বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
আহোম ৰাজত্বকালত লিখা বুৰঞ্জীসমূহত আহোম ৰাজ্যৰ উপৰিও কাষৰীয়া চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্য (চুতীয়া, কছাৰী আৰু ত্ৰিপুৰা বুৰঞ্জী) তথা কূটনৈতিক সম্পৰ্ক থকা মোগল সাম্ৰাজ্যৰ (পাদশ্যাহ বুৰঞ্জী) বিষয়েও বিশদ বিৱৰণ আছে।<ref name="LILA2" /> এই বুৰঞ্জীসমূহ ঘাইকৈ [[সাঁচিপাত]]ত লিখা হৈছিল।
 
আহোম প্ৰশাসনত বুৰঞ্জী প্ৰনয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু [[চিৰিং ফুকন]] নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈহিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।<ref name="LILA2" /> [[ৰাজেশ্বৰ সিংহ]]ৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যাদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।<ref>Sarkar, J. N. (1992) ''The Buranjis: Ahom and Assamese'' in The Comprehensive History of Assam Vol II (ed H K Barpujari), Publication Board, Assam</ref> তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।<ref name="LILA2" />
 
== বুৰঞ্জী ভিক্তিক আধুনিক পুথি ==
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে