ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

। instead of |
15 নং শাৰী:
<b>ৱিকিপিডিয়া কোনো কাগজেৰে নিৰ্মিত বিশ্বকোষ নহয়</b>, ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষৰ এটা প্ৰকল্প৷ ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমা নাই৷ ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ মাজত থাকিব পৰা সকলো ধৰণৰ প্ৰবন্ধ লিখিব পাৰে৷ ইয়াত লিখিব বিচৰা প্ৰবন্ধসমূহ [[WP:5P|ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ]] নীতিৰ আধাৰত পৰিচালিত হ'ব৷
 
এটা প্ৰৱন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে (চাওক [[ৱিকিপিডিয়া:প্ৰৱন্ধৰ আকাৰ]]) | দীঘল প্ৰৱন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো কোনো বিষয়ৰ বিকাশৰ সাধাৰণ শৈলী (চাওক [[ৱিকিপিডিয়া:সাৰাংশ শৈলী]]) | ছপা বিশ্বকোষে কিছুমান বিষয় স্থবিৰকৈ চমুৱাইহে লিখিব পাৰে, কিন্তু আমি অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰোঁ, অধিক বৰ্হিসংযোগ দিব পাৰোঁ, আৰু সোনকালে নৱীকৰণ কৰিব পাৰোঁ | ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি]] চাওক |
 
==সমল==
কেৱল শুদ্ধ আৰু কামত অহা গুণতে বিশ্বকোষ এখনত যিকোনো তথ্য সন্নিৱিষ্ট কৰিব নোৱাৰি | কেইটামান শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ ওপৰত মাজে-সময়ে প্ৰশ্ন উঠিলেও ৱিকিপিডিয়াৰ বিষয়ববীয়াসকল এই কথাত ঐকমত্য যে তলৰ অনুচ্ছেদসমূহ "ৱিকিপিডিয়া কি নহয়" বা "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" তাৰ ভাল উদাহৰণ | উদাহৰণকেইটা বিশদ বিৱৰণ নহ’বও পাৰে |
 
==={{anchor|DIC|DICDEF|DICT|DICTIONARY}}ৱিকিপিডিয়া এখন অভিধান নহয়===
24 নং শাৰী:
{{main|ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়}}
 
ৱিকিপিডিয়া কোনো অভিধান নহয়, কাৰিকৰী কথা বা অৰ্থহীন শব্দৰ ব্যৱহাৰিক সহায়িকা নহয় | ৱিকিপিডিয়াৰ প্ৰৱন্ধ তলৰ উদাহৰণবোৰো নহয়:
 
# '''সংজ্ঞা |''' যদিও প্ৰৱন্ধসমূহ এটা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এখন অভিধান নহয়#ভাল সংজ্ঞা|ভাল সংজ্ঞাৰে]] আৰু ''এটা'' বিষয়ৰ বিৱৰণৰে ''আৰম্ভ'' হ’ব লাগে, সেইবোৰে বিশেষ বিষয়টোৰ ওপৰত আন আন তথ্যও আগবঢ়োৱা উচিত | সম্ভৱপৰ হ’লে কেৱল সংজ্ঞাহে থকা প্ৰৱন্ধবোৰত আন বিষয়বস্তু সন্নিৱিষ্ট কৰি '''বিস্তাৰ''' কৰা উচিত |
# '''অভিধান অন্তৰ্ভুক্তি |''' বিশ্বকোষৰ প্ৰৱন্ধৰ বিষয় হৈছে কোনো ব্যক্তি, গোট, ধাৰণা, ঠাই, বস্তু, এটা ঘটনা আদি | কোনো ক্ষেত্ৰত এটা শব্দ বা বাক্যাংশই বিশ্বকোষৰ বিষয় হ’ব পাৰে, যেনে [http://en.wikipedia.org/wiki/Macedonia_(terminology) মেচিডনিয়া(পৰিভাষা)] | কাচিত্হে কোনো প্ৰৱন্ধৰ এটাতকৈ অধিক ''সুস্পষ্ট'' সংজ্ঞা বা শিৰোনামাৰ ব্যৱহাৰ থাকিব পাৰে | [[সংখ্যাৰ তালিকা|সংখ্যাৰ]]ৰ সাংস্কৃতিক বা গাণিতিক বিশেষত্বৰ বিষয়ে লিখা প্ৰৱন্ধও গ্ৰহণযোগ্য |<br />অভিধানিক ৱিকি বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[wikt:Main Page|Wiktionary]] চাওক |
# '''ব্যৱহাৰ, অপশব্দ, আৰু/বা জতুৱা ঠাঁচ পথনিৰ্দেশিকা |''' ভাষা, দোৱান বা অপশব্দৰ প্ৰকাৰৰ বৰ্ণনামূলক প্ৰৱন্ধ গ্ৰহণীয় | তেনে ভাষাৰ কথকৰ বাবে সহায় প্ৰৱন্ধ গ্ৰহণযোগ্য নহয় | অধিক তথ্যৰ বাবে তলৰ [[WP:NOTGUIDE|"ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়"]] চাওক |<br />সহায়িকাপুথিৰ সংগ্ৰহ বিচাৰিছে যদি আমাৰ ভগ্নী প্ৰকল্প [[b:Main Page|Wikibooks]] চাওক |
 
==={{anchor|COOL|FANSITE|OR|OTHOUGHT|PUBLISHER}}ৱিকিপিডিয়া কোনো মৌলিক চিন্তাৰ প্ৰকাশস্থল নহয়===
34 নং শাৰী:
{{dablink|"WP:FORUM" redirects here; you may be looking for [[Wikipedia:Forum shopping]] or [[Wikipedia:Village pump]].}}
 
ৱিকিপিডিয়া আপোনাৰ নিজৰ চিন্তা আৰু বিশ্লেষণ বা নতুন তথ্য প্ৰকাশৰ স্থল নহয় | [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|মৌলিক গৱেষণাৰ নীতি]] মানি চলি অনুগ্ৰহ কৰি '''তলৰ কাৰণসমূহৰ বাবে ৱিকিপিডিয়াক ব্যৱহাৰ নকৰিব:
 
# '''প্ৰাথমিক (মৌলিক) গৱেষণা''', যেনে প্ৰস্তাৱিত তত্ত্ব আৰু সমাধান, মৌলিক চিন্তা, শব্দৰ সংজ্ঞা, নতুন শব্দৰ উদ্ভাৱন আদি | আপুনি যদি কোনো বিষয়ত প্ৰাথমিক গৱেষণা সম্পূৰ্ণ কৰিছে, তেন্তে তাৰ ফলাফল আন ঠাইত যেনে সহকৰ্মীয়ে পৰ্যালোচনা কৰা পত্ৰিকা, আন ছপা মাধ্যম বা সন্মানীয় অনলাইন পত্ৰিকাত প্ৰকাশ কৰক | তাৰ পিছত ই গ্ৰহণীয় জ্ঞানৰ অংশ হৈ পৰিলে ৱিকিপিডিয়াই ইয়াক বিবেচনা কৰিব; কিন্তু বিষয়বস্তুৰ[[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্যতা]] প্ৰমাণ কৰাৰ বাবে আৰু সেয়া যে মাথোঁ সম্পাদকৰ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|মতামত]] নহয় তাক দেখুৱাবলৈ তেনে সঠিক [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|উৎসৰ উল্লেখ]] আৱশ্যক |
# '''ব্যক্তিগত উদ্ভাৱন.''' যদি আপুনি বা আপোনাৰ কোনো বন্ধুৱে এটা নতুন শব্দ, এটা সুৰাপানৰ খেল, বা এটা নতুন ধৰণৰ নৃত্যশৈলীৰ উদ্ভাৱন কৰিছে, তেন্তে একাধিক, স্বাধীন আৰু দ্বিতীয় উৎসই তাৰ প্ৰতিবেদন নিদিয়ালৈকে সেয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ বিষয় হ’বলৈ [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|উল্লেখযোগ্য]] নহয় | [[ৱিকিপিডিয়া:ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়|ৱিকিপিডিয়া এদিনতে গঢ়া বস্তুৰ বাবে নহয়]] |
# '''ব্যক্তিগত ৰচনা''' {{anchor|ESSAY}} য’ত বিশেষজ্ঞৰ মতামতৰ সলনি আপোনাৰ নিজা অনুভৱ প্ৰকাশ পায় | যদিও ৱিকিপিডিয়াত মানুহৰ জ্ঞান সংগ্ৰহ কৰা হৈছে, ই তেনে জ্ঞানৰ অংশ হ’বলৈ যোৱা ব্যক্তিগত মতৰ বাহন নহয় | কোনো ক্ষেত্ৰত এজন ব্যক্তিৰ মতামত আলোচনা কৰাটো অতি প্ৰযোজনীয় হ’লে আন সদস্যসকলক তাৰ বিষয়ে লিখিবলৈ দিয়া উচিত | ৱিকিপিডিয়াৰ লগত সংগতি থকা ব্যক্তিগত ৰচনা আপোনাৰ সদস্য নামস্থানত বা [[meta:|Meta-wiki|মেটা ৱিকিত]] গ্ৰহণীয় | [http://www.wikinfo.org/index.php/Main_Page Wikinfo]ত থকা [[ফৰ্ক (ছফ্টৱেৰ বিকাশ)|ফৰ্কে]] প্ৰৱন্ধত ব্যক্তিগত মতামত দিবলৈ উত্‍সাহ যোগায় |
# <span id="not_a_forum">'''আলোচনা সভা |'''</span>{{anchor|FORUM|CHAT}} অনুগ্ৰহ কৰি এখন বিশ্বকোষ সৃষ্টিৰ কামতহে মনোযোগ দিয়ক | আপুনি ৱিকিপিডিয়াৰ লগত সংগতি থকা বিষয়ৰ ওপৰত কথা-বতৰা পৃষ্ঠাত আন সদস্যৰ লগত আলোচনা কৰিব পাৰে আৰু সংশ্লিষ্ট [[ৱিকিপিডিয়া:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত কোনো সমস্যাৰ সমাধান কৰিব পাৰে, কিন্তু অনুগ্ৰহ কৰি প্ৰৱন্ধত সেই আলোচনা অন্তৰ্ভুক্ত নকৰিব | মনত ৰাখিব যে আলোচনা পৃষ্ঠাৰ উদ্দেশ্য হৈছে কোনো প্ৰৱন্ধৰ উন্নতি ঘটোৱা | সেইখন প্ৰৱন্ধটোৰ বিষয়বস্তুৰ ওপৰত সাধাৰণ আলোচনা কৰাৰ বাবে নহয়, বা উপদেশ আৰু কাৰিকৰী সহায়ৰ বাবেও নহয় | আপুনি যদি কোনো বিষয়ৰ ওপৰত নিৰ্দিষ্ট প্ৰশ্ন সুধিব বিচাৰিছে তেন্তে [[ৱিকিপিডিয়া:প্ৰসংগ মেজ|প্ৰসংগ মেজত]] সেইটো উত্থাপন কৰক | আন ৱিকিপিডিয়ানৰ লগত পাতলীয়া ধৰণৰ আলোচনা কৰিব বিচাৰিলে [[http://en.wikipedia.org/wiki/Wikipedia:IRC আই.আৰ.চি. চেনেল]] যেনে [irc://chat.freenode.net:8001/wikipedia #wikipedia] ব্যৱহাৰ কৰক | মন কৰক যে ই এটা আই.আৰ.চি. চেনেলহে, কোনো বাৰ্তা দেৱাল নহয় | আলোচনা আৰু তৰ্কৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ আন কেইবাটাও ৱিকিপ্ৰকল্পৰ কাম চলি আছে | আলোচনা পৃষ্ঠাত অগ্ৰহণযোগ্য বিষয়বস্তু [[WP:TPG|আলোচনা পৃষ্ঠা পথনিৰ্দেশিকা]] অনুসৰি আঁতৰাই পেলোৱা হ’ব পাৰে |
 
==={{anchor|ADVERTISING|ADVOCATE|OPINION|PROMO|SCANDAL|SOAP|SOAPBOX|ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়}}ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়===
{{policy shortcut|WP:NOTADVERTISING|WP:NOTADVOCATE|WP:NOTGOSSIP|WP:NOTOPINION|WP:NOTSCANDAL|WP:NOTSOAPBOX|WP:NOTPROMOTION|WP:PROMOTION|WP:SOAP|WP:SOAPBOX}}
 
ৱিকিপিডিয়া কোনো [[প্ৰচাৰযন্ত্ৰ]], যুদ্ধক্ষেত্ৰ, বা অপপ্ৰচাৰ, বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ বাহন নহয় | এই নীতিটো প্ৰৱন্ধ, শ্ৰেণী, সাঁচ, আলোচনা আৰু সদস্য পৃষ্ঠাৰ ক্ষেত্ৰত প্ৰযোজ্য | সেইকাৰনে তলৰ বিষয়বোৰ ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা উচিত নহয় |
 
# '''কোনোধৰণৰ ওকালতি, [[অপপ্ৰচাৰ]] বা [[নিযুক্তি]]''': বাণিজ্যিক, ৰাজনৈতিক, ধাৰ্মিক, ক্ৰীড়া-সম্পৰ্কীয় বা তেনে আন কিবা | ৱিকিপিডিয়াত অৱশ্যেই [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]]ৰ নীতি মানি চলি তেনেধৰণৰ কামৰ বিষয়ে বস্তুনিষ্ঠভাৱে উল্লেখ কৰিব পাৰি | আপোনাৰ চিন্তা-ধাৰণাৰ সুফলসমূহ ৰাইজক জনাব বিচাৰিলে আপুনি এটা [[ব্ল’গ|জালপঞ্জী]] আৰম্ভ কৰিব পাৰে বা [[ইণ্টাৰনেট ফ’ৰাম]]ত যোগদান কৰিব পাৰে |<ref>ৱিকিপিডিয়াৰ পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ লগত সম্পৰ্ক নথকা বিষয়ৰ ওকালতিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি | কিন্তু ''ৱিকিপিডিয়া নামস্থানত থকা'' পৃষ্ঠাসমূহ ৱিকিপিডিয়াৰ উন্নতিসাধনৰ বিচৰা নিৰ্দিষ্ট দৃষ্টিকোণৰ বাবে ব্যৱহাৰ কৰিব পাৰি | সেইবাবে ৱিকিপিডিয়া সম্পৰ্কীয় লিখনী, প্ৰকল্প পৃষ্ঠা, প’ৰ্টেল আদি ৱ্কিপিডিয়াৰ অংশ বুলি গণ্য কৰা হ’ব |</ref> [[ৱিকিপিডিয়া:ওকালতি]] চাওক |
# '''অভিমতৰ অংশ ''': যদিও কিছুমান বিষয় যেনে সাম্প্ৰতিক বা ৰাজনৈতিক ঘটনাৱলীৱে কোনো ব্যক্তিক প্ৰচাৰ চলাবলৈ (উদাহৰণস্বৰূপে তেওঁৰ প্ৰিয় দৃষ্টিভংগীৰে আবেগিকভাৱে ওকালতি কৰা) প্ৰলোভিত কৰিব পাৰে, ৱিকিপিডিয়া তেনে কামৰ মাধ্যম নহয় | প্ৰৱন্ধসমূহে যুক্তিপূৰ্ণ তথ্য আৰু [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] ডাঙি ধৰি ভাৰসাম্য ৰক্ষা কৰিব লাগিব | ৱিকিপিডিয়াৰ লেখকসকলে সোনকালে অপ্ৰচলিত হৈ নোযোৱা প্ৰৱন্ধ লিখিবলৈ অহৰহ চেষ্ঠা কৰা উচিত | কিন্তু ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প [[n:|ৱিকিবাতৰিয়ে]] ইয়াৰ প্ৰৱন্ধৰ ওপৰত মন্তব্যক আদৰণি জনায় |
# '''কেলেংকাৰীৰ প্ৰচাৰ,''' পাতলীয়া আলোচনাৰ জৰিয়তে বা কাৰোবাৰ মুখেৰে শুনা | [[WP:BLP|জীৱিত ব্যক্তিৰ বিষয়ে]] লিখা প্ৰৱন্ধ সেইজনৰ [[WP:LIBEL|মানহানি]] নোহোৱাকৈ আৰু ব্যক্তিগত জীৱনত আঘাত নজনোৱাকৈ উচ্চ মানদণ্ডৰ হ’ব লাগে | কেৱল আন এজনৰ সন্মানক [[WP:ATP|আক্ৰমণ]] কৰিবলৈকে প্ৰৱন্ধ লিখিব নালাগে |
# '''আত্মপ্ৰচাৰ,''' আপোনাৰ নিজৰ বিষয়ে বা আপুনি জড়িত থকা প্ৰকল্পৰ বিষয়ে লিখিবলৈ মন যোৱাটো স্বাভাৱিক | কিন্তু মনত ৰাখিব যে ৱ্কিপিডিয়া প্ৰৱন্ধৰ মানদণ্ডসমূহ সেইবোৰ পৃষ্ঠাৰ বাবেও সমানে প্ৰযোজ্য | তাৰ ভিতৰত আছে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] যিটো নিজৰ বিষয়ে লিখোঁতে বজাই ৰখাটো টান হ’ব পাৰে | আত্মজীৱনীৰ উত্‍সলৈ পোনাই দিয়া সংযোগ বা প্ৰসংগৰ পয়োভৰ গ্ৰহণযোগ্য নহয় | অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা]], [[ৱিকিপিডিয়া:আত্মজীৱনী]] আৰু [[ৱিকিপিডিয়া:আদৰ্শৰ বিবাদ]] চাওক |
# '''বিজ্ঞাপন''': প্ৰতিষ্ঠান আৰু সামগ্ৰীৰ তথ্যসমূহ [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|বস্তুনিষ্ঠ আৰু পক্ষপাতশূন্য শৈলী]]ৰে লিখা হয় | সকলো প্ৰৱন্ধৰ বিষয়বস্তুৰ [[ৱিকিপিডিয়া:স্বাধীন উৎস|স্বাধীন]], [[ৱিকিপিডিয়া:তৃতীয় পক্ষ উৎস|তৃতীয় পক্ষ উৎস]]ৰ দ্বাৰা সত্যাসত্য নিৰূপণ হোৱা উচিত | সেইবাবে কোনো সৰু গেৰেজ বা স্থানীয় কোম্পানীৰ বিষয়ে লিখা প্ৰৱন্ধ গ্ৰহণীয় নহয় | বৃহ্ত্‍ প্ৰতিষ্ঠানৰ লগত জড়িত হ’লেহে বাণিজ্যিক গোটৰ [[ৱিকিপিডিয়া:বহিঃ সংযোগ|বহিঃ সংযোগ]] গ্ৰহণযোগ্য হ’ব | ৱিকিপিডিয়াই কোনো প্ৰতিষ্ঠানৰ অনুমোদন নকৰে বা জড়িত প্ৰকল্প নচলায় | ক’ৰ্প’ৰেট উল্লেখযোগ্যতাৰ সহায়ৰ বাবে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (সন্থা আৰু প্ৰতিষ্ঠান)]] চাওক | বাণিজ্যিক নহ’লেও কোনো ঘটনাৰ প্ৰচাৰ বা ৰাজহুৱা জাননীৰ বাবে আন ফ’ৰাম ব্যৱহাৰ কৰক, ৱিকিপিডিয়া নহয় |
 
