আঙঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
7 নং শাৰী:
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছ আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
===হীৰাপতোৱা আঙঠি===
এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।
===টিক ধৰা আঙঠি===
আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল।বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়।
===বাখৰ পতোৱা আঙঠি===
এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।
===পোহাৰী আঙঠি===
পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে ।
===মিনা কৰা আঙঠি===
এইবিধ আঙঠিত ৰঙা , সেউজীয়া আদি মিনা কৰোৱা হয়।
21 নং শাৰী:
পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।
==আঙঠিৰ লগত জড়িত বিশ্বাস==
আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে , অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।<ref name="অসমীয়া সংস্কৃতিৰ কণিকা">{{cite book | title=আঙঠি | publisher=চন্দ্ৰ প্ৰকাশ, পানবজাৰ | author=ড° নাৰায়ণ দাস, , ড° পৰমানন্দ ৰাজবংশী}}</ref>
 
==তথ্য সংগ্ৰহ==
{{==তথ্য সংগ্ৰহ== {{দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ,চন্দ্ৰ প্ৰকাশ, পানবজাৰ ,অসমীয়া সংস্কৃতিৰ কণিকা, পৃষ্ঠা:৩৮}}}}
"https://as.wikipedia.org/wiki/আঙঠি"ৰ পৰা অনা হৈছে