অপেস্বৰী সবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
4 নং শাৰী:
 
==পালনৰ কাৰণ==
অসমৰ লোকজীৱনৰ অপেস্বৰাই কল্যাণকামিনী আৰু অকল্যাণকামিনী উভয় দেৱীৰ ভূমিকা গ্ৰহণ কৰিছে। অকল্যাণকামিনী দেৱীৰূপে অপেস্বৰীসকলৰ কু-দৃষ্টিত কোনো বেমাৰ-আজাৰ নোহোৱাকৈ ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে, অথবা পয়া লাগিলে, নাইবা ল'ৰা-ছোৱালীয়ে হাত-ভৰি জোকাৰি চকু পকাই কন্দা-কটা কৰিলে, একাংগী আদি নৰিয়া হ'লে, পিঠা গলীয়া ব্যাধি হ'লে, ছোৱালী শান্তি নোহোৱাকৈ বেছিদিন থাকিলে নাইবা গাত বিষ হ'লে অপেস্বৰীসকলক পূজা-উপাসনা কৰিলে এই ৰোগ-ব্যাধিবোৰ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। আনহাতে অপেস্বৰীৰ কৃপাত নিঃসন্তান নাৰীয়ে সন্তান লাভ কৰে, অবিবাহিতা গাভৰুৱে স্বামী লাভ কৰে আৰু ধন-জন, পুত্ৰ কন্যা লাভ কৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে।<ref name= "GU"/><ref name=শৰ্মা/>
 
==ৰীতি-নীতি==
অপেস্বৰী সবাহ দেওবাৰ বা ৰবিবাৰে ভৰ দুপৰীয়া অনুষ্ঠিত হয়। দেওবাৰ বা ৰবিবাৰটো সূৰ্য্যৰ লগত জড়িত। আনহাতে লোকবিশ্বাস অনুসৰি অপেস্বৰা সূৰ্য্যৰ কন্যা। গতিকে এই সময়ত অনুষ্ঠিত অপেস্বৰী সবাহতো যেন সূৰ্য্যৰ লগত অপেস্বৰাসকলৰ গভীৰ সম্পৰ্ক ৰক্ষিত হৈছে।<ref name=শৰ্মা/>
 
উজনি অসমত বুঢ়ী বিধবাই পিঠাগুৰি,এৱা গাখীৰ,কল আদি উপকৰণেৰে ভৰদুপৰীয়া অপেস্বৰী সবাহ পাতে। ঘৰৰ মাজ চোতালত চাৰিটা খুটি পুতি সৰু ৰভা এখন দিয়ে, অথবা ওখ খুটি এটা পুতি ইয়াৰ ওপৰত জাপি এটা দি ৰভাৰ কাম চলোৱা হয়। ৰভা বা জাপিৰ তলত বেদী এটা সাজি তাত চাকি-ধূপ-ধূনা আদি জ্বলাই দিয়াৰ পিছত নৈবেদ্য আগবঢ়াই দি মহিলাসকলে নাম ধৰে।<ref name= "GU"/>
 
[[নামনি অসম]]ৰ বিশেষকৈ কামৰূপৰ অঞ্চলবিশেষে মাজ চোতালত মণ্ডপ আৰু বেদী নিৰ্মাণ কৰি তাত তিনিটা বিস্তৃত বৃত্ত অংকন কৰে। এই বৃত্ত কেইটাত পিঠা গুৰিৰে মণ্ডল দি সোঁমাজত অপেস্বৰা সবাহ আৰু নাম সম্পাদন কৰা দেখা যায়। অপেস্বৰীৰ ৰূপত তিনিজনী বা পাঁচজনী(বিযুৰীয়াকৈ) অকুমাৰী ছোৱালীক সু-সজ্জিতা কৰি পূজা স্থলত বিশেষ আদৰ-সাদৰ আৰু সন্মানেৰে আসনত বহুৱাই থয়। অপেস্বৰীসকলৰ উপৰিও সূৰ্য্য আৰু পঞ্চদেৱতাৰ পূজা ব্ৰাহ্মণ-পুৰোহিতে আৰম্ভণীতে সম্পন্ন কৰে সেইদিনা আবেলিহে মহিলাসকলে নামধৰে।<ref name=শৰ্মা/>
 
অপেস্বৰী সবাহৰ নামগাওতে চাপৰি মৰা নহয়। নামৰ সময়ত গৃহস্থৰ পৰিয়ালবৰ্গই বিশষকৈ মহিলাসকলে হাতযোৰ কৰি পূজা থলীৰ ওচৰতে বহী থাকে। পূজা বা নামৰ আৰম্ভণিত নামতীয়ে আশীৰ্বাদ দিয়ে। আশীৰ্বাদৰ অন্তত দিহা আৰু পদযুক্ত গীত-পদ আবৃত্তি কৰা হয়।<ref name= "GU"/>
65 নং শাৰী:
 
বিদায় দিয়া অপেস্বৰী গোপিনী ধৰক পথ॥}}
অপেস্বৰী সবাহৰ পৰম্পৰা অসমৰ বাহিৰেও [[পশ্চিমবংগ]], [[ওড়িশা]] আদিটো প্ৰচলিত।<ref name=শৰ্মা>{{cite book |last=শৰ্মা|first= নবীন চন্দ্ৰ |date=১৯৮৯ |title=অসমীয়া লোক-সংস্কৃতিৰ আভাস|url=নালাগে |location=পাণবজাৰ, গুৱাহাটী |publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড |page= ১৮৭-১৯৭ |isbn= }}</ref>
 
==তথ্য উৎস==