চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{ভাল প্ৰবন্ধ}}
[[চিত্ৰ:BolexH16.jpg|right|thumb|এটা [[16 mm film|১৬ মি.মি.]] স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচ্চিত্ৰ নিৰ্মাণৰ আখৰা হিচাপে চলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা। ]]
'''চলচ্চিত্ৰ''' বা '''বোলছবি''' বা চমুকৈ অকল '''ছবি''' (ইংৰাজী ভাষাত '''চিনেমা'''{{lang-en|Cinema বা '''ফিল্ম'''Film}}), মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে ([[কেমেৰা]]) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক [[এনিমেছন]] বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মাণ কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণ একেসময়তে এটা শিল্প আৰু উদ্যোগ।
 
এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰাক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে।
7 নং শাৰী:
চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ [[দৃষ্টি জড়তা]]ৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে (beta movement) ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়।
 
'চলচ্চিত্ৰ' নে 'বোলছবি', সেই সম্বন্ধে অলপ মতান্তৰ আছে। অসমীয়া ভাষাত 'বোলছবি' শব্দটোৰ প্ৰথম প্ৰয়োগ কৰিছিল [[পাৰ্বতী প্ৰসাদ বৰুৱা]]ই।ই৷<ref>http://www.geetikavi.com/html/hisworks/movie.aspx আহৰণ কৰা তাৰিখ: ০৩-০৪-২০১২</ref> অৰ্থগত দৃষ্টিৰে চাবলৈ গ'লে 'চলচ্চিত্ৰ' শব্দটোৱে প্ৰকৃত অৰ্থ বহন কৰে। চলি থকা চিত্ৰই হৈছে চলচ্চিত্ৰ। বোলছবি বা কথাছবি, অৰ্থাৎ কথা কোৱা ছবি, শব্দকেইটা প্ৰচলন হৈছিল চলচ্চিত্ৰত শব্দৰ সংযোজন হোৱাৰ পাছত। চলচ্চিত্ৰৰ বাবে শব্দ অপৰিহাৰ্য নহয় বাবে বোলছবি বা কথাছবি শব্দটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইংৰাজী চিনেমা আৰু ফিল্ম এই শব্দ দুটাও অসমীয়া ভাষী ৰাইজৰ মাজত বহুল ভাৱেবহুলভাৱে প্ৰচলিত। ইংৰাজীত 'মুভি' বুলিও কোৱা হয়। ফিল্ম শব্দটো প্ৰথমে ব্যৱহাৰ হৈছিল কাৰণ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰথমে ফটোগ্ৰাফিক ফিল্মৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত 'মুভি' (movie) শব্দটো, আৰু ইউৰোপ মহাদেশত 'ফিল্ম' (Film) শব্দটো বহুল ভাৱেবহুলভাৱে প্ৰচলিত। অন্যান্য নাম যেনে 'পিক্‌চাৰ', 'ফটো প্লে', 'ফ্লিক' আদিও বহুল ভাৱেবহুলভাৱে প্ৰচলিত।
 
বিযয় অনুসৰি চলচ্চিত্ৰক মূলতঃ দুটা ভাগত ভগাব পাৰি: 'কাহিনী চিত্ৰ' (feature film) আৰু 'তথ্যচিত্ৰ' (documentary)। কাহিনী চিত্ৰত এটা কাহিনী কোৱা হয়, আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ ধৰ্মী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।
 
== চলচ্চিত্ৰৰ ইতিহাস ==
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে