপনসংশ্লেষণ ==
বিভিন্ন গছৰ শিপা, পাত আৰু খনিজ লৱণ যেনে আইৰণ, টিন, ক'পাৰ আৰু ফিটকিৰিৰপৰা কাপোৰত দিয়া ৰং সমূহ সংশ্লেষণ কৰা হয়।<ref name="IndianHeritage"/> প্ৰাকৃতিক ৰং পাবৰ বাবে গৰুৰ গোৱৰ, বিভিন্ন ধৰণৰ বীজ, গছ আৰু মোহাৰি লোৱা ফুলৰ পাপৰি ব্যৱহাৰ কৰা হয় আৰু এইবোৰে ৰঙত বিভিন্ন পেলায়। কলমকাৰীত ম'হৰ গাখীৰৰ লগতে গাখীৰৰপৰা ওলোৱা গোন্ধ নাশৰ বাবে আমলখিৰ ৰস ব্যৱহৃত হয়। আমলখিত থকা ফিক্সিং এজেণ্টে কাপোৰত সহজতে ৰং বহাত সহায় কৰে। এই শৈলীত ফিটকিৰিৰ ব্যৱহাৰে কাপোৰত ব্যৱহৃত ৰঙত স্থায়ীত্ব প্ৰদান কৰে।
 
== বিষয়বস্তু ==
কলমকাৰীত বিশেষকৈ ৰামায়ণ আৰু মহাভাৰতৰ চিত্ৰসমূহ অংকিত হয়। অৱশ্যে আজিকালি বুদ্ধ আৰু বৌদ্ধ ধৰ্মীয় কলাৰ ৰূপ সমূহো কলমকাৰীত চিত্ৰিত কৰা হয়।<ref>{{cite news|last= Naidu|first=T. Appala|title=Techie's Twist to Kalamkari |date=20 July 2015 |url=http://www.thehindu.com/news/national/p-varun-kumar-comes-up-with-a-buddha-series-in-kalamkari/article7444368.ece| work=[[The Hindu]]}}</ref>
 
== তথ্য সংগ্ৰহ ==
{{reflist}}
"https://as.wikipedia.org/wiki/কলমকাৰী"ৰ পৰা অনা হৈছে