ৱিকিপিডিয়াৰ ভিতৰুৱা নীতি আৰু পথনিৰ্দেশিকাবোৰৰ ওপৰত শৃংখলাপূৰ্ণ মতামত সদস্য পৃষ্ঠাত কৰিব পাৰি, কাৰণ সেইবোৰ এই প্ৰকল্পৰ সাম্প্ৰতিক আৰু ভৱিষ্যতৰ কৰ্মৰাজীৰ বাবে প্ৰয়োজনীয় |
 
==={{anchor|LINK|LINKS|MIRROR|REPOSITORY}}ৱিকিপিডিয়া কোনো সংযোগ,চিত্ৰ বা মিডিয়া ফাইল ৰখা ভঁৰাল নহয়===
{{policy shortcut|WP:LINKFARM|WP:NOTLINK|WP:NOTMIRROR|WP:NOTREPOSITORY|WP:NOTIMAGE|WP:NOTGALLERY}}
 
ৱিকিপিডিয়া মাত্ৰ সংযোগ, চিত্ৰ, বা মিডিয়া ফাইল ৰখা [[মিৰ’ৰ (কম্পিউটাৰ)|মিৰ’ৰ]] বা [[ডিজিটেল ভঁৰাল|ভঁৰাল]] নহয় | ৱিকিপিডিয়া প্ৰৱন্ধ তলত দিয়া ধৰণৰ হ’ব নালাগে :
 
