হিড়িম্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
17 নং শাৰী:
|consort=
}}
'''হিড়িম্বা''' ({{Lang-sa|हिडिम्बा}}) [[মহাভাৰত]]ৰ পাতত হিড়িম্বা এজন মহাবলবান দৈত্য ৰজা।<ref>{{Cite web|url=http://www.himvani.com/688/hidimba-the-unsung-heroine-of-mahabharata/|title=Hidimba: The unsung heroine of Mahabharata|last=HimVani|first=Team|date=2007-03-28|website=HimVani|language=en-US|access-date=2019-07-03}}</ref> তেওঁ [[হিড়িম্বী]]ৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী [[পাণ্ডৱ]]ৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল। এই উদ্দেশ্যে হিড়িম্বীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি [[পাণ্ডৱ|পাণ্ডৱসকলক]] হিড়িম্বাৰ ওচৰলৈ লৈ আনিছিল। হিড়িম্বাই [[ভীম]]ৰ সৈতে যুঁজ কৰি মৃত্যুক আঁকোৱালি লয়। হিড়িম্বীৰ ককায়েক হিচাপে তেওঁ [[ঘটোৎকচ]]ৰ খুৰায়েক আছিল। তেওঁ ১২ ফুট দৈৰ্ঘ্যৰ আছিল বুলি জনা যায়। লোকবিশ্বাস মতে হিড়িম্বা [[কামৰূপ]]ৰ আছিল আৰু [[ডিমাছা]]সকলে নিজকে দৈত্যৰাজ হিড়িম্বাৰ বংশধৰ বুলি বিশ্বাস কৰে। তেওঁ হিড়িম্বেশ্বৰ বা হিড়িম্ব বুলিও জনা যায়। [[ভাস]]ৰ এখন বিশেষ সংস্কৃত নাট 'মধ্যমা' ({{Lang-hi|मध्यमव्यायोग}}, {{Lang-en|The Middle One}})। এই নাটকত পিতা-পুত্ৰ ভীম আৰু ঘটোতকচৰ পুনৰ মিলনৰ বিষয়ে বৰ্ণিত হৈছে যি নেকি হিড়িম্বাৰ মানৱ দেহেৰ আকাঙ্ক্ষাৰ অধীনত সঞ্চালিত। ইয়াৰ চৰিত্ৰসমূহ যদিওবা মহাভাৰতৰ পৰা সংগ্ৰহ কৰা, কাহিনীটো প্ৰকৃততে ভাসৰ কাল্পনিক সৃষ্টি। [[হিমাচল প্ৰদেশ]]ত হিড়িম্বী দেৱীৰ নামত উৎসৰ্গিত বহু কেইটা মঠ-মন্দিৰ বৰ্তমানো পোৱা যায়। [[মানালি]]ৰ হিড়িম্বী দেৱীৰ মন্দিৰ আটাইতকৈ জনপ্ৰিয়। এই মন্দিৰত দেৱীৰ এটা সৰু মূৰ্তি আৰু পদ চিহ্ন আছে। হিড়িম্বাক [[কুল্লু উপত্যকা]]ৰ সকলোতকৈ শক্তিশালী আৰু আধ্যাত্মিক দেৱতা হিচাপে গণ্য কৰা হয়। দেৱীৰ নামত উৎসৰ্গিত কাঠৰে নিৰ্মিত আন এটা মন্দিৰৰ শিখৰ ভাগ আৰু মূল দৰ্জাখন ৫০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। প্ৰচলিত আছে যে এই মন্দিৰৰ শিল্পনিৰ্মাণ কৰা শিল্পী জনে মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ তেওঁৰ হাত দুখন কাটি পেলাইছিল যাতে তেওঁৰ পুনৰাই ক'তো তেনে শিল্প নিৰ্মাণ কৰিব নোৱাৰে। এই মন্দিৰটো দেৱদাৰ অৰণ্যৰ মাজত অৱস্থিত।
প্ৰতিবছৰে দশহাৰা উৎসৱত অংশগ্ৰহণৰ বাবে ভক্তগণ চুবুৰীয়া কুল্লু চহৰলৈ যায় য'ত কুল্লু ঘাটৰ পৰা হিড়িম্বাৰ ৰথ আৰু প্ৰভু [[শ্ৰীৰাম]]ৰ মুখ্য ৰথৰ লগতে অন্যান্য দেৱতা সকলৰ ৰথযাত্ৰা অনুষ্ঠিত হয়। সম্পূৰ্ণ সাত দিনৰ এই উৎসৱৰ অন্তত 'লংকাদাহনৰ' দিনা হিড়িম্বা দেৱতা বাবে বলি উৎসৰ্গা কৰা হয়। হিড়িম্বী পুত্ৰ ঘটোৎকচ চুবুৰীয়া বাঞ্জাৰ আৰু চিৰাজ উপত্যকাৰ জন্মপ্ৰিয় লোক দেৱতা।
|