কাণ-খোৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
'''কাণ-খোৱা''' এখন কাব্য সাহিত্য। কাব্য খনৰ কবি [[শ্ৰীধৰ কন্দলীকন্দলি]]। ইয়াক [[নিচুকনি গীত]]ৰ ঠাঁচত লিখা হৈছে। ''ই অতিশয় মনমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এপিনে ইয়াত কৃষ্ণৰ শিশু জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাব পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে। ''<ref>{{cite book | title=পুৰণি অসমীয়া সাহিত্য| publisher=অসম প্ৰকাশন পৰিষদ | author=কাকতি, ড॰ বাণীকান্ত | authorlink=কাণ-খোৱা | year=২০০০ | location=গুৱাহাটী | pages=৪৩}}</ref>
 
==বিষয় বস্তু==
শ্ৰীধৰ কন্দলীৰকন্দলিৰ 'কাণ-খোৱা' কবিতাটো শিশু জীৱনৰ মনোৰম ঘটনা এটি লৈ লিখা। সকলো দেশতে সকলো সময়তে শিশুক শুৱাবলৈ নিচুকণি গীত গোৱাৰ ৰীতি আছে। নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে কাণখোৱাত প্ৰকাশ কৰিছে। শিশুকৃষ্ণক কাণ-খোৱা আহিব বুলি মাক যশোদাই ভয় খুৱাই শুৱাবলৈ চেষ্টা কৰোঁতে শিশুৰূপী পৰমেশ্বৰ কৃষ্ণই বিভিন্ন অৱতাৰৰ কথা সুঁৱৰি ক'তো কাণখোৱাক লগ পোৱাৰ কথা মনত পেলাব নোৱাৰি কৃত্ৰিম ভয়ত মাকক সাবটি ধৰিছে। কৃষ্ণৰ ঈশ্বৰত্ব আৰু শিশুত্ব এই দুটা দিশ অকণমান পুথিখনত ফুটাই তুলিছে। মাকৰ বুকুত সোমাই ভয়াৰ্ত শিশুৰ দৰে কৃষ্ণই কাণখোৱাৰ নাম শুনি টেপা মাৰিছে আৰু বিভিন্ন অৱতাৰত বধ কৰা অসুৰ ৰাক্ষসবোৰৰ নাম সুঁৱৰি কাণখোৱাৰ বীৰ উৱাদিহ উলিয়াব নোৱাৰি বিহ্বল হৈ পৰিছে।<ref>{{cite book | title=অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত | publisher=সৌমাৰ প্ৰকাশ | author=শৰ্মা, সত্যেন্দ্ৰনাথ | authorlink=শ্ৰীধৰ কন্দলী | year=২০১১ | location=গুৱাহাটী - ৮ | pages=১৫৭}}</ref>
 
==কবিৰ চমু পৰিচয়==
বৈষ্ণব কবি [[শ্ৰীধৰ কন্দলীকন্দলি]] মহাপুৰুষ [[শংকৰদেৱ]]ৰ সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। শ্ৰীধৰ কন্দলীকন্দলি দুখন প্ৰসিদ্ধ গ্ৰন্থৰ গ্ৰন্থকাৰ। এখন 'কাণ-খোৱা' আৰু আনখন 'ঘুনুচা-যাত্ৰা' | শংকৰদেৱৰ প্ৰিয়জনৰ ৰচনা বুলি 'ঘুনুচা-যাত্ৰা'ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে। ইয়াৰোপৰি [[মহাভাৰত]]ৰ [[অশ্বমেধ-পৰ্ব]] শ্ৰীধৰ কন্দলিৰ ভাঙনি।<ref>{{cite book | title=পুৰণি অসমীয়া সাহিত্য | publisher=অসম প্ৰকাশন পৰিষদ | author=কাকতি, ড॰ বাণীকান্ত | authorlink=কাণ-খোৱা | year=২০০০ | location=গুৱাহাটী - ২১ | pages=৪৪}}</ref>
==তথ্যসূত্ৰ==
<references/>
 
==বাহ্যিক সংযোগ==
* [[s:কাণখোৱা|অসমীয়াত ৱিকিউৎসত কাণখোৱা পুথি]]
 
[[শ্ৰেণী:অসমীয়া গ্ৰন্থ]]
"https://as.wikipedia.org/wiki/কাণ-খোৱা"ৰ পৰা অনা হৈছে