# মাথোঁ '''বহিঃ সংযোগৰ সংগ্ৰহ''' বা '''ইণ্টাৰনেট নিৰ্দেশিকা |''' প্ৰৱন্ধত এটা বা অধিক বিষয়বস্তু-সম্বন্ধীয় সংযোদ দিয়াত একো বাধা নাই; কিন্তু অতিমাত্ৰা তালিকাই প্ৰৱন্ধটোক গৌণ কৰি ৱিকিপিডিয়াৰ উদ্দেশ্যৰ পৰা আঁতৰি যাব পাৰে | বহু "অনুৰাগী স্থান" বা "ফেনচাইট" থকা থকা বিষয়ৰ প্ৰৱন্ধত এটা মুখ্য অনুৰাগী স্থানৰ সংযোগ দিয়াই উচিত | সহায়ৰ বাবে [[ৱিকিপিডিয়া:বহিঃ সংযোগ]] চাওক |
# '''ভিতৰুৱা সংযোগৰ সংগ্ৰহ,''' মাত্ৰ [[ৱিকিপিডিয়া:দ্ব্যৰ্থতা দূৰীকৰণ|দ্ব্যৰ্থতা দূৰীকৰণ]] পৃষ্ঠাৰ বাহিৰে যেতিয়া কোনো প্ৰৱন্ধৰ শিৰোনামা দ্ব্যৰ্থক হয়, আৰু প্ৰৱন্ধ সজ্জা তথা দিক্‌দৰ্শনত সহায় হোৱাকৈ [[ৱিকিপিডিয়া:তালিকা#দিক্‌দৰ্শন|তালিকা]] পৃষ্ঠাৰ বাহিৰে | ইয়াৰ বাবে অনুগ্ৰহ কৰি [[ৱিকিপিডিয়া:মূল তালিকাসমূহ#নিৰ্বাচনৰ মাপকাঠী]] চাওক |
# মাথোঁ '''[[ৰাজহুৱা প্ৰান্ত]](পাব্লিক ডমেইন) বা আন উত্‍স তথ্য''' যেনে সমগ্ৰ কিতাপ বা উত্‍স সংকেত, মূল ঐতিহাসিক নথি, আইন, ঘোষণা, আৰু আন আন উত্‍স তথ্য যিবোৰ মৌলিক ৰূপতহে উপস্থাপন কৰিলে কামত আহে | প্ৰাথমিক উত্‍সৰ সম্পূৰ্ণ নকল [[ৱিকিউত্‍স]]তহে অন্তৰ্ভুক্ত কৰিব পাৰি, ৱিকিপিডিয়াত নহয় | [[ৰজহুৱা প্ৰান্ত|ৰাজহুৱা প্ৰান্তৰ সম্পদ]] যেনে [[এনচাইক্ল’পেডিয়া ব্ৰিটানিকা]]ৰ তথ্য প্ৰৱন্ধত বিষয়বস্তু যোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (তেনে কাৰ্যৰ পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:কুম্ভীলক বৃত্তি#ৰাজহুৱা প্ৰান্তৰ উত্‍স|কুম্ভীলক বৃত্তি পথনিৰ্দেশিকা:ৰাজহুৱা প্ৰান্তৰ উত্‍স]] চাওক) | অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:দীঘলীয়া মূল উৎসৰ সম্পূৰ্ণ পাঠ সন্নিৱিষ্ট নকৰিব]] আৰু [[s:WS:WWI|ৱিকিউত্‍সৰ অন্তৰ্ভুক্তিকৰণ নীতি]] চাওক |
# '''মাথোঁ চিত্ৰ বা মিডিয়া ফাইলৰ সংগ্ৰহ''' য’ত প্ৰৱন্ধৰ নাম-গোন্ধ নাই | আপুনি মাত্ৰ ছবি দান কৰিব খুজিলে তাক বিশ্বকোষীয় লেখাৰে সজাই তোলক, বা '''[[ৱিকিপিডিয়া সাধাৰণ]]'''ত অন্তৰ্ভুক্ত কৰক | যদি ছবিখন কোনো ৱেবচাইটৰ ৰাজহুৱা প্ৰান্তৰ উত্‍সৰ পৰা লোৱা হৈছে, তেন্তে তাক [[ৱিকিপিডিয়া:প্ৰৱন্ধ নোহোৱা চিত্ৰ]] বা [[ৱিকিপিডিয়া:ৰাজহুৱা প্ৰান্ত চিত্ৰ উত্‍স]]ত সন্নিৱিষ্ট কৰক |
 
===ৱিকিপিডিয়া গীতৰ কথাৰ তথ্যকোষ নহয়===
ৱিকিপিডিয়াৰ প্ৰৱন্ধত স্বত্বাধিকাৰ থকা গীতৰ কথা সন্নিৱিষ্ট কৰাটো অনুমোদিত নহয় | [[ৰাজহুৱা প্ৰান্ত]]ত থকা গীতৰ কথা অন্তৰ্ভুক্ত কৰিব পাৰি, কিন্তু তাৰ লগত গীতটোৰ লেখক, শিল্পী, শ্ৰব্যসঁফুৰাৰ নাম, বাণীবন্ধনৰ বছৰৰ লগতে ইতিহাস, আঁৰৰ কথা, বিষয়বস্তু আৰু [[সংগীত]]ৰ বিশ্লেষণৰ বিষয়ে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|পক্ষপাতশূন্যভাৱে]] লিখিব লাগিব |
 
==={{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো জালপঞ্জী,সামাজিক যোগাযোগমূলক বা স্মৃতিচিহ্ন ৰক্ষাৰ স্থান নহয়===
71 নং শাৰী:
{{see|ৱিকিপিডিয়া:সদস্য পৃষ্ঠা}}
 
ৱিকিপিডিয়া [[টুইটাৰ]] বা [[ফে’চবুকৰ]] দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয় | আপুনি ৱিকিপিডিয়াত নিজৰ [[ৱেবচাইট]], [[ব্ল’গ]], [[ৱিকি]], বা [[ক্লাউড সংগ্ৰহ|ক্লাউড]] তুলি দিব নোৱাৰে | ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
 
# '''ব্যক্তিগত ৱেব পৃষ্ঠা |''' [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|ৱিকিপিডিয়ানসকলৰ]] নিজৰ [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা]] থাকে, কিন্তু সেয়া বিশ্বকোষত কাম কৰাৰ বিষয়ে তথ্য প্ৰদানৰ বাবেহে ব্যৱহাৰ কৰা উচিত | আপুনি যদি ব্যক্তিগত ৱেবপৃষ্ঠা বা ব্ল’গ এটা সৃষ্টি কৰিব খুজিছে, তেন্তে ইণ্টাৰনেটত তেনে বিনামূলীয়া সুবিধা দিয়া অজস্ৰ চাইটৰ পৰা কোনো এটা বাচি লওক | সদস্য পৃষ্ঠাত [[সামাজিক নেটৱৰ্ক সেৱা]] বা ধেমালিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি তাক সঠিক [[সহযোগ]]ৰ ভেঁটি হিছাপে গঢ়ি তোলক | ৱিকিপিডিয়াৰ লগত সংগতি থকা [[শ্ৰেণী:ৱিকিপিডিয়া হাস্যৰস|হাস্যৰসৰ পৃষ্ঠা]] উপযুক্ত [[[[WP:নামস্থান|নামস্থান]]ত সৃষ্টি কৰিব পাৰি |
# '''[[ফাইল প্ৰণালী|ফাইল ভঁৰাল]] স্থান |''' অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰৱন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক | আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া [[ৱিকিমিডিয়া কমন্‌ছ]]ত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব |
# '''ডেটিং সেৱা |''' সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় | অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয় |
# '''স্মৃতিচিহ্ন |''' বিশ্বকোষৰ প্ৰৱন্ধ‍ৰ বিষয়বস্তুৱে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)|ৱিকিপিডিয়াৰ উল্লেখযোগ্যতাৰ প্ৰয়োজনীয়তা]] পূৰণ কৰিব‍ই লাগিব | এই প্ৰয়োজনীয়তা পূৰণ নকৰা মৃত বন্ধু, আত্মীয়, চিনাকী মানুহ বা আন কাৰোবাৰ স্মৃতিচাৰণৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় | মন কৰক যে এই নীতিটো মূল '''প্ৰৱন্ধ''' স্থানৰ বাহিৰত প্ৰযোজ্য নহয় আৰু প্ৰতিষ্ঠিত ৱিকিপিডিয়াৰ মৃত্যু হ’লে তেওঁৰ সদস্য পৃষ্ঠাক ইয়াৰ পৰা সীমিত অব্যাহতি দিয়া হয় |
 
যদি আপুনি [[ৱিকি]] প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে | আপুনি আপোনাৰ চাৰ্ভাৰত [[ৱিকি]] ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে | এই বিষয়ক তথ্যৰ বাবে MediaWiki.orgত [[[[mw:হাতপুথি:ইনষ্টল প্ৰক্ৰিয়াত সহায়|ইনষ্টল প্ৰক্ৰিয়াত সহায়]] চাওক |
 
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য | আপোনাৰ সদস্য পৃষ্ঠা এটা [[ব্ল’গ]] নহয় | তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন '''আপোনাৰ নহয়''' | ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত | সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা সহায়]] চাওক |
 
==={{anchor|Complete|Cross|DIR|DIRECTORY|Directories|Genealogical|Sales}} ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